অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
ভেল দিয়া উৎসৱ
ভেল দিয়া উৎসৱ হৈছে নামনি অসমৰ দক্ষিণ কামৰূপত প্ৰচলিত এক উৎসৱ। দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত সাধাৰণতে জেঠ আহাৰ মাহত এই উৎসৱ পালন কৰা হয়৷ মূলতঃ কৃষক, ঘাটোৱাল আৰু মৎসজীৱি লোকসকলে এই উৎসৱ উদযাপন কৰে।
-
ভোগপুৰ সত্ৰ
ভোগপুৰ সত্ৰ নদীদ্বীপ মাজুলীৰ মধ্য ভাগত থকা এখন ইতিহাসপ্ৰসিদ্ধ সত্ৰ। এই সত্ৰখনিৰ মুঠ মাটিকালি হৈছে ১৮৮.৫৭ হেক্টৰ। তদুপৰি এই সত্ৰৰ মুঠ জনসংখ্য়া হৈছে ১,৬৯৭ জন। প্ৰায় ৩০১ ঘৰ মানুহ ভোগপুৰ সত্ৰৰ এলেকাত বসবাস কৰি আছে। এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল ১৪৫০শকত(ইংৰাজী ১৫২৮ চনত)মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে।
-
ভৌগলিক স্বীকৃতি বা জি আই টেগ লাভ কৰা অসমৰ সম্পদসমূহ
-
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৬-১৭)
(অসমাপ্ত)
-
ভৱেশ শইকীয়া
ভৱেশ শইকীয়া (Bhabesh Saikiya) অসমৰ এগৰাকী সাংবাদিক আৰু অসমত “আপকু’’ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল৷ তেওঁ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হোৱাৰ উপৰি সাহিত্যিক আৰু অভিনেতা হিচাপেও মানুহৰ মাজত পৰিচিত আছিল৷
-
ম'হগড় ৰণ
ম'হগড় ৰণ আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ সেনা আৰু মানৰ মাজত ১৮২২ চনৰ ১৯ এপ্ৰিলত হৈছিল। যোৰহাটৰ উত্তৰৰ ম'হগড় (বৰ্তমানৰ ককিলামুখ) নামে ঠাইত হোৱা বাবে এই যুদ্ধক ম'হগড় ৰণ বোলা হয়। আহোম ৰাজ্য ৰক্ষাৰ এইখনেই আছিল শেষ গুৰুত্বপূৰ্ণ ৰণ।
-
মই আৰু নেফা
মই আৰু নেফা (Moi Aru Nefa) হৈছে অসমৰ এগৰাকী শিক্ষাবিদ ইন্দিৰা মিৰিৰ আত্মজীৱনী। ২০০৩ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা এই আত্মজীৱনীখন ২০২২ চনত প্ৰকাশন গোষ্ঠী অসম বুক ট্ৰাষ্টে নতুন ৰূপত প্ৰকাশ কৰে।
-
মই ভাল দেউতা হ'ব নোৱাৰিলোঁ (গ্ৰন্থ)
মই ভাল দেউতা হ'ব নোৱাৰিলোঁ (Moi Val Deuta Hobo Nuarilu) হৈছে অসমীয়া সাহিত্যিক, শিক্ষাবিদ মইনা গোস্বামীয়ে ৰচনা কৰা এখন উপন্যাস।
-
মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ (গ্ৰন্থ)
মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ(Moi Val Hikhyak Hobo Nuarilu) হৈছে অসমীয়া সাহিত্যিক, শিক্ষাবিদ মইনা গোস্বামীয়ে ৰচনা কৰা এখন প্ৰবন্ধ আৰু উপন্যাসৰ সমন্বয়পূৰ্ণ গ্ৰন্থ। পৰম্পৰাগত আসোঁৱাহযুক্ত শিক্ষা ব্যৱস্থাৰ বিকল্প পদ্ধতি এটাৰে কৰা বিদ্যালয় এখনৰ বৰ্ণনা কৰা হৈছে কিতাপখনত।
-
মই যেতিয়া ক্লান্ত হওঁ
মই যেতিয়া ক্লান্ত হওঁ (Moi Jetia Klanto Hou) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন প্ৰথম ২০০৭ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়।
-
মইনাপৰীয়া নামঘৰ
মইনাপৰীয়া নামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পূবত অৱস্থিত। ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ২ কিঃমিঃ দূৰৰ মইনাপৰীয়া গাঁৱত অৱস্থিত। ভক্তিধৰ্মৰ প্ৰচাৰ, প্ৰসাৰ আৰু চৰ্চাৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ সৃষ্টি কৰা সত্ৰ-নামঘৰে পৰৱৰ্তী সময়ত ব্যাপক প্ৰসাৰতা লাভ…
-
মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় দৰং জিলাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান। দৰং জিলাৰ এই আগশাৰীৰ শিক্ষাপ্ৰতিষ্ঠানখনিৰ লাইখুটা স্থাপিত হৈছিল ১৯০৩ চনৰ আগষ্ট মাহৰ কোনো এক শনিবাৰে।
-
মঙহ দহাৰ গোন্ধ (চলচ্চিত্ৰ)
মঙহ দহাৰ গোন্ধ (Mongoh Dohar Gondh) হ’ল এখন অসমীয়া ছুটি ছবি। ছবিখন পৰিচালনা কৰিছে মৃণাল ডেকাই। ছবিখনে ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ চুটি ছবিৰ শিতানত তৃতীয় পুৰস্কাৰ লাভ কৰিছিল। কথাছবিখন একাদশ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱ ২০২১-লৈও নিৰ্বাচিত হৈছিল।
-
মটক জনগোষ্ঠীৰ গায়ন-বায়ন
মটক জনগোষ্ঠী হ'ল বৰ অসমৰ চাৰি পীঠৰ সৌমাৰ পীঠৰ স্বকীয় জীৱনশৈলীৰে ভৰপূৰ এটা অন্যতম প্ৰাচীন জনগোষ্ঠী। আন জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি-নীতিৰ লগত মটক জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি- নীতি মিল দেখিবলৈ পোৱা নাযায়। প্ৰধানত: মটক জনগোষ্ঠীৰ গায়ন-বায়ন অন্য জনগোষ্ঠীতকৈ পৃথক। মটক সকলৰ গায়ন-বায়ন ধৰ্মৰ এটা প্ৰধান অংগ।
-
মণিকংকনা দত্ত
মণিকংকণা দত্ত মুম্বাইত বাস কৰা এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁৰ ঘৰ অসমৰ গুৱাহাটীত। গুৱাহাটীৰ নাৰেংগীৰ আৰ্মি পাব্লিক স্কুলত অধ্যয়ন কৰি পিছলৈ দিল্লী বিশ্ববিদ্যালয়ৰ মৈত্ৰেয়ী কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।
-
মণিকূট (ই-আলোচনী)
মণিকূট অসমীয়া ভাষাত ইউনিকোডত প্ৰকাশিত এখন মাহেকীয়া মাল্টিমিডিয়া ই-আলোচনী। ২০১৮ চনৰ ১৫ আগষ্টত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ কৰা হয়। প্ৰথম দুবছৰ আলোচনীখন দুমহীয়া আছিল আৰু প্ৰতি দুমাহৰ মূৰত ১৬ তাৰিখে আলোচনীখন প্ৰকাশ পাইছিল।
-
মণিপুৰী আই গোসাঁনী থান
মণিপুৰী আই গোসাঁনী থানখন দুটা শাখাত অৱস্থিত। তাৰে প্ৰাচীন শাখাটো,ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ দেওবাৰী বাণ গাঁৱত অৱস্থিত। দ্বিতীয় শাখাটো, ধেমাজি জিলা আৰু লখিমপুৰ জিলাৰ সীমান্তৰ বৰহমথুৰিয়নী গাঁৱত (ঘিলামৰা অঞ্চলৰ সমীপত) অৱস্থিত।
-
মণিৰাম কছাৰী
মণিৰাম কছাৰী ( Moniram Kachari)ৰ জন্ম হৈছিল ঢেকীয়াজুলিৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ ১ নং বৰপুখুৰী গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল, থথা কছাৰী৷ ১৮৮৭ চনত জন্ম গ্ৰহণ কৰা মণিৰাম কছাৰী প্ৰইমাৰী স্কুলৰ তৃতীয় শ্ৰেণীলৈকে পঢ়ি খেতি-বাতি কৰি জীৱিকা আৰ্জন কৰিছিল৷ কংগ্ৰেছৰ সক্ৰিয় কৰ্মী হিচাপে তেওঁ গয়া আৰু নাগপুৰত…
-
মথনী
মথনী অসমৰ দৰং জিলাত পালিত হোৱা এক লোক উৎসৱ। জিলাখনৰ অন্তৰ্গত ইতিহাস প্ৰসিদ্ধ দেৱানন্দ-সত্ৰত আহিন আৰু কাতি মাহৰ দোমাহীৰ দিনা অৰ্থাৎ কাতি বিহুৰ দিনা এই মথনী উৎসৱ উৎযাপন কৰা হয়। দৰঙী ৰজাসকলৰ ৰাজত্বকালত পূৰ্বৰেপৰা মথনী উৎসৱ উলহ-মালহেৰে দেৱানন্দ-সত্ৰত পালন কৰি অহা বুলি অনুমান কৰিব পাৰি।
-
মদন শৰ্মা
মদন শৰ্মা (জন্ম: ১৯৫২) অসমীয়া সাহিত্যৰ এগৰাকী প্ৰতিষ্ঠিত গল্পকাৰ, অনুবাদক, সাহিত্য সমালোচক আৰু অধ্যাপক। তেওঁ আজিৰ কবিতা নামৰ আলোচনীৰ সম্পাদক আৰু বিশ্বকোষ (পঞ্চম খণ্ড)ৰো সম্পাদক আছিল। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সছ বিভাগৰ মুৰব্বী তথা ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মদাহি জনগোষ্ঠী
মদাহি অসমৰ এটা জনগোষ্ঠী। মদাহি জনগোষ্ঠীৰ ইতিহাস, উৎপত্তি আৰু জাতিগত পৰিচয় সম্পৰ্কে বিভিন্ন মতামত পোৱা যায়। ১৯৬১ চনৰ অসমৰ লোকপিয়লৰ নথিত মদাহিক ৰাভা জনগোষ্ঠীৰ অন্তৰ্গত এটা গোট হিচাপে তালিকাভুক্ত কৰা হৈছিল।
-
মধু মল্লিক
মধু মল্লিক ( Madhu Mallik) ভাৰতৰ স্বাধীনতা যুঁজত অসমৰ পৰা কৰা প্ৰথম বিদ্ৰোহৰ নেতা মণিৰাম দেৱানৰ সহযোগী৷ তেওঁক মণিৰাম দেৱান, পিয়লি বৰুৱা আদিক বিদ্ৰোহত সহায় কৰাৰ অপৰাধত আন্দামানৰ চেলুলাৰ জেলত কাৰাবন্দী কৰা হৈছিল৷ মণিৰাম দেৱানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ উৰ্ধতন কৰ্তৃপক্ষক যুৱৰাজ কন্দৰ্পেশ্বৰ সিংহক…
-
মধুপুৰ বহুদূৰ
মধুপুৰ বহুদূৰ চুটিগল্পটোৰ ৰচক হ'ল শীলভদ্ৰ। মধুপুৰৰ স্মৃতি লৈ ৰচনা কৰা আৰু ১৯৯৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা শীলভদ্ৰৰ শ্ৰেষ্ট গল্প সংকলন হ'ল 'মধুপুৰ বহুদূৰ'। এই গল্প সংকলনটোৰে একে নামৰ 'মধুপুৰ বহুদূৰ' গল্পটি যথেষ্ট দীঘলীয়া। গল্পটিত মধুপুৰ আচলতে গল্পকাৰ শীলভদ্ৰৰ জন্মস্থান গৌৰীপুৰ।
-
মধ্যযুগত অসমত হোৱা ভূমিকম্পসমূহ
অসম এখন ভূমিকম্প প্ৰৱণ ৰাজ্য। কেৱল বৰ্তমান সময়তেই নহয়, ১২০০ খ্ৰীষ্টাব্দৰ পৰা ১৮০০ খ্ৰীষ্টাব্দলৈ বা মধ্যযুগৰ সময়ছোৱাটো এই অঞ্চলত কেইবাটাও লেখত ল'বলগীয়া ভূমিকম্প হৈছিল। এই ভূমিকম্পসমূহৰ তথ্য প্ৰাচীনকালত লিখা বুৰঞ্জীসমূহত পাব পাৰি।
-
মনবৰ নাথ
মনবৰ নাথ(Monbor Nath) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সংগ্ৰামী বীৰ৷ তেওঁ অসমৰ ঢেকিয়াজুলি থানাত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত শ্বহীদ হয়৷ তেওঁৰ জন্ম নগাঁও জিলাৰ হাতীচোং মৌজাৰ জামুগুৰিত৷ তেওঁৰ জন্ম হৈছিল ১৯২৪ চনত আৰু মৃত্যূ হৈছিল ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত৷ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰৰ দিনা…
-
মনোজ কুমাৰ দাস
মনোজ কুমাৰ দাস (জন্ম ২১ আগষ্ট ১৯৯০) এগৰাকী ভাৰতীয় সংঙ্গীতজ্ঞ। তেওঁ অসমৰ বৰপেটাৰ ঘোৰামাৰাহাটীৰ নিবাসী এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খোলবাদক। ২০১৮ চনত অসমৰ পৰম্পৰাগত সংগীত খোলবাদ্যত মনোজ কুমাৰ দাসে বাবে সংগীত নাটক একাডেমীৰ ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ লাভ কৰে।
-
ময়ংক চক্ৰৱৰ্তী
ময়ংক চক্ৰৱৰ্তী (জন্ম: ২৮ জুলাই, ২০০৯) অসমৰ গুৱাহাটীৰ এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। ২০২৬ চনৰ মাৰ্চ মাহত তেওঁ অসম আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰথমজন আৰু ভাৰতৰ ৯৪তম দবা গ্ৰেণ্ডমাষ্টাৰ হয়।
-
মলয়া খাউণ্ড
মলয়া খাউণ্ড (Malaya Khaund) এগৰাকী অসমীয়া লিখক।
-
মহম্মদ তৈয়বুল্লা
মহম্মদ তৈয়বুল্লা,অসমৰ দৰঙৰ এজন বিশিষ্ট ব্যক্তি, তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনত অসহযোগৰ প্ৰতি উগ্ৰ দায়বদ্ধতা আছিল আৰু ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে প্ৰতিৰোধৰ বিভিন্ন গুৰুত্বপূৰ্ণ মুহূৰ্তত তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে পৰিচিত।
-
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ অসমৰ নগাঁও জিলাৰ বটদ্ৰৱাত অৱস্থিত এক আধ্যাত্মিক, সাংস্কৃতিক, ঐতিহাসিক আৰু পৰ্যটনকেন্দ্ৰিক প্ৰকল্প। এই ক্ষেত্ৰখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আৰু ঐতিহাসিক বটদ্ৰৱা থানক কেন্দ্ৰ কৰি গঢ়ি তোলা হৈছে।