ৰাজনৈতিক ক্ষেত্ৰত নাৰী
৫৩ প্ৰবন্ধ
-
পৰী বিবি
পৰী বিবি (সুন্দৰী ভদ্ৰমহিলা), আনুষ্ঠানিক নাম ইৰাণ দুখট ৰহমত বাণু নামেৰে জনাজাত, যি ১৬৭৮ চনত মৃত্যুবৰণ কৰে। তেওঁ শায়েস্তা খানৰ কন্যা আছিল। শায়েস্তা খান চতুৰ্থ আছফ খানৰ পুত্ৰ আৰু মুমতাজ মহলৰ ভাতৃ আছিল।
-
ফাদুমো দায়িব
ফাদুমো কাছিম দায়িব, ডাকনাম ডেকো -যাৰ অৰ্থ ছোমালি ভাষাত "উপহাৰ"-, এগৰাকী ছোমালি ৰাজনীতিবিদ আৰু ২০১৬ চনৰ নৱেম্বৰ মাহত নিৰ্বাচনত অৱতীৰ্ণ হোৱা ছোমালিয়াৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথমগৰাকী মহিলা। ইষ্টাৰ্ন ফিনলেণ্ড বিশ্ববিদ্যালয় (এম পি এইচ, এম এছ) হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (MPA)
-
বাসৱৰাজেশ্বৰী
বাসৱৰাজেশ্বৰী জাহাগীৰদাৰ (Basavarajeshwari Jahagirdar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল৷ তেওঁ তিনিবাৰ সাংসদৰ সদস্য হৈছিল৷ তেওঁ ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাত বেলাৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
-
বিবি মুবাৰিকা
বিবি মুবাৰিকা বা বিবি মুবাৰিকা ইউছুফজাই আছিল মোগল সাম্ৰাজ্যৰ সম্ৰাজ্ঞী পত্নী। তেওঁ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক সম্ৰাট বাবৰৰ পঞ্চম পত্নী আছিল। হুমায়ুন-নামাত তেওঁৰ কথা সঘনাই উল্লেখ কৰা আছে, তেওঁৰ সতীয়া মাক গুলবদন বেগমৰ দ্বাৰা, যিয়ে তেওঁৰ সতীয়া সন্তান বিবি মুবাৰিকাক 'আফগান লেডী' বা 'আফগানি আঘাচা'…
-
মণিবেন পেটেল
মণিবেন পেটেল (Maniben Patel, ২৪ এপ্ৰিল ১৯০৪ — ২৬ মাৰ্চ ১৯৯০) ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী কৰ্মী আৰু ভাৰতীয় সংসদৰ সদস্য আছিল।তেওঁ স্বাধীনতা সংগ্ৰামী তথা স্বাধীনোত্তৰ ভাৰতীয় নেতা চৰ্দাৰ বল্লভভাই পেটেলৰ কন্যা।
-
মহুৱা মৈত্ৰ
মহুৱা মৈত্ৰ (Mahua Moi̯tra; জন্ম ১২ অক্টোবৰ ১৯৭৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ প্ৰাক্তন বিনিয়োগ বেংকাৰ।২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত কৃষ্ণনগৰৰ পৰা তেওঁ তৃণমূল কংগ্ৰেছ (টিএমচি) দলৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰি ২০১৯ চনৰ পৰা ২০২৩ চনত বহিষ্কাৰ নোহোৱালৈকে লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মালিকা জাহান
মালিকা জাহান (অৰ্থাৎ "বিশ্বৰ ৰাণী") আছিল এগৰাকী জয়ছালমেৰৰ ৰাজকুমাৰী, আৰু মোগল সম্ৰাট জাহাংগীৰৰ পত্নী।
-
মালিনী ভট্টাচাৰ্য
ড° মালিনী ভট্টাচাৰ্য Malini Bhattacharya) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)ক প্ৰতিনিধিত্ব কৰে৷ তেওঁ পশ্চিম বংগৰ যাদৱপুৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।
-
মাৰিয়ান আহমেদ আলি
মৰিয়ান বা মাৰিয়ান আহমেদ আলী পুণ্টলেণ্ডৰ এগৰাকী ৰাজনীতিবিদ, যি মহিলা উন্নয়ন আৰু পৰিয়াল পৰিক্ৰমা বিভাগৰ এগৰাকী প্ৰাক্তন মন্ত্ৰী (MOWDAFA) আছিল। তেওঁ ছোমালিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দিৱেলি গাছৰ মন্ত্ৰীসভাত কাৰ্যনিৰ্বাহ কৰিছিল।
-
মিনাক্ষী লেখী
মীনাক্ষী লেখী (Menakshi Lekhi; জন্ম: ৩০ এপ্ৰিল ১৯৬৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ১০ জুনলৈকে ভাৰতৰ বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতিৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাও।
-
মৰিয়ম কাছিম
মৰিয়ম কাছিম (ছোমালি: মৰিয়াম কাছিম আক্সমেদ, আৰবী: مريم قاسم) এগৰাকী ছোমালি ৰাজনীতিবিদ। ২০১২ চনৰ নৱেম্বৰৰ পৰা ২০১৪ চনৰ জানুৱাৰীলৈকে ছোমালিয়াৰ মানৱ উন্নয়ন আৰু জনসেৱা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ টায়ো ৰাজনৈতিক দলৰ অধ্যক্ষও।
-
সংগম লক্ষ্মী বাই
সংগম লক্ষ্মী বাই (Sangam Laxmi Bai, ২৭ জুলাই ১৯১১ – ১৯৭৯) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু সাংসদ সদস্য আছিল।
-
সন্তকবেন জাদেজা
সন্তকবেন জাদেজা গুজৰাটৰ এজন অপৰাধী আৰু ৰাজনীতিবিদ আছিল। তেওঁক জনপ্ৰিয়ভাৱে গডমাদাৰ নামেৰে জনা গৈছিল। তেওঁৰ কাৰ্যকলাপৰ এলেকা চিহ্নিত হৈছিল পোৰবন্দৰ আৰু ইয়াৰ আশে-পাশে। এসময়ত পোৰবন্দৰৰ অপৰাধমূলক অভিযানৰ তেওঁ আছিল এক গুৰুত্বপূৰ্ণ ভূমিকা।
-
সুখবংশ কৌৰ বিন্দৰ
সুখবংশ কৌৰ বিন্দৰ(১৯৪৩–২০০৬) ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ দেশৰ একমাত্ৰ মহিলা যি ছবাৰকৈ দেশৰ সংসদলৈ নিৰ্বাচিত হৈছে৷ তাৰে ভিতৰত তেওঁ পাঁচবাৰ লোকসভাৰ সাংসদ আৰু এবাৰ ৰাজ্যসভাৰ সাংসদ হৈছিল।
-
সুশীলা গণেশ মাৱালংকাৰ
সুশীলা গণেশ মাৱালংকৰ (Sushila Ganesh Mavalankar, ৪ আগষ্ট ১৯০৪ – ১১ ডিচেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আছিল৷ ১৯৫৬ চনত আহমেদাবাদৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ ১ নং লোকসভালৈ নিৰ্বাচিত হয়৷
-
সৰোজিনী মহিষী
সৰোজিনী বিন্দুৰাও মহিষী (Sarojini Mahishi; ৩ মাৰ্চ ১৯২৭ – ২৫ জানুৱাৰী ২০১৫) এগৰাকী ভাৰতীয় শিক্ষক, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ। ১৯৬২ চনৰ পৰা ১৯৮০ চনলৈকে তেওঁ চাৰিটা কাৰ্যকাল ধৰি ধৰৱাড় উত্তৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা কৰ্ণাটক ৰাজ্যৰ প্ৰথমগৰাকী মহিলা সংসদ সদস্য।
-
হোডান ছাইড ইছে
হোডান ছাইড ইছে পুণ্টলেণ্ডৰ ইউএনএফপিএ (UNFPA Goodwill Ambassador)ৰ সদস্য। ২০২৪ চনৰ ৮ জানুৱাৰী–২০১৯ চনৰ ৮ জানুৱাৰীলৈকে পুণ্টলেণ্ডৰ প্ৰাক্তন ফাৰ্ষ্ট লেডী আৰু পুণ্টলেণ্ডৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দিৱেলি মহম্মদ আলীৰ পত্নী।
-
ৰঞ্জনবেন ধনঞ্জয় ভাট
ৰঞ্জনবেন ধনঞ্জয় ভাট(Ranjanben Dhananjay Bhatt) (জন্ম ১০ আগষ্ট ১৯৬২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। ১৬ আৰু ১৭ নং লোকসভাৰ সদস্য হিচাপে কাম কৰি আহিছে। কেৰিয়াৰ ভাট্ট বৰোদাৰ উপ-মেয়ৰ আছিল। যোৱা ২২ বছৰ ধৰি "মহিলা ক্লাব" চলোৱা আৰু নেতৃত্ব দিয়াৰ কৃতিত্ব তেওঁক দিয়া হয়।
-
ৰাণী চিত্ৰলেখা ভোঁচলে
ৰাণী চিত্ৰলেখা ভোঁচলে (Rani Chitralekha Bhonsle, ২৬ ফেব্ৰুৱাৰী ১৯৪১ – ১৬ আগষ্ট ২০১৫) এগৰাকী ৰাজনৈতিক, সমাজকৰ্মী আৰু মহাৰাষ্ট্ৰৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱা এগৰাকী সাংসদ আছিল.
-
ৰাণী মঞ্জুলা দেৱী
ৰাণী মঞ্জুলা দেৱী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, পিথাপুৰমৰ ৰজাৰ কন্যা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে অসমৰ গোৱালপাৰাৰপৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল। মাদ্ৰাজৰ চাৰ্চ পাৰ্ক কনভেণ্টৰ ছাত্ৰী আছিল। ১৯৩২ চনত চিদলীৰ ৰজা ৰাজা অজিত নাৰায়ণ দেৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
-
ৰেখা গুপ্তা
ৰেখা গুপ্তা (Rekha Gupta,জন্ম ১৯ জুলাই ১৯৭৪) ভাৰতীয় জনতা পাৰ্টি, দিল্লীৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁক ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীৰ পৰা দিল্লীৰ নৱমগৰাকী মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই পদত অধিষ্ঠিত দিল্লীৰ তেওঁ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী আৰু সামগ্ৰিকভাৱে অষ্টম।
-
ৰেহমা গুলিয়ে
ৰেহমা বিন্ত গুলিয়ে, ৰহমা মহম্মদ গুলিয়ে বুলিও জনা যায়, ছোমালিয়াৰ ফেডাৰেল চৰকাৰৰ এগৰাকী ৰাজনীতিবিদ আৰু কৰ্মী। তেওঁ হিৰ্ছাবেল ৰাজ্যৰ মহিলা আৰু মানৱ অধিকাৰ মন্ত্ৰী, আৰু ডেগোডিয়া বংশৰ পৰা নিৰ্বাচিত হোৱা বৰ্তমানলৈ প্ৰথমগৰাকী ছোমালিয়ান সাংসদ। গুলিয়েৰ জন্ম হৈছিল কেনিয়াৰ মাণ্ডেৰাত।
-
ৱাংগাৰি মাথাই
ৱাংগাৰী মাথাই (Wangarĩ Maathai; ১ এপ্ৰিল ১৯৪০ – ২৫ ছেপ্টেম্বৰ ২০১১) কেনিয়াৰ এগৰাকী সামাজিক, পৰিৱেশ আৰু ৰাজনৈতিক কৰ্মী যি গ্ৰীণ বেল্ট আন্দোলন প্ৰতিষ্ঠা কৰিছিল৷ এয়া এক পৰিৱেশনিৰ্ভৰ বেচৰকাৰী সংস্থা যি বৃক্ষৰোপণ, পৰিৱেশ সংৰক্ষণ আৰু মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।