বিশেষ্য পদ (Noun) কোনো নাম, জাতি, বস্তু বা প্ৰণালীৰ নাম, ঠাইৰ নাম বুজোৱা শব্দক বিশেষ্য পদ বোলে৷১২ চকুৰে দেখা সকলো বস্তুৱে বিশেষ্য৷৩ অসমীয়া ব্যাকৰণৰ পদৰ অন্য প্ৰকাৰবোৰ হ’ল— বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়া৷
যিবোৰ শব্দৰ পাছত শব্দ-বিভক্তি যোগ হয় সেইবোৰ বিশেষ্য শব্দ৷ এই বিশেষ্য-শব্দবোৰ স্বৰান্ত আৰু ব্যঞ্জনান্ত হ’ব পাৰে৷ মূল-শব্দ আৰু শব্দ-বিভক্তিৰ মাজত বচন আৰু লিংগবাচক প্ৰত্যয়, নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু পুৰুষবাচক-নিৰ্দিষ্টতাবাচক প্ৰত্যয়ো লগ লাগিব পাৰে৷ যেনে- মানুহ-বোৰ-এ>মানুহবোৰে৷৪
সংজ্ঞা
- যি পদে কোনো প্ৰাণী, বস্তু, ঠাই, গুণ, অৱস্থা, কাৰ্য্য আদিৰ নাম পোনপটীয়াকৈ বুজায় তাকেই বিশেষ্য পদ বোলে।৫
- জাতি, গুণ, দ্ৰব্য, নাম আৰু ক্ৰিয়া বুজোৱা পদ বিলাকক বিশেষ্য পদ বোলে৷৬
- যিকোনো নাম বুজোৱা পদেই বিশেষ্য৷৭
- যি শব্দই কোনো বস্তু বা গুণ বা প্ৰাণীক বুজায়, সেয়ে বিশেষ্য পদ৷৮
শ্ৰেণীবিভাগ
বিশেষ্য পদৰ ভাগ পাঁচটা হ’ল:৩
- নামবাচক বিশেষ্য (Proper Noun)
- জাতিবাচক বিশেষ্য (Class বা Common Noun)
- সমষ্টিবাচক বিশেষ্য (Collective Noun)
- বস্তুবাচক বিশেষ্য (Material Noun)
- গুণবাচক বিশেষ্য (Abstract Noun)
ড° গোলোকচন্দ্ৰ গোস্বামীয়ে অসমীয়া ব্যাকৰণ প্ৰৱেশত বিশেষ্য পদক গঠন, প্ৰয়োগ আৰু অৰ্থৰ ভিত্তিত চাৰিটা উপবিভাগত ভগায়৷৯ ১০ আনহাতে সত্যনাথ বৰাই বহল ব্যাকৰণত বিশেষ্য পদ তিনিবিধ বুলি উল্লেখ কৰে৷১১
অসমীয়া ব্যাকৰণত আকৌ বিশেষ্য পদ পাঁচ প্ৰকাৰৰ পোৱা যায়৷ সেইবোৰ হ’ল:
- জাতিবাচক
- সংজ্ঞা বা নামবাচক
- বস্তুবাচক
- গুণবাচক
- ক্ৰিয়াবাচক
তথ্যসূত্ৰ
- ↑ (2013). Noun. The Idioms Dictionary (online). The Idioms, Incorporated
- ↑ Example nouns for: * Living creatures (including people, alive, dead or imaginary): mushrooms, dogs, Afro-Caribbeans, rosebushes, নেলছন মেণ্ডেলা, bacteria, Klingons, etc. * Physical objects: hammers, pencils, Earth, guitars, atoms, stones, boots, shadows, etc. * Places: closets, temples, rivers, Antarctica, houses, Grand Canyon, Utopia, etc. * Actions: swimming, exercises, Diffusions, explosions, flight, electrification, embezzlement, etc. * Qualities: colors, lengths, deafness, weights, roundness, symmetry, Warp speed, etc. * Mental or physical states of existence: jealousy, sleep, heat, joy, stomachache, confusion, Mind meld, etc
- ↑ Bora, S.N. (2001 (23rd edition)). Good English Grammar & Composition. Assam Publishing Company. পৃ. 14-20
- ↑ গোস্বামী, ড॰ উপেন্দ্ৰনাথ. (2013). অসমীয়া ভাষাৰ ব্যাকৰণ. মণি-মাণিক প্ৰকাশ. পৃ. ১৫
- ↑ বৈশ্য, শ্ৰীউমেশ. (1977). ৰচনা মালিকা. পূৰ্ব্বাঞ্চল প্ৰকাশনী. পৃ. ৯
- ↑ তৰ্কালঙ্কাৰ, দীনবন্ধু. (1890). অসমীয়া ল'ৰাৰ ব্যাকৰণ. গুণাভিৰাম বৰুৱা. পৃ. ৮
- ↑ Bardalai, Naba Kanta; Deka, Hitesh. (Jan, 2020). Modern English Grammar & Composition. Assam Publishing Company. পৃ. 44
- ↑ পণ্ডিত তাৰানাথ বৰপূজাৰী. সংস্কৃত প্ৰৱেশ ব্যাকৰণ. অশোক বুক ষ্ট’ল. পৃ. ১৫
- ↑ গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ. (Nov, 2000). অসমীয়া ব্যাকৰণ প্ৰৱেশ. বীণা লাইব্ৰেৰী. পৃ. ২২
- ↑ বিশেষ্য পদৰ চাৰিটা উপবিভাগ: # সংজ্ঞাবাচক বিশেষ্য # সম্বন্ধবাচক বিশেষ্য # গুণ বা ভাববাচক বিশেষ্য # ক্ৰিয়াবাচক বিশেষ্য
- ↑ বিশেষ্য পদ তিনিবিধ: # সংজ্ঞাবোধক বিশেষ্য # গুণবোধক বিশেষ্য # ক্ৰিয়াবোধক বিশেষ্য
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশেষ্য পদ” প্ৰবন্ধৰ সংশোধন ৫৯৯৪২৭ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।