সুৰজাপুৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি অসমীয়া-বাঙালী উপ-গোটৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ ভাৰতৰ পূব দিশে ব্যৱহাৰ কৰা হয়, উত্তৰ বংগ, পশ্চিমবংগ আৰু বিহাৰৰ পূব ভাগৰ বংগাঞ্চল বা পূৰ্ণিয়াত। তদুপৰি, নেপালৰ ঝাপা জিলা আৰু অসমৰ গোৱালপাৰা জিলাতো এই ভাষা কোৱা হয়। এই ভাষা ভাষী লোকে কেতিয়াবা এই ভাষাক দেশী ভাষা বুলিও অভিহিত কৰে।
অসমীয়া-বাঙালী উপগোটৰ ভিতৰতো এই ভাষা কামৰূপী ভাগত পৰে, অৰ্থাৎ বাঙালী ভাষাতকৈ সুৰজাপুৰী অসমীয়া ভাষাৰহে অধিক নিকটৱৰ্তী।
ভৌগোলিক বিতৰণ
সুৰজাপুৰী ভাষা কোৱা সৰু জনসংখ্যা তিনিখন দেশত বিভক্ত: ভাৰত (বিশেষকৈ পশ্চিম বংগ আৰু বিহাৰ), বাংলাদেশ আৰু নেপাল। সুৰজাপুৰী মুখ্যতঃ সুৰজাপুৰী বাঙালী নামেৰে বিহাৰত কোৱা হয় পূৰ্ণিয়া বিভাগত (কিষণগঞ্জ, কটিহাৰ, পূৰ্ণিয়া আৰু আৰাৰিয়া)।১ পশ্চিম বংগত এই ভাষা কোৱা হয় উত্তৰ দিনাজপুৰ, দক্ষিণ দিনাজপুৰ, উত্তৰ মালদা আৰু শিলিগুৰিত। বাংলাদেশত এই ভাষা ব্যৱহাৰ কৰা হয় ঠাকুৰগাঁৱত। নেপালৰ ঝাপা আৰু মৰোং জিলাতো এই ভাষা কোৱা হয়।
সম্পৰ্কিত ভাষাসমূহ
বৰ্তমানে এই ভাষাৰ বিকাশ সীমিত হোৱাৰ বাবে এই ভাষা ভাষী লোকে চুবুৰীয়া অধিক বিকশিত ভাষা গ্ৰহণ কৰিব ধৰিছে, যেনে বিহাৰত হিন্দী ভাষা আৰু পশ্চিম বংগত বাংলা ভাষা। বাংলাদেশত বাংলা আৰু উৰ্দু ভাষাই এই ভাষাৰ স্থান লৈছে। এই ভাষা কোনো আনুষ্ঠানিক বা শিক্ষাগত কৰ্মত ব্যৱহাৰ কৰা নহয়। এই ভাষাৰ কোনো আধুনিক ব্যাকৰণ, অভিধান আদিও প্ৰস্তুত কৰা হোৱা নাই। ভাষাটোৰ সুৰ আৰু বাক্য গাঁথনি অঞ্চলভেদে সলনি হয়।
সূৰজাপুৰী ভাষা অসমীয়া, বাংলা আৰু মৈথিলীৰ দৰে বৃহৎ জনসংখ্যা থকা ভাষাৰ উপৰিও চুবুৰীয়া কমতাপুৰী (কোচ ৰাজবংশী আৰু ৰংপুৰী) ভাষাৰ২ সৈতে বহু দূৰ মিল থকা ভাষা।
উপনামসমূহ
| Singular | Plural | ||||
|---|---|---|---|---|---|
| nominative | oblique | nominative | oblique | ||
| 1st person | mũi | mo- | hāmrā | hāmsā-, hāmcā- | |
| 2nd person | tũi | to- | tumrā, tomrā | tumsā-, tomsā- | |
| 3rd person | proximal | yāhāy | yahā- | emrā, erā | ismā-, isā- |
| distal | wahā̃y | wahā- | amrā, worā | usmā-, usā- |
সুৰজাপুৰী ভাষাত হেলনীয়া প্ৰত্যয় দেখা যায়: যেনে সা (হামসা-, তোমসা-) আৰু স্মা (যেনে ইস্মা-, উস্মা-)। এই বিশেষত্ব পুৰণি অসমীয়া ভাষাতো দেখা গৈছিল, যেনে সা (আমাসা-, তোমাসা-) আৰু সম্ব (এসম্ব-, তেসম্ব-)। এই প্ৰত্যয়সমূহৰ ব্যৱহাৰো পুৰণি অসমীয়া আৰু সুৰজাপুৰীত একেধৰণৰ।
প্ৰবন্ধসমূহ
- Bez, Gitanjali. (2012). Grammatical Categories in Madhav Kandali's Ramayana. Gauhati University
অধিক পঢ়া
- আজাদ ইণ্ডিয়া ফাউণ্ডেচনৰ দ্বাৰা অনুবাদ কৰা আৰু প্ৰথাম বুকছৰ দ্বাৰা সমৰ্থিত ছুৰ্জাপুৰিত আলোকচিত্ৰিত শিশুৰ গল্পৰ বিনামূলীয়া সংৰক্ষণ
- Word Formation in Surjapuri. Language in India
- Case and Case-like Postposition in Surjapuri. Language in India
- Reconstructing linguistic history in a dialect continuum: The Kamta, Rajbanshi, and Northern Deshi Bangla subgroup of Indo-Aryan
- বিহাৰ ৰাজ্যৰ চুৰজাপুৰি মাতৃভাষাৰ এখন স্কটচ গ্ৰামাৰ (২০২১)
তথ্যসূত্ৰ
- ↑ Kumāra, Braja Bihārī. (1998). Small States Syndrome in India. পৃ. 146. ISBN 9788170226918
- ↑ (15 February 2012). The Handbook of Historical Sociolinguistics. John Wiley & Sons. ISBN 9781118257265
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুৰজাপুৰী ভাষা” প্ৰবন্ধৰ সংশোধন ৪৬৭১৬৮ (৩০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।