অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

মধ্যযুগত অসমত হোৱা ভূমিকম্পসমূহ

অসম এখন ভূমিকম্প প্ৰৱণ ৰাজ্য। কেৱল বৰ্তমান সময়তেই নহয়, ১২০০ খ্ৰীষ্টাব্দৰ পৰা ১৮০০ খ্ৰীষ্টাব্দলৈ বা মধ্যযুগৰ সময়ছোৱাটো এই অঞ্চলত কেইবাটাও লেখত ল'বলগীয়া ভূমিকম্প হৈছিল। এই ভূমিকম্পসমূহৰ তথ্য প্ৰাচীনকালত লিখা বুৰঞ্জীসমূহত পাব পাৰি।

হালনাগাদ: ৬ এপ্ৰিল ২০২০ ২৯০ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

অসম এখন ভূমিকম্প প্ৰৱণ ৰাজ্য। কেৱল বৰ্তমান সময়তেই নহয়, ১২০০ খ্ৰীষ্টাব্দৰ পৰা ১৮০০ খ্ৰীষ্টাব্দলৈ বা মধ্যযুগৰ সময়ছোৱাটো এই অঞ্চলত কেইবাটাও লেখত ল'বলগীয়া ভূমিকম্প হৈছিল। এই ভূমিকম্পসমূহৰ তথ্য প্ৰাচীনকালত লিখা বুৰঞ্জীসমূহত পাব পাৰি।১

১৫৪৮ খ্ৰীষ্টাব্দৰ গড়গাঁৱৰ ভূমিকম্প

আহোম বুৰঞ্জীৰ মতে ১৫৪৮ খ্ৰীষ্টাব্দৰ গড়গাঁৱত এটা ডাঙৰ ভূমিকম্প হৈছিল যাৰ ফলত মাটিৰ পৰা শিল, বালি অৰু ছাই ওপৰলৈ ওলাই আহিছিল। এই ভূমিকম্পটো চুক্লেংমুং ৰজাৰ দিনত হৈছিল। এই ভূমিকম্পটোৰ তীব্ৰতা সম্ভৱত IX আছিল। এই ভূমিকম্পটোৰ কথা গেইটেও তেওঁৰ বুৰঞ্জীত উল্লেখ কৰিছে।১

১৫৯৬ খ্ৰীষ্টাব্দৰ ভূমিকম্প

১৫৪৮ খ্ৰীষ্টাব্দত গজালত হোৱা ভূমিকম্পৰ ফলত মাটিৰ তলৰ পৰা গৰম পানী, বালি আৰু ছাই ওলাই আহিছিলে। সেই সময়ত ৰজা আছিল চুখাম্ফা বা খোৰা ৰজা। ভূমিকম্পৰ ফলত তেওঁৰ এটা ৰাজপ্ৰসাদ ধ্বংস হৈছিল আৰু কেইজনমান প্ৰহৰীও মৰিছিল। এই ভূমিকম্পটোৰ তীব্ৰতা সম্ভৱত IX আছিল।১

১৬৪২ খ্ৰীষ্টাব্দৰ উজনি অসমৰ ভূমিকম্পসমূহ

গেইটৰ বুৰঞ্জীত উল্লেখ থকা মতে ১৬৪২ খ্ৰীষ্টাব্দৰ প্ৰবল বানপানীৰ মাজতে কেইবাটাও ভূমিকম্প হৈছিল। এই ভূমিকম্পসমূহৰ তীব্ৰতা সম্ভৱত III আছিল।১

১৬৪৯ খ্ৰীষ্টাব্দৰ উজনি অসমৰ ভূমিকম্পসমূহ

সাতসৰী বুৰঞ্জীৰ মতে ১৫৭১ শকৰ ব'হাগ মাহৰ এটা দিনত তিনিটা ভূমিকম্প হৈছিল। এইকেইটা মৃদু ভূমিকম্প আছিল; তীব্ৰতা সম্ভৱত III তকৈ বেছি নাছিল।১

১৬৬৩ খ্ৰীষ্টাব্দৰ কাজলীৰ ভূমিকম্প

১৬৬৩ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত কাজলীত প্ৰায় আধা ঘণ্টাৰ বাবে ভূমিকম্প অনুভূত হৈছিল। এই কথা ছিহাবুদ্দিন তালিছে ফাতেহা ই তালিছত উল্লেখ কৰিছিল। গেইটেও তেওঁৰ বুৰঞ্জীত এই ভূমিকম্পটোৰ কথা উল্লেখ কৰিছে। এই ভূমিকম্পটোৰ তীব্ৰতা সম্ভৱত V আছিল।১

১৬৯৭ খ্ৰীষ্টাব্দৰ শদিয়াৰ ভূমিকম্প

১৬৯৭ খ্ৰীষ্টাব্দত শদিয়াত সম্ভৱ ফেব্ৰুৱাৰী মাহৰ পৰা আগষ্ট মাহলৈকে ডাঙৰ ভূমিকম্প হৈছিল। এই কথা তুংখুঙীয়া বুৰঞ্জীত উল্লেখ কৰিছে। সেই সময়ত ৰজা আছিল ৰূদ্ৰসিংহ। এই ভূমিকম্পটোৰ তীব্ৰতা সম্ভৱত X তকৈও বেছি আছিল।১

১৭১৪ খ্ৰীষ্টাব্দৰ ভূমিকম্প

১৭১৪ খ্ৰীষ্টাব্দত কেইবাটাও ভূমিকম্প হৈছিল। তুংখুঙীয়া বুৰঞ্জীত উল্লেখ থকা মতে ৰাতি কিবা ৰহস্যজনক কাৰণত দুখ্নকৈ প্ৰৱেশদ্বাৰ আৰু তিংখাং আৰু চৰাইদেউ পাহাৰৰ মন্দিৰৰ গম্বুজ ভাঙি গৈছিল। গেইটে তেওঁৰ বুৰঞ্জীত উল্লেখ কৰা মতে ১৭১৪ খ্ৰীষ্টাব্দত হোৱা ভূমিকম্পবোৰে বহুতো মন্দিৰ ভাঙিছিল। ভালকৈ বনোৱা অট্টালিকাসমূহত ফাঁট মেলালৈ চাই ভূমিকম্পবোৰৰ তীব্ৰতা সম্ভৱত IV আছিল।১

১৭৫৯ খ্ৰীষ্টাব্দৰ ৰংপুৰৰ ভূমিকম্প

১৭৫৯ খ্ৰীষ্টাব্দত ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত এটা ভূমিকম্প হৈছিল বুলি জনা যায়। এই ভূমিকম্পটোত হোৱা ক্ষয়ক্ষতি সম্পৰ্কে একো জানিব পৰা নাযায়।১

তথ্যসূত্ৰ

  1. ↑ Iyenger, RN; Sharma, D & Siddiqui, JM (1999), Earthquake History of India in Medieval Times, Indian Journal of History of Science, 34(3)

সম্পৰ্কিত শ্ৰেণী

ভূমিকম্পপুৰণি আৰু মধ্যযুগীয় অসম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মধ্যযুগত অসমত হোৱা ভূমিকম্পসমূহ” প্ৰবন্ধৰ সংশোধন ২১৮৬৬৪ (৬ এপ্ৰিল ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।