অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মই যেতিয়া ক্লান্ত হওঁ

মই যেতিয়া ক্লান্ত হওঁ (Moi Jetia Klanto Hou) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন প্ৰথম ২০০৭ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়।

হালনাগাদ: ২৩ মে’ ২০২১ ২৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মই যেতিয়া ক্লান্ত হওঁ (Moi Jetia Klanto Hou) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন প্ৰথম ২০০৭ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। গ্ৰন্থখন তেওঁ দাঁতৰ চিকিৎসক ডাঃ ৰুবী কটকীলৈ আগবঢ়াই প্ৰাক-ক্ষণত লিখিছে, "ৰুবী, তুমি কেৱল দাঁতৰে ডাক্তৰ নহয়,মনৰো ডাক্তৰ। তোমাৰ স্নিগ্ধ পৰিশীলিত ব্যক্তিত্ব আৰু স্বভাৱৰ মাধুৰ্যই তোমাৰ চিকিৎসা বিচাৰি যোৱা সকলো মানুহকে নতুন আশা আৰু আনন্দ দি ঘূৰাই পঠায়। তুমি যেন সদায় এনেকুৱা হৈয়েই থাকা, তাকে কামনা কৰিলো।"১

বিৱৰণ

কিতাপখনত ৪৪ টা প্ৰবন্ধ আছে। সেইকেইটা হʼল, মই যেতিয়া ক্লান্ত হওঁ; দ্বৈপায়ন হ্ৰদত দুৰ্যোধন; কাম কৰাৰ আনন্দ-আৰু যন্ত্ৰণা; মনৰ টনিক; ডাৰউইনৰ ডিপ্ৰেছন; সুখৰ বিষয়ে বৈজ্ঞানিক গৱেষণা; কাম কৰাৰ প্ৰেৰণা; ধনী হোৱাৰ অভিশাপ; তেহিনো দিৱসাঃ গতাঃ; যোগেন্দ্ৰনাৰায়ণ ভূঞা; টি ছেখ্ৰিৰ স্মৰণত; অৰুণ টেৰণ; সনন্ত আৰু সমীৰ; মোৰ এজন পছন্দৰ মানুহ-গ্ৰেগ চেপেল; ছাৰা টীজডেইল; 'বেয়া কবিতা'ৰ সপক্ষে; লিটল মেগাজিন; আকৌ মনত পৰিছে লৰ্ড জিমক; সাহিত্যিক পুৰস্কাৰ; বেছি লিখা বেয়া; সাহিত্যিকৰ বৰ্তমান আৰু ভৱিষ্যত; ঈৰ্ষাৰ বিষয়ে; স্বাস্থ্যৱান মানুহ; মূৰৰ বিষ; স্বাস্থ্যৰ নিচা; সকলো মানুহ এদিন নিৰামিষভোজী হ'ব; আমিষ নে নিৰামিষ; কলপৰ বিষয়ে; আলহীৰ কথা; ডিয়েন বিয়েন ফু; পৰেশ বৰুৱাক ক'ত লগ পাম; নগাৰ দৃষ্টিত তেওঁলোকৰ ভৱিষ্যত; নাগালেণ্ডত দুদিন; ৰাজস্থানত কেইদিনমান; ছলাকটকীৰ পৰা গৰুধৰীয়ালৈ; মুক্ত নাৰী; অসমৰ ৰাজনৈতিক নেতাৰ ভাবমূৰ্তি; অসমৰ ৰাজনৈতিক নেতাৰ ভাবমূৰ্তি; মহাফেজখানা; পৰীক্ষাৰ ফলাফল; মাত্ৰ তিনি ঘণ্টা!; মঞ্জু দত্তবৰুৱাৰ চিঠি; দীঘল বক্তৃতা; অৰছন ওৱেলছৰ আশাৰ বাণী; আৰু লাগে ৰহো মুন্নাভাই। ১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ হোমেন বৰগোহাঞি. (ছেপ্তেম্বৰ,২০১৩). মই যেতিয়া ক্লান্ত হওঁ. শ্ৰী অজয় কুমাৰ দত্ত
  2. ↑ Sahitya Akademi Official website
  3. ↑ Desk, Digital. (12 May 2021). Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam. News Live TV

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থপ্ৰবন্ধ গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মই যেতিয়া ক্লান্ত হওঁ” প্ৰবন্ধৰ সংশোধন ২৭৮৪৭৮ (২৩ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।