অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মই আৰু নেফা

মই আৰু নেফা (Moi Aru Nefa) হৈছে অসমৰ এগৰাকী শিক্ষাবিদ ইন্দিৰা মিৰিৰ আত্মজীৱনী। ২০০৩ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা এই আত্মজীৱনীখন ২০২২ চনত প্ৰকাশন গোষ্ঠী অসম বুক ট্ৰাষ্টে নতুন ৰূপত প্ৰকাশ কৰে।

হালনাগাদ: ১৪ জানুৱাৰী ২০২৫ ২৬০ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

মই আৰু নেফা (Moi Aru Nefa) হৈছে অসমৰ এগৰাকী শিক্ষাবিদ ইন্দিৰা মিৰিৰ আত্মজীৱনী। ২০০৩ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা এই আত্মজীৱনীখন ২০২২ চনত প্ৰকাশন গোষ্ঠী অসম বুক ট্ৰাষ্টে নতুন ৰূপত প্ৰকাশ কৰে। আত্মজীৱনীখনত ইন্দিৰা মিৰিৰ জীৱন, শৈশৱ, শিক্ষাৰ পৰা আৰম্ভ কৰি কুৰি শতিকাৰ '৫০-'৬০ ৰ দশকত অবিভক্ত অৰুণাচল প্ৰদেশত স্থাপন কৰা শিক্ষাকেন্দ্ৰ আৰু তেখেতৰ নেতৃত্বত সেই দুৰ্গম অঞ্চলত আৰম্ভ হোৱা পৰ্যায়ক্ৰমিক শিক্ষা বিস্তাৰৰ বিস্তৃত বিৱৰণ সন্নিৱিষ্ট হৈছে।

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: ইন্দিৰা মিৰি

ইন্দিৰা মিৰি আছিল অসমৰ এগৰাকী শিক্ষাবিদ, বিদূষী মহিলা, এ'ডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লভা। তেখেতে কৰ্মজীৱনৰ আৰম্ভণিতে মেৰীয়া মণ্টেছৰীৰ পৰা প্ৰত্যক্ষভাৱে দীক্ষা পাইছিল। সৰুকালত তেখেতৰ নাম মেৰেং আছিল বুলি অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ মেৰেং উপন্যাসত লিখিছে। মেৰেং ইন্দিৰা মিৰিৰ জীৱনভিত্তিক উপন্যাস। শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে ভাৰত চৰকাৰে ১৯৭৭ চনত ইন্দিৰা মিৰিক পদ্মশ্ৰী বঁটা প্ৰদান কৰে। ১৯৮৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে মিৰিক সন্মানীয় ডি লিট উপাধি প্ৰদান কৰিছিল ৷

আলোচিত বিষয়

আত্মজীৱনীখনত ভাৰতৰ স্বৰাজোত্তৰ শিক্ষা ব্যৱস্থা, পাহাৰ-ভৈয়ামৰ মানুহৰ সম্পৰ্ক, সাংস্কৃতিক বৈচিত্ৰ্যক তুলি ধৰা হৈছে৷ নেফা (North East Frontier Agency, এতিয়াৰ অৰুণাচল প্ৰদেশ)ৰ শিক্ষা বিভাগৰ মুৰব্বী হিচাপে ইন্দিৰা মিৰিয়ে ১৯৪৭ চনত শদিয়ালৈ যাত্ৰা কৰিছিল৷ ডাঙৰটি সন্তানক লগত ৰাখি সৰু সন্তানকেইটাক আত্মীয়ৰ হাতত গতাই নেফাৰ দুৰ্গম পাহাৰীয়া ঠাইত স্কুল স্থাপনৰ নেতৃত্ব দিছিল৷ তেতিয়া নেফা আছিল বন-জংঘলৰে আগুৰা৷ ইন্দিৰা মিৰিয়ে হাতীৰ পিঠিত উঠি, ঘোঁৰাৰ পিঠিত নেফাত শিক্ষাৰ বিস্তাৰৰ হকে কাম কৰিছিল৷ ১৯৫৭ চনত ইন্দিৰা মিৰিয়ে নেফাৰ চাকৰি ত্যাগ কৰি যোৰহাট স্নাতকোত্তৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে যোগদান কৰে৷ ১৯৬৮ চনত চৰকাৰী চাকৰি জীৱনৰ পৰা তেখেতে অৱসৰ লয়৷ ১

গ্ৰন্থখনত থকা অধ্যায়কেইটা হ'ল-

  1. জন্মলগ্নৰ পৰা বিবাহ লগ্নলৈকে
  2. কাজিৰঙা 'সপোন নে দিঠক'
  3. আহমেদাবাদৰ মণ্টেশ্বৰী আৰু বিলাতৰ এডিনবৰা ইউনিভাৰ্চিটিৰ শিক্ষাৰ বিৱৰণ
  4. মই আৰু নেফা
  5. নেফাৰ বিচিত্ৰ অভিজ্ঞতা
  6. নেফা এৰি অহাৰ পিছত

তথ্যসূত্ৰ

  1. ↑ মিৰি, ইন্দিৰা. (২০২২). মই আৰু নেফা. অসম বুক ট্ৰাষ্ট. ISBN ৯৭৮-৯৩-৯১৪০৩-৫৪-৬

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থআত্মজীৱনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মই আৰু নেফা” প্ৰবন্ধৰ সংশোধন ৪৬৩৮৭২ (১৪ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।