ৰাজনৈতিক ক্ষেত্ৰত নাৰী
৫৩ প্ৰবন্ধ
-
বিজেপি মহিলা মৰ্চা
বিজেপি মহিলা মৰ্চা বা সৰলভাৱে মহিলা মৰ্চা (BJP Mahila Morcha) ভাৰতৰ ভাৰতীয় জনতা পাৰ্টি (BJP)ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা শাখা। তামিলনাডু বিজেপি গোটৰ প্ৰাক্তন উপ-সভাপতি তথা কইম্বাটুৰ দক্ষিণ ৰাজ্যিক বিধানসভা সমষ্টিৰ তামিলনাডু বিধানসভাৰ বৰ্তমানৰ সদস্য ৱানথি শ্ৰীনিবাসন গোটটোৰ ৰাষ্ট্ৰীয় সভাপতি।
-
ৰচনা বেনাৰ্জী
ৰচনা বেনাৰ্জী (Rachna Banerjee; ২ অক্টোবৰ ১৯৭২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, ঔদ্যোগী, টেলিভিছনৰ পৰিৱেশক, আৰু ৰাজনীতিবিদ। তেওঁ সাধাৰণতে বাংলা, উড়িয়াৰ লগতে তেলেগু, তামিল আৰু কানাড়া ছবিতো কাম কৰিছে। ১৯৯১ চনত তেওঁ মিছ কলকাতাৰ মুকুট পিন্ধিছিল।
-
মাহ চুচাক বেগম
মাহ চুচাক বেগম ( অৰ্থাৎ চন্দ্ৰ ফুল; মৃত্যু ২৮ মাৰ্চ ১৫৬৪) দ্বিতীয় মোগল সম্ৰাট হুমায়ুনৰ পত্নী আছিল। তেওঁ আছিল এগৰাকী উচ্চাভিলাষী ভদ্ৰমহিলা যিয়ে নাইব চুবাদাৰক বাহিৰ কৰি নিজাববীয়াকৈ কাবুল শাসন কৰিছিল, এবাৰ তেওঁৰ সেনাবাহিনীক ব্যক্তিগতভাৱে তেওঁ নেতৃত্ব দিছিল আৰু জালালাবাদত সম্ৰাট আকবৰে মাহ চুচাকৰ…
-
মেহবুবা মুফটি
মেহবুবা মুফটি ছয়েদ (Mehbooba Mufti Sayed; জন্ম: ২২ মে' ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু জম্মু-কাশ্মীৰ পিপলছ ডেম'ক্ৰেটিক পাৰ্টি (PDP)ৰ নেত্ৰী৷ তেওঁ ২০১৬ চনৰ ৪ এপ্ৰিলৰ পৰা ১৯ জুন ২০১৮ লৈকে পূৰ্বৰ ৰাজ্য জম্মু আৰু কাশ্মীৰৰ নৱম আৰু শেষ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ জম্মু-কাশ্মীৰৰ…
-
ছাকিনা বানু বেগম
ছাকিনা বানু বেগম, মৃত্যু ২৫ আগষ্ট ১৬০৪ চন; এগৰাকী মোগল ৰাজকুমাৰী আৰু মোগল সম্ৰাট হুমায়ুন আৰু মাহ চুচাক বেগমৰ কন্যা।
-
উমা নেহৰু
উমা নেহৰু (Uma Nehru; ৮ মাৰ্চ ১৮৮৪ – ২৮ আগষ্ট ১৯৬৩) এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী আৰু ৰাজনীতিবিদ।
-
দিয়া কুমাৰী
দিয়া কুমাৰী (Diya Kumari, জন্ম-৩০ জানুৱাৰী ১৯৭১) ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ বৰ্তমান ভজন লাল শৰ্মাৰ মন্ত্ৰালয়ত প্ৰেম চন্দ বৈৰৱাৰ সৈতে ৰাজস্থানৰ ষষ্ঠ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
দিল কুমাৰী ভাণ্ডাৰী
দিল কুমাৰী ভাণ্ডাৰী (Dil Kumari Bhandari; জন্ম: ১৪ মে' ১৯৪৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ছিকিমৰ পৰা লোকসভাৰ প্ৰথমগৰাকী মহিলা সদস্য। ২০১২ চনলৈকে তেওঁ ভাৰতীয় গোৰ্খাৰ সংগঠন ভাৰতীয় গোৰ্খা পৰিষদৰ সভানেত্ৰী আছিল। তেওঁ নেপালী ভাষী লোকৰ বাবে অহৰহ কাম কৰি আহিছে।
-
নন্দিনী শতপথী
নন্দিনী শতপথী (Nondini Satpathy; ৯ জুন ১৯৩১ – ৪ আগষ্ট ২০০৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু লেখিকা। ১৯৭২ চনৰ জুন মাহৰ পৰা ১৯৭৬ চনৰ ডিচেম্বৰ মাহলৈকে তেওঁ ওড়িশাৰ মুখ্যমন্ত্ৰী আছিল।
-
বখ্ট-উন-নিছা বেগম
বখ্ট-উন-নিছা বেগম(প্ৰায় ১৫৪৭ – ২ জুন ১৬০৮) এগৰাকী মোগল ৰাজকুমাৰী আৰু মোগল সম্ৰাট হুমায়ুনৰ কন্যা আছিল।
-
অনিছা হাজিমুমিন
অনিছা আব্দুলকাদিৰ হাজিমুমিন ( Anisa Abdulkadir Hajimumin; জন্ম: ২০ নৱেম্বৰ, ১৯৭৮) এগৰাকী ছোমালি আমেৰিকান ৰাজনীতিবিদ, সমাজ কৰ্মী আৰু লেখিকা। তেওঁ পুণ্টলেণ্ডৰ মহিলা আৰু পৰিয়াল পৰিক্ৰমা মন্ত্ৰী আছিল।
-
অনিতা আৰ্য
অনিতা আৰ্য (Anita Arya) ভাৰতীয় লোকসভাৰ প্ৰাক্তন সদস্য। তেওঁ ভাৰতীয় জনতা দলৰ এগৰাকী নেত্ৰী। ত্ৰয়োদশ লোকসভাত দিল্লীৰ কেৰল বাগক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৯ চনত তেওঁ দিল্লীৰ মেয়ৰ আছিল।
-
অনুসুয়া বাই বৰকাৰ
অনসূয়া বাই বৰকাৰ (Ansuyabai Borkar) আছিল এগৰাকী সমাজ কৰ্মী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ আৰু প্ৰথম লোকসভাৰ (১৯৫৫ চনৰ পৰা ১৯৫৭ চনলৈ) সদস্য।
-
অপৰূপা পোদ্দাৰ
আফ্ৰিন আলী বা অপৰূপা পোদ্দাৰ (জন্ম: ৮ জানুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ পশ্চিম বংগৰ আৰামবাগ (লোকসভা সমষ্টি)ৰ পৰা ১৬ নং ১৭ নং লোকসভাৰ সংসদৰ সদস্য। ২০১৪ & ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল।
-
অম্মু স্বামীনাথন
অম্মু স্বামীনাথন বা এ ভি আম্মাকুটি(Ammu Swaminathan or A. V. Ammakuti, ২২ এপ্ৰিল ১৮৯৪ – ৪ জুলাই ১৯৭৮) ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ৰাজনৈতিক কৰ্মী৷ তেওঁ ভাৰতৰ সংবিধান সভাৰ সদস্য আছিল।
-
অ’দান আহমেদ
অ’দান আহমেদ এগৰাকী ছোমালি ৰাজনৈতিক কৰ্মী। তেওঁ ছোমালি মহিলা সংসদীয় সংস্থা ছোমালিয়াৰ ট্ৰেঞ্জিচনেল ফেডাৰেল সংসদ গঠন কৰাত সহায় কৰিছিল, যাৰ পিছত ছোমালিয়াৰ ফেডাৰেল সংসদ গঠন হৈছিল। নেচনেল ডেম’ক্ৰেটিক ইনষ্টিটিউটৰ জ্যেষ্ঠ কাৰ্যসূচী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
আইছা চুলতান বেগম
আইছা চুলতান বেগম মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম মোগল সম্ৰাট সম্ৰাট বাবৰৰ প্ৰথম পত্নী হিচাপে ফেৰঘনা উপত্যকা আৰু সমৰকন্দৰ ৰাণী পত্নী আছিল। আইছা স্বামীৰ প্ৰথম ভতিজা ভগ্নী আৰু জন্মৰপৰা টাইমুৰিড ৰাজকুমাৰী আছিল। বাবৰৰ পৈতৃক ককাক সমৰকন্দ আৰু বুখাৰাৰ ৰজা চুলতান আহমেদ মিৰ্জাৰ কন্যা।
-
আদাৰ ইছমাইল জুৰাটি
আদাৰ ইছমাইল জুৰাটি এগৰাকী ছোমালি ৰাজনীতিবিদ, যি জুবালেণ্ডৰ মহিলা আছিল আৰু পৰিয়াল পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী আছিল। তেওঁ লিংগভিত্তিক হিংসা আৰু বাল্য বিবাহ নিৰ্মূলৰ ওপৰত গুৰুত্ব আৰোপ কৰা বাৰ্ষিক ১৬ দিনীয়া সক্ৰিয়তা অভিযানৰ পোষকতা কৰিছিল।
-
ইন্দিৰা অনন্ত মায়দেও
ইন্দিৰা অনন্ত মায়দেও (Indira Anant Maydeo) ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে প্ৰথম লোকসভাত পুনে-দক্ষিণক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় সংসদ সদস্য আছিল।
-
এডনা আডান ইছমাইল
এডনা আডান ইছমাইল ( Edna Adan Ismaaciil; জন্ম ৮ ছেপ্টেম্বৰ ১৯৩৭) এগৰাকী নাৰ্ছ ধাত্ৰী, কৰ্মী, আৰু ২০০৩ চনৰ পৰা ২০০৬ চনলৈকে ছোমালিলেণ্ডৰ প্ৰথম মহিলা বৈদেশিক মন্ত্ৰী আছিল। ইয়াৰ পূৰ্বে তেওঁ ছোমালিয়াৰ পৰিয়াল কল্যাণ আৰু সামাজিক উন্নয়ন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
কিল্লী কৃপা ৰাণী
ড° কিল্লী কৃপা ৰাণী (Dr. Killi Krupa Rani; জন্ম: ১৯ নৱেম্বৰ ১৯৬৫) অন্ধ্ৰপ্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় সংসদৰ প্ৰাক্তন সদস্য আৰু ইয়াৰ পূৰ্বে ২০০৯ চনৰ পৰা ২০১৪ চনলৈকে শ্ৰীকুলমক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ কলিংগ জাতিৰ।
-
খাছ মহল
খাছ মহল অৰ্থাৎ "প্ৰাসাদৰ সুন্দৰজন", মোগল সম্ৰাট জাহাংগীৰৰ অন্যতম মুখ্য পত্নী আৰু সম্ৰাজ্ঞী আছিল।
-
জানকী ভেংকটৰমন
জানকী ভেংকটাৰমনে (Janaki Venkataraman) ১৯৮৭ চনৰ পৰা ১৯৯২ চনলৈকে ভাৰতৰ প্ৰথম মহিলা (ৰাষ্ট্ৰপতিৰ পত্নী) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি আৰ ভেংকটৰমনৰ পত্নী আছিল যিয়ে ১৯৮৭ চনৰ ২৫ জুলাইৰ পৰা ১৯৯২ চনৰ ২৫ জুলাইলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ বিদেশত জন্মগ্ৰহণ কৰি…
-
ডগ্গুবতী পুৰন্দেশ্বৰী
ডগ্গুবাটি পুৰন্দেশ্বৰী (Daggubati Purandeswari,জন্ম ২২ এপ্ৰিল ১৯৫৯) অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অন্ধ্ৰ প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ সভানেত্ৰী।সম্প্ৰতি ৰাজহমুন্দ্ৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি লোকসভাৰ সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
নিশা চৌধুৰী
নিশা চৌধুৰী (Nisha Chaudhary,১৯৫২–২০০১) এগৰাকী সামাজিক আৰু ৰাজনৈতিক সমাজকৰ্মী আছিল৷ তেওঁ ১৯৯০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ভাৰতৰ গুজৰাট ৰাজ্যৰ সবৰকান্ত সমষ্টিৰ পৰা তিনিবাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল।
-
পিংকী আনন্দ
পিংকী আনন্দ এগৰাকী ভাৰতীয় অধিবক্তা। ২০২০ চনৰ মে’ মাহলৈকে তেওঁ এই পদত নিযুক্ত হৈ আছিল। ভাৰতৰ উচ্চতম ন্যায়ালয়ত তেওঁ অতিৰিক্ত চলিচিটৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত এগৰাকী ৰাজনীতিবিদ হিচাপেও পৰিচিত।
-
প্ৰতিমা মণ্ডল
প্ৰতিমা মণ্ডল (১৬ ফেব্ৰুৱাৰী ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০১৪ চনৰ পৰা লোকসভাত পশ্চিম বংগৰ জয়নগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে৷ তেওঁ তৃণমূল কংগ্ৰেছৰ সদস্যা৷ ৰাজনীতিলৈ অহাৰ আগেয়ে তেওঁৰ পশ্চিম বংগৰ এগৰাকী অসামৰিক বিষয়া আছিল৷ তেওঁৰ পিতৃ গোবিন্দ চন্দ্ৰ নাছকাৰেও তৃণমূল কংগ্ৰেছক প্ৰতিনিধিত্ব…
-
প্ৰতীমা ভৌমিক
প্ৰতিমা ভৌমিক (জন্ম ২৮ মে' ১৯৬৯) ত্ৰিপুৰাৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ১১ জুনলৈ দ্বিতীয় মোদী মন্ত্ৰালয়ত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
প্ৰিয়া সৰোজ
প্ৰিয়া সৰোজ (Priya Saroj; জন্ম: ২৩ নৱেম্বৰ ১৯৯৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অধিবক্তা। তেওঁ সমাজবাদী পাৰ্টিৰ এগৰাকী সদস্যা। ২০২৪ চনৰ লোকসভালৈ নিৰ্বাচিত হোৱা দ্বিতীয়গৰাকী কনিষ্ঠতম প্ৰাৰ্থী। তেওঁ তিনিবাৰৰ সাংসদ আৰু উত্তৰ প্ৰদেশৰ বৰ্তমানৰ বিধায়ক তুফানী সৰোজৰ কন্যা।
-
প্ৰেমলা চাৱন
প্ৰেমলাবাই আৰু প্ৰেমালাকাকী নামেৰেও পৰিচিত প্ৰেমলা চাভান (Premala Chavan, ২ জুলাই ১৯১৮ – ৮ জুলাই ২০০৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ লোকসভা আৰু ৰাজ্যসভাৰ সদস্য আছিল।