অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুব্ৰত জ্যোতি নেওগ

সুব্ৰত জ্যোতি নেওগ (জন্ম-১৯৮৪) এগৰাকী চলচ্চিত্ৰ সমালোচক, নাট্য সমালোচক,, নাট্যকাৰ, চিত্ৰনাট্যকাৰ, এগৰাকী সুবক্তা লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক৷

হালনাগাদ: ৮ মে’ ২০২৬ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

সুব্ৰত জ্যোতি নেওগ (জন্ম-১৯৮৪) এগৰাকী চলচ্চিত্ৰ সমালোচক,১২৩ নাট্য সমালোচক,৪৫৬৭, নাট্যকাৰ, ৮৯ চিত্ৰনাট্যকাৰ, এগৰাকী সুবক্তা লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক৷১০

জন্ম আৰু বংশ পৰিচয়

১৯৮৪ চনৰ ১ আগষ্টত যোৰহাট জিলাৰ পানীচকুৱা অঞ্চলৰ বৰখঙীয়া গাঁৱত ড° সুব্ৰতজ্যোতি নেওগৰ জন্ম হয়। পিতৃ সুৰেন নেওগ আৰু মাতৃ স্মৃতিৰেখা নেওগ।

শিক্ষা

নেওগে টিঙিৰীমৰা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ২০০৬ চনত গুৱাহাটী কলেজৰ পৰা প্ৰথম শ্ৰেণী প্ৰথম হৈ অসমীয়া বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি অসমীয়া বিষয়ত স্বৰ্ণ পদক লাভ কৰে। তেওঁ ইংৰাজী বিষয়তো স্নাতকোত্তৰ ডিগ্ৰীধাৰী। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০১৪ চনত লীলাৱতী শইকীয়া বৰাৰ তত্ত্বাৱধানত 'The language of Homen Borgohain's Prose: A Study in the light of Stylistics'১১ বিষয়ত পিএইচ.ডি লাভ কৰে।

কৰ্ম জীৱন

তেওঁ শিৱসাগৰৰ হেমচন্দ্ৰ দেৱ গোস্বামী‌ মহাবিদ্যালয়ত১২ ২০১০ চনত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে। তেওঁ ২০২০ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত সহযোগী অধ্যাপক হিচাপে যোগদান কৰে আৰু তেওঁ এই বিভাগৰ প্ৰতিষ্ঠাপক বিভাগীয় মুৰব্বী।

সাহিত্যিক জীৱন

প্ৰকাশিত গ্ৰন্থ

তেখেতৰ প্ৰবন্ধসমূহ ৬৭ গ্ৰন্থকাৰেও প্ৰকাশিত হৈছে। সেইসমূহ হ'ল-

  1. সাহিত্য সংস্কৃতিৰ সুবাস (২০১০)
  2. তপস্বিনী (ড° মামণি ৰ়ছম গোস্বামীৰ জীৱন আৰু সাহিত্যৰ ওপৰত আধাৰিত) (২০১২)
  3. চলচ্চিত্ৰ সাহিত্য (২০১৪)
  4. শৈলীবিজ্ঞান আৰু অসমীয়া সাহিত্য শৈলী (২০১৫)
  5. সাম্প্ৰতিক ভাৰতীয় চলচ্চিত্ৰ (২০১৯)
  6. শংখ নিনাদ আৰু অন্যান্য নাটক | অসম বুক ট্ৰাষ্ট

সম্পাদিত গ্ৰন্থ

  1. ভাৰতীয় নাট্ক পৰম্পৰা আৰু পৰিৱৰ্তন (২০১২)
  2. Indian drama tradition and translation (2012)১৩
  3. জ্যোতিৰ জোনাকী বাটেদি -একবিংশ শতিকাৰ নিৰ্বাচিত অসমীয়া নাটক (২০২২)
  4. একবিংশ শতিকাৰ নিৰ্বাচিত অসমীয়া একাংক নাটক | তেজপুৰ বিশ্ববিদ্যালয় | বৈজ্ঞানিক আৰু পৰিভাষা আয়োগ শিক্ষা মন্ত্ৰণালয়, ভাৰত চৰকাৰ
  5. নিৰ্বাচিত আধুনিক অসমীয়া নাটক | প্ৰকাশক: সাহিত্য অকাডেমি
  6. সান্ত্বনা বৰদলৈৰ অদাহ্য আৰু মাজৰাতি কেতেকীৰ চিত্ৰনাট্য | সংকলন আৰু সম্পাদনা ড° সুব্ৰত জ্যোতি নেওগ। প্ৰকাশক: অসম বুক ট্ৰাষ্ট
  7. অবিনাশ শৰ্মাৰ নাট্য সমগ্ৰ আৰু অন্যান্য সৃষ্টি | সংকলন আৰু সম্পাদনা: ড° সুব্ৰত জ্যোতি নেওগ | প্ৰকাশক: অসম বুক ট্ৰাষ্ট

আনুষ্ঠানিক পদবী

  1. মুৰব্বী,অসমীয়া বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়
  2. সদস্য, অসমীয়া অধ্যয়ন পৰিষদ, উত্তৰপূৰ্বাঞ্চল পাৰ্বত্য বিশ্ববিদ্যালয়, মেঘালয় ২০২১-২০২৪

উল্লেখযোগ্য বঁটা আৰু স্বীকৃতি

  1. শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক, নৰ্থ ইষ্ট প্ৰাগ চিনে এৱাৰ্ড, ২০১৫
  2. জুৰী সদস্য, ইণ্ডিয়ান পেনোৰোমা, ২০২১ ১৩
  3. অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০২৩-ৰ চিনেমা সম্পৰ্কীয় শ্ৰেষ্ঠ লেখাৰ বাবে 'পবিত্ৰ কুমাৰ ডেকা বঁটা' ২

তথ্যসূত্ৰ

  1. ↑ Delhi, PIB. (6 November 2021). Indian Panorama Announces Official Selection for 52nd IFFI, 2021
  2. ↑ Assam, Calling. (11 March 2023). 8th Assam State Film Awards, 2023 Awardees for the year-2018 and 2019 - Assam Calling
  3. ↑ Odisha, Pragativadi. (5 November 2021). Indian Panorama Announces Official Selection for 52nd IFFI 2021
  4. ↑ Datta, Utpal. (2021). Film Appreciation. Blue Rose Publishers. পৃ. 152. ISBN 978-9354724343
  5. ↑ Bhagawati, Dipsikha. (2022). Literature and Film: From mute to motion. Manda Publishers. পৃ. 13. ISBN 978-9395174022
  6. ↑ Neog, Subrat Jyoti. (July–September 2022). Mukti and Tare Zameen Par: An Intertextual Study. E-CineIndia
  7. ↑ Neog, Subrat Jyoti. (January–March 2023). Akashitarar Kathare: A Significant Addition to the Tradition of Indian Women-centric Films. E-CineIndia
  8. ↑ Guwahati, AIR. (12 April 2022). Radio Play · · Nandini (in Assamese). YouTube
  9. ↑ YouTube, India. (28 October 2019). Assamese One Act Play- Aprapti. YouTube
  10. ↑ University, Tezpur. (2022). Profile · · Subrat Jyoti Neog. Tezu.ernet.in
  11. ↑ Shodhganga, a Reservoir of Indian Theses. (31 December 2014). Homen Borgohainir Gadaya Sahityar Bhasa Ek Sailibijnanbhittik Adhyayan (in Assamese)
  12. ↑ YouTube, India. (5 July 2016). Sibsagar's H.C.D.G College Documentary by Dr. Subrat Jyoti Neog. YouTube
  13. ↑ Books, Way. (2014). Indian Drama: Tradition and Transition. Books Way. ISBN 978-93-81672-78-5

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সমালোচক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুব্ৰত জ্যোতি নেওগ” প্ৰবন্ধৰ সংশোধন ৬০৫৪৩৩ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।