সুন্দৰপুৰ কেঅছ (Sundarpur Chaos) হৈছে ২০২৪ চনৰ ২৫ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা, ঝুলন কৃষ্ণ মহন্তৰ দ্বাৰা লিখিত-পৰিচালিত আৰু সম্পাদিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। ছবিখনত অৰুণ নাথ, ৰাজীৱ গোস্বামীয়ে অভিনয় কৰিছে৷ ছবিখনৰ কাহিনীভাগ মূলতঃ অসমৰ কিছুমান সত্ৰৰ ভূমি বেদখলৰ ঘটনাৰ ওপৰত আধাৰিত৷১
কাহিনী
ছবিখনৰ কাহিনীভাগে প্ৰধানকৈ অসমৰ একাংশ সত্ৰত সংঘটিত হোৱা ভূমি বেদখলৰ কাহিনীক মুখ্য কৰি লৈছে৷ ইয়াৰ লগতে ছবিখনে অসমৰ আৰ্থ-ৰাজনৈতিক চিন্তাৰ পটভূমিত গঢ় লৈ উঠা যুৱক-যুৱতী, চিন্তাশীল ব্যক্তিৰ মানসিকতা আৰু আভ্যন্তৰীণ সংঘাতৰ সন্ধান কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ভক্তি আন্দোলনৰ দ্বাৰা অনুপ্ৰাণিত পৰম্পৰাগত নৃত্য-সংগীতৰ লগত গভীৰভাৱে জড়িত অসমৰ এখন সত্ৰৰ এটি কিশোৰ হৈছে কিংকৰ। পৰম্পৰাৰ সৈতে জড়িত হৈ থাকিও কিংকৰে নিজৰ জীৱনৰ প্ৰতি আধুনিক দৃষ্টিভংগী ৰাখে আৰু নিজৰ গৃহভূমিত অবৈধ অনুপ্ৰৱেশৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেওঁ শিকি অহা অহিংসাৰ শিক্ষা আৰু পৰিস্থিতিসাপেক্ষ গঢ় লৈ উঠা অসহিষ্ণুতাৰ মাজত আভ্যন্তৰীণ অন্তৰ্দ্বন্দ্বৰ সন্মুখীন হয়। এই সংঘাতে তেওঁৰ যাত্ৰাক গঢ় দিয়ে আৰু তেওঁ পৰম্পৰা আৰু কৰ্তব্যবোধৰ মাজত এটা যোগসূত্ৰ অথবা বাটৰ অন্বেষণ কৰে।১
অভিনয়ত
- কিংকৰৰ চৰিত্ৰত পাৰ্থ প্ৰতিম হাজৰিকা
- অৰুণ নাথ
- ৰাজীৱ গোস্বামী
- জলি লস্কৰ
- গাৰ্গী দত্ত
- ছিলপি দত্ত
- বনি দেওৰী
- দিবশ জ্যোতি বৰুৱা
- প্ৰশান্ত কলিতা
- অভিজিৎ চুতীয়া
- দেৱজিৎ ডেকা
- সৌমাৰ জ্যোতি বৰা
- বিকাশ মোচাহাৰী
- জ্যোতিষ্মান কাশ্যপ
- ধীৰাজ কুমাৰ
- ডাঃ বিৰিঞ্চি কলিতা
- সন্দীপ হাজৰিকা (Toto)
- ড° মিথিলি হাজৰিকা
- ৰণহাং চৌধুৰী
- অনুপম লস্কৰ
- উদয় ভাস্কৰ পাটৰ
- শিশু অভিনেতা: নিদৰ্শন বিশ্বজিৎ কাশ্যপ, ধীৰ কাশ্যপ, অংশিতা মহন্ত,বিকাশ দাস,প্ৰীতম দাস,গুঞ্জনা প্ৰীতম গোস্বামী
কুশলী
- চিনেমেটোগ্ৰাফাৰ-চন্দ্ৰ কুমাৰ দাস
- ধ্বনি-দেৱজিৎ গায়ন
- কলা নিৰ্দেশক- গাৰ্গী দত্ত, দিৱস জ্যোতি বৰুৱা আৰু প্ৰশান্ত কলিতা
- ভিএফএক্স আৰু পোষ্টাৰ- দ্বীপজ্যোতি সন্দিক
মুক্তি
ছবিখনে ২০২৪ চনৰ ২৫ অক্টোবৰ তাৰিখে অসমৰ ছবিগৃহত মুক্তি লাভ কৰে৷ ১
সংগীত
ছবিখনৰ সংগীত পৰিচালক হৈছে ড০ সৌৰভ মহন্ত৷ গীতিকাৰ হৈছে মঞ্জুলা হাজৰিকা আৰু গায়ত্ৰী হাজৰিকা৷ ছবিখনত শ্ৰী মন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ আধাৰত নাম প্ৰসংগ সন্নিৱিষ্ট কৰা হৈছে৷ ছবিখনৰ গীতসমূহত কণ্ঠ নিগৰাইছে অংগৰাগ মহন্ত, শান আৰু গায়ত্ৰী হাজৰিকাই৷ ২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ 'Sundarpur Chaos' – A film that tackles key issues of Assam without the chaos. The Assam Tribune
- ↑ Sundar Chaos. IMDB
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুন্দৰপুৰ কেঅছ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৪০৯১৬ (২৬ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।