বৰাশগুণ১ (Griffon Vulture, বৈজ্ঞানিক নামকৰণ পদ্ধতি-Gyps fulvus) 'Accipitridae' পৰিয়ালৰ অন্তৰ্ভুক্ত শগুণৰ এবিধ প্ৰজাতি৷ ইহঁতক পাহাৰী শগুণ নামেৰেও জনা যায়।
বিৱৰণ
বৰাশগুণৰ দেহৰ আকাৰ ডাঙৰ, দীঘলে প্ৰায় ৯৩-১২২ ছে:মি: আৰু ওজন প্ৰায় ৭.১ কি:গ্ৰা: হোৱা দেখা যায়৷২৩ইয়াৰ মূৰ অংশ বগা, ডেউকা বহল আৰু নেজৰ পাখিবোৰ চুটি হোৱা দেখা যায়৷ ইয়াৰ ডিঙিত বগা দাগ আছে৷ বৰাশগুণৰ ঠোঁটৰ বৰণ হালধীয়া৷
বিতৰণ
ই সমগ্ৰ ইউৰোপ তথা এছিয়াত বিস্তৃত হৈ আছে৷
আচৰণ
বৰাশগুণৰ জীৱনকাল অতি বেছি ৪১.৪ বছৰ হ'ব পাৰে৷৪
খাদ্য

অন্যান্য শগুণৰ প্ৰজাতিসমূহৰ দৰেই বৰাশগুণো মৃতভক্ষী, অৰ্থাৎ ই মৰা শ খাই জীৱন নিৰ্বাহ কৰে৷ ই আকাশৰ ওপৰেদি মৰাশৰ সন্ধানত উৰি থাকে আৰু তলৰ অঞ্চল সমূহ নজৰত ৰাখে৷ ই সাধাৰণতে গোটত বাস কৰে৷ পাহাৰৰ থিয় গড়াত ই সমূহীয়াকৈ বাহ সাজে৷৫৬
প্ৰজনন
বৰাশগুণে এছিয়া, উত্তৰ আফ্ৰিকা, এছিয়া আদিৰ পৰ্বতসমূহত প্ৰজনন কৰে৷ এবাৰত ই এটাকৈ কণী পাৰে৷ পোৱালিয়ে পছন্দৰ স্থান বিচাৰি প্ৰবজন কৰে বুলিও জনা যায়৷৭৮
বাহ্যিক সংযোগ
- Vulture Territory Facts and Characteristics: Eurasian Griffon
- Eurasian Griffon Vulture videos
- Uvac Special Nature Reserve
- Ageing and sexing (PDF; 5.6 MB) by Javier Blasco-Zumeta & Gerd-Michael Heinze
- Flicker Handguide
- Eko Centar Caput Insulae - Beli
- Vulture observatory in Spain
তথ্যসূত্ৰ
- ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
- ↑ Raptors of the World by Ferguson-Lees, Christie, Franklin, Mead & Burton. Houghton Mifflin (2001), ISBN 0-618-12762-3
- ↑ Ali, Sálim. (1996). The Book of Indian Birds. Bombay Natural History Society. ISBN 0-19-563731-3
- ↑ Carey, James R. Longevity Records: Life Spans of Mammals, Birds, Amphibians, Reptiles, and Fish. Monographs on Population Aging, 8. Odense University Press
- ↑ Gavashelishvili, A.; McGrady, M. J. (2006). Breeding site selection by bearded vulture (Gypaetus barbatus) and Eurasian griffon (Gyps fulvus) in the Caucasus. Animal Conservation. পৃ. 159–170
- ↑ Gavashelishvili, A.; McGrady, M. J. (2006). Geographic information system-based modelling of vulture response to carcass appearance in the Caucasus. Journal of Zoology. পৃ. 365–372
- ↑ Gavashelishvili, A. (2005). Vulture movements in the Caucasus. Vulture News. পৃ. 28–29
- ↑ McGrady, M. J.; Gavashelishvili, A. (2006). Tracking vultures from the Caucasus into Iran. Podoces. পৃ. 21–26
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰাশগুণ” প্ৰবন্ধৰ সংশোধন ৬৩২৪২৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।