অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সোণাৰায় পূজা

সোণাৰায় পূজা হৈছে অবিভক্ত গোৱালপাৰা জিলাৰ গৌৰীপুৰ, ধুবুৰী, ছত্ৰশাল, লখিমপুৰ, গোলোকগঞ্জ আৰু উত্তৰবঙ্গত প্ৰচলিত ব্যাঘ্ৰ দেৱতাৰ পূজা। এনে ঠাইত ব্যাঘ্ৰ দেৱতা সোণাৰায় নামে পৰিচিত। লোক দেৱতাৰূপে সোণাৰায়ক পূজা কৰিলে গৰুগাই নিৰাপদে থকাৰ উপৰি গৃহস্থৰ কল্যাণ হয় বুলি বিশ্বাস কৰা হয়।

হালনাগাদ: ১১ মে’ ২০২১ ১৬৬ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

সোণাৰায় পূজা হৈছে অবিভক্ত গোৱালপাৰা জিলাৰ গৌৰীপুৰ, ধুবুৰী, ছত্ৰশাল, লখিমপুৰ, গোলোকগঞ্জ আৰু উত্তৰবঙ্গত প্ৰচলিত ব্যাঘ্ৰ দেৱতাৰ পূজা। এনে ঠাইত ব্যাঘ্ৰ দেৱতা সোণাৰায় নামে পৰিচিত। লোক দেৱতাৰূপে সোণাৰায়ক পূজা কৰিলে গৰুগাই নিৰাপদে থকাৰ উপৰি গৃহস্থৰ কল্যাণ হয় বুলি বিশ্বাস কৰা হয়। সোণাৰায় পূজা কৃষিজীৱীসকলৰ মাজতহে সীমিত।

নীতি-নিয়ম

মাঘৰ দোমাহীৰ দিনা এই পূজা অনুষ্ঠিত হয়। গৰখীয়া ল'ৰাসকলে হাতত সোণাৰায়ৰ দণ্ড লৈ গোটেই পুহ মাহজুৰি গীত গাই গাই ঘৰে ঘৰে ফুৰি সোণাৰায়ৰ দক্ষিণা সংগ্ৰহ কৰে। পুহ মাহৰ শেষ অৰ্থাৎ মাঘৰ দোমাহীৰ দিনা ৰাতি পথাৰ বা নদীৰ পাৰত সোণাৰায় পূজা অনুষ্ঠিত হয়। পূজাৰ দিনা ভাতৰ পৰিৱৰ্তে পিঠা-লাৰু খোৱা হয়। খেৰ-বাঁহেৰে নিমাৰ্ণ কৰা ঘৰটোৰ ভিতৰত বেদী নিমাৰ্ণ কৰি সেই বেদীত সোণাৰায়ৰ মূৰ্তি প্ৰতিষ্ঠা কৰি ফুল-জল, বেলপাত, তুলসীপাত, ফলমূল আদিৰে ব্ৰাহ্মণ পূজাৰীয়ে সোণাৰায়ৰ পূজা কৰে আৰু সকলোৱে মিলা-প্ৰীতিৰে ভোজ খায়। সোণাৰায়ৰ মূৰ্তি বিসৰ্জন নিদি অস্থায়ী ঘৰটোতে ৰখা হয়। সোণাৰায়ক পুৰণি কমতা ৰাজ্যৰ বাঘ দেৱতা ৰূপে বিশ্বাস কযা হয়। কৃষ্ণৰ সৈতে সোণাৰায় দেৱতাৰ সাদৃশ্য আছে। গৰখীয়া সৈতে খেলা কৰা, দৈ-মাখন চুৰি কৰি খোৱা আদি সোণাৰায় দেৱতাৰ শিশু লীলা। সোণাৰাম দেৱতাকলৈ বহুতো জনশ্ৰুতিও প্ৰচলিত আছে।১

তথ্যসূত্ৰ

  1. ↑ (২০১৯). শৰাইঘাট ইয়েৰবুক. পৃ. ৪১৯

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণাৰায় পূজা” প্ৰবন্ধৰ সংশোধন ২৭৫৪৯৫ (১১ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।