মইনাপৰীয়া নামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পূবত অৱস্থিত। ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)ৰ পৰা প্ৰায় ২ কিঃমিঃ দূৰৰ মইনাপৰীয়া গাঁৱত অৱস্থিত।১ ভক্তিধৰ্মৰ প্ৰচাৰ, প্ৰসাৰ আৰু চৰ্চাৰ কাৰণে মহাপুৰুষ শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ সৃষ্টি কৰা সত্ৰ-নামঘৰে পৰৱৰ্তী সময়ত ব্যাপক প্ৰসাৰতা লাভ কৰি অসমৰ চুকে-কোণে প্ৰতিষ্ঠা হোৱা নামঘৰসমূহৰ ভিতৰত মইনাপৰীয়া নামঘৰ অন্যতম।
ইতিহাস
মইনাপৰীয়া এখনি পুৰণি গাঁও। গাঁওখনৰ পূ্ৰ্বপুৰুষসকল আগতে লখিমপুৰ অঞ্চলত বসবাস কৰিছিল।২ ১৫৬২-৬৩ চনত কোঁচ ৰজা নৰনাৰায়ণে আহোম ৰাজ্যৰ বিৰুদ্ধে চলোৱা অভিযানত সেই সময়ৰ আহোম ৰাজ্যৰ স্বৰ্গদেউ চুখাম্ফা বা খোৰাৰজা কোচ ৰজাৰ হাতত পৰাস্ত হৈ সন্ধি কৰিবলৈ বাধ্য হৈছিল। এই সন্ধিৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমগ্ৰ উত্তৰ পাৰ কোঁচ সকলৰ অধীন হৈছিল। নৰনাৰায়ণৰ অভিযানৰ সামৰণিৰ পিছত উভতি যোৱা পিছত কিছুসংখ্যক সৈন্য বাহিনীৰ লোক থাকি গৈছিল। প্ৰবাদ অনুসৰি সেইসকলৰ কিছুমানে লখিমপুৰৰ নাৰায়ণপুৰত থকা মইন নামে এখন সৰু নৈৰ পাৰত ভূঞা সকলৰ সৈতে সমাজ পাতি বাস কৰিছিল। সেই ঠাইত কিছুকাল থকাৰ পিছত বিভিন্ন কাৰণত আনুমানিক সপ্তদশ শতিকাৰ শেষৰ ফালে মৰাচাল, বৰকোঁচ, নেওগ, ভলুকাগুৰিয়া আৰু কমাৰ নামে পাঁচটি পৰিয়াল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ গুচি আহে।২ তেওঁলোকে বৰ্তমানৰ গাওঁখনৰ পৰা ৫ কিলোমিটাৰ নিলগৰ উত্তৰ দিশত থকা ফেহুমুকলি নামে ঠাইত থাকিবলৈ লৈছিল। পিছলৈ তেওঁলোক বৰ্তমান ঠাইলৈ আহে। ক্ৰমান্বয়ে এই পাঁচোটি পৰিয়ালৰ সৰু গাওঁখনিলৈ ঘৰগিৰি, ৰাগীয়া, বাৰিক আৰু ন-বৰা নামে চাৰিটি পৰিয়ালৰ আগমন ঘটে।২
নামৰ উৎপত্তি
লখিমপুৰৰ মইন নৈৰ পাৰৰ পৰা উঠি অহাৰ কাৰণে কাষৰীয়া গাওঁসমূহৰ বাসিন্দাসকলে পৰিয়াল কেইটাক মইনপৰীয়া বুলি সম্বোধন কৰিছিল। পিছলৈ মইনপৰীয়া নামৰ পৰিৱৰ্তন ঘটি গাওঁখনৰ নাম মইনাপৰীয়া হয়।
নামঘৰ
মইনাপৰীয়া গাঁৱৰ একমাত্ৰ নামঘৰটি প্ৰায় ৩০০ বছৰ পুৰণি।১ ইয়াৰ প্ৰধান বিশেষত্ব হৈছে ভগৱানৰ দশ অৱতাৰৰ এক অৱতাৰ নৃসিংহ প্ৰভুৰ মূৰ্তি আৰু নৃসিংহ যাত্ৰা ভাওনা। গাওঁবাসীয়ে দীক্ষা লৈ অহা শ্ৰী শ্ৰী পটিয়ৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰী শ্ৰী লোকনাথ গোস্বামীদেৱক এবাৰ সপোনত নৃসিংহ প্ৰভুৱে মইনাপৰীয়া নামঘৰত স্থায়ীভাৱে থকাৰ ইচ্ছা প্ৰকাশ নিৰ্দেশনা দিছিল। সেই অনুসৰি নামঘৰটিত নৃসিংহ প্ৰভুৰ মূৰ্তি স্থাপন কৰা হয়। ১৯২৩ চনৰ পৰা প্ৰতি বছৰে গাওঁবাসীয়ে ভাদৰ সংক্ৰান্তিত নৃসিংহ যাত্ৰা ভাওনা অনুষ্ঠিত কৰি আহিছে।৩
নামঘৰৰ কাৰ্যসূচী
নামঘৰ নিয়মীয়াকৈ নাম-কীৰ্ত্তন, পাঠ-প্ৰসংগ আদি অনুষ্ঠিত কৰা হয়। সেইদৰে মহাপুৰুষ দুজনৰ অভিৰ্ভাৱ আৰু তিৰোভাৱ তিথি,৪ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়। ইয়াত পবিত্ৰ ভাদ মাহত মাহযোৰা নাম-প্ৰসংগৰ লগতে প্ৰতি মাহৰ সংক্ৰান্তি, শুক্লা একাদশী, কৃষ্ণা একাদশী, পূৰ্ণিমা, প্ৰতি দেওবাৰ, প্ৰতি বৃহস্পতি বাৰ আৰু প্ৰতি অসমীয়া মাহৰ ১৫ তাৰিখে নাম প্ৰসংগ অনুষ্ঠিত হয়। প্ৰতি বছৰৰ জেঠ মাহত গাঁৱৰ আইসকলে নামঘৰত নাম-প্ৰসঙ্গ আৰম্ভ কৰে। নামৰ অন্তত বাৰ্ষিক সবাহ পাতি সামৰণি মৰা হয়। ইয়াৰ উপৰি চ’ত মাহৰ দ্বিতীয় দেওবাৰে বাৰ্ষিক বৰসবাহ পতা হয়। নামঘৰলৈ যাওঁতে অসমীয়া সাঁজত যোৱা নিয়ম।
এই নামঘৰ পৰিচালনাৰ বাবে এখন পৰিচালনা সমিতি আছে।
অৱস্থান আৰু পৰিবহণ
মইনাপৰীয়া নামঘৰৰ অৱস্থান হৈছে বিমানপথ মইনাপৰীয়া নামঘৰৰ নিকটৱৰ্তী বিমানবন্দৰ হৈছে: যোৰহাট বিমানবন্দৰ। দূৰত্ব প্ৰায় ২৫ কিঃমিঃ।১
ৰে'লপথ ঢেকীয়াখোৱা বৰ নামঘৰৰ নিকটৱৰ্তী ৰে'ল ষ্টেচন হৈছে যোৰহাট ৰে'ল ষ্টেছন। ই প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
স্থলপথ অসমৰ প্ৰায় সকলো ঠাইৰ লগতে যোৰহাট জিলালৈ অহা-যোৱা কৰাৰ সু-ব্যৱস্থা আছে। মইনাপৰীয়া গাৱঁৰ ওচৰতে থকা যোৰহাট মহানগৰৰ পৰা পূৱ দিশে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় ১৪ কিলোমিটাৰ আহিলে লাহদৈগড় চাৰিআলি পায়। লাহদৈগড় চাৰিআলিৰ পৰা মাত্ৰ ২ কিলোমিটাৰ দূৰত্বত অৱস্থিত।১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Moinaporiya Namghor. www.assaminfo.com
- ↑ চমু ইতিহাস. moinaporianamghar.org
- ↑ নামঘৰ. moinaporianamghar.org
- ↑ মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথিত সেৱা ললে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসে. enews24ghanta.blogspot.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মইনাপৰীয়া নামঘৰ” প্ৰবন্ধৰ সংশোধন ৪১৪৮৩১ (২৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।