অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰীতিমা কৌশিক বৰুৱা

প্ৰীতিমা কৌশিক বৰুৱা (Pritima Kausik Baruah) অসমৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা, লেখিকা, তথা সঞ্জীৱন প্ৰকাশনৰ স্বত্বাধিকাৰ। অসমৰ বিশিষ্ট লেখক, সাংবাদিক শান্তনু কৌশিক বৰুৱা হৈছে তেখেতৰ স্বামী।

হালনাগাদ: ২ আগষ্ট ২০২৫ ৪৯৫ শব্দ · ৩ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

প্ৰীতিমা কৌশিক বৰুৱা (Pritima Kausik Baruah) অসমৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা, লেখিকা, তথা সঞ্জীৱন প্ৰকাশনৰ স্বত্বাধিকাৰ।১ অসমৰ বিশিষ্ট লেখক, সাংবাদিক শান্তনু কৌশিক বৰুৱা হৈছে তেখেতৰ স্বামী। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, ব্যক্তিগত আৰু কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদানৰ ক্ষেত্ৰখনত প্ৰায় ২৮ বছৰ ধৰি জড়িত হৈ থকা প্ৰীতিমা কৌশিক বৰুৱা পূৰ্ণাংগ কেৰিয়াৰ বিষয়ক একমাত্ৰ অসমীয়া আলোচনী 'মাহেকীয়া কেৰিয়াৰ গাইড'ৰ২ সম্পাদক-প্ৰকাশক। ২০০৪ চনৰ পৰা এই আলোচনীখন প্ৰকাশ হৈ আহিছে।৩ তেখেতে নিজকে একেধাৰে পত্নী, মাতৃ, কেৰিয়াৰ গাইডৰ সম্পাদক, কেৰিয়াৰ কাউন্সেলৰ আৰু এগৰাকী প্ৰকাশক হিচাপে নিজৰ চিনাকি দিবলৈ ভাল পায়৷ তেওঁৰ প্ৰথম চিনাকি এগৰাকী পত্নী, তাৰ পাছত মাতৃ৷১

জন্ম পৰিচয়

১৯৭১ চনৰ এপ্ৰিলত জন্মলাভ কৰা প্ৰীতিমা কৌশিক বৰুৱাৰ পিতৃৰ নাম পৰেশ বৰঠাকুৰ আৰু মাতৃৰ নাম লিলি বৰঠাকুৰ।

শিক্ষা জীৱন

১৯৮৭ চনত ডিব্ৰুগড় ছোৱালী হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পাছ কৰে।১৯৮৯ চনত মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ১৯৯২ চনত ডি চি বি কলেজৰ পৰা অৰ্থনীতিক মেজৰ বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে আৰু দুবছৰৰ পিছত যোৰহাটৰ পি জি ই টি ৰ পৰা শিক্ষা স্নাতকত উত্তীৰ্ণ হয়।

বৈবাহিক জীৱন

প্ৰীতিমা কৌশিক বৰুৱা বিশিষ্ট সাংবাদিক, লেখক শান্তনু কৌশিক বৰুৱাৰ সৈতে ১৯৯৫ চনত বিবাহপাশত আবদ্ধ হয়। সঞ্জীৱন কৌশিক বৰুৱা নামেৰে এটি পুত্ৰ সন্তানৰ মাতৃ। বিয়া হৈ আহি তেওঁ নিজৰ স্বামীৰ ঘৰত বা স্বামীৰ চৌপাশৰ পৰিবেশটোত মাত্ৰ ন-পুৰণি বিভিন্ন কিতাপৰ গোন্ধ পাইছিল,কিতাপৰ কথা শুনিছিল৷ এই বিষয়ে তেওঁৰ ভাষ্য এনেধৰণৰ, "বিয়া হৈ অহাৰ পাছত গুৱাহাটী আহি দেখিবলৈ পাইছিলোঁ চাৰিওফালে মাত্ৰ কিতাপ৷ ঘৰখনত খোজ দিবলৈয়ো ঠাই নাই কিতাপৰ কাৰণে৷ আলহীও বহুত৷ কিতাপৰ মাজতে আমি বহোঁ, কথা পাতোঁ৷ তেওঁ বেছি কথা নাপাতে, কিতাপৰ লগতে ব্যস্ত থাকে সকলো সময়তে৷ কেতিয়াবা কিবা বিচাৰি নাপালে মোকো বিচাৰিবলৈ লগাই এইদৰেই আসাম বিলাসিনীৰ দৰে আলোচনীবোৰৰ পুৰণা সংখ্যাবোৰৰ লগতে আন বহুতো পুৰণা আলোচনী/বাতৰি কাকত পাই মই আচৰিত হৈ পৰিছিলোঁ৷ ময়ো কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ৷ এয়া ১৯৯৫ চনৰ কথা৷ মোক এওঁ কিবাকিবি লিখিবলৈ দিয়ে, অনুবাদ কৰিবলৈ দিয়ে৷ ‘জানানে’খন আৰম্ভ কৰিছিল এওঁ৷ ক’ৰবাত কিবা তথ্য যোগাৰ কৰিব লগা হ’লে মোক যাবলৈ দিয়ে৷ যতীন বৰগোহাঞি ছাৰ সেইসময়ত নতুন দৈনিক কাকতখনৰ সম্পাদক আছিল৷ তেওঁ মোক কিবাকিবি লিখিবলৈ ক’লে৷ বিশেষকৈ কেৰিয়াৰ শিতানত৷ সেইসময়ত অৰ্থাৎ প্ৰায় ২০ বছৰৰ আগতে কেৰিয়াৰৰ ওপৰত বিশেষ কোনো লিখনি পোৱা নগৈছিল৷ মোৰ স্বামীয়েও মোক বহুত সাহস দিলে, সহযোগিতা আগবঢ়ালে আৰু ময়ো দৈনিক বাতৰি কাকত আৰু আলোচনীত লিখিবলৈ আৰম্ভ কৰিলোঁ৷৷ এই সময়তে অসমত প্ৰথমবাৰৰ বাবে নতুন দৈনিক বাতৰি কাকতখনত কেৰিয়াৰ শিতানটো সাপ্তাহিকভাৱে প্ৰচাৰ হয় মোৰ সম্পাদনাত৷ ইয়াৰ পাছৰ পৰাই অসমৰ প্ৰায়খিনি বাতৰি কাকত, শ্ৰী ময়ী ইত্যাদি আলোচনীসমূহত মোৰ সম্পাদনাত সাপ্তাহিক কেৰিয়াৰ শিতানসমূহ প্ৰকাশ হয় আৰু এই শিতানসমূহে তেতিয়াৰ পৰা এতিয়ালৈ অসমৰ সকলো পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ বাবে লাভদায়ক হৈ আহিছে বুলি মতামত পাই আহিছোঁ৷" ১

সাহিত্য আৰু কৰ্মজীৱন

২০১৬ চনত প্ৰীতিমা কৌশিক বৰুৱাই 'সঞ্জীৱন প্ৰকাশন' নামেৰে এটা প্ৰকাশন গোষ্ঠী আৰম্ভ কৰে। মূলতঃ নতুন লেখকৰ গ্ৰন্থ প্ৰকাশৰ উদ্দেশ্যেৰে এইটো প্ৰতিষ্ঠা কৰা হয়। ১৩ প্ৰীতিমা কৌশিক বৰুৱা অসমৰ বিভিন্ন আগশাৰীৰ বিদ্যালয়-মহাবিদ্যালয় তথা নানা শৈক্ষিক অনুষ্ঠান-প্ৰতিষ্ঠানলৈ কেৰিয়াৰ সম্পৰ্কীয় আলোচনা-কৰ্মশালাৰ সমল ব্যক্তিৰূপে আমন্ত্ৰিত হৈছে। বিভিন্ন কাকত-আলোচনীৰ তেওঁ নিয়মীয়া লেখক। নানা কাকত-আলোচনীত এহেজাৰৰো অধিক প্ৰবন্ধ প্ৰকাশ পাইছে। কেৰিয়াৰ গাইড তেওঁৰ প্ৰথমখন কিতাপ। কেৰিয়াৰ সন্ধানী তৰুণ প্ৰজন্মক কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শদানৰ বাবে প্ৰকাশিত এই গ্ৰন্থখন অসমীয়া ভাষাৰ প্ৰথম আৰু একমাত্ৰ গ্ৰন্থ।৩

সাহিত্যৰাজি

গ্ৰন্থ

  1. কেৰিয়াৰ গাইড
  2. উচ্চতৰ মাধ্যমিকৰ পাছত
  3. অসমতে পঢ়িব পৰা কেৰিয়াৰ
  4. শিক্ষাবৃত্তি আৰু শিক্ষাঋণ
  5. মেনেজমেণ্টৰ পাঠ্যক্ৰম
  6. ঈছপৰ সাধু
  7. বিজ্ঞানৰ বিচিত্ৰ বতৰা
  8. সফলতাৰ সোপান

তথ্যসূত্ৰ

  1. ↑ (মাৰ্চ, ২০১৯). সফল মহিলা প্ৰীতিমা কৌশিক বৰুৱা. কৃষক বন্ধু
  2. ↑ শান্তনু কৌশিক বৰুৱা. (২০১৮). আশীৰ পৰৱৰ্তী অসমীয়া আলোচনী: এক অসম্পূৰ্ণ আলোচনা. ফটাঢোল
  3. ↑ প্ৰীতিমা কৌশিক বৰুৱা. (ছেপ্টেম্বৰ, ২০১৮). সফলতাৰ সোপান. সঞ্জীৱন প্ৰকাশন. পৃ. Last page

সম্পৰ্কিত শ্ৰেণী

অসমীয়া প্ৰবন্ধকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰীতিমা কৌশিক বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫২৯৮৯৮ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।