জানকী ভেংকটাৰমনে (Janaki Venkataraman) ১৯৮৭ চনৰ পৰা ১৯৯২ চনলৈকে ভাৰতৰ প্ৰথম মহিলা (ৰাষ্ট্ৰপতিৰ পত্নী) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি আৰ ভেংকটৰমনৰ পত্নী আছিল যিয়ে ১৯৮৭ চনৰ ২৫ জুলাইৰ পৰা ১৯৯২ চনৰ ২৫ জুলাইলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ বিদেশত জন্মগ্ৰহণ কৰি ভাৰতৰ 'প্ৰথম মহিলা' হোৱা প্ৰথমগৰাকী মহিলা৷
প্ৰাৰম্ভিক জীৱন
তামিল আয়াৰ বাৰ্মিজ ভাৰতীয় পিতৃ-মাতৃ কমলা আৰু কৃষ্ণ আয়াৰৰ ঘৰত জানকী ভেংকটৰমনে জন্মগ্ৰহণ কৰিছিল। পাঁচ বছৰ বয়সত তেওঁৰ মাকৰ মৃত্যু হয় আৰু পিতৃয়ে পুনৰ বিয়া নোহোৱাৰ বাবে ভাই-ভনীৰ সৈতে তেওঁ ঘৰুৱা কামত সহায় কৰিছিল।১ ১৯৩৮ চনত আৰ ভেংকটৰমনৰ সৈতে জানকীয়ে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ তিনিগৰাকী কন্যা সন্তান জন্ম হয়।.২ গোপাল গান্ধীয়ে তেওঁক হিন্দু ধৰ্মত "গভীৰভাৱে ধৰ্মপৰায়ণ" বুলি গণ্য কৰিছিল।৩বিয়াৰ পিছত স্বামীৰ ৰাজনৈতিক আৰু ইউনিয়নবাদী কাৰ্যকলাপ বাঢ়ি আহিল। তেওঁক সহায় কৰিবলৈ তেওঁ স্থাপন কৰা লেবাৰ ল জাৰ্নেলৰ অংশীদাৰ হৈ পৰে।১
মানৱ অধিকাৰ কৰ্ম
জানকী এগৰাকী মানৱ অধিকাৰ কৰ্মী আছিল আৰু বাংলাদেশ যুদ্ধৰ সময়ত মহিলাৰ ওপৰত সংঘটিত হোৱা যুদ্ধ হিংসাৰ প্ৰতিবাদত তেওঁ "শ শ সমৰ্থক"ক নেতৃত্ব দিছিল। তেওঁ আছিল এগৰাকী উগ্ৰ নাৰীবাদী আৰু নাৰীৰ আত্মনিৰ্ভৰশীলতাক সমৰ্থন কৰাৰ লগতে এগৰাকী মানৱীতাবাদী৷ তেওঁ দৰিদ্ৰৰ বাবে প্ৰকল্পত কাম কৰিছিল। ইয়াৰ উপৰিও তেওঁ এগৰাকী পশু অধিকাৰ কৰ্মী আছিল যিয়ে ৰেচম পিন্ধিবলৈ অস্বীকাৰ কৰিছিল৷১
স্বামীৰ জীৱনৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি মাত্ৰ এটা ফ্ৰেমত জানকীক অন্তৰ্ভুক্ত কৰাৰ সময়ত তেওঁ সেই ছবিখন আঁতৰাবলৈ অনুৰোধ জনায়। তেখেতে "উপস্থিতিহীন উপস্থিতি হিচাপে আওকাণ কৰাতকৈ অনুপস্থিতিত লক্ষ্য কৰা"টোৱেই পছন্দ কৰিছিল।৪ তেওঁ স্বামীৰ সৈতে ৰাজ্যিক ভ্ৰমণলৈ গৈছিল আৰু তেওঁৰ ৰাষ্ট্ৰপতিত্বৰ সময়ত "ভাৰতীয় নাৰীত্ব"ৰ ৰাজহুৱা ভাৱমূৰ্তি আছিল।১ এগৰাকী সক্ৰিয় প্ৰথম মহিলা হিচাপে তেওঁ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা অহা সমাজ কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণৰ দায়িত্বত আছিল।৫
স্বামীৰ মৃত্যুৰ ডেৰ বছৰ পিছত ২০১০ চনৰ ১৩ আগষ্টত জানকী ভেংকটৰমনৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ তিনিগৰাকী কন্যাক এৰি থৈ যায়।৬
তথ্যসূত্ৰ
- ↑ Mrs. Janaki Venkataraman. President Venkataraman
- ↑ Dubey, Scharada. (15 January 2015). First among equals President of India. Westland. পৃ. 80. ISBN 978-81-89975-53-1
- ↑ Gandhi, Gopalkrishna. (2011). Of a Certain Age: Twenty Life Sketches. Viking. পৃ. 115. ISBN 9780670085026
- ↑ Krishna Raj, Gita. Once a First Lady…. Gita Krishnaraj
- ↑ Mathew, Liz. (25 July 2012). The first ladies of Rashtrapati Bhavan. Livemint
- ↑ Former first lady Janaki Venkataraman dies. The Hindustan Times. 14 August 2010
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জানকী ভেংকটৰমন” প্ৰবন্ধৰ সংশোধন ৬৩২৭৬২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।