অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মণিকূট (ই-আলোচনী)

মণিকূট অসমীয়া ভাষাত ইউনিকোডত প্ৰকাশিত এখন মাহেকীয়া মাল্টিমিডিয়া ই-আলোচনী। ২০১৮ চনৰ ১৫ আগষ্টত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ কৰা হয়। প্ৰথম দুবছৰ আলোচনীখন দুমহীয়া আছিল আৰু প্ৰতি দুমাহৰ মূৰত ১৬ তাৰিখে আলোচনীখন প্ৰকাশ পাইছিল।

হালনাগাদ: ৮ মাৰ্চ ২০২৫ ৭৪৩ শব্দ · ৪ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মণিকূট অসমীয়া ভাষাত ইউনিক’ডত প্ৰকাশিত এখন মাহেকীয়া মাল্টিমিডিয়া ই-আলোচনী। ২০১৮ চনৰ ১৫ আগষ্টত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ কৰা হয়।১ প্ৰথম দুবছৰ আলোচনীখন দুমহীয়া আছিল আৰু প্ৰতি দুমাহৰ মূৰত ১৬ তাৰিখে আলোচনীখন প্ৰকাশ পাইছিল। কিন্তু ২০২০ চনৰ আগষ্ট মাহৰপৰা ইয়াক মাহেকীয়া হিচাপে প্ৰকাশ কৰিবলৈ সিদ্ধান্ত লোৱা হয় আৰু সেই হিচাপে ২০২০ চনৰ ১ আগষ্ট তাৰিখে মাহেকীয়া হিচাপে ইয়াৰ ১ম সংখ্যাটো (৩য় বছৰ ১ম সংখ্যা) প্ৰকাশ পায়। ফেচবুকত মণিকূটৰ এখন নিজৰ পৃষ্ঠা আৰু চাৰিটা নিজৰ গোট আছে। এই আলোচনীখনত গল্প, প্ৰবন্ধ, কবিতা, উপন্যাসিকা, ৰস ৰচনা, কুইজ, ৰন্ধাবঢ়া, সাক্ষাৎকাৰ, গান, সংগীত, আবৃত্তি ইত্যাদি নানা বিষয় প্ৰকাশ পায়। ইয়াত প্ৰকাশিত লেখাসমূহ ভাষা, সাহিত্য, সংস্কৃতি, বিজ্ঞান, সমাজবিজ্ঞান, শিক্ষা, চিনেমা, খেল-ধেমালি, ৰাজনীতি, অৰ্থনীতি, বাণিজ্য আদি বিভিন্ন বিষয়বস্তুৰ হ'ব পাৰে।

মণিকূটৰ আৰম্ভণি

২০১৮ চনৰ ৫ মে তাৰিখে এখন ই-আলোচনী প্ৰকাশ কৰাৰ এটা প্ৰস্তাৱ আমি বজেইলা ফেচবুক গোটত উত্থাপিত হয় আৰু ইয়াক প্ৰকাশ কৰাৰ সিদ্ধান্ত লোৱা হয়। প্ৰথমে ইয়াৰ নাম ই-বজেইলা দিয়া হৈছিল যদিও পৰৱৰ্তী কালত ইয়াৰ নাম দিয়া হয় মণিকূট। আলোচনীখন ২০১৮ চনৰ ১৫ আগষ্ট তাৰিখে ৭২তম স্বাধীনতা দিৱসৰ দিনা মুকলি কৰা হয়। সেইদিনা চৰকাৰী কাৰ্য্যসূচীৰ লগতে ৰাতিপুৱা ১০ বজাত মণিকূট উদ্বোধন কৰে বজালী মহকুমাৰ (সম্প্ৰতি জিলা) তদানীন্তন মহকুমাধিপতি পি বিজয় ভাস্কৰ ৰেড্ডীয়ে। প্ৰথম দুবছৰ আলোচনীখন দুমহীয়া আছিল আৰু বছৰৰ মুঠ ছয়টা সংখ্যাৰ প্ৰতিটোৱেই একোটা বিশেষ সংখ্যা ৰূপে প্ৰকাশ পাইছিল। সেই সংখ্যাকেইটা আছিল একাদিক্ৰমে স্বাধীনতা দিৱস সংখ্যা, শাৰদীয় সংখ্যা, নৱবৰ্ষ সংখ্যা, বসন্ত সংখ্যা, ৰঙালী বিহু সংখ্যা আৰু বৰষা সংখ্যা। কিন্তু ২০২০ চনৰ আগষ্ট মাহৰপৰা ই মাহেকীয়া হিচাপে প্ৰকাশ পায়। ২০২০ চনৰ ১ আগষ্ট তাৰিখে মাহেকীয়া হিচাপে ইয়াৰ ১ম সংখ্যাটো (৩য় বছৰ ১ম সংখ্যা) প্ৰকাশ পায়।

ফেচবুকত মণিকূটৰ গোট আৰু পৃষ্ঠা

কাম কৰাৰ সুবিধাৰ্থে মণিকূটে জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত কেইটামান গোট আৰু পৃষ্ঠা মুকলি কৰিছে। এইকেইটা স্বতন্ত্ৰ যদিও সকলোৱে মণিকূটৰ লগত সম্পৰ্ক ৰাখিহে ইয়াৰ কাম-কাজ পৰিচালনা কৰে। গোটসমূহত প্ৰকাশিত উৎকৃষ্ট লেখাসমূহ মণিকূটত প্ৰকাশৰ বাবে বিবেচনা কৰা হয়।

মুখ্য পৃষ্ঠা

মণিকূটখন আৰম্ভ হোৱাৰ প্ৰায় লগেলগেই ২০১৮ চনৰ আগষ্ট মাহত ইয়াৰ Monikut.com ফেচবুক পৃষ্ঠাখন মুকলি কৰা হয়। মণিকূটত ইতিমধ্যে প্ৰকাশিত লেখাসমূহৰ লিংক ইয়াত আপলোড কৰা হয়। লগতে ইয়াত ভৱিষ্যতে প্ৰকাশ হ'বলগীয়া প্ৰবন্ধ-পাতিৰ ঘোষণা বা আন ঘোষণাও পৃষ্ঠাখনত নিয়মিতভাৱে কৰা হয়। ১২০০ জনতকৈও অধিকে বৰ্তমান পৃষ্ঠাখন অনুসৰণ কৰি আছে।

মণিকূট মুকলি মঞ্চ

ই-আলোচনী মণিকূটৰ সহায়ক ৰূপে মণিকূট মুকলি মঞ্চ নামেৰে এটা ফেচবুক গোট ২০১৯ চনৰ মাৰ্চ মাহত আৰম্ভ কৰা হৈছিল। অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু ইয়াৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰাই এই গোটৰ লক্ষ্য আৰু উদ্দেশ্য। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা ডিজিটেল মাধ্যমত আগবঢ়াই নিয়াৰ বাবে এই গোটে আৰম্ভণিৰপৰাই প্ৰচেষ্টা হাতত লৈ আহিছে। ইয়াত এতিয়ালৈ বহুখিনি মৌলিক আৰু অনূদিত কবিতা, গল্প, প্ৰবন্ধ বা আন আলোচনা প্ৰকাশ হোৱাৰ উপৰিও দুই-এখন উপন্যাসিকাও ধাৰাবাহিকভাৱে প্ৰকাশ পাইছে। 'মণিকূট মুকলি মঞ্চৰ বৰ্তমান সদস্য প্ৰায় ১৯০০ জন।

ৰহস্য সাহিত্য

অসমীয়া ৰহস্য সাহিত্যৰ ধাৰাটোক জনপ্ৰিয় কৰাৰ এক অভিলাষী লক্ষ্য আগত লৈ জন্ম দিয়া হৈছিল মণিকূটৰ আন এক ফেচবুক গোট ৰহস্য সাহিত্য। ২০১৯ চনৰ জুলাই মাহত আৰম্ভ হোৱা এই গোটটো বৰ্তমানলৈ অসমীয়াত ৰহস্য সাহিত্যৰ একমাত্ৰ ফেচবুক গোট। বহুতো নতুন লিখকৰ ৰহস্য সাহিত্য এই গোটত প্ৰকাশ কৰা হৈছে। এই গোটৰ আন এক উল্লেখযোগ্য অৱদান হৈছে পৃথিৱীৰ বিখ্যাত ৰহস্য সাহিত্যসমূহৰ অসমীয়া অনুবাদ প্ৰকাশ। ইতিমধ্যে কেবাখনো উৎকৃষ্ট ৰচনাৰ অনুবাদ এই গোটত প্ৰকাশ হৈছে আৰু কেইবাখনো ধাৰাবাহিকভাৱে প্ৰকাশ হৈ আছে। ৰহস্য সাহিত্য গোটৰ বৰ্তমান সদস্য প্ৰায় ২৭০০ জন।

প্ৰতিধ্বনি কবিতা মঞ্চ

মণিকূটৰ সহায়ক ৰূপে আৰু অকল কবিতা সম্পৰ্কীয় আলোচনাৰ বাবে প্ৰতিধ্বনি কবিতা মঞ্চ নামেৰে আন এটা গোট আৰম্ভ কৰা হয় ২০২০ চনৰ এপ্ৰিল মাহৰপৰা। মূলতঃ কবিতা আৰু আবৃত্তি সম্পৰ্কীয় সকলো দিশ সামৰি, ন-পুৰণি সকলো কবিৰেই নিজৰ নিজৰ সৃষ্টিসমূহক এখন উপযুক্ত মঞ্চ প্ৰদানৰ উদ্দেশ্যে এই গোটৰ জন্ম। প্ৰতিধ্বনি কবিতা মঞ্চৰ বৰ্তমান সদস্য প্ৰায় ১১০০ জন।

বজালী মুকলি মঞ্চ

নামনি অসমৰ, বিশেষকৈ বজালী অঞ্চলৰ ভাষা, সাহিত্য, সংস্কৃতি আদি সকলো দিশৰ মুকলি আলোচনা তথা এই অঞ্চলৰ সাহিত্য-সংস্কৃতিৰ বাৰেৰহণীয়া সম্ভাৰসমূহৰ যথোপযুক্ত প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখি মণিকূটৰ সহযোগী ৰূপে আন এটা ফেচবুক গোট, বজালী মুকলি মঞ্চৰ আৰম্ভণি কৰা হয় ২০২০ চনৰ জুন মাহত। চালুকীয়া অৱস্থাত থাকিলেও এই গোটে ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বজালী মুকলি মঞ্চৰ বৰ্তমান সদস্য প্ৰায় ৬০০ জন।

মণিকূটৰ লক্ষ্য আৰু উদ্দেশ্য

প্ৰধানকৈ ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰাটোৱেই মণিকূটৰ মূল লক্ষ্য আৰু উদ্দেশ্য। বিভিন্ন সামাজিক সংকটত ছপা মাধ্যমে সকলো সময়তে ভিন ভিন সমস্যাৰ সন্মুখীন হৈ আহিছে। এনে অৱস্থাতো যাতে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা অব্যাহত থাকে সেইটো নিশ্চিত কৰিবলৈ প্ৰচেষ্টা চলোৱাই মণিকূটৰ উদ্দেশ্য।

মণিকূটৰ বিভিন্ন শিতানসমূহ

মণিকূটৰ বিভিন্ন শিতানসমূহ হ'ল:২

  • মুখ্যপৃষ্ঠা
  • সম্পাদকীয়
  • কাব্যশিল্প
  • গল্পগুচ্ছ
  • অণুগল্প
  • উপন্যাসিকা
  • প্ৰৱন্ধ বিতান
  • অণুলেখা
  • গ্ৰন্থ পৰিচয়
  • শব্দকোষ
  • বিজ্ঞানপ্ৰভা
  • অসমৰ উদ্ভিদ পৰিচয়
  • সাংস্কৃতিকী
  • কিশোৰ জগত
  • দেওবৰীয়া চ'ৰা
  • কুইজ

মণিকূটৰ পৰিচালনা সমিতি

উপদেষ্টাঃ জয়ন্ত কুমাৰ শৰ্মা

সম্পাদকঃ মৃণাল কুমাৰ মিশ্ৰ

সহযোগী সম্পাদকঃ গৌতম চৌধুৰী অচিন্ত শংকৰ

সহকাৰী সম্পাদকঃ অংশুমালা দেৱী

কাৰিকৰী সচিবঃ ৰিদিপ দেৱ চৌধুৰী প্ৰাণজিৎ বৰুৱা

সহযোগী কাৰিকৰী সচিবঃ হিৰণজিৎ দাস

বিজ্ঞাপন সচিবঃ প্ৰাণজিৎ বৰুৱা

(মণিকূটৰ পৰিচালনা সমিতিৰ সকলো সদস্য অবৈতনিক। )

সহায়কপুঞ্জী

  • বজালীত ৱেব আলোচনী মণিকূট উন্মোচন (বাতৰি), নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট, ২০১৮, গুৱাহাটী
  • মণিকূটৰ গল্প-প্ৰবন্ধ প্ৰতিযোগিতা (বিজ্ঞাপন), প্ৰান্তিক, ১-১৫ অক্টোবৰ, ২০১৮, গুৱাহাটী

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ বজালীত ৱেব আলোচনী মণিকূট উন্মোচন (বাতৰি), নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট, ২০১৮, গুৱাহাটী
  2. ↑ monikut. Monikut.com

সম্পৰ্কিত শ্ৰেণী

অসম সম্পৰ্কীয় ৱেবছাইটঅনলাইন আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণিকূট (ই-আলোচনী)” প্ৰবন্ধৰ সংশোধন ৪৮৮৮৮৭ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।