অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভায়ামামা কৌতুক গোষ্ঠী

ভায়ামামা অসমৰ প্ৰথম কৌতুক গোষ্ঠীসমূহৰ অন্যতম। বিংশ শতিকাৰ ৮০-ৰ দশকৰপৰা এই গোটে কৌতুক অনুষ্ঠান পৰিবেশন কৰিবলৈ লয়। প্ৰথমে মঞ্চত কৌতুক অনুষ্ঠান পৰিৱেশনেৰে আৰম্ভ কৰা এই দলটোৱে পাছলৈ কেইখনমান কৌতুকৰ শ্ৰাৱ্য কেছেট উলিওৱাৰ উপৰিও এখন টিভি ছিৰিয়েল আৰু ভিডিঅ' ছবি নিৰ্মান কৰে।

হালনাগাদ: ১৪ মাৰ্চ ২০২০ ৪৫৭ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভায়ামামা অসমৰ প্ৰথম কৌতুক গোষ্ঠীসমূহৰ অন্যতম। বিংশ শতিকাৰ ৮০-ৰ দশকৰপৰা এই গোটে কৌতুক অনুষ্ঠান পৰিবেশন কৰিবলৈ লয়। প্ৰথমে মঞ্চত কৌতুক অনুষ্ঠান পৰিৱেশনেৰে আৰম্ভ কৰা এই দলটোৱে পাছলৈ কেইখনমান কৌতুকৰ শ্ৰাৱ্য কেছেট উলিওৱাৰ উপৰিও এখন টিভি ছিৰিয়েল আৰু ভিডিঅ' ছবি নিৰ্মান কৰে। 'ভায়ামামা' কৌতুক গোষ্ঠীৰ সদস্যসকল আছিল, 'ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী (ভায়ামামা)', সুৰজিৎ গগৈ, সঞ্জীৱলাল দাস, ৰঞ্জিত দাস। আদিল হুছেইন-এও মাজে মাজে 'ভায়ামামা' গোটৰ লগত ছেগা-চোৰোকাকৈ কাম কৰিছিল১। ১৯৯৯ চনৰ ৪ ফেব্ৰুৱাৰীত হোৱা এটা পথ দূৰ্ঘটনাত 'ভায়ামামা' গোটৰ ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী, সুৰজিৎ গগৈ, সঞ্জীৱলাল দাস, ৰঞ্জিত দাস আৰু লগতে শিৱৰাম কোঁচ, আৰু গাড়ীৰ চালক ভদ্ৰেশ্বৰ বসুমতাৰীৰ মৃত্যু হয়২।

ভায়ামামা গোটৰ কৌতুকৰ ধাৰা

ভায়ামামা গোটৰ কৌতুক অনুষ্ঠান পৰিৱেশনৰ মূল ধাৰা আছিল বলিউডৰ অভিনেতাৰ মিমিক্ৰি (mimicry), পাছলৈ বিভিন্ন ভাষিক সম্প্ৰদায়ৰ কথা কোৱাৰ ধৰণ অনুকৰণ কৰা হৈছিল। বিষয় সমূহ মূলতে আছিল ৰাজনৈতিক আৰু সামাজিক ব্যংগ। 'ভায়ামামা' নামৰ এটা চৰিত্ৰ, যাৰ অভিনয় কৰিছিল ধ্ৰুৱজিৎ কিশোৰ চৌধুৰীয়ে, আৰু পাৰ্শ-চৰিত্ৰ এটাৰ (অভিনয় কৰিছিল আছিল সুৰজিৎ গগৈয়ে) কথোপকথন আৰু তাৰ মাজতে বিভিন্ন উপলক্ষত বাকী অভিনেতাসকলৰ মিমিক অভিনয় সুমুৱাই কৌতুক সৃষ্টি কৰা হৈছিল। 'ভায়ামামা'ৰ নিভাঁজ নলবৰীয়া উপভাষাৰ ব্যৱহাৰেও হাস্য-ৰস সৃষ্টিত অৰিহনা জোগাইছিল।

ভায়ামামা গোটৰ শ্ৰাৱ্য কেছেট

  • ভায়ামামা প্ৰযোজক হ'লঃ অসমীয়া বোলছবি 'ককাদেউতা নাতি আৰু হাতী'-ক হিন্দী ছবি হিচাপে নিৰ্মান কৰিবলৈ ওলোৱা 'ভায়ামামা'ই লোৱা বলিউডৰ ভালেকেইগৰাকী শিল্পীৰ (মিমিক কৰা চৰিত্ৰ) সাক্ষাৎকাৰ এই কেছেটৰ কাহিনীৰ আধাৰ।
  • ভায়ামামাৰ বিহ-হুঃ 'ভায়ামামা'ই ৰঙালী বিহুৰ অনুষ্ঠান আয়োজন কৰোঁতে হোৱা লটি-ঘটি এই শ্ৰাব্য কেছেটৰ কাহিনীৰ আধাৰ। বলিউডৰ অভিনেতাৰ মিমিক কৰাৰ উপৰিও অইন ভাষী লোকৰ মিমিক এই শ্ৰাৱ্য কেছেটৰ কৌতুকৰ মূল উপাদান আছিল।
  • ভায়ামামাৰ ৰামায়নঃ 'ভায়ামামা'ই ৰামায়ন নিৰ্মান কৰে ৰাম, সীতা, ৰাৱন আদি চৰিত্ৰৰ বাবে ৰামায়নত বৰ্ণিত চৰিত্ৰ সমূহৰ ওপজা ঠাইৰ বৰ্তমানৰ বাসিন্দাসকলক লৈ। ইয়াতো ভাষাক কৌতুকৰ উপাদান ৰূপে ব্যৱহাৰ কৰা হৈছে।
  • ভায়ামামাৰ মহাভাৰতঃ দিল্লী দূৰদৰ্শনৰপৰা প্ৰচাৰিত বি. আৰ. চোপ্ৰাৰ 'মহাভাৰত' ছিৰিয়েলৰ আধাৰত কাহিনী ভাগ আগবঢ়োৱা হৈছে। এই শ্ৰাৱ্য কেছেটখন 'মহাভাৰত' ধাৰাবহিকখনৰ হাস্য ৰূপান্তৰ (spoof) ৰূপে প্ৰস্তুত কৰা হৈছিল। সংলাপৰ মাজত সামাজিক ব্যংগ ইয়াৰ কৌতুক সৃষ্টিৰ আন এটা উপাদান।
  • ভায়ামামাৰ হাংগামা।

ভায়ামামা গোটৰ টিভি ছিৰিয়েল

ভায়ামামা গোটে গুৱাহাটী দূৰদৰ্শনৰ বাবে ৯০-ৰ প্ৰথম ভাগত এখন টিভি ছিৰিয়েল নিৰ্মান কৰিছিল। পৰিচালনাৰ দায়িত্বত আছিল 'ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী'।

ভায়ামামা গোটৰ নাটক

ভায়ামামা গোটে 'একাঁহী গৰম ভাত আৰু এটা ভূত' নামে এখনি মঞ্চ-নাটক পৰিৱেশন কৰিছিল। পৰিৱেশনৰ স্থান আছিল গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন।

ভায়ামামা গোটৰ ভিডিঅ' ছবি

ভায়ামামাৰ প্ৰথমখন ভিডিঅ’ ছবি আছিল যুগ। এইখন বিশ্বনাথ চাৰিআলিৰ পৰা "তুৰংঙ্গম"ৰ সৌজন্যত নিৰ্মান হৈছিল।

'ভায়ামামাৰ বিহ-হু' নামৰ শ্ৰাৱ্য কেছেটৰ কৌতুকৰ লগত কিছু অংশ নতুনকৈ সংযোগ কৰি এই ভিডিঅ' ছবিখন প্ৰস্তুত কৰা হৈছিল।

'ভায়ামামা' গোটৰ সদস্যসকলৰ মৃত্যু

১৯৯৯ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে গোলাঘাটৰ এটা অনুষ্ঠানত অংশ লোৱাৰ পাছত উভতি আহোঁতে সোণাপুৰৰ ওচৰৰ তেতেলীয়াৰ ভৰাগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত হোৱা এক পথ দুৰ্ঘটনাত ভায়ামামা গোটৰ ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী, সুৰজিৎ গগৈ, সঞ্জীৱলাল দাস, ৰঞ্জিত দাস আৰু লগতে শিৱৰাম কোঁচ, আৰু গাড়ীৰ চালক ভদ্ৰেশ্বৰ বসুমতাৰীৰ মৃত্যু হয়। নিহত হোৱা স্থানত তেওঁলোকৰ স্মৃতিত ২০০০ চনত এটা স্মৃতি সৌধ নিৰ্মান কৰা হয়। ৰাষ্ট্ৰীয় ঘাই পথ সম্প্ৰসাৰণৰ সময়ত স্মৃতি-সৌধটো উচ্ছেদ কৰা হয়। বৰ্তমানে ডিমৰীয়া সাংবাদিক সন্থাই স্মৃতি সৌধটো নতুনকৈ নিৰ্মান কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে।২

তথ্য সমল

৩. https://rupaliparda.com/archives/11392৮০ দশকৰ পৰা জনপ্ৰিয় প্ৰথম অসমীয়া কৌতুক গোষ্ঠীঃ “ভায়ামামা”

তথ্যসূত্ৰ

  1. ↑ www.dnaindia.com/entertainment/report_luck-bit-o আহৰণ কৰা তাৰিখঃ ৭ ফেব্ৰুৱাৰী, ২০১২
  2. ↑ ৰমেশ দাস, সোণাপুৰত 'ভায়ামামা'ক স্মৰণ, আমাৰ অসম, ৬ ফেব্ৰৱাৰী, পৃ. ১০

সম্পৰ্কিত শ্ৰেণী

অসমৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভায়ামামা কৌতুক গোষ্ঠী” প্ৰবন্ধৰ সংশোধন ২১৬৪৫৭ (১৪ মাৰ্চ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।