ভগা জখলাত খোজ (Bhoga Jakhalat Khoj) নামৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ লেখক আবু চুফিয়ান৷ মুঠ ৪১৬ পৃষ্ঠাৰ গ্ৰন্থখনৰ প্ৰকাশক নিজৰা হাজৰিকা আৰু প্ৰকাশন প্ৰতিষ্ঠান স্পন্দন প্ৰকাশ৷ প্ৰকাশ কাল ২০২১ চন৷ গ্ৰন্থখনত লেখকে তেওঁৰ জীৱনৰ ঘাত-প্ৰতিঘাতৰ কথা ৰোমন্থন কৰি আনুষংগিক পৰিৱেশৰ উপস্থাপনৰ দ্বাৰা জীৱনৰ কথা বৰ্ণনা কৰিছে৷
বিৱৰণ
সৰু বৰ মুঠ এশ ছয়টা খণ্ডত লেখকে নিজৰ দাৰিদ্ৰ্যৰে ভৰা সংঘাতময় শৈশৱৰ পৰা আৰম্ভ কৰি, নানা বিপৰ্যয়কো নেওচি উচ্চ শিক্ষা লোৱাৰ কথা আৰু তাৰপাছত আৰক্ষী বিষয়াৰ পদ লাভ কৰি চাকৰি জীৱনৰ আগডোখৰ কাল কিদৰে ৰাজনৈতিক অস্থিৰতাৰ সময়তো সাহস আৰু ধৈৰ্য্যৰে নিজৰ দায়িত্ব পালন কৰিছিল তাৰ পুংখানুপুংখ বিৱৰণ লিখিছে৷ অৱশ্যে দিনলিপিৰ পৰিৱৰ্তে কেৱল স্মৃতি ৰোমন্থনৰ ওপৰত লিখা বাবে চন তাৰিখ সকলোতে সঠিকভাৱে উল্লেখ যে কৰিব পৰা নাই; সেই কথাও লিখকে লিখিছে৷ জীৱন সংঘাতময় হ’লেও লেখকে তাক উপভোগ কৰিছে৷ “কেৱল খোৱাপিন্ধা নাইবা তথাকথিত ভোগ-বিলাসৰ নামেই আমাৰ দৃষ্টিত অৰ্থপূৰ্ণ জীৱন নহয়৷ জীৱনৰ প্ৰতিটো খোজতে সংগ্ৰাম কৰি বিজয়ী হোৱাৰ মাদকতাই সুকীয়া৷’’১ সাধাৰণতে আত্মজীৱনীসমূহৰ শৈশৱৰ বৰ্ণনাই অধিক আকৰ্ষণীয় হয়৷ ’ভগা জখলাত খোজ’তো সেয়া দেখিবলৈ পোৱা গৈছে৷ ভাৰতৰ সকলো ঠাইৰ শিক্ষা ব্যৱস্থা আৰু শিশুৰ শিক্ষা গ্ৰহণৰ পৰিৱেশ সকলো ঠাইতে সমান নহয়৷ ’ভগা জখলাত খোজ’ নামৰ গ্ৰন্থখনে ভাৰতবৰ্ষৰ নিচিনা এখন দেশত অনেক প্ৰয়োজনীয় শৈক্ষিক পৰিৱেশৰ পৰা বঞ্চিত শিশু আৰু কিশোৰক বাট দেখুৱাব পাৰে৷ কিতাপখনৰ প্ৰথম অধ্যায় “মোৰ শৈশৱ, কৈশোৰ আৰু জীৱন সংগ্ৰাম’’ত লেখকে নিজে দৰিদ্ৰতাৰ সৈতে কৰা সংগ্ৰামখনৰ কথা স্পষ্টকৈ দাঙি ধৰিছে৷ প্ৰতিকুল পৰিৱেশ আৰু দাৰিদ্ৰতাৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ বাবে আৰু সেই সংগ্ৰামত জয়লাভ কৰা বাবে গ্ৰন্থখনৰ আৰম্ভণি অংশ স্মৰণীয় হৈ পৰিছে’’৷২ সাহিত্য সমালোচক হীৰেন গোঁহাই মতে, অসমৰ অভিবাসী মুছলমান সমাজৰ নানা সমস্যা-সংকটৰ বিষয়ে জানিবলৈ এই কিতাপখন পঢ়ুৱৈৰ বাবে পঠনীয় কিতাপ৷৩
গ্ৰন্থখনৰ শেষৰ ফালে চাকৰিজীৱনত লাভ কৰা অভিজ্ঞতাৰে কেইবাটাও খণ্ড লিখা হৈছে৷ প্ৰশাসনিক পদবীত ৰাজনৈতিক পৰিৱেশৰ প্ৰভাৱ আৰু নিজৰ অস্তিত্ব বৰ্তাই ৰখাৰ বিভিন্ন পৰিৱেশ কিছু মুকলিকৈ আৰু কিছু সংক্ষেপ আৰু ইংগিতময়তাৰে উপস্থাপন কৰিছে৷ “চৰকাৰী চাকৰি জীবনত আৰক্ষীৰ বিভিন্ন অভিযানত সম্মুখৰ পৰা নেতৃত্ব দি লাভ কৰা তিতা-মিঠা অভিজ্ঞতাৰে পুষ্ট এজন আৰক্ষীয়ে আৱেগ আৰু বিবেকৰ সংযোগত দেখা এখন সমাজৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক পৰিস্থিতি এক দীৰ্ঘ সময়ৰ দলিল৷ ৪
তথ্যসূত্ৰ
- ↑ ভগা জখলাত খোজ, আবু চুফিয়ান, পৃ:নং; ১১, প্ৰকাশক: নিজৰা হাজৰিকা, স্পন্দন প্ৰকাশ, ২০২১, ISBN-978-81-950134-7-0
- ↑ কেইগৰাকীমান ঔপন্যাসিকৰ সাম্প্ৰতিক সৃষ্টিকৰ্ম, আনন্দ বৰমুদৈ, সাহিত্য, অসমীয়া খবৰ, ১৫ ফেব্ৰুৱাৰী ২০২২
- ↑ গোঁহাই, ড° হীৰেন. (২০২২). কেতবোৰ চিন্তা আৰু গৱেষণা কৰিব লগা বিষয়. সাতসৰী. পৃ. ৮১
- ↑ আবু চুফিয়ানৰ ভগা জখলাত খোজ, ভাস্কৰ বৰা, অগ্ৰদূত, ৭ মে’, ২০২২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভগা জখলাত খোজ (আত্মজীৱনীমূলক গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩৪৩০৫১ (১৯ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।