অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
মূৰা দেৱালয়
মূৰা দেৱালয় হৈছে অবিভক্ত দৰং জিলাৰ আৰু বৰ্তমানৰ ওদালগুৰি জিলাৰ এখন অতি প্ৰাচীন আৰু শক্তিশালী পীঠস্থান। স্থানীয় লোকসকলৰ মাজত ই দ্বিতীয় কামাখ্যা ৰূপেও জনাজাত। এইখন মূলতঃ দেৱীপীঠ যদিও ইয়াত গণেশ, শিৱ, পাৰ্বতী, বিষ্ণু, কামাখ্যা, দুৰ্গা, লক্ষ্মী, সৰস্বতী, কালী আদি বহু দেৱ-দেৱীৰ থানো আছে।
-
মূৰ্কংচেলেক
মূৰ্কংচেলেক (ইংৰাজী: Murkongselek) অসমৰ ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত এখন গাঁও। ই অসমৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত আৰু অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলাৰ সদৰ পাছিঘাটৰ ওচৰত অৱস্থিত। মূৰ্কংচেলেক অঞ্চলটো অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।
-
মৃণালমাহী
মৃণালমাহী হ'ল সত্যপ্ৰসাদ বৰুৱাৰ এখন উল্লেখযোগ্য সামাজিক মনস্তাত্ত্বিক নাটক। এই নাটকখন প্ৰকাশ হৈছিল ১৯৭৭ চনত।
-
মৃতকক দিয়া
মৃতকক দিয়া প্ৰথা হৈছে ঠেঙ্গাল কছাৰী সমাজত পৰিয়ালবৰ্গৰ মঙ্গলাৰ্থে পালন কৰা এক পুৰণি প্ৰথা। বিহু সংক্ৰান্তিত, খেতি বাতিৰ আৰম্ভণিত আৰু সামৰণিত, বেমাৰ আজাৰ,অপায়-অমংগল ইত্যাদি হলে মৃতকক দিয়াৰ নিয়ম পালন কৰা হয়। ঠেঙ্গাল কছাৰীসকলে প্ৰত্যেক বিহুত মৃতকক স্মৰণ কৰি পৰিয়ালটিৰ মঙ্গল কামনা কৰি মৃতকক দিয়ে।
-
মৃদু মৌচম বৰা
মৃদু মৌচম বৰা (জন্ম: ১ জুলাই, ১৯৮০) অসমৰ সংস্কৃতি সংৰক্ষণকাৰী, পাণ্ডুলিপি চিত্ৰশিল্পী, নাট্য আহাৰ্য বিশেষজ্ঞ, শিক্ষক আৰু গবেষক। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ নামত গঠিত “Society for Srimanta Sankaradeva” অনুষ্ঠানৰ সাধাৰণ সম্পাদক আৰু পৰম্পৰাগত শিল্পসংস্কৃতিৰ সংস্থাপনাৰ লক্ষ্যৰে প্ৰতিষ্ঠিত “CIHNA: The Ethos…
-
মৃদুল শৰ্মা
মৃদুল শৰ্মা একাধাৰে ঔপন্যাসিক, সমালোচক, নাট্যকাৰ আৰু অধ্যাপক৷ অসমৰ পৰা প্ৰকাশিত ই-আলোচনী ‘অন্যযুগ’ৰ সম্পাদক৷ বৰ্তমান তেওঁ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ কলেজত সহযোগী অধ্যাপক ৰূপে কৰ্মৰত৷
-
মেথোন ওজা
মেথোন ওজা জন্ম নাম মেথোন কোঁৱৰ, গোলাঘাটৰ সৰুপথাৰৰ গন্ধকৰৈ গাঁৱৰ বালিজানৰ এগৰাকী লোকশিল্পী আছিল। তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামীও আছিল।
-
মেৰ বিল
মেৰ বিল (Mer Beel) হʼল অসমৰ নগাঁও জিলাত অৱস্থিত এখন বিল বা হ্ৰদ। মেৰ বিলৰ মুঠ মাটি-কালি ২৫ হেক্টৰ।
-
মোলাই কাঠনি
মোলাই কাঠনি ভাৰতৰ অসমৰ কোকিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিত মাজুলী জিলাৰ অন্তৰ্গত এখন অৰণ্য। এই অৰণ্য ভাৰতীয় পৰিৱেশ কৰ্মী আৰু বনকৰ্মী যাদৱ পায়েঙে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি অৰণ্যলৈ ৰূপান্তৰ কৰিছিল।
-
মোহন দাস
মোহন দাস অসমৰ এজন ৰাজনীতিবিদ আছিল। তেঁও পাটাচাৰকুচি বিধানসভা সমষ্টিৰ বিধায়ক আছিল।
-
মোহন সোণোৱাল
মোহন সোণোৱাল (জন্ম-১৯৫১) টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু সাহিত্যিক।
-
মোৰ ঘোঁৰাৰ দুৰন্ত গতি
মোৰ ঘোঁৰাৰ দুৰন্ত গতি (The Horse from Heaven) ১৫ মিনিটৰ এখন অসমীয়া চুটি ছবি। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য মহৰ্ষি তুহিন কাশ্যপৰ। ছবিখন বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় ছবিৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ চুটি ছবি হিচাপে বিবেচিত হয়। ইয়াৰ পিছতেই ই অস্কাৰলৈ যোগ্যতা অৰ্জন কৰে।
-
মোৰ জীৱন সোঁৱৰণ
মোৰ জীৱন সোঁৱৰণ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী৷ “অসমীয়া সাহিত্যৰ প্ৰত্যেক কোঠালিতে প্ৰতিভাৰ বন্তি জ্বলাওঁতা, অসমীয়াক জাতীয়তাৰে অনুপ্ৰাণিত কৰোঁতা, অসমীয়া সাহিত্যৰ প্ৰধান ওজা শক্তিমন্ত্ৰ যুঁজাৰু অসমীয়া সহিত্যৰ মেধাস্বৰূপ, প্ৰাণস্বৰূপ এটি যুগৰ বতৰা কওঁতা লক্ষ্মীনাথ বেজবৰুৱাৰ কথা কৈও…
-
মোৰ জীৱনত ঈশ্বৰ
মোৰ জীৱনত ঈশ্বৰ(Mur Jibonot Iswar) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ২৪ টা প্ৰবন্ধ আছে।
-
মোৰ টোকাবহীৰ পৰা
মোৰ টোকাবহীৰ পৰা (Mur Tukabohir Pora) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিয়ে নিজৰ টোকাবহীত লিখি যোৱা বিভিন্ন গদ্য-ৰচনাৰ সংকলন। এই ৰচনাসমূহ প্ৰথমে এখন এখনকৈ নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশ হৈছিল। পিছলৈ সেইসমূহ গোট খুৱাই গ্ৰন্থৰূপ দিয়া হয়।
-
মোৰ দেশ আৰু মোৰ মানুহ
মোৰ দেশ আৰু মোৰ মানুহ হ'ল তিব্বতৰ ধৰ্মীয় আৰু ৰাজনৈতিক মুৰব্বী চতুৰ্দশ দালাই লামা টেনজিং গিয়াত্ ছোৰ আত্মজীৱনী My Land and My People (১৯৬২) গ্ৰন্থৰ অসমীয়া অনুবাদ। গ্ৰন্থখনত এজন দালাই লামাৰ জীৱনৰ এচোৱা কালৰ উপৰি তিব্বতৰ ৰাজনৈতিক আৰু ধৰ্মীয় ইতিহাসৰ বৰ্ণনা আছে।
-
মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প
মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প (Mur Priyo Pasta German Golpo) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন অনুবাদ গল্প-সংকলন। গ্ৰন্থখন প্ৰথম ১৯৯৯ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়।
-
মোৰ বাবে মাথোঁ সোণাৰু ফুল
মোৰ বাবে মাথোঁ সোণাৰু ফুল (Mor Babe Mathu Sonaru Phul) সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত লেখক টেমচুলা আওৰ ইংৰাজী চুটিগল্পৰ সংকলন Laburnum For My Headৰ অসমীয়া অনুবাদ। গ্ৰন্থখন ইংৰাজীৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছে মাধূৰ্য বৰুৱাই।
-
মোৰ যৌৱনৰ ৰামধেনু
মোৰ যৌৱনৰ ৰামধেনু (Mor Joubanar Ramdhenu) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গল্প সংকলন য'ত মাজে মাজে কবিতাও আছে। কিতাপখন প্ৰকাশ কৰিছে বনলতা প্ৰকাশনে।
-
মোৰাৰজী দেশাইৰ বিমান দুৰ্ঘটনা
১৯৭৭ চনৰ ৪ নৱেম্বৰৰ সন্ধিয়া যোৰহাট নগৰৰ পৰা ১৪ কিঃমিঃ পশ্চিমে টেকেলা গাঁৱত ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইক কঢ়িয়াই অনা Tu 124 jet, V 643 পুষ্পক বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।
-
মোৱামাৰী
মোৱামাৰী (Muwamari) নগাঁও জিলাৰ ধিংৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদীৰ কাষত থকা এখন সৰু গাঁও। ইয়াত মুঠ ১৫৬টা পৰিয়ালৰ লোকে বাস কৰে। ২০১১ চনৰ লোকপিয়ল অনুসৰি মোৱামাৰী গাঁৱৰ জনসংখ্যা ৮২৬জন, ইয়াৰ ভিতৰত ৪২৮জন পুৰুষ আৰু ৩৯৮জন মহিলা। মোৱামাৰী গাঁৱৰ ০-৬ বছৰ বয়সৰ শিশু ১৮০জন, মুঠ জনসংখ্যাৰ ২১.৭৯%।
-
মৌচুমী চহৰীয়া
মৌচুমী চহৰীয়া (ইংৰাজী: Mousumi Saharia) এগৰাকী অসমৰ সংগীত জগতৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে বৰ্তমানলৈ বহুকেইটা অসমীয়া জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। ১৯৯০ চনত মাত্ৰ ৫ বছৰ বয়সতে তেখেতৰ "ফাগুনৰ চেঁচাতে" নামৰ এটা এলবাম মুকলি কৰ।
-
মৎস্যগন্ধা (উপন্যাস)
মৎস্যগন্ধা হৈছে হোমেন বৰগোহাঞিৰ এখন উল্লেখযোগ্য উপন্যাস। এই উপন্যাসখনৰ পটভূমি নিৰ্মাণ হৈছে লক্ষীমপুৰ জিলাৰ ঢকুৱাখনা অঞ্চলৰ ম'হঘুলি নৈৰ পাৰৰ ম'হঘুলি আৰু গৰৈমাৰী গাঁৱৰ কৈৱৰ্ত সম্প্ৰদায়ৰ প্ৰতি সমাজৰ তথাকথিত উচ্চ সম্প্ৰদায়ৰ শোষণ-অৱদমন, অস্পৃশ্য জ্ঞান, সামাজিক অৱস্থিতিক উপেক্ষা আদিৰ বিৰুদ্ধে…
-
মৰাণ জনগোষ্ঠীৰ তামোল-পাণৰ ব্যৱহাৰ
অসম এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য | এই ভূখণ্ডত তাহানিৰে পৰা বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বাস কৰি আছে | নানা জাতি- জনগোষ্ঠীৰ সমন্বয়ত বৃহত্তৰ অসমীয়া জাতি গঠন হৈছে | অসমৰ এই বিভিন্ন জনগোষ্ঠীৰ ভিতৰত মৰাণ জনগোষ্ঠীটোও অতি পুৰণি আৰু এটা উল্লেখযোগ্য জনগোষ্ঠী | মৰাণ সমাজত বিয়া-সবাহ,আলহী আপ্যায়ানৰ পৰা দায়- দোষ…
-
মৰাণ ৰাজ্য
ত্ৰয়োদশ শতিকাৰ প্ৰাৰম্ভতে প্ৰাপ্ত (১২২৮ খ্ৰীষ্টাব্দত চ্যুকাফাৰ অসম আগমনৰ সময়ৰ) মৰাণ ৰাজ্য হৈছে অসমৰ ভূমিপুত্ৰ মৰাণসকলৰ প্ৰাচীন ৰাজ্য। চ্যুকাফাই অসমত প্ৰৱেশ কৰাৰ পূৰ্বেই সৌমাৰখণ্ডত মৰাণসকলৰ ৰাজ্য আছিল।
-
মৰিকলং বিল
মৰিকলং বিল (Morikalang Beel) অসমৰ মৰিগাঁও জিলাত অৱস্থিত ইংৰাজী বৰ্ণমালাৰ ইউ-আকৃতি (U-shaped)ৰ এখন বিল বা হ্ৰদ। এই বিলখন ৰাইনা পথাৰ গাঁও আৰু বুঢ়াগাঁওদ্বাৰা পৰিবেষ্টিত হৈ আছে।
-
মৰিগাঁও চিকিৎসা মহাবিদ্যালয়
মৰিগাঁও চিকিৎসা মহাবিদ্যালয় হৈছে অসমৰ মৰিগাঁও জিলাৰ বঘৰাত নিৰ্মাণ হ'বলগীয়া এখন প্ৰস্তাৱিত চৰকাৰী চিকিৎসা মহাবিদ্যালয়।
-
যমুনামুখ
যমুনামুখ ( হৈছে অসমৰ হোজাই জিলাৰ এখন গাঁও। যমুনা নদীৰ পাৰত অৱস্থিত কাৰণে গাঁওখনৰ নাম যমুনামুখ হৈছে। জনসংখ্যা প্ৰধানকৈ মুছলমান যদিও ইয়াত উল্লেখযোগ্য হিন্দু সম্প্ৰদায়ো আছে। যমুনামুখত মছজিদ, মন্দিৰ, আদিকে ধৰি কেইবাটাও পূজাস্থলী আছে।
-
য়ামিন হাজৰিকা
য়ামিন হাজৰিকা (Yamin Hazarika, ১৯৫৬ - ২৫ জুলাই ১৯৯৯) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আছিল। তেওঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা আইপিএছ বিষয়া। তেওঁক ১৯৭৯ চনত তেওঁ দিল্লী আন্দামান নিকোবৰ দ্বীপপুঞ্জ কেডাৰৰ আৰক্ষী সেৱাৰ বিষয়া হিচাপে নিযুক্ত হৈছিল।
-
যুগাগ্ৰগামীৰ দস্তাবেজ (গ্ৰন্থ)
যুগাগ্ৰগামীৰ দস্তাবেজ (Jugagrogamir Dostabez) মৰিয়নি মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° ভূপেন্দ্ৰ নাথ গোস্বামীৰ দৈনিক জনমভূমি, নতুন পদাতিক আদি কাকত, আলোচনীত ভিন ভিন সময়ত প্ৰকাশিত কুৰিটা প্ৰবন্ধৰ একত্ৰ সঙ্কলন।