অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সুৱঁৰি

সৰি বা সুঁৱৰি দক্ষিণ কামৰূপৰ এটি এদিনীয়া বসন্তোৎসৱ। এই উৎসৱৰ আকৰ্ষণ হ'ল দধিমথন ভাওনা অভিনয়। শিশু কৃষ্ণৰ বাবে নন্দজায়া যশোদাৰ দধিমথন,কানাইৰ চাতুৰী প্ৰভৃতি এই উৎসৱৰ জৰিয়তে স্মৰণ কৰা সুযোগ পোৱা গুণেই নাম সুঁৱৰি।

হালনাগাদ: ৯ মে’ ২০২৪ ৫০২ শব্দ · ৩ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

সৰি বা সুঁৱৰি দক্ষিণ কামৰূপৰ এটি এদিনীয়া বসন্তোৎসৱ। এই উৎসৱৰ আকৰ্ষণ হ'ল দধিমথন ভাওনা অভিনয়। শিশু কৃষ্ণৰ বাবে নন্দজায়া যশোদাৰ দধিমথন,কানাইৰ চাতুৰী প্ৰভৃতি এই উৎসৱৰ জৰিয়তে স্মৰণ কৰা সুযোগ পোৱা গুণেই নাম সুঁৱৰি। গাঁৱৰ নামঘৰত এই উৎসৱ অনুষ্ঠিত হয় যদিও সুবিধা নথকা ঠাইবোৰত মুকলি পথাৰতেই সাময়িক ভাৱে বাঁহৰ চাত পুতি ৰভা দি আয়োজন কৰা হয়। ওচৰৰ নামঘৰ সমূহৰ বিগ্ৰহ সমূহ আসনেৰে সৈতে আনি সুঁৱৰী থলীৰ পূৱ দিশত এটা শাৰী স্থাপন কৰা হয়। উপস্থিত লোক সকলে ফুলৰ মালা আৰু পইচা বিগ্ৰহলৈ আগবঢ়ায় সেৱা জনায়।

সুঁৱৰী থলীৰ চাৰিটা কলৰ পুলিৰ সোঁমাজত কলৰ দোনাৰে সুদৃশ্যকৈ সজা বেদীৰে দধি মথন মণ্ডৱ সজা হয়। বেদীত সংস্থাপিত হয় পাঁচডাল জাকজমকপূৰ্ণ মথনিমাৰি। মাৰিকেইডাল ভালকৈ ঘূৰিবলৈ তাৰ তলত থাকে মাটি টেকেলি একোটা। দধি মথন মণ্ডৱত পকা কলৰ থোকি,মাখনৰ টেকেলি প্ৰভৃতি আঁৰি থোৱা হয়। আবেলি পৰত আৰম্ভ হয় দধিমথন ভাওনা। নাটৰ চৰিত্ৰ সমূহৰ ভিতৰত আছে -শিশু কৃষ্ণ,বলোৰাম,নন্দ,যশোদা আৰু গোৱালিনীসকল।

কিছুদিনৰ আগলৈকে দধিমথন ভাওনাৰ আটাইবোৰ ভাও মতা মানুহেই দিছিল। আজিকালি অৱশ্যে গোপী আৰু যশোদা ভাও ছোৱালীয়ে দিয়ে। কোনো কোনো সুঁৱৰি থলীত অগণন লোকৰ সন্মুখত ডেকা-গাভৰুৱে মালা দি বিবাহ -পাশত আৱদ্ধ হৈছিল। সুঁৱৰি উৎসৱৰ উৎস হিচাপে লৈ ভালেখিনি লোকবিশ্বাস গা কৰি উঠিছে।১

সুৱঁৰি উৎসৱৰ ইতিহাস

সুঁৱৰীৰ আৰম্ভণি ক’ত, কেতিয়া, কি প্ৰসংগত, কেনেদৰে হৈছিল তাৰ কোনো ঐতিহাসিক তথ্য পোৱা নাযায়। আৰম্ভণিতে এই উৎসৱটিৰ মূলতঃ সোঁৱৰণি পৰ্ব ৰূপে সৃষ্টি হৈছিল বুলি অনুমান কৰা হয়। এই সোঁৱৰণি আছিল শ্ৰীকৃষ্ণই ল’ৰালি কালত গকুলত কৰা আনন্দদায়ক ক্ৰীড়া-কৌতুক আদিৰ সোঁৱৰণ। পৰৱৰ্তী সময়ত এই সোঁৱৰণি পৰ্বটিয়ে প্ৰসাৰ লাভ কৰি জনসাধাৰণৰ মাজত ভক্তি আৰু আনন্দৰ উৎসৱ হিচাপে উদযাপিত হ’বলৈ ধৰিলে। লগে লগে উৎসৱ উদযাপন কৰা সৰ্বসাধাৰণে ইয়াক সোঁৱৰণিৰ অৰ্থৰেই ‘সুঁৱৰী’ বা স’ৰি নামেৰে আঞ্চলিক ৰহণ সানি স্বকীয় ৰূপেৰে পালন কৰিবলৈ ধৰিলে। ফলত ই লাভ কৰিলে অঞ্চলটোৰ জাতীয় উৎসৱৰ মৰ্যাদা। এই উৎসৱ উপলক্ষে সেই অঞ্চলটোৰ নিৰ্দিষ্ট কোনো ৰাজহুৱা স্থান, নামঘৰ বা মন্দিৰ প্ৰাংগণ আদিক সুন্দৰকৈ সজাই–পৰাই আটকধুনীয়া কৰি তোলা হয়। সেই অঞ্চলৰ পূজিত বিভিন্ন দেৱ-দেৱীৰ বিগ্ৰহবোৰক ৰাতিপুৱাৰ ভাগতে ভক্তবৃন্দই গাখীৰ-পানী আৰু ফুল-তুলসী আদিৰে সজাই-পৰাই তোলে। তাৰ পাছত পৰম্পৰাগত নিৰ্দিষ্ট ধৰ্মীয় আচাৰ আৰু নীতিনিয়মেৰে চাকি-বন্তি, ধুপ-ধুনা জ্বলাই লগতে ঢুলীয়া-খুলীয়াই ঢোল-খোল, বৰকাহ আদি বজাই হৰি কীৰ্তনৰ নিজৰা বোৱাঁই লৈ আনি যথাস্থানৰ নিৰ্দিষ্ট বেদীত স্থাপন কৰে। দক্ষিণ কামৰূপৰ অঞ্চল বিশেষত পালন কৰা এই সুঁৱৰী উৎসৱত উৎসৱৰ দিনা ব্যক্তিগতভাৱেও অনেক পৰিয়ালৰ লোকে নিজৰ মংগল কামনাৰ অৰ্থে ভগৱন্ত পুৰুষলৈ সেই বিগ্ৰহ আৰু মালা- নিৰ্মালিৰ শৰাই স্থাপন কৰা বেদীত ফুল-তুলসীসহ নৈৱেদ্যৰ শৰাই আগবঢ়ায়।

ইফালে আকৌ এই সুঁৱৰী উৎসৱৰ্থলীত অনুষ্ঠিত হয় উৎসৱটিৰ মূল সোঁৱৰণি পৰ্বমূলক শিশু কৃষ্ণ আৰু গোপিনীসবৰ দধিমথন নৃত্য। সুঁৱৰী উৎসৱৰ এই দধি মথা কাৰ্যত ভাগ লোৱা কুমাৰী ছোৱালীহঁতে ধৰ্মীয় পৰম্পৰা অনুসৰি সুঁৱৰী উৎসৱৰ আগদিনাৰ পৰা উপবাসে থাকি ভক্তিভাবেৰে উৎসৱত অংশগ্ৰহণ কৰে। অঞ্চল বিশেষৰ কোনো কোনো সুঁৱৰীথলীত সুঁৱৰী উৎসৱৰ মূল দধিমথন কাৰ্যৰ লগতে শিশু কৃষ্ণৰ চল-চাতুৰীৰে পৰিপূৰ্ণ ‘অৰ্জুন-ভঞ্জন’ নাটৰো অভিনয় কৰি উৎসৱ উপভোগকাৰীসকলক আনন্দ দিয়া দেখা যায়। লোক-বিশ্বাস অনুযায়ী সুঁৱৰী উৎসৱত পূজা-সেৱা কৰিলে মনোকামনা পূৰ্ণ হয়। সেইহে যেন ভক্তপ্ৰাণ সৰ্বসাধাৰণে এই গোপ বালকসকলক ভক্তিভাবেৰে পূজা অৰ্চনা কৰি নিজৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ আগবাঢ়ি আহে। এই সুঁৱৰী উৎসৱৰ আন এটি বিশেষত্ব হৈছে হাঁনাঘোঁৰা আৰু পাৰবাহ নৃত্যৰ প্ৰদৰ্শন। বকো, গোলাইহাট আদি অঞ্চলত উদযাপিত হোৱা সুঁৱৰী উৎসৱত উৎসৱটিৰ ধৰ্মীয় দিশৰ লগত সংগতি ৰাখি এই উৎসৱবোৰৰ উপাস্য দেৱ-দেৱীৰ সন্তুষ্টিৰ অৰ্থে এনেবোৰ নৃত্য প্ৰদৰ্শন কৰা হয়। উৎসৱৰ দিনা উৎসৱৰ্থলীত বিভিন্ন দোকান-পোহাৰ আৰু দূৰদূৰণিৰ লোকসকলৰ আগমন ঘটে।

তথ্যসূত্ৰ

  1. ↑ সৰি বা সুঁৱৰি. (২৭মে,১৯৯৬). অসমীয়া সংস্কৃতিৰ কণিকা. চন্দ্ৰ প্ৰকাশ,পাণবজাৰ,গুৱাহাটী -১. পৃ. ৩২৬

সম্পৰ্কিত শ্ৰেণী

অসমৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুৱঁৰি” প্ৰবন্ধৰ সংশোধন ৪২০৯০০ (৯ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।