হিন্দু ধৰ্ম
১৩৪ প্ৰবন্ধ
-
ব্ৰহ্মবধ
ব্ৰহ্মবধ বা ব্ৰহ্মহত্যা (সংস্কৃত: ब्रह्महत्या), ব্ৰাহ্মণহত্য (সংস্কৃত:ब्राह्मणहत्या) বুলিও অনুবাদ কৰা হৈছে "ব্ৰাহ্মণক হত্যা কৰা" সংস্কৃত শব্দ। ইংৰাজীত ইয়াক ব্ৰাহ্মণহত্যা বুলি অনুবাদ কৰা হৈছে। মনুস্মৃতিয়ে ব্ৰাহ্মণৰ হত্যাক পাপৰ ভিতৰত সৰ্বোচ্চ, আৰু মহাপাতকৰ ভিতৰত সৰ্বোচ্চ (মৰ্ত্যৰ পাপ) বুলি গণ্য কৰে।
-
ব্ৰহ্মমুহূৰ্ত
ব্ৰহ্মমুহূৰ্ত (ब्रह्ममुहूर्त, অৰ্থাৎ 'ব্ৰহ্মাৰ সময়') বিশেষ ৪৮ মিনিটৰ সময়ছোৱা, যি সময় সূৰ্য উদয়ৰ এঘণ্টা ৩৬ মিনিট আগতে আৰম্ভ হয়, আৰু সূৰ্য উদয়ৰ ৪৮ মিনিট আগতে শেষ হয়।
-
ব্ৰাহ্মীষ্ঠ
ব্ৰাহ্মীষ্ঠ শব্দটো শ্ৰেষ্ঠতম বৈদিক পণ্ডিতক বুজাবলৈ ব্যৱহাৰ কৰা সংস্কৃত শব্দ। ব্ৰাহ্মীষ্ঠ শব্দটো বৈদিক সাহিত্যত পোৱা যায়। বেদৰ সৰ্বোচ্চ জ্ঞান লাভ কৰা ব্ৰাহ্মণক ব্ৰাহ্মীষ্ঠ বুলি কোৱা হয়। ব্ৰাহ্মীষ্ঠ শব্দটোক "ব্ৰহ্মৰ শ্ৰেষ্ঠ জ্ঞানী" বুলিও সংজ্ঞায়িত কৰা হৈছে।
-
ভক্তি যোগ
ভক্তি যোগ (সংস্কৃত: भक्ति योग), যাক ভক্তি মাৰ্গ (भक्ति मार्ग) বুলিও কোৱা হয় (আক্ষৰিক অৰ্থত ‘‘ভক্তি’’-ৰ পথ), হিন্দুধৰ্মৰ এটা আধ্যাত্মিক পথ বা আধ্যাত্মিক সাধনা, যি কোনো ব্যক্তিগত দেৱতাৰ প্ৰতি প্ৰেমমূলক ভক্তিত কেন্দ্ৰিত।
-
মংগল সূত্ৰ
মংগল সূত্ৰ (Mangala sutra) হিন্দু সংস্কৃতিত বিশেষকৈ ভাৰতীয় উপমহাদেশত প্ৰচলিত বিবাহিত মহিলাসকলে ডিঙিত পৰিধান কৰা পৱিত্ৰ অলংকাৰ। হিন্দু ৰীতি-নীতিৰে কৰোৱা বিবাহত দৰায়ে কইনাক মংগল সূত্ৰ পৰিধান কৰায়। বিবাহিত সধৱা তিৰোতায়ে গোটেই জীৱন মংগল সূত্ৰ পৰিধান কৰে।
-
মহন্ত
মহন্ত হ'ল হিন্দু ধৰ্মৰ (সনাতন) ধৰ্মীয় অতি উচ্চ বৰ্ণ, বিশেষকৈ এই শ্ৰেণীৰ লোক সকল সত্ৰৰ গৰাকী মহন্ত সকলে গোস্বামী,দেৱ গোস্বামী,অধিকাৰী আৰু নামনি অসমত তেওঁলোকে ৰায়চৌধুৰী,দত্ত বৰুৱা,দত্ত আদি উপাধি লয় কিন্তু উজনিত এই শেষৰ উপাধি কলিতা আদি লোক সকলে লিখে।
-
মিথিলাত ৰামৰ যাত্ৰা
মিথিলাত ৰামৰ যাত্ৰা হৈছে ৰামায়ণ মহাকাব্যৰ সেই অংশ, য’ত ঋষি বিশ্বামিত্ৰৰ আশ্ৰমৰপৰা আৰম্ভ কৰি মিথিলা ৰাজ্যলৈকে শ্ৰীৰামৰ যাত্ৰাৰ বৰ্ণনা পোৱা যায়। এই যাত্ৰাত অযোধ্যাৰ ৰাজকুমাৰ ৰাম আৰু লক্ষ্মণে গুৰু বিশ্বামিত্ৰৰ সৈতে বহু পৱিত্ৰ স্থান অতিক্ৰম কৰি শেষত মিথিলাৰ ৰাজধানী জনকপুৰত উপস্থিত হৈছিল।
-
মুখাগ্নি
মুখাগ্নি হৈছে এগৰাকী হিন্দুৰ মৃতদেহ সৎকাৰ কৰা সময়ত পোন প্ৰথম অগ্নি সংযোগ কৰা এক নিয়ম। প্ৰাচীন কালৰে পৰা হিন্দু সমাজত এই ৰীতি প্ৰচলন হৈ আহিছে। যথাবিহিত নিয়মেৰে মৃতদেহ শ্মশানলৈ নিয়াৰ পিছত চিতাত তোলা হয়।
-
মোমাই মাতা দেৱী
মোমাই বা মোমাই মাতা যাক দশমা নামেৰেও জনা যায়, এগৰাকী গুজৰাট ৰাজ্যৰ আঞ্চলিক হিন্দু দেৱী, বিশেষকৈ কুচ্চৰ মৰুভূমি অঞ্চলত এই দেৱী অধিক জনপ্ৰিয়।
-
শিৱ তাণ্ডৱ স্তোত্ৰ
শিৱ তাণ্ডৱ স্তোত্ৰ (शिवताण्डवस्तोत्र) হৈছে হিন্দু দেৱতা শিৱৰ গুণ-গৰিমা বৰ্ণনা কৰা এক সংস্কৃত স্তোত্ৰ। পৰম্পৰাগতভাৱে পৰম শিৱভক্ত লংকেশ্বৰ ৰাৱণক এই স্তোত্ৰ ৰচনাৰ কৃতিত্ব দিয়া হয়। জনবিশ্বাস অনুসৰি ৰাৱণে মোক্ষপ্ৰাপ্তিৰ বাবে শিৱক বন্দনা কৰি এই শ্লোক ৰচনা কৰিছিল।
-
সপ্তপদী
সপ্তপদী (सप्तपदी; আক্ষৰিক অৰ্থত 'সাত খোজ একেলগে লোৱা'), বা সাত ফেৰা (আক্ষৰিক অৰ্থত 'সাতটা প্ৰদক্ষিণ')ক হিন্দু বিবাহ অনুষ্ঠানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংস্কাৰ বুলি গণ্য কৰা হয়। এই ৰীতি-নীতিত দৰা-কইনাই পবিত্ৰ জুইৰ চাৰিওফালে সাতটা ঘূৰণীয়া বা সাতটা ফেৰা একেলগে লৈ প্ৰতিটো চক্ৰৰ বাবে ব্ৰত লয়।
-
হৰি ঔম
হৰি ওঁম বা হৰি ঔম(हरि ॐ) হিন্দু মন্ত্ৰ। হিন্দু ধৰ্মৰ অনুগামীসকলে পৱিত্ৰ ওঁম মন্ত্ৰৰ দৰেই হৰি ওঁম শুভ কামৰ আৰম্ভণিৰ সময়ত বা ধ্যান-ধাৰণৰ সময়ত জপ কৰে। ইয়াক অভিবাদন হিচাপেও ব্যৱহাৰ কৰা হয়।
-
অষ্টসখী
অষ্টসখী হৈছে ব্ৰজ অঞ্চলৰ আঠজন বিশিষ্ট গোপী আৰু হিন্দু দেৱতা ৰাধা-কৃষ্ণৰ ঘনিষ্ঠ সংগী। বৈষ্ণৱ ধৰ্মৰ বহু উপ-পৰম্পৰাত, তেওঁলোকক কৃষ্ণৰ দেৱী আৰু পত্নী হিচাপে শ্ৰদ্ধা কৰা হয়।
-
অৰণ্যানী
অৰণ্যানী হ'ল হিন্দু ধৰ্মৰ মতে অৰণ্য আৰু ইয়াৰ ভিতৰত বাস কৰা বন্যপ্ৰাণীৰ দেৱী (বন দেৱী)।
-
আদি পেৰুক্কু
আদি পেৰুক্কু হৈছে এক হিন্দু উৎসৱ, যিটো তামিল মাহ ‘আদি’ৰ ১৮তম দিনা তামিল লোকসকলে উদযাপন কৰে। এই উৎসৱত সাধাৰণতে মৌচুমী ঋতুত নদীৰ জলস্তৰ বৃদ্ধিক চিহ্নিত কৰিবলৈ আৰু পানীৰ জীৱনদায়ী গুণৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ নদীৰ পাৰত প্ৰাৰ্থনা কৰা হয়। এই দিনটোত হিন্দু দেৱী আম্মানৰ বিভিন্ন ৰীতি-নীতিৰে পূজা কৰা হয়।
-
ইৰানত হিন্দু ধৰ্ম
ইৰাণৰ হিন্দু ধৰ্ম (Hinduism in Iran) হৈছে এটা সংখ্যালঘিষ্ঠ ধৰ্ম। ২০১৫ চনলৈকে ইৰাণত ৩৯,২০০ জন হিন্দু বাস কৰিছিল।[ আৰ্য সমাজে দুটা হিন্দু মন্দিৰ নিৰ্মাণ কৰিছিল, এটা বান্দৰ আব্বাছত আৰু এটা জাহেদানত, দুয়োটা মন্দিৰ ১৯ শতিকাৰ শেষৰফালে ভাৰতীয় বণিকৰদ্বাৰা পুঁজিৰে নিৰ্মাণ কৰা হৈছিল।
-
কুণ্ডলিনী
কুণ্ডলিনী (সংস্কৃত: कुण्डलिनी, ৰোমানীকৃত: kuṇḍalinī; আক্ষৰিক অৰ্থ: 'কুণ্ডলীবদ্ধ সৰ্প') হিন্দু ধৰ্মত বৰ্ণনা কৰা অনুসৰি মেৰুদণ্ডৰ গুৰিৰ অংশ মূলাধাৰত অৱস্থিত শক্তিৰ নাৰী স্বৰূপ (বা শক্তি) বুলি বিশ্বাস কৰা হয়।
-
কৈলাশ মানস সৰোবৰ যাত্ৰা
কৈলাস মানস সৰোবৰ যাত্ৰা চীনৰ তিব্বতত অৱস্থিত এখন পৱিত্ৰ তীৰ্থক্ষেত্ৰ আৰু পৰ্বতমালাৰ এক তীৰ্থযাত্ৰা। হিন্দু, বৌদ্ধ, জৈন আৰু বন ধৰ্মৰ অনুগামীসকলৰ বাবে ই এক গভীৰ ধৰ্মীয় আৰু আধ্যাত্মিক তাৎপৰ্যৰ যাত্ৰা।
-
কোট্টাই মৰিয়াম্মান
কোট্টাই মৰিয়াম্মান ২০০১ চনত ৰচিত আৰু পৰিচালিত তামিল ভাষাৰ হিন্দু ভক্তিমূলক চলচ্চিত্ৰ। ছবিখনত কৰণ আৰু দেৱাযানীৰ সৈতে ৰোজাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল৷ দেৱাই সংগীত নিৰ্মাণ কৰা ছবিখন ২০০১ চনৰ ডিচেম্বৰ মাহত মুক্তি পায়।
-
চেক গণৰাজ্যত হিন্দু ধৰ্ম
হিন্দু ধৰ্ম হʼল চেক গণৰাজ্যৰ এটি সংখ্যালঘু ধৰ্মীয় বিশ্বাস আৰু ২০২১ চনৰ এক তথ্য অনুসৰি দেশখনৰ মুঠ জনসংখ্যাৰ ০.০২% (২,০২৪ জন) লোকে হিন্দুধৰ্ম অনুসৰণ কৰে। চেক গণৰাজ্যত মুঠ তিনিটা সম্প্ৰদায়ে হিন্দুধৰ্মৰ প্ৰতিনিধিত্ব কৰে। সেইবোৰ হʼল: চেক হিন্দু ধৰ্মীয় সমাজ, হৰে কৃষ্ণ আন্দোলন আৰু বিশ্ব নিৰ্মল ধৰ্ম।
-
চোত্তানীক্কাৰ ভগৱতী মন্দিৰ
চোত্তানীক্কাৰ ভগৱতী মন্দিৰ (Chottanikkara Bhagavathy Temple) কেৰালাৰ এৰ্ণাকুলাম জিলাৰ চোত্তানিক্কাৰা গাঁৱত অৱস্থিত ভগৱতী দেৱীৰ নামত উৎসৰ্গিত এটা হিন্দু মন্দিৰ। কোচিন দেৱস্বম ব’ৰ্ডে মন্দিৰটো পৰিচালনা কৰে। ব’ৰ্ডৰ অধীনত থকা ৪০৯টা মন্দিৰৰ ভিতৰত এইটো অন্যতম গুৰুত্বপূৰ্ণ তীৰ্থস্থান।
-
জাপানত হিন্দু ধৰ্ম
জাপানত হিন্দু ধৰ্ম এক সংখ্যালঘু ধৰ্ম। পিচে, বৌদ্ধ ধৰ্মৰ সৈতে সামঞ্জস্য থকা এই ধৰ্মৰ, ই এক সংখ্যালঘু ধৰ্ম হ'লেও, জাপানৰ সংস্কৃতিত বিশেষ প্ৰভাৱ দেখা যায়। হিন্দু ধৰ্মৰ সৃষ্ট অনেক ধাৰণা, দেৱতা আদি, বৌদ্ধ ধৰ্মৰ মাধ্যমেৰে, বা পোণপতীয়াকৈ জাপানী লোকবিশ্বাসত সোমাইছে।
-
জ্বালা (দেৱী)
জৱালা হ'ল এগৰাকী হিন্দু দেৱী। জ্বলাৰ শাৰীৰিক প্ৰকাশ সাধাৰণতে চিৰন্তন শিখাৰ এটা গোট। হিন্দু মন্দিৰ জ্বালা (শিখা) বা জ্বলা মুখী (জুইৰ দৰে জিলিকি থকা মুখৰ ব্যক্তি)ৰ কথা মহাভাৰত আৰু অন্যান্য ধৰ্মগ্ৰন্থত উল্লেখ আছে।
-
টোটয়
তোটয় (টোটয়) হৈছে হিন্দু ধৰ্মৰ বৈষ্ণৱ পন্থাৰ অনুগামীসকলে ভগৱান বিষ্ণুৰ উপাসনাৰ উদ্দেশ্যে ৰচনা আৰু পৰিৱেশন কৰা একধৰণৰ স্তুতিগীত। তোটয় শব্দটো সংস্কৃত ভাষাৰ তোটক শব্দৰ পৰা আহিছে। চন্দ্ৰকান্ত অভিধানৰ মতে মূল সংস্কৃত শব্দ তোটকৰ অৰ্থ হৈছে, বাৰটা আখৰ থকা এবিধ ছন্দযুক্ত নাম।
-
ত্ৰিপুণ্ড্ৰ
ত্ৰিপুণ্ড্ৰ (Tripundra) শৈৱ সম্প্ৰদায়ৰ লোকসকলে ব্যৱহাৰৰ কৰা তিনি ৰেখাযুক্ত তিলক। দক্ষিণ ভাৰতত উৎপত্তি হোৱা ই এক প্ৰকাৰৰ শৰীৰ কলা। ত্ৰিপুণ্ড্ৰ সাধাৰণতে কপালত তিনিটা পথালি ৰেখা অংকন অংকন কৰা হয়। সাধাৰণতে পৱিত্ৰ ছাই বা বিভূতিৰ পৰা তৈয়াৰ কৰা ৰেখা আৰু সেন্দূৰৰ বিন্দুৰ সৈতে ত্ৰিপুণ্ড্ৰ অংকন কৰা হয়।
-
দক্ষৰ কন্যাৰ তালিকা
হিন্দু ধৰ্মত দক্ষ এজন প্ৰজাপতি, আৰু সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মৰ পুত্ৰ৷ হিন্দু সাহিত্যত আছিকনী আৰু প্ৰসূতি দুয়োকে দক্ষৰ পত্নীৰ নাম বুলি চিনাক্ত কৰা হৈছে। দক্ষৰ কিছুমান উল্লেখযোগ্য কন্যাৰ ভিতৰত আদিত্যৰ মাতৃ অদিতি, দৈত্যৰ মাতৃ দিতি, দানৱৰ মাতৃ দনু, যজ্ঞৰ দেৱী আৰু অগ্নিৰ পত্নী স্বাহা আৰু শিৱৰ প্ৰথম…
-
দেশ অনুসৰি হিন্দু ধৰ্ম
হিন্দু ধৰ্মৰ বিশ্বজুৰি প্ৰায় ১.২ বিলিয়ন (১২০ কোটি) অনুগামী আছে, যি বিশ্বৰ মুঠ জনসংখ্যাৰ ১৪.৯% প্ৰতিনিধিত্ব কৰে। ২০১২ চনত খ্ৰীষ্টান ধৰ্ম (৩১.৫%) আৰু ইছলাম ধৰ্ম (২৩.২%) তথা ধৰ্মহীন লোকসকলৰ (১৬.৩%) পিছতে হিন্দু ধৰ্ম (১৫%) আছিল বিশ্বৰ তৃতীয় বৃহত্তম ধৰ্ম।
-
নন্দক
নন্দক (नन्दक) বা নন্দকী হৈছে হিন্দুসকলৰ ত্ৰিদেৱৰ অন্যতম দেৱতা বিষ্ণুৰ তৰোৱাল। সাধাৰণতে বিষ্ণুক তেওঁৰ সচৰাচৰ চতুৰ্ভুজতকৈ অধিক হাতৰ সৈতে প্ৰতিনিধিত্ব কৰা চিত্ৰত নন্দকক চিত্ৰিত কৰা হয়। হিন্দু শাস্ত্ৰত তৰোৱালক জ্ঞানৰ লগত তুলনা কৰা হৈছে।
-
নাগা সাধু
নগা সাধু হৈছে হিন্দু সন্ন্যাসী যি দিগম্বৰ হৈ থকা আৰু যুদ্ধ কলা বিশেষজ্ঞ হিচাপে বিখ্যাত। আদিগুৰু শংকৰাচাৰ্যই আৰম্ভ কৰা এই পৰম্পৰা অনুসৰি তেওঁলোকে বিভিন্ন আখৰা বা আশ্ৰমত বাস কৰে।
-
পূৰ্ণৱল্লী থায়াৰ
পূৰ্ণৱল্লী থায়াৰ এগৰাকী হিন্দু দেৱী। লক্ষ্মীৰ নাম পূৰ্ণৱল্লী। পুৰনাৱল্লীক "পুৰ্ভা দেৱী" বুলিও কোৱা হয়। হিন্দু সকলে ইয়াক ধন-সম্পত্তিৰ দেৱী বুলি বিশ্বাস কৰে।