অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

সূৰ্যৱতী

সূৰ্যৱতী ( Surjabati) বদুলা পদ্ম আতাৰ বিবাহিতা অথচ স্বামী উপেক্ষিতা স্ত্ৰী৷ সূৰ্যৱতীৰ পিতৃ আছিল কায়স্থ কুলৰ সূৰ্য বাঢ়ৈ নামে এজন ব্যক্তি৷ পদ্ম আতাৰ মনৰ পৰা বৈৰাগ্যৰ ভাব আঁতৰাই সংসাৰৰ প্ৰতি ঢাল খুৱাবলৈ ককায়েক শংকৰে তেওঁৰ বিয়া পাতি দিছিল৷ পদ্ম আতাৰ পিতৃৰ নাম তিতা চোমদাৰ৷ তেওঁৰ দুজন পুত্ৰ আৰু এজনী…

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৫ ২৮২ শব্দ · ২ মিনিট সংগৃহীত ৩৪
সংশোধনৰ পৰামৰ্শ

সূৰ্যৱতী ( Surjabati) বদুলা পদ্ম আতাৰ বিবাহিতা অথচ স্বামী উপেক্ষিতা স্ত্ৰী৷ সূৰ্যৱতীৰ পিতৃ আছিল কায়স্থ কুলৰ সূৰ্য বাঢ়ৈ নামে এজন ব্যক্তি৷ পদ্ম আতাৰ মনৰ পৰা বৈৰাগ্যৰ ভাব আঁতৰাই সংসাৰৰ প্ৰতি ঢাল খুৱাবলৈ ককায়েক শংকৰে তেওঁৰ বিয়া পাতি দিছিল৷১

পদ্ম আতাৰ পিতৃৰ নাম তিতা চোমদাৰ৷ তেওঁৰ দুজন পুত্ৰ আৰু এজনী কন্যা৷ শংকৰদাস, পদ্ম আতা আৰু বহুৰমা৷ জন্মঠাই বৰনাৰায়ণপুৰ৷ সৰুকালতে পিতৃবিয়োগ হোৱাত মাকে গহপুৰত থকা ভায়েকৰ তালৈ দুই পুত্ৰ লৈ আহিল আৰু তাতে মোমায়েকৰ গৰু চৰাই থাকিবলৈ লয়৷ পিছত ককায়েক শংকৰ ডাঙৰ হোৱাত বিয়া কৰাই ঘৰ-বাৰী কৰি ভায়েকক নিজৰ লগলৈ নি ৰাখে৷২

সৰুৰে পৰা বৈৰাগী মনোভাৱৰ আছিল পদ্ম আতা৷ সাংসাৰিক কামলৈ মন-কাণ নাছিল৷ সেয়ে, সংসাৰৰ প্ৰতি মোহ জন্মাবলৈ সূৰ্যৱতীৰ লগত বিবাহ কৰাই দিয়ে৷ সূৰ্যৱতী অতি সুন্দৰী আছিল৷ কিন্তু বিয়াৰ পিছত পদ্ম আতা সূৰ্যৱতীৰ পিনে অকণো আকৃষ্ট নহ’ল৷ বৰং তেওঁ আগ দুৱাৰেদি সোমালে আতা পিছ দুৱাৰেদি ওলাই যায়৷ নিশা বহু পলমকৈ ঘৰ সোমায় আৰু বৌয়েকে পুত্ৰবৎ স্নেহেৰে দেৱৰেকলৈ ভাত বাঢ়ি ৰৈ থাকে৷ এই কাৰ্যত ককায়েক শংকৰে এদিন খং কৰাত পদ্মই ঘৰ এৰি ওলাই গ’ল৷ প্ৰথমাৱস্থাত তেওঁ ঘৰৰ ওচৰতে আছিল যদিও পিছত বিভিন্ন ঠাই ঘূৰি ফুৰিব ধৰিলে৷ এই কাৰ্যত তেওঁক সংগ দিলে ভনীয়েক বহুৰমাৰ পুত্ৰ জগন্নাথচৰণে৷২

সূৰ্যৱতীয়ে পদ্ম আতাৰ সান্নিধ্য লাভ কৰাৰ পৰা বঞ্চিত হ’ল৷ তেওঁ আতাৰ সংগলাভ আশাত অনেক কাকূতি-মিনতি কৰিছিল যদিও আতাই “বৌমাতৃৰ আদেশ মানি চলিলেই মই সন্তুষ্ট হ’ম’’ বুলি কৈ আঁতৰি থাকিল৷৩

নানা ঠাইত ঘূৰি, বিভিন্নজনৰ সংলাভ কৰি, বহুবছৰৰ পিছত এবাৰ পদ্ম আতাই লক্ষীমপুৰ জিলাৰ ডিক্ৰং নৈৰ ঘাটত নাও বান্ধি ৰাতি থকাৰ দিহা কৰোঁতে ককায়েক শংকৰদাসৰ পুত্ৰ কৰুণাময় আহি খুৰাকক নিজৰ ঘৰলৈ যাবলৈ খাটনি ধৰাত পুনৰ মায়াই আকৃষ্ট কৰিব বুলি যাবলৈ অনিচ্ছা প্ৰকাশ কৰি ঘৰৰ বাতৰি ভতিজাকৰ মুখেৰেই শুনি সন্তোষ পালে৷ কিন্তু খুৰাক ঘৰলৈ নোযোৱাৰ কাৰণ অনুমান কৰি কৰুণাময়ে ঘৰলৈ আহি সূৰ্যৱতীক তেওঁৰ পিতাকৰ বৰ টান অসুখ বুলি ঘৰলৈ পঠিয়াই দিলে৷ কিন্তু সূৰ্যৱতী ঘৰলৈ গৈ পিতৃ সূৰ্য বাঢ়ৈক সুস্থ শৰীৰে দেখি আচৰিত হ’ল৷ পিছত বাঢ়ৈয়ে ইয়াৰ কাৰণ বুজিব পাৰি জীয়েকক পুনৰ শংকৰদাসৰ বোৱাৰীৰূপত পদ্ম আতাৰ ঘৰলৈ নপঠিওৱাৰ সিদ্ধান্ত লৈ সূৰ্যৱতীক ঘৰতে ৰাখিলে৷৩

তথ্যসূত্ৰ

  1. ↑ বৈষ্ণৱ গুৰু বদুলা পদ্ম আতা
  2. ↑ নেওগ, মহেশ্বৰ(সম্পা:). (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃ. ৩৭৩, ৩৭৭
  3. ↑ দাস, অৰ্জুন চন্দ্ৰ. (২০০৬). মহাপুৰুষীয়া ধৰ্মৰ নৱৰত্ন. লেখক আৰু প্ৰকাশন সমিতি, বৰপেটা. পৃ. ১৫৫, ১৭৩

সম্পৰ্কিত শ্ৰেণী

অসমৰ নাৰীনৱবৈষ্ণৱ ধৰ্মমহাপুৰুষীয়া ধৰ্মৰ অনুগামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সূৰ্যৱতী” প্ৰবন্ধৰ সংশোধন ৪৭১৪৮২ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।