অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভীমকান্ত কোঁৱৰ

ভীমকান্ত কোঁৱৰ (ইংৰাজী: Bhimkanta Konwar, ১৯৪০-২০২২) অসমৰ এজন শিক্ষাবিদ, সমাজ সংগঠক আৰু গান্ধীবাদী নেতা। তেওঁ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ আছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কোঁৱৰে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ…

হালনাগাদ: ১ জুন ২০২৬ ৩২১ শব্দ · ২ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

ভীমকান্ত কোঁৱৰ (ইংৰাজী: Bhimkanta Konwar, ১৯৪০-২০২২) অসমৰ এজন শিক্ষাবিদ, সমাজ সংগঠক আৰু গান্ধীবাদী নেতা। তেওঁ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ আছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কোঁৱৰে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিষয়ৰ অধ্যাপক হিচাপে যোগ দি পাছলৈ বিভাগীয় মূৰব্বী হোৱাৰ লগতে উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে৷ শংকৰী কলা-কৃষ্টিৰ একনিষ্ঠ সেৱক ভীমকান্ত কোঁৱৰ “ডেৰশ বছৰীয়া ডিব্ৰুগড়” শীৰ্ষক তথ্যসমৃদ্ধ নিৱন্ধৰ ৰচক৷ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱৰ “গীত-পুথি-নামঘোষা” আৰু নিত্যানন্দদেৱৰ “ভক্তিমঙ্গল নামঘোষা”ৰ সম্পাদনাতো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে৷ এগৰাকী দক্ষ সংগঠক হিচাপে খ্যাত কোঁৱৰ অসম সাহিত্য সভাৰ ৬৬ তম ডিব্ৰুগড় অধিৱেশনৰ আদৰণী সমিতিৰ যুটীয়া সম্পাদক আছিল৷ অসম সত্ৰ মহাসভা, সৰ্বোদয় সংঘ, সদৌ অসম মইনা পাৰিজাত আদিৰ সৈতেও তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল৷ সদৌ অসম মইনা পাৰিজাতে তেখেতক ‘শিশুবন্ধু’ উপাধি প্ৰদান কৰিছিল৷১

জন্ম

১৯৪০ চনৰ ২২ ডিচেম্বৰত শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ নকটানি চিৰিপুৰীয়া গাঁৱত ভীমকান্ত কোঁৱৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল মালিৰাম কোঁৱৰ (১৯১০-১৯৬৮) আৰু মাতৃৰ নাম লুদুৰী কোঁৱৰ৷ তেওঁৰ পত্নীৰ নাম ভানু কোঁৱৰ। ২০২২ চনৰ ২৭ ডিচেম্বৰত ডিব্ৰুগড়ত তেওঁৰ মৃত্যু হয়।২

শিক্ষা জীৱন

ভীমকান্ত কোঁৱৰৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল নকটানি প্ৰাথমিক বিদ্যালয়ৰ পৰা। তাৰ পিছত তেওঁ কৈজান গাঁও মাধ্যমিক বিদ্যালয়, নকটানি মধ্য ইংৰাজী বিদ্যালয়ত, গৌৰীসাগৰ ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউটত শিক্ষা গ্ৰহণ কৰিছিল। ১৯৫৬ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু ১৯৬০ চনত শিৱসাগৰ কলেজৰ পৰা অনাৰ্চসহ স্নাতক ডিগ্ৰী আৰু ১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

কৰ্ম জীৱন

শিক্ষা জীৱন সমাপ্ত কৰাৰ পিছত ভীমকান্ত কোঁৱৰে কোঁৱৰপুৰ হাইস্কুলত শিক্ষকতা কৰিছিল। ১৯৬০ চনৰ আগষ্ট মাহ পৰ্যন্ত তেওঁ সংস্কৃত আৰু অসমীয়া বিষয়ৰ পাঠদান কৰিছিল৷ ১৯৬৪ চনৰ ২৬ আগষ্টৰ পৰা ২০০০ চনৰ ফেব্ৰুৱাৰী মাহৰ ২৯ তাৰিখ পৰ্যন্ত ডিব্ৰুগড়স্থিত হনুমানবক্স সুৰজমল কানৈ কলেজত অধ্যাপনা কৰিছিল৷ পৰৱতী সময়ত বিভাগীয় মুৰব্বী অধ্যাপক হোৱাৰ লগতে উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল৷ ইয়াৰ মাজতে তেওঁ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়তো পাঠদান কৰিছিল আৰু ডিব্ৰুগড়ৰ চন্দ্ৰকান্ত হাজৰিকা বি.এড. কলেজত খোলা অসমীয়া বিষয়ৰ স্নাতকোত্তৰ শ্ৰেণীত অধ্যাপনা কৰাৰ লগতে বিভাগটো পৰিচালনাও কৰিছিল৷

বঁটা বা উপাধি

  • ‘শিশুবন্ধু’ ২০১৫: সদৌ অসম মইনা পাৰিজাতে শিশুৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশত আগবঢ়োৱা অৱদানৰ বাবে দুলীয়াজানত অনুষ্ঠিত পঞ্চদশ দ্বি-বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহত প্ৰদান কৰে৷
  • মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ সমন্বয় বঁটা, ২০০৬

তথ্যসূত্ৰ

  1. ↑ সুমন দত্ত. (2023). ভীমকান্ত কোঁৱৰ ৰচনাৱলী. ভানু কোঁৱৰ
  2. ↑ (২৭ ডিচেম্বৰ ২০২২). শিক্ষাবিদ ভীমকান্ত কোঁৱৰৰ পৰলোক: নগেন শইকীয়াৰ শোক প্ৰকাশ. নিয়মীয়া বাৰ্তা

সম্পৰ্কিত শ্ৰেণী

অসমীয়া শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভীমকান্ত কোঁৱৰ” প্ৰবন্ধৰ সংশোধন ৬১০৮০৯ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।