অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
প্ৰভাত চন্দ্ৰ বৰুৱা
ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা (Raja Prabhat Chandra Borua; ১৮৭৯-১৯৪০) গৌৰীপুৰৰ এজন জমিদাৰ আছিল। প্ৰভাত চন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল ১৮৭৯ চনত। দেউতাকৰ নাম আছিল প্ৰতাপ চন্দ্ৰ বৰুৱা আৰু মাকৰ নাম আছিল ভৱানী প্ৰিয়া। প্ৰভাত চন্দ্ৰ বৰুৱাই শিক্ষা গ্ৰহণ কৰিছিল কলিকতাত।
-
প্ৰমোদ বৰুৱা
প্ৰমোদ বৰুৱা (Promod Barua) অসমৰ এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু অভিনেতা। ১৯৬৭ চনত কেইজনমান চলচ্চিত্ৰ অনুৰাগীৰ সহযোগিতাত সমবায় ভিত্তিত বিশ্বনাথ চাৰিআলিত পোন প্ৰথমে "অভিযান" নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। ১৯৭৩ চনত চলচ্চিত্ৰখনে মুক্তি লাভ কৰে।
-
প্ৰহসন
প্ৰহসন (Farce) হৈছে মঞ্চ বা চলচ্চিত্ৰৰ বাবে ৰচনা কৰা এক ধেমেলীয়া ৰচনা। যাৰ লক্ষ্য কেৱল দৰ্শকক বিমল মনোৰঞ্জন দিয়া। অসম্ভৱ পৰিবেশ, ভুল ভ্ৰান্তিৰে মিছা তৰ্কৰ জাল মেলি মানুহক আমোদ দিয়াই ইয়াৰ লক্ষ্য।
-
প্ৰীতিমা কৌশিক বৰুৱা
প্ৰীতিমা কৌশিক বৰুৱা (Pritima Kausik Baruah) অসমৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা, লেখিকা, তথা সঞ্জীৱন প্ৰকাশনৰ স্বত্বাধিকাৰ। অসমৰ বিশিষ্ট লেখক, সাংবাদিক শান্তনু কৌশিক বৰুৱা হৈছে তেখেতৰ স্বামী।
-
পৰমানন্দ মজুমদাৰ
পৰমানন্দ মজুমদাৰ (Paramananda Majumdar; ১৯৫৮-) একাধাৰে সাহিত্যিক, সম্পাদক, অধ্যাপক। তেখেতৰ নিজা প্ৰকাশিত পুথি ১০খন। সম্পাদিত পুথিৰ সংখ্যা ৫০ ৰো অধিক। ইয়াৰে তেওঁ বিজ্ঞান চেতনা বিষয়ক সম্পাদনা গ্ৰন্থৰ উপৰি জীৱন আৰু কৃতি, সমাজ সাহিত্য আৰু সংস্কৃতিমূলক, অভিনন্দন সূচক গ্ৰন্থ সম্পাদনা কৰিছে।
-
পৰমানন্দ মহন্ত
পৰমানন্দ মহন্ত একাধাৰে বিজ্ঞানী, অধ্যাপক আৰু বিজ্ঞান লেখক৷ তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল৷ অসমত জনপ্ৰিয় বিজ্ঞান বিষয়ক গ্ৰন্থ প্ৰণয়ন আৰু বিজ্ঞান মানসিকতা গঠনৰ প্ৰচেষ্টাত মহন্ত এগৰাকী উল্লেখযোগ্য ব্যক্তি৷ তদুপৰি অসমৰ বিভিন্ন আলোচনী-বাতৰি কাকতত তেওঁ বিজ্ঞান…
-
ফুটুকী হৰিণ
ফুটুকী হৰিণ বা চিতল হৰিণ (Axis axis) ভাৰতীয় উপমহাদেশৰ এক থলুৱা হৰিণৰ এক প্ৰজাতি। ১৭৭৭ চনত Johann Christian Polycarp Erxlebenয়ে পোনপ্ৰথমবাৰৰ বাবে ইয়াৰ বৰ্ণনা কৰিছিল। এই মধ্যমীয়া আকৃতিৰ হৰিণবিধৰ মতা প্ৰাণীৰ কান্ধৰ উচ্চতা প্ৰায় ৯০ চেণ্টিমিটাৰ আৰু মাইকী প্ৰাণীৰ ৭০ চেণ্টিমিটাৰ হয়।
-
বকুল
বকুল (বৈজ্ঞানিক নাম:Mimusops elengi) হৈছে মিনাছপ্স্ (Minasops) প্ৰজাতিৰ ই ফুল। এছিয়া আৰু প্ৰশান্ত মহাসাগৰ তীৰবৰ্তী এলেকাৰ ভাৰত, বাংলাদেশ, শ্ৰীলঙ্কা, বাৰ্মা, ইন্দো-চীন, থাইলেণ্ড, আন্দামান দ্বীপপুঞ্জ এলেকা জুৰি এই গছ দেখা পোৱা যায়।
-
বদন বৰফুকন (চলচ্চিত্ৰ)
বদন বৰফুকন (Badan Borphukan) পঞ্চম অসমীয়া বোলছবি। কমল নাৰায়ণ চৌধুৰী প্ৰমুখ্যে গুৱাহাটীৰ কেইগৰাকীমান লোকৰ প্ৰচেষ্টাত ‘ইষ্টাৰ্ণ মুভিজ লিমিটেড’ নামৰ এটা কোম্পানী খুলি ছবিখন নিৰ্মাণ কৰা হৈছিল। ১৯৪৭ চনৰ ১৫ এপ্ৰিলত মুক্তি পোৱা এই ছবিখনৰ পৰিচালনা আৰু সঙ্গীত আছিল কমল নাৰায়ণ চৌধুৰীৰ।
-
বদৰপুৰ
বদৰপুৰ (Badarpur; বদব়পুব়) অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত এখন নগৰ৷ বদৰপুৰ ২০২২ চনৰ ৩১ ডিচেম্বৰলৈকে কৰিমগঞ্জ জিলাৰ অন্তৰ্গত আছিল।
-
বনজুই (চলচ্চিত্ৰ)
বনজুই (Banjui) ১৯৭৮ চনত মুক্তিপ্ৰাপ্ত আব্দুল মজিদ পৰিচালিত এখন ক’লা-বগা পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছে তিনিচুকীয়াৰ ৰূপজ্যোতি চলচ্চিত্ৰম্ কো-অপাৰেটিভ ছোচাইটি লিমিটেডে। ছবিৰ কাহিনী আৰু সংলাপ ৰচনা চৈয়দ আব্দুল মালিকৰ।
-
বল বৰ্মা
বল বৰ্মা (Bala Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ তৃতীয়জন ৰজা আছিল। এওঁ সমুদ্ৰ বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৩৯৮ খ্ৰীষ্টাব্দৰ পৰা ৪২২ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁৰ পত্নীৰ নাম আছিল ৰত্নাৱতী আছিল। তেওঁৰ পিছত কল্যাণ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
বাঘবৰ বিধানসভা সমষ্টি
বাঘবৰ বিধানসভা সমষ্টি (ইংৰাজী: Baghbar Assembly constituency) আছিল উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ বিধানসভাৰ অন্যতম সমষ্টি। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনত ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা চূড়ান্ত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত এই সমষ্টিটো সম্পূৰ্ণৰূপে বিলুপ্ত কৰা হয়।
-
বান (চলচ্চিত্ৰ)
বান (Baan) ১৯৮৬ চনৰ এখন অসমীয়া ছবি। পৰিচালনা চাৰু কমল হাজৰিকাৰ। প্ৰযোজনা ডো-ৰে-মি ফিল্মছৰ। সঙ্গীত পৰিচালনা কৰিছে নয়নে। শব্দগ্ৰহণ সতীশ চৌহানৰ। মুখ্য ভূমিকাত আছে পূৰ্ণিমা পাঠক শইকীয়া, চন্দ্ৰ নাৰায়ণ বৰুৱা।
-
বাপচন্দ্ৰ মহন্ত
বাপচন্দ্ৰ মহন্ত (জন্ম:১৯২৮-২০১৫ ) একাধাৰে সমালোচক, শংকৰী সাহিত্যৰ গৱেষক, ব্যাকৰণবিদ আদি। শংকৰদেৱক বিশ্ব সাহিত্যত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাপচন্দ্ৰ মহন্তৰ নাম উল্লেখযোগ্য। তেখেতে অসমীয়া ভাষাৰ লগতে হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছিল।
-
বামুণী পাহাৰ
বামুণী পাহাৰ অসমৰ তেজপুৰ নগৰৰ দক্ষিণ-পূব কোণত অৱস্থিত। ব্ৰহ্মপুত্ৰৰ পাৰত স্থিত এই পাহাৰত সৰু-ডাঙৰ আঠপহীয়া শিলত কটা পদুম ফুল, ডাঙৰ শিলাখণ্ডত কটা দশাৱতাৰ মূৰ্তিৰ লগতে নৰসিংহৰ হিৰণ্যকশিপুৰ বধৰ শিলামূৰ্তি, অপৰূপা অপ্সৰাৰ মূৰ্তি আদি আছে। ইয়াত গজব্যাস ব্ৰহ্মাৰ মূৰ্তি, নন্দীমুখ আদিও দেখিবলৈ পোৱা যায়।
-
বাহনা মহাবিদ্যালয়
বাহনা মহাবিদ্যালয় অসমৰ যোৰহাট জিলাৰ বাহনা অঞ্চলত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৬৬ চনত মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠা হয়। ৰাম কুমাৰ বৰুৱা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত।
-
বাৰমাহী গীত
বাৰমাহী গীত হৈছে এবিধ মালিতা। ই বৰ্ণনামূলক গীত। মালিতাৰ অন্য নাম বেলাড। 'ফুলমতী কন্যাৰ শান্তি বাৰমাহী গীত','শান্তি বাৰমাহী','মধুমতী গীত' আদি হৈছে কিছুমান বাৰমাহী গীতৰ উদাহৰণ।
-
বাৰেচহৰীয়া ভাওনা মহোৎসৱ
বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত প্ৰতি ৫ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ। 'বাৰে' মানে অনেক আৰু 'চহৰীয়া' মানে ৰাইজ। গতিকে অনেক গাঁৱৰ ৰাইজ একগোট হৈ যি ভাওনা উদযাপন কৰে সেয়াই বাৰেচহৰীয়া ভাওনা। আনুমানিক ১৭৯৭-৯৮ চনৰ পৰা বৰ্তমানলৈকে জামুগুৰিহাটত এই ভাওনা অনুষ্ঠিত হৈ আহিছে।
-
বিউটি শৰ্মা বৰুৱা
বিউটি শৰ্মা বৰুৱা (জন্ম ১৮ জুন ১৯৫১) এগৰাকী ভাৰতীয় সংগীতশিল্পী। তেওঁ অসমীয়া আধুনিক গীত, লোকগীত, ভাৰতীয় শাস্ত্ৰীয় সংগীত, গজল, ভজন পৰিবেশনৰ বাবে বিখ্যাত। মেলডি কুইন হিচাপে খ্যাত বিউটি বাইদেউয়ে দূৰদৰ্শন, ৰেডিঅ', এলবাম আৰু অন্যান্যত প্ৰায় ১০০০ গীত গাইছে।
-
বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়
বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়(Bineswar Brahma Engineering College) অসম চৰকাৰৰ দ্বাৰা ২০০৮ চনত কোকৰাঝাৰ জিলাত প্ৰতিষ্ঠা কৰা হয়। ২০০৬ চনত অসম চৰকাৰে কোকৰাঝাৰত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব বুলি ঘোষণা কৰিছিল।
-
বিভূৰঞ্জন চৌধুৰী
বিভূৰঞ্জন চৌধুৰী (Bibhuranjan Choudhury; ১৪ অক্টোবৰ ১৯৫০-২০ ছেপ্তেম্বৰ ১৯২০) এজন কণ্ঠশিল্পী তথা অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক আছিল। বাওপন্থী ৰাজনীতি আৰু আদৰ্শৰ প্ৰতি গভীৰ আস্থা থকা চৌধুৰীয়ে দীৰ্ঘদিন ধৰি গণনা্ট্য সংঘ, অসম শাখাৰ নেতৃত্ব বহন কৰিছিল।
-
বিলাসীপাৰা বিধানসভা সমষ্টি
বিলাসীপাৰা বিধানসভা সমষ্টি (Bilasipara Assembly constituency) ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ অসম ৰাজ্যৰ ১২৬ খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হৈছিল। ই অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত আৰু ধুবুৰী লোকসভা সমষ্টিৰ এটা অংশ।
-
বিশেষ্য পদ
বিশেষ্য পদ (Noun) কোনো নাম, জাতি, বস্তু বা প্ৰণালীৰ নাম, ঠাইৰ নাম বুজোৱা শব্দক বিশেষ্য পদ বোলে৷ চকুৰে দেখা সকলো বস্তুৱে বিশেষ্য৷ অসমীয়া ব্যাকৰণৰ পদৰ অন্য প্ৰকাৰবোৰ হ’ল— বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়া৷ যিবোৰ শব্দৰ পাছত শব্দ-বিভক্তি যোগ হয় সেইবোৰ বিশেষ্য শব্দ৷ এই বিশেষ্য-শব্দবোৰ স্বৰান্ত আৰু…
-
বিশ্বজিৎ দৈমাৰী
বিশ্বজিৎ দৈমাৰী এজন ভাৰতীয় ৰাজনীতিবিদ। ১৯৭১ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে তেওঁ জন্ম লাভ কৰে। তেওঁ ২০২১ চনৰ পৰা অসম বিধানসভা অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০২১ চনত অসম বিধানসভাত নিৰ্বাচনত পানেৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি বিপুল ভোটত জয়লাভ কৰে।
-
বিশ্বনাথ কৃষি মহাবিদ্যালয়
বিশ্বনাথ কৃষি মহাবিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আৰু বিশ্বনাথ জিলাত অৱস্থিত।
-
বিষ্ণুপ্ৰিয়া দেৱী
বিষ্ণুপ্ৰিয়া দেৱী হৈছে প্ৰাক্-জোনাকী যুগৰ এগৰাকী বিশিষ্ট কবি। তেওঁ গুণাভিৰাম বৰুৱাৰ দ্বিতীয়া ভাৰ্য্যা আছিল। ১৮৮৪ চনত শিশু আৰু চেমনীয়াসকলৰ বাবে নীতিকথা নামৰ এখন অমূল্য গ্ৰন্থ ৰচনা কৰিছিল। এই গ্ৰন্থখনত অনেক সাৰগৰ্ভ নীতিবচন আছে। তেওঁ অসমত নাৰীক শিক্ষিত কৰি তুলিবলৈ তেওঁ বিশেষ যত্ন কৰিছিল।
-
বিৰুবালা ৰাভা
বিৰুবালা ৰাভা অসমৰ এগৰাকী সমাজকৰ্মী। তেওঁ যোৱা দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী-হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি আছে। অসমত ডাইনী-সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰিছে।
-
বীৰেন্দ্ৰ কুমাৰ ফুকন
বীৰেন্দ্ৰ কুমাৰ ফুকন (Birendra Kumar Phukan) অসমৰ এজন শাস্ত্ৰীয় সংগীতজ্ঞ। ১৯২২ চনৰ ২৭ ছেপ্টেম্বৰত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা ফুকন শৈশৱৰ পৰাই সংগীতৰ প্ৰতি অনুৰাগ আছিল। যোৰহাটত স্কুলীয়া শিক্ষা শেষ কৰি উচ্চশিক্ষাৰ বাবে তেখেত কলকাতালৈ গৈছিল। তাতেই তেওঁ সংগীতৰ এক বহল ক্ষেত্ৰ লাভ কৰিছিল।
-
বুলবুলি চৰাইৰ যুঁজ
বুলবুলি চৰাইৰ যুঁজ অসমৰ হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয়ত অনুষ্ঠিত হোৱা এক ঐতিহ্যবাহী খেল। দুটা বুলবুলি চৰাইৰ মাজত অনুষ্ঠিত এই যুঁজত আটাইতকৈ শক্তিশালী বুলবুলি চৰাইটোৱেই জয়লাভ কৰে।