হিন্দু ধৰ্ম
১৩৪ প্ৰবন্ধ
-
অভিষেক
অভিষেক ( সংস্কৃত: अभिषेक) বা অভিষেকম হৈছে ধৰ্মীয় ৰীতি বা প্ৰাৰ্থনাৰ পদ্ধতি য'ত ভক্তই কোনো দেৱতাৰ প্ৰতিমূৰ্তি বা মূৰ্তিৰ ওপৰত তৰল প্ৰসাদ ঢালি দিয়ে। হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ দৰে ধৰ্মৰ ক্ষেত্ৰত ই এক সাধাৰণ কৰ্ম৷
-
আত্ৰেয়
আত্ৰেয় (आत्रेय) হ’ল হিন্দু ঋষিসকলৰ ভিতৰত অন্যতম অত্ৰিৰ বংশধৰ যাৰ অৱদানসমূহ পুৰাণসমূহত উল্লিখিত আছে। ভাৰত আৰু নেপালৰ ব্ৰাহ্মণসমাজে ব্যৱহাৰ কৰা আন বহুতো গোত্ৰৰ দৰে অত্ৰি ঋষিৰ বংশধৰ সকলেও আত্ৰেয় তেওঁলোকৰ উপাধি হিচাপে ব্যৱহাৰ কৰে।
-
কমণ্ডলু
কমণ্ডলু (कमण्डलु) ), কমণ্ডল বা কমণ্ডলম হৈছে এক ডিম্বাকাৰ পানীৰ পাত্ৰ। এই পাত্ৰৰ মূল হৈছে ভাৰতীয় উপমহাদেশ। শুকান ৰঙালাও বা নাৰিকলৰ খোলা, ধাতু, কমণ্ডলতৰু গছৰ কাঠ, বা মাটিৰ সহায়ত সাধাৰণতে হেণ্ডেল আৰু পানী ওলাই আহিব পৰা এডাল নলী সহ নিৰ্মিত।
-
নিকুম্ভ
নিকুম্ভ (निकुम्भ) হিন্দু পৌৰাণিক কাহিনীত একাধিক সত্ত্বাৰ নাম, এজন ৰাক্ষস আৰু এজন দানৱ।
-
পিনাক
পিনাক ভগৱান শিৱৰ স্বৰ্গীয় ধনু। জনপ্ৰিয় কিংবদন্তি অনুসৰি তেওঁ ত্ৰিপূৰা নামেৰে জনাজাত মায়াসুৰৰ তিনিখন নগৰ ধ্বংস কৰিবলৈ এই ধনুখন ত্ৰিপুৰান্তক হিচাপে নিজৰ অৱতাৰত ব্যৱহাৰ কৰিছিল বুলি বিশ্বাস কৰা হয়। এই অস্ত্ৰটোৱেই হৈছে শিৱৰ অন্যতম উপনাম পিনাকপাণিৰ উৎপত্তি, যাৰ আক্ষৰিক অৰ্থ হৈছে, 'পিনাক ধাৰণকাৰী'।
-
প্ৰাৰ্থনা সমাজ
প্ৰাৰ্থনা সমাজ (Prarthana Samaj বা Prayer Society) আছিল ভাৰতৰ বোম্বাইত আৰম্ভ হোৱা এটা সামাজিক আৰু ধৰ্মীয় আন্দোলন। ইয়াৰ ভেটি আছিল পূৰ্ববৰ্তী সংস্কাৰ আন্দোলনসমূহ। প্ৰাৰ্থনা সমাজৰ গুৰি ধৰে দাদোবা পাণ্ডুৰাং আৰু তেখেতৰ ভ্ৰাতৃ আত্মাৰাম পাণ্ডুৰাঙে, ১৮৬৩ চনত।
-
ব্ৰহ্মৰ্ষি
হিন্দু ধৰ্মত এজন ব্ৰহ্মৰ্ষি (ব্ৰহ্ম আৰু ঋষিৰ তৎপুৰুষ সমাসবদ্ধ শব্দ) ঋষিসকলৰ উচ্চতম স্থানৰ ঋষি। ব্ৰহ্মৰ অৰ্থ সম্পূৰ্ণৰূপে বুজি জ্ঞান লাভ কৰি জীৱনমুক্ত হৈ ব্ৰহ্মজ্ঞান নামৰ সৰ্বোচ্চ ঐশ্বৰিক জ্ঞান (সৰ্বজ্ঞান) পোৱা আৰু এই আত্মজ্ঞান লাভ কৰা ঋষিক ব্ৰহ্মৰ্ষি বোলে।
-
ৰাধাষ্টমী
ৰাধাষ্টমী ( Radhashtami) কৃষ্ণ দেৱতাৰ প্ৰধান সংগী ৰাধা দেৱীৰ জন্ম জয়ন্তী উপলক্ষে হিন্দু ধৰ্মীয় দিৱস। ভাদ মাহৰ (আগষ্ট - ছেপ্টেম্বৰ) শুক্লপক্ষৰ অষ্টম দিনত (অষ্টমী তিথিত) তেওঁৰ জন্মস্থান বৰসনা আৰু সমগ্ৰ ব্ৰজ অঞ্চলত পালন কৰা হয়। কৃষ্ণ জন্মাষ্টমীৰ পোন্ধৰ দিনৰ পিছত ৰাধাষ্টমী পৰে।
-
অৱৎসৰ
অৱৎসৰ ঋগবেদত উল্লেখ থকা এগৰাকী ঋষি। তেওঁৰ নাম প্ৰথমে পঞ্চম মণ্ডলৰ ৪৪ নং সূক্তত পোৱা যায়।
-
আত্মা (হিন্দু ধৰ্ম)
হিন্দু ধৰ্মত আত্মা হৈছে কোনো জীৱৰ প্ৰকৃত, অন্তৰ্নিহিত সত্তা বা আত্মা, যাক চিৰন্তন আৰু অপৰিৱৰ্তিত বুলি বিশ্বাস কৰা হয়। আত্মাটো ধাৰণাগতভাৱে ব্যক্তিগত আত্মা, জীৱাত্মৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, যি একাধিক শৰীৰ আৰু জীৱনকালৰ মাজেৰে স্থায়ী হৈ থাকে, কিন্তু ই আত্ম-বুদ্ধি বা অহংকাৰ (আহমকাৰ), মনৰ আৱেগিক দিশ…
-
আৰতি (হিন্দু ধৰ্ম)
আৰ্তি বা আৰতি ( সংস্কৃত: आरति) বা আৰ্টিহৈছে পূজাৰ অংশ, য'ত দেৱতাক পূজাৰ বাবে দিয়া ৱচক্ক-বন্তি (কৰ্পুৰ, ঘিউ বা তেল ব্যৱহাৰ কৰি জ্বলোৱা) আনুষ্ঠানিকভাৱে লৰাই-চৰাই বা ঘূৰাই দিয়া হয়। আৰ্তি বুলিলে শিখ আৰ্তিয়ে দেৱতাৰ প্ৰশংসাত গোৱা স্তুতি গীতবোৰকো বুজায়।
-
কলচী
কলশ বা কলহ বা কলচী, পূৰ্ণ-কলশ, পূৰ্ণ-কুম্ভ, পূৰ্ণ-ঘট ঘট বা কুম্ভ বুলিও কোৱা হয় ডাঙৰ ভিত্তি আৰু সৰু মুখৰ সৈতে এটা ধাতুr (পিতল, তাম, ৰূপ বা সোণ) পাত্ৰ। হিন্দু, জৈন আৰু বৌদ্ধ পৰম্পৰাত ইয়াক দেৱতাক বা সন্মানীয় অতিথিৰ বাবে আনুষ্ঠানিক প্ৰসাদ হিচাপে আৰু মন্দিৰ আৰু অট্টালিকা সজোৱাৰ বাবে শুভ প্ৰতীক হিচাপে…
-
গণ্ডভেৰুণ্ড
গণ্ডভেৰুণ্ড (गण्डभेरुण्ड) বা ভেৰুণ্ড (সংস্কৃত: भेरुण्ड) হৈছে হিন্দু পৌৰাণিক আখ্যানসমূহৰ দুটা শিৰযুক্ত এক পক্ষী। ইয়াক অপৰিসীম যাদুকৰী শক্তিৰ অধিকাৰী বুলি বিশ্বাস কৰা হয়। পৰৱৰ্তী কালৰ বৈষ্ণৱ পৰম্পৰাত ইয়াক শৰভৰ সৈতে যুঁজিবলৈ বিষ্ণুৱে ধাৰণ কৰা এটা ৰূপ বুলি ধৰা হয়।
-
গুণ্ডিচা মন্দিৰ
গুণ্ডিচা মন্দিৰ (ଗୁଣ୍ଡିଚା ମନ୍ଦିର), হৈছে ভাৰতৰ ওড়িশা ৰাজ্যৰ মন্দিৰ চহৰত পুৰীত অৱস্থিত এটা হিন্দু মন্দিৰ। ই পুৰীত উদ্যাপিত বাৰ্ষিক ৰথ যাত্ৰাৰ গন্তব্যস্থান হোৱাৰ বাবে বিখ্যাত।
-
গোলোক
গোলোক ( गोलोक) বা গোলোক বৃন্দাবন হিন্দু দেৱতা কৃষ্ণ আৰু তেওঁৰ প্ৰধান প্ৰেমিকা ৰাধাৰ সৰগীয় বাসস্থান। ভাগৱত পুৰাণ আৰু গৰ্গ সংহিতাত কৃষ্ণক তেওঁৰ প্ৰেমিকা ৰাধাৰ সৈতে গোলোকত বাস কৰা শ্ৰেষ্ঠ ব্যক্তি হিচাপে চিত্ৰিত কৰা হৈছে।
-
দক্ষিণ-পূব এছিয়াত হিন্দু ধৰ্ম
দক্ষিণ-পূব এছিয়াত হিন্দু ধৰ্মৰ এক গভীৰ প্ৰভাৱ আছিল, যিয়ে এই অঞ্চলটোৰ সাংস্কৃতিক বিকাশ আৰু ইতিহাসক এক নতুন ৰূপ দিছিল। ভাৰতীয় উপমহাদেশৰপৰা ইণ্ডিক (ভাৰতীয়) লিপিসমূহৰ আগমনৰ লগে লগে, প্ৰথমৰপৰা পঞ্চম শতিকাৰ ভিতৰত এই অঞ্চলৰ লোকসকলে নিজৰ প্ৰথমবোৰ শিলালিপি বা লিখনী প্ৰস্তুত কৰি ঐতিহাসিক যুগত প্ৰৱেশ কৰে।
-
দেৱী ভাগৱত পুৰাণ
দেৱী ভাগৱত পুৰাণ (সংস্কৃত: देवी भागवतपुराणम्), দেৱী পুৰাণ বা সৰলভাৱে দেৱী ভাগৱত বুলিও কোৱা হয়, হিন্দু ধৰ্মৰ শিৱ পুৰাণ অনুসৰি আঠাইশখন মহাপুৰাণৰ ভিতৰত অন্যতম। বেদ ব্যাসৰ দ্বাৰা সংস্কৃত ভাষাত ৰচনা কৰা এই গ্ৰন্থখন দেৱী উপাসক (শাক্ত)সকলৰ বাবে এক প্ৰধান পুৰাণ হিচাপে গণ্য কৰা হয়।
-
নেপালত হিন্দুধৰ্ম
হিন্দুধৰ্ম হৈছে নেপালৰ প্ৰধান আৰু সৰ্ববৃহৎ ধৰ্ম। খ্ৰীষ্টাব্দ ২০০৬ চনত ৰাজতন্ত্ৰৰ উচ্ছেদৰ পিছত নেপালে নিজকে ধৰ্মনিৰপেক্ষ দেশ হিচাপে ঘোষণা কৰে। নেপালৰ লোকপিয়ল অনুসৰি নেপালত হিন্দু ধৰ্মালম্বীৰ সংখ্যা প্ৰায় ২ কোটি ৩৬ লাখ ৭৭ হাজাৰ ৭৪৪ জন, যি দেশখনৰ জনসংখ্যাৰ প্ৰায় ৮১.১৯ শতাংশ।
-
বাংলাদেশত হিন্দুধৰ্ম
]] হিন্দু ধৰ্ম হ'ল বাংলাদেশৰ দ্বিতীয় বৃহত্তম প্ৰচলিত ধৰ্ম। ২০২২ চনৰ লোকপিয়ল অনুসৰি বাংলাদেশৰ জনসংখ্যাৰ ৭.৯৫ শতাংশ হ'ল হিন্দু। জনসংখ্যাৰ দিশৰপৰা, ভাৰত আৰু নেপালৰ পিছতেই বাংলাদেশ হ'ল পৃথিৱীৰ তৃতীয় বৃহত্তম হিন্দু জনবহুল দেশ।
-
বেন (হিন্দু ৰজা)
বেন (সংস্কৃত: वेन; আক্ষৰিক অৰ্থ. 'যন্ত্ৰণাদায়ক') হৈছে দুষ্টতা আৰু অপশাসনৰ বাবে কুখ্যাত এজন হিন্দু ধৰ্মৰ পৌৰাণিক ৰজা। তেওঁ আছিল প্ৰথম মনুৰ বংশধৰ। তেওঁ ৰাজপাটত বহাৰ লগে লগে তেওঁৰ ৰাজ্যত সকলো পূজা, অৰ্চনা আৰু বলিদান নিষিদ্ধ কৰি দিছিল।
-
বৌদ্ধযান
বৌদ্ধযান আছিল এজন প্ৰাচীন ভাৰতীয় গণিতজ্ঞ আৰু বৈদিক ঋষি, খ্ৰীষ্টপূৰ্ব অষ্টম-৭ম শতিকাৰ আশে-পাশে বাস কৰা বুলি বিশ্বাস কৰা হয়। প্ৰাথমিক ভাৰতীয় গণিত আৰু জ্যামিতিৰ অৱদানৰ বাবে তেওঁ প্ৰধানকৈ বৌদ্ধযান সূত্ৰৰ ৰচনাৰ বাবে বিখ্যাত।
-
বৰমালা
বৰমালা বা জয়মালা (Varmala) ভাৰতীয় উপমহাদেশৰ বিশেষকৈ হিন্দু সংস্কৃতিৰ জনপ্ৰিয় বিবাহ অনুষ্ঠানৰ প্ৰতীক বিবাহৰ মালা। আঞ্চলিক পৰম্পৰা অনুসৰি বৰমালা ফুল আৰু বিভিন্ন সামগ্ৰীৰে তৈয়াৰ কৰা হয়।
-
মৃকান্দ
মৃকান্দ বা মৃকাণ্ড হিন্দু পৌৰাণিক কাহিনীৰ এজন ঋষি। তেওঁ মনস্বিনীৰ স্বামী আৰু মাৰ্কণ্ডেয়ৰ পিতৃ।
-
শ্মশান
শ্মশান হৈছে হিন্দু সকলৰ মৃতকৰ এক অন্ত্যেষ্টিক্ৰিয়া সমাপন স্থলী, য'ত মৃতদেহবোৰ চিতাত জ্বলাই দিয়া হয়। ই সাধাৰণতে এখন গাওঁ বা চহৰৰ একাষৰীয়া ঠাই, নদী বা যিকোনো পানীৰ উৎসৰ ওচৰত অৱস্থিত। শ্মশানবোৰ সাধাৰণতে নদীঘাটৰ ওচৰত অৱস্থিত হোৱা বাবে ইয়াক শ্মশান ঘাট বুলিও কোৱা হয়।
-
হৰ হৰ মহাদেৱ
হৰ হৰ মহাদেৱ হিন্দু দেৱতা শিৱৰ প্ৰশংসাত সংস্কৃত আমন্ত্ৰণ। এই আমন্ত্ৰণত শিৱৰ দুটা উপনাম হৰ আৰু মহাদেৱ ব্যৱহাৰ কৰা হয়। সাধাৰণতে ইয়াক শিৱৰ অনুগামীসকলে শুভ অনুষ্ঠান যেনে প্ৰাৰ্থনা আৰু শিৱ মন্দিৰত প্ৰৱেশৰ সময়ত জপ কৰে।
-
ইণ্ডোনেছিয়াত হিন্দু ধৰ্ম
হিন্দু ধৰ্ম হৈছে ইণ্ডোনেছিয়াৰ তৃতীয় বৃহত্তম ধৰ্ম, যাক গৃহ মন্ত্ৰ্যালয়ৰ ২০২৩ চনৰ নাগৰিক পঞ্জীয়ন তথ্য অনুসৰি দেশৰ জনসংখ্যাৰ প্ৰায় ১.৬৮ শতাংশ লোকে পালন কৰে।
-
কুক্কুটধ্বজ
কুক্কুটধ্বজ (সংস্কৃত: कुक्कुटध्वज) বা কুকুৰাৰ পতাকা হিন্দু দেৱতা কাৰ্তিকৰ পতাকা, তামিল পৰম্পৰাত স্কণ্ড আৰু মুৰুগান বুলিও কোৱা হয়। তেওঁৰ আইকনগ্ৰাফীত মুৰুগান দেৱতাক এহাতত ঐশ্বৰিক বল্লম আৰু আনখন হাতত কুকুৰাৰ পতাকা লৈ চিত্ৰিত কৰা হৈছে।
-
চাক্ষুষ মনু
চাক্ষুষ মনু (সংস্কৃত:चाक्षुषमनु) হিন্দু পৌৰাণিক কাহিনীৰ ষষ্ঠ মন্বন্তৰৰ (মন্ৱন্তৰ মানে মনুৰ যুগ) প্ৰথম পুৰুষ, ষষ্ঠ মনু।
-
নভিৰাজ
ৰজা নভি বা নভি ৰায় আছিল অৱসৰপিনিৰ (জৈন ধৰ্মত মহাজাগতিক সময়চক্ৰৰ অৱনমিত অৰ্ধেক আৰু বৰ্তমান জগতখন যিটোত আছে বুলি কোৱা হয়)ৰ ১৪ নং বা শেষ কুলাকাৰ। বৰ্তমান অৱসৰপিনিৰ প্ৰথম তীৰ্থংকৰ (জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক) ঋষভনাথৰ পিতৃ।
-
বৃষভানু
বৃষভানু (वृषभानु; IAST: ), (বানানভেদে ব্ৰুষভানু বুলিও লিখা হয়) হʼল হিন্দু শাস্ত্ৰত উল্লেখ কৰা এগৰাকী প্ৰধান বা মুখিয়াল। তেওঁক ভগৱান কৃষ্ণৰ প্ৰধান সহধৰ্মিণী আৰু দ্বাপৰ যুগৰ লক্ষ্মী দেৱীৰ অৱতাৰ হিচাপে গণ্য কৰা ৰাধা দেৱীৰ পিতৃ বুলি বৰ্ণনা কৰা হয়।