পিংকী আনন্দ এগৰাকী ভাৰতীয় অধিবক্তা। ২০২০ চনৰ মে’ মাহলৈকে তেওঁ এই পদত নিযুক্ত হৈ আছিল। ভাৰতৰ উচ্চতম ন্যায়ালয়ত তেওঁ অতিৰিক্ত চলিচিটৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১ ২ তেখেত এগৰাকী ৰাজনীতিবিদ হিচাপেও পৰিচিত।
শিক্ষা
আনন্দে লেডী শ্ৰী ৰাম কলেজ ফৰ ৱিমেনৰ ৩ পৰা স্নাতক ডিগ্ৰী লাভ কৰি দিল্লী বিশ্ববিদ্যালয়ৰ আইন অনুষদৰ পৰা এল এল বি ডিগ্ৰী গ্ৰহণ কৰিছিল।৪ ১৯৭৯-৮০ চনত তেওঁ দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত(DUSU) প্ৰথম মহিলা সচিব হিচাপে নিৰ্বাচিত হয়।৫ ইনলাকছ(Inlaks) শিৱদাসনী ফাউণ্ডেশ্যনৰ পৰা ইনলাকছ(Inlaks) বৃত্তিৰ সহায়ত ১৯৮০ চনত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। আৰু তাৰ পৰাই আইনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৬
কৰ্মজীৱন
আনন্দই সাংবিধানিক, সম্পত্তি, ব্যক্তিগত আন্তঃৰাষ্ট্ৰীয়, পাৰিবাৰিক, পৰিৱেশ আৰু কৰ্পৰেট আইনত কাম কৰি আহিছে। তেখেত ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) সৰ্বভাৰতীয় আইনী কোষৰ মুৰব্বী আছিল আৰু উত্তৰাখণ্ডৰ এগৰাকী প্ৰাক্তন অতিৰিক্ত অধিবক্তা-জেনেৰেল। ২০০৭ চনত তেওঁক জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হয়। ২০১৪ চনৰ ৯ জুলাইত ভাৰতৰ অতিৰিক্ত চলিচিটৰ জেনেৰেল তেওঁ হিচাপে নিযুক্তি লাভ কৰে। ইন্দিৰা জেইছিঙক ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স চৰকাৰত নিযুক্তি দিয়াৰ পিছত এই পদত নিযুক্তি পোৱা তেওঁ দ্বিতীয়গৰাকী মহিলা অধিবক্তা।১ ২ আনন্দে ভাৰতৰ উচ্চতম ন্যায়ালয়ত অনুশীলন কৰে। মানহানিৰ একৈশটা গোচৰত অভিযুক্ত ভাৰতীয় অভিনেত্ৰী খুছবুৰ বাবেও তেওঁ কাম কৰিছিল। ভাৰতত জিনীয়ভাৱে পৰিৱৰ্তিত খাদ্য আদিৰ বিৰুদ্ধে ফ্ৰান্সৰ বিমানবাহী জাহাজ ক্লেমেন্সোৰ ক্ষেত্ৰত ফ্ৰান্স চৰকাৰক তেওঁ প্ৰতিনিধিত্ব কৰিছিল।
ৰাজনৈতিক কৰ্মজীৱন
আনন্দই ২০০৭ চনৰ পৰা ২০১০ চনলৈকে বিজেপিৰ আইনী আৰু বিধানসভাৰ কোষৰ ৰাষ্ট্ৰীয় আহ্বায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ ২০০৯ চনৰ ২৪–২৬ ছেপ্টেম্বৰত কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত এছিয়ান ৰাজনৈতিক দলসমূহৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ (আইচিএপিপি) পঞ্চম সাধাৰণ সভাত বিজেপিক প্ৰতিনিধিত্ব কৰিছিল আৰু মহিলা আৰু ৰাজনীতিৰ অধিৱেশনৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ২০১০ চনৰ জুলাই মাহত কোচিলৈ যোৱা বিজেপিৰ প্ৰতিনিধি দলৰ তেওঁ সদস্য আছিল।৫
অন্যান্য পদ
আনন্দে ভাৰতীয় জনতা পাৰ্টি(বিজেপি)ৰ সৰ্বভাৰতীয় আইনী দলৰ মুখপাত্ৰ হৈছিল আৰু দলৰ নেতৃত্ব দিছিল। তেওঁ ল'এছিয়াৰ বৈকল্পিক দেশৰ কাউন্সিলাৰ (ভাৰত)। তেওঁ ৰাষ্ট্ৰীয় সমিতি আইন, এছ'চিএএম (ASSOCHAM) লেডিজ লীগৰ অধ্যক্ষ। তেওঁ এফ আই চিচি আই (FICCI), লায়ন্স ক্লাব (Lions Club), এমিটি বিশ্ববিদ্যালয়(Amity University) আৰু ভাৰত নিৰ্মাণ (Bharat Nirman), পিএইচডি চেম্বাৰ ফৰ প্ৰগ্ৰেছ হাৰমনি ডেভেলপমেণ্ট(PHD Chamber for Progress Harmony Development) ৰ দ্বাৰা আইনত উৎকৃষ্টতাৰ বাবে কেইবাটাও বঁটা লাভ কৰিছে। তেওঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল। তেওঁ পৰিৱেশৰ ক্ষেত্ৰত এক বেচৰকাৰী সংস্থা ৰিচাৰ্চ ফাউণ্ডেচন ফৰ চাইন্স, টেকন'লজী এণ্ড ইক'লজীৰ এগৰাকী সঞ্চালক। তেওঁ কে আই আইটি (KIIT Universit)বিশ্ববিদ্যালয়ৰ আইন বিদ্যালয়ৰ (School of Law) অধ্যয়ন পৰিষদৰ সদস্য।৫
আনন্দ ২০০৬ চনত অষ্ট্ৰিয়াত অনুষ্ঠিত হোৱা ছালজবাৰ্গ আলোচনা চক্ৰৰ "মহিলা, ৰাজনৈতিক শক্তি আৰু পৰৱৰ্তী প্ৰজন্মৰ নেতৃত্ব" অধিবেশনৰ সভ্য আছিল।৫
২০১৫ চনলৈকে, আনন্দে ব্ৰিকছ আইনী মঞ্চ (BRICS Legal Forum) গঠনত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু তেওঁ ব্ৰাজিললৈ যোৱা ভাৰতীয় প্ৰতিনিধি দলৰ সদস্য আছিল। তেওঁ ২০১৫ চনৰ অক্টোবৰত ছাংহাইত অনুষ্ঠিত হোৱা দ্বিতীয় ব্ৰিকছ আইনী মঞ্চত (II BRICS Legal Forum)ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তেখেতে ২০১৫ চনৰ নৱেম্বৰ মাহত "আইন আৰু মহিলা" বিষয়ক আলোচনা চক্ৰত কলকাতাৰ লেডিজ ষ্টাডি গ্ৰুপত বক্তা হিচাপে অংশগ্ৰহণ কৰিছিল। তেওঁ ২০১৬ চনৰ জয়পুৰ সাহিত্য মহোৎসৱতো পেনেল অধ্যক্ষ আছিল।
বঁটাসমূহ
১.ফৰাচী গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ পৰা ফৰাচী নেচনেল অৰ্ডাৰ অৱ মেৰিট৭
২.আইনৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে ফিচি এফএলঅ'ৰ দ্বাৰা ২০০৯ চনত আইনত উৎকৃষ্টতাৰ বাবে বঁটা।৫
৩.২০০৭ চনত আইনৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে ১৯ সংখ্যক ভাৰত নিৰ্মাণ বঁটা।৫
প্ৰকাশন
ইউ.কে.ৰ চুইট এণ্ড মেক্সৱেলৰ দ্বাৰা মুদ্ৰিত আন্তৰ্জাতিক পাৰিবাৰিক আইন, জুৰিচিডিকচনেল কম্পেৰিজনচ প্ৰথম সংস্কৰণ ২০১১ৰ সহ-লেখক।
তথ্যসূত্ৰ
- ↑ Saluja, Pallavi. (10 July 2014). Senior Advocate Pinky Anand appointed ASG. Bar and Bench
- ↑ (10 July 2014). Pinky Anand appointed ASG. দ্য হিন্দু
- ↑ Inlaks ALumni
- ↑ (2014-07-28). Our generation sullied reputation of lawyers: Harish Salve. Business Standard
- ↑ (1 December 2012). Theme: The Space Between... TEDxISBWomen
- ↑ (2011-02-08). Inlaks scholarship announced for 2011. হিন্দুস্তান টাইমছ
- ↑ Dr. Pinky Anand - Profile. International Academy of Matrimonial Lawyers
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিংকী আনন্দ” প্ৰবন্ধৰ সংশোধন ৪১৫২২১ (২৮ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।