অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুধালতা দুৱৰা

সুধালতা দুৱৰা (জন্ম: ১৮৯৬ মৃত্যু: ১৯২৮) হ’ল প্ৰথম গৰাকী অসমীয়া মহিলা স্নাতক।।

হালনাগাদ: ২২ অক্টোবৰ ২০২৪ ১৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

সুধালতা দুৱৰা (জন্ম: ১৮৯৬ মৃত্যু: ১৯২৮) হ’ল প্ৰথম গৰাকী অসমীয়া মহিলা স্নাতক।।১

জন্ম পৰিচয়

১৮৯৬ চনৰ ২৫ অক্টোবৰ তাৰিখে কলিকতাৰ হেৰিচন ৰোডত দুৱৰাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম ৰমাকান্ত দুৱৰা (শিৱসাগৰৰ চাৰিং গাঁও) আৰু মাতৃ পৱিত্ৰী দুৱৰা।

শিক্ষা

তেখেতে জেনানা মিশ্যন স্কুল আৰু বেথুন কলেজিয়েট স্কুলৰ পৰা প্ৰাথমিক শিক্ষা আহৰণ কৰে (১৯১৪)। বেথুন কলেজৰ পৰা সংস্কৃত ভাষাত সন্মান সহকাৰে স্নাতক ডিগ্ৰী গ্ৰহণ কৰি তেওঁ প্ৰথম গৰাকী অসমীয়া মহিলা স্নাতক হিচাপে ইতিহাস ৰচনা কৰে। পিচলৈ তেওঁ কলিকতাৰ ডায়শ্যেছন কলেজৰ পৰা বি টি ডিগ্ৰী লাভ কৰি ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ভাৰতীয় ভাষা (এম. আই. এল.) বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

বেথোন কলেজিয়েট স্কুলত শিক্ষয়িত্ৰী পদত যোগদান। এলাহাবাদ ক্ৰচৱেইট কলেজৰ অধ্যক্ষা হয় ১৯২৫ চনত। এলাহাবাদ বিশ্ববিদ্যালয়ৰ কোৰ্ট একাডেমীক কাউন্সিল আৰু পাঠ্যপুথি কমিটিৰ সভ্য হোৱাৰ লগতে এলাহাবাদ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে স্বীকৃতি লাভ কৰিছিল।

পদক আৰু সন্মান

  • দুৰ্গামণি দেৱী পদক,
  • অন্নপূৰ্ণা দেৱী পদক,
  • নামীপুৰৰ মহাৰাজৰ পদক,
  • ব্ৰহ্মময়ী পদক,
  • উমেশ চন্দ্ৰ মুখাৰ্জী পদক,
  • চাৰ আশুতোষ মুখাৰ্জী ৰ সন্মানাৰ্থে দিয়া পদক
  • বেথুন কলেজৰ পৰা ১৯১১ চনত ভাল আচৰণৰ বাবে তেওঁ সোণৰ পদক

লাভ কৰিছিল।

  • অসমৰ নলবাৰীস্থিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ এটি ছাত্ৰী নিৱাস সুধালতা দুৱৰাৰ নামেৰে নামকৰণ কৰা হৈছে।২

মৃত্যু

সুধালতা দুৱৰাৰ মৃত্যু ১৯২৮ চনৰ ৫ মে'ত, যোৰহাটত হয়।

তথ্যসূত্ৰ

  1. ↑ দাস মন্দিৰা(অনুবাদ), সেন দীনেশচন্দ্ৰ (মূল লেখক). অসম দুহিতা সুধালতা দুৱৰা. ডুমডুমা মহাবিদ্যালয়
  2. ↑ সুধালতা দুৱৰা. কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুধালতা দুৱৰা” প্ৰবন্ধৰ সংশোধন ৪৪০০৫৮ (২২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।