পৰমানন্দ মহন্ত একাধাৰে বিজ্ঞানী, অধ্যাপক আৰু বিজ্ঞান লেখক৷১ তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল৷ অসমত জনপ্ৰিয় বিজ্ঞান বিষয়ক গ্ৰন্থ প্ৰণয়ন আৰু বিজ্ঞান মানসিকতা গঠনৰ প্ৰচেষ্টাত মহন্ত এগৰাকী উল্লেখযোগ্য ব্যক্তি৷ তদুপৰি অসমৰ বিভিন্ন আলোচনী-বাতৰি কাকতত তেওঁ বিজ্ঞান বিষয়ক লেখা প্ৰকাশ কৰি আহিছে৷ তেওঁ অসম বিজ্ঞান সমিতিৰো সভাপতি আছিল৷২
জন্ম আৰু পৰিয়াল
তেখেতৰ জন্ম হৈছিল ১৯৪১ চনৰ ১৫ নৱেম্বৰ তাৰিখে যোৰহাট তিতাবৰস্থিত শ্ৰীশ্ৰী চিপহা সত্ৰত৷ পিতৃৰ নাম চন্দ্ৰকান্ত মহন্ত আৰু মাতৃৰ নাম দীপিকা মহন্ত৷ তেখেতৰ পত্নীৰ নাম অপৰ্ণা মহন্ত৷৩ অপৰ্ণা মহন্ত আছিল অসমৰ এগৰাকী নাৰীবাদী চিন্তাবিদ আৰু অধ্যাপক৷৪ তেখেত ইংৰাজী সাহিত্যৰ প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰেট আছিল৷৫
শিক্ষা
- নিজ গৃহতেই প্ৰাথমিক শিক্ষা আৰম্ভ হয় আৰু পৰৱৰ্তী সময়ত চিপহা প্ৰাথমিক বিদ্যালয়ত কিছুদিন শিক্ষা লাভ কৰে।
- মাধ্যমিক শিক্ষাঃ মিহিৰাম শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয় (১৯৪৯-১৯৫২)
- হাইস্কুল শিক্ষাঃ গুৱাহাটীৰ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় (১৯৫২-১৯৫৭)
- হায়াৰছেকেণ্ডৰীঃ কটন কলেজ (১৯৫৭-১৯৫৯)
- স্নাতকঃ দিল্লী বিশ্ববিদ্যালয় (ফিজিক্স বিষয়ত) (১৯৫৯-১৯৬১)
- স্নাতকোত্তৰঃ লণ্ডন ইম্পেৰিয়েল (১৯৬১-১৯৬৩)
- ইম্পেৰিয়েল কলেজৰ ডিপ্লমা DIC (1964-1968) আৰু ১৯৬৮ চনত ডক্টৰেট ডিগ্ৰী লাভ৷
কৰ্মজীৱন
তেখেতে ১৯৬৩-১৯৬৪ চনত কটন বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা হিচাপে যোগদান কৰে৷ ১৯৬৯ চনৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত প্ৰবক্তা হিচাপে নিয়োজিত হয় আৰু ১৯৭৬ চনৰ পৰা ১৯৮৬ চনলৈকে ‘ৰীডাৰ’ আৰু ১৯৬৮ চনৰ পৰা ২০০২ চনলৈ অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ৷ ১৯৬৯ চনত এমাহৰ বাবে TIFR প্ৰতিষ্ঠানত গৱেষণা আৰু ১৯৭০ চনৰ এপ্ৰিল-অক্টোবৰ মাহত UNESCO FELLOW হিচাপে ইটালীৰ ‘ট্ৰিপেটি ইণ্টাৰ্নেশ্যনেল চেণ্টাৰ ফ’ৰ থিওৰিটিকেল ফিজিক্স (ICTP)ত গৱেষণা কাৰ্যত ব্ৰতী হয়৷ ১৯৭৬ চনত UGCৰ National Associateship ফেল’শ্বিপ লাভ৷ এই ফেল’শ্বিপত পাঁচটা বছৰৰ ভিতৰত তিনিটা বছৰত ভাৰতৰ যিকোনো ঠাইত গৱেষণা কৰিব পাৰি৷ ১৯৭৮ চনত মহন্তই এই প্ৰকল্পৰ বাবে বেঙ্গালুৰুস্থিত ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ চায়েন্স’ত গৱেষণা কৰে৷ তদুপৰি তেওঁৰ তত্ত্বাৱধানত পাঁচজন ছাত্ৰই Ph.D আৰু আঠজন ছাত্ৰই Mphill ডিগ্ৰী লাভ কৰে৷ তদুপৰি অৱসৰৰ পাছতো তেওঁ ২০০৯ চনৰ পৰা ২০১২ চনলৈ মিৰ্জাত অৱস্থিত ইঞ্জিনীয়াৰিং কলেজ NITS-MIRZAত অধ্যাপনা কৰে৷
সামাজিক অৱদান
তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্ট, Execuative College, Academic Boardৰ সদস্য আছিল, ১৯৯৪-১৯৯৮ চনত তেওঁ নিজ বিভাগৰ বিভাগীয় মুৰব্বী হিচাপেও দায়িত্ব পালন কৰে৷ তেওঁ অৱসৰৰ পাছত ডিব্ৰুগড়স্থিত কানৈ কলেজ আৰু চাবুৱা কলেজৰ গৱৰ্ণিং বডিৰ সভাপতি হিচাপে দায়িত্ব পালন কিৰিছিল৷ বিশ্ববিদ্যালয়ৰ নিজ বিভাগৰ পৰা প্ৰকাশিত ‘পদাৰ্থ বিজ্ঞান পত্ৰিকা’ আলোচনীখন কেইবাবছৰো সম্পাদনা কৰিছিল৷ তদুপৰি তেওঁ ১৯৮২ চনত ডিব্ৰুগড় বিজ্ঞান সমিতিৰ সম্পাদক, ১৯৯৭-৯৮ চনত ডিব্ৰুগড় বিজ্ঞান সমিতি (পাছলৈ অসম বিজ্ঞান সমিতিৰ ডিব্ৰুগড় শাখা)ৰ সভাপতি, ১৯৮৩-৮৪ চনত অসম বিজ্ঞান সমিতিৰ উপ-সভাপতি, ২০০১-০৩ চনত অসম বিজ্ঞান সমিতিৰ সভাপতি হিচাপে সেৱা আগবঢ়াইছিল৷
সাহিত্যৰাজি
২০০৬-২০০৮ চনত UGCৰ অধীনস্থ অৱসৰপ্ৰাপ্ত শিক্ষকৰ বাবে স্থাপিত প্ৰতিষ্ঠানৰপৰা তেওঁ ‘প্ৰাক্ স্বাধীনতা কালৰ অসমীয়া বিজ্ঞান সাহিত্য’গৱেষণা প্ৰকল্প সমাপন কৰে৷ এই প্ৰকল্পটো অসম প্ৰকাশনে একে নামেৰে ২০০৮ চনত গ্ৰন্থাকাৰে প্ৰকাশ কৰে৷ তেওঁৰ প্ৰকাশিত অন্যান্য গ্ৰন্থসমূহ হ’ল-
- নীলাবৰ আৰু পদাৰ্থজগত, ১৯৯৮
- বিজ্ঞানৰ সোণালী যুগৰ কাহিনী, ১৯৯৩
- ভোতিক ৰীতিৰ চৰিত্ৰ (ৰিচাৰ্ড ফাইমেননৰ গ্ৰন্থৰ অনুবাদ), ১৯৯৩
- বিংশ শতাব্দীৰ অসমীয়া বিজ্ঞান সাহিত্য, ২০০১
- ভাৰতত আধুনিক বিজ্ঞান, ২০০৮৬
- বিশ্ব পদাৰ্থ বিজ্ঞান বৰ্ষঃ২০০৫ আৰু অন্যান্য, ২০০০
- মাইকেল ফেৰাডে আৰু বিদ্যুৎ জগত, ২০০৬
- সাহিত্য বিজ্ঞান আৰু অন্যান্য, ২০১০
- সত্যেন্দ্ৰ নাথ বসু, ২০১৪৭
তথ্যসূত্ৰ
- ↑ Aparna Dutta Mahanta (1946–2022): The Pioneer of Women’s Studies in the Northeast
- ↑ assamsciencesociety.in
- ↑ Death anniversary of Dr Aparna Dutta Mahanta observed in Dibrugarh
- ↑ অসমত নাৰীবাদী অধ্যয়নৰ বাটকটীয়াগৰাকী
- ↑ ইংৰাজী সাহিত্যৰ প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰেটৰ দেহাৱসান
- ↑ publicationboardassam.com
- ↑ সত্যেন্দ্ৰনাথ বসু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰমানন্দ মহন্ত” প্ৰবন্ধৰ সংশোধন ৪৬৯৮২১ (৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।