ভুই মাগা অথবা ভালুক মাগা পৰ্ব পূৰ্বৰ পৰাই হাজং জনগোষ্ঠীৰ মাজত প্ৰচলিত হৈ আহিছে ভালুক মাগা অথবা ভুই মাগা উৎসৱ।১ এই উৎসৱ সম্প্ৰতি অথবা পৰ্বৰ প্ৰচলন ক্ৰমশ: লুপ্তপ্ৰায় অৱস্থাত। এই উৎসৱটি আঘোণৰ সোণোৱালী পথাৰৰ সোণগুটিবোৰ চপোৱা অথবা ধান কটা সময়ত হে কেৱল উপস্থাপন বা পালন কৰি অহা এটি উৎসৱ আছিল। বিশেষকৈ গৰখীয়া ল'ৰাসকলে ৰং তামছা কৰিবৰ বাবে সুন্দৰ সুন্দৰ গীতৰ মাজেৰে ভালুক মাগা পৰ্ব অনুষ্ঠান আৰম্ভ কৰি কৰিছিল। প্ৰতিজন ল'ৰাই কান্ধত এটা টাঙোন লয় আৰু মাগি পোৱা ধানৰ মুঠিবোৰ সেই টাঙোনৰ দুয়োফালে বান্ধি আনিছিল। ভালুক মাগিবলৈ যোৱাৰ পূৰ্বে কোনো কোনোৱে কলপাতৰ চোলা পিন্ধি এজন ল'ৰা আৰু এজনী ছোৱালী আৰু কোনো কোনোৱে পাটৰ বস্তা আদি পিন্ধি ভালুকৰ ৰূপ লৈ ধাননি পথাৰৰ মাজত ধান কাটি থকা দাৱনি সকলৰ ওচৰত মাগন মাগিবলৈ গৈছিল। সেই স্থানত গৈ সিহঁতে মাগন গীত জুৰিছিল। তেওঁলোকে গোৱা গীত সমূহ দাৱনি সকলে ধান কটা বাদ দি চাই আনন্দ লাভ কৰিছিল।২
গীত
হাজং ভাষাত
কুক ভাকুল কুক হাত ফাতা ম'লা ঠেং ফাতা ম'লা এগ মুঠি ধান দিলে নাম হ'ব ত'লা। ভুক ভালুক ভুক বিন ধান নাচায় ময় ভালা ধান চায় মৰ মাগু বেমাৰ পৰিছে, খুই খাবা চায়। কুক ভালুক কুক কুক ভালুক কুক কাচাই কাচাই থোৱে যা পাকাই পাকাই নিয়ে যা কুক ভালুক কুক।
'অসমীয়া অনুবাদ'
কুক ভালুক কুক হাত ফটা মোৰ ভৰি ফটা মোৰ এমুঠি ধান দিলে নাম হ'ব আপোনাৰ। কুক ভালুক কুক বৰা ধান নেলাগে মোক ভাল ধান লাগে মোৰ ঘৈণীয়েক বেমাৰত পৰিছে, মুড়ি খাবলৈ বিচাৰিছে। কুক ভালুক কুক কুক ভালুক কুক কেঁচা কেঁচা থৈ যাওঁক পকা পকা লৈ যাওঁক কুক ভালুক কুক।
'' গীতটি এনেদৰে কব বিচাৰিছে যে, দাৱনী সকল আপোনালোকে কেঁচা কেঁচা ধানবোৰ নকটাকৈ থৈ যাওঁক আৰু কেৱল পকা পকা ধানখিনি হে লৈ যাওঁক। এনেদৰে হাজং জনগোষ্ঠীৰ মাজত এই উৎসৱ সমূহ উদযাপন কৰি আহিছে। সেই মাগি পোৱা ধানখিনি বিক্ৰী কৰি সকলোৱে মিলিজুলি ভোজভাত খাইছিল। আচলতে বৰ্তমান যুগৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিবৰ বাবেই হয়তো এই উৎসৱ সমূহ ক্ৰমে ক্ৰমে বিলোপ হব ধৰিছে। আৰু এতিয়া প্ৰায় সমস্ত লৰা বিলাকে পঢ়াৰ প্ৰতি অধিক গুৰুত্ব দিব লগা হোৱাৰ বাবে হয়তো এই বোৰ উৎসৱৰ পৰা দূৰৈত থাকিব লগা হৈছে বুলি অনুমান হয়। বৰ্তমানৰ নতুন প্ৰজন্মই এই উৎসৱৰ বিষয়ে নাজানেও। বুঢ়া-বুঢ়ী সকলৰ পৰা জানি নললে হাজং সমাজত যে এনে এটা উৎসৱ আছে সেই কথা কোনোদিনে বিশ্বাস নকৰিব।৩ ৩৪
তথ্যসূত্ৰ
- ↑ জনগোষ্ঠীয়ে পালন কৰা কিছুমান উৎসৱ-পাৰ্বণ/ হাজং জনগোষ্ঠীয়ে পালন কৰা কিছুমান উৎসৱ-পাৰ্বণ. vikaspedia.in
- ↑ হাজংসকল. mightlearn.com
- ↑ (১৪ মে' ২০২২). হাজং জনজাতিৰ লেৱা-টানা নৃত্য-গীত. নীলাচৰাই ডট কম
- ↑ অসমৰ লোকধৰ্ম, বিশ্বাস - আৰু ৰীতি-নীতিৰ ৰেঙণি. 8/03/2019. পৃ. 18-19
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভুই মাগা” প্ৰবন্ধৰ সংশোধন ৪৪৩০৭১ (৭ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।