মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় দৰং জিলা জিলাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান। দৰং জিলা জিলাৰ এই আগশাৰীৰ শিক্ষাপ্ৰতিষ্ঠানখনিৰ লাইখুটা স্থাপিত হৈছিল ১৯০৩ চনৰ আগষ্ট মাহৰ কোনো এক শনিবাৰে। শতবৰ্ষ গৰকি যোৱা অসমৰ এইখন অন্যতম পুৰণি চৰকাৰী বিদ্যালয়ৰ গৌৰৱোজ্বল ইতিহাসে মঙলদৈবাসীৰ লগতে সমগ্ৰ অসমবাসীকে গৌৰৱান্বিত কৰি আহিছে। প্ৰতিষ্ঠাকালত মঙলদৈ হাইস্কুল নামেৰে খ্যাত এইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ ভিতৰত অন্যতম আছিল।১
কৃতিত্ব
মঙলদৈ চহৰৰ মাজমজিয়াস্থিত সদৰ থানাৰ চৌহদত প্ৰতিষ্ঠা হোৱা এই বিদ্যালয়ৰ পৰা পোনপ্ৰথমবাৰৰ বাবে ১৯০৭ চনত এদল ছাত্ৰই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰে ভিতৰত নন্দ ৰাম ডেকাই দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ উপৰি অন্য চাৰিজন পৰীক্ষাৰ্থীয়ে তৃতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হয়। সেই সময়ত বিদ্যালয়খনৰ সৰ্বাংগীন বিকাশত উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা ব্যক্তিসকলৰ ভিতৰত অগ্ৰজ আছিল ৰাধানাথ ফুকন, শৰৎচন্দ্ৰ গোস্বামী আদি।
এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক হেডমাষ্টৰ (প্ৰধান শিক্ষক) আছিল যোগেন্দ্ৰনাথ দে। ১৯১৪ চনত চৰকাৰীকৰণ হোৱা এই বিদ্যালয়খন ১৯৩৩ চনত বৰ্ত্তমানৰ চৌহদলৈ স্থানান্তৰ কৰা হয়।
শতবৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হোৱা এই বিদ্যালয়খনে ১৯৫৪ চনত “সোণালী জয়ন্তী” তথা ১৯৬৫ চনত “হীৰক জয়ন্তী” মহোৎসৱ উদযাপন কৰাৰ উপৰিও ২০০৫ চনত জাকজমকতাৰে শতবাৰ্ষিকী সমাৰোহ পালন কৰে।
কৃতি ছাত্ৰ
- ভূপেন হাজৰিকা
- গোপীনাথ বৰদলৈ
- তপেশ্বৰ শৰ্মা
- অতুল চন্দ্ৰ বৰুৱা
- ভবানন্দ ৰাজখোৱা
- ইব্ৰাহীম আলি
- তফজ্জুল আলি
- ফজলুল কৰিম
কৃতি শিক্ষক
- যোগেন্দ্ৰনাথ দে
- কীৰ্তিনাথ বৰদলৈ
- ৰমনীকান্ত বৰুৱা
- মঃ তৈয়বুল্লা
- কুমুদ চন্দ্ৰ বৰদলৈ
- চন্দ্ৰকান্ত বৰুৱা
- ভবানন্দ ৰাজখোৱা
- বকদুল আলি (প্ৰথম অধ্যক্ষ)
তথ্যসূত্ৰ
- ↑ সোঁৱৰণি মোৰ, শতবাৰ্ষিকী স্মৃতিগ্ৰন্থ ২০০৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ১৫০৬২০ (১১ জুন ২০১৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।