মনবৰ নাথ(Monbor Nath) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সংগ্ৰামী বীৰ৷ তেওঁ অসমৰ ঢেকিয়াজুলি থানাত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত শ্বহীদ হয়৷ তেওঁৰ জন্ম নগাঁও জিলাৰ হাতীচোং মৌজাৰ জামুগুৰিত৷১ তেওঁৰ জন্ম হৈছিল ১৯২৪ চনত আৰু মৃত্যূ হৈছিল ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত৷২ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰৰ দিনা অসমৰ গহপুৰ ঢেকিয়াজুলি আদি থানাত সংগ্ৰামী জনতাই ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ সংকল্প লৈছিল৷ সেই উদ্দেশ্যে ঢেকিয়াজুলিত বৰগাঁও, মিছামাৰী, নাহৰবাৰী, ঢেকিয়াজুলি আৰু বৰছলা, এই ঠাইসমূহৰ পৰা হাজাৰ হাজাৰ জনতা সমদল কৰি থানা অভিমুখে আগবাঢ়িছিল৷ সমদলক প্ৰতিহত কৰিবলৈ পুলিচে লাঠিচালনা আৰু গুলীচালনা কৰিছিল৷ সেইদিনা ঘটনাস্থলীত মুঠ এঘাৰজন মানুহ শ্বহীদ হৈছিল৷ তাৰ ভিতৰত মনবৰ নাথো আছিল৷ মৃত্যু পূৰ্বে পুলিচৰ গুলীকো কেৰেপ নকৰি আন এজন সতীৰ্থ গোলোক নেওগৰ লগত আগবঢ়ি গৈ দুয়ো দুখন পতাকা থানাৰ মূধচত উত্তোলন কৰাৰ পিছত গুলীৰ আঘাতত মনবৰ নাথৰ মৃত্যু হয়৷৩ তেওঁ কংগ্ৰেছৰ মৃত্যু বাহিনীৰ সদস্য আছিল৷২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনবৰ নাথ” প্ৰবন্ধৰ সংশোধন ৩৭৭২৬০ (৭ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।