হিন্দু ধৰ্ম হʼল চেক গণৰাজ্যৰ এটি সংখ্যালঘু ধৰ্মীয় বিশ্বাস আৰু ২০২১ চনৰ এক তথ্য অনুসৰি দেশখনৰ মুঠ জনসংখ্যাৰ ০.০২% (২,০২৪ জন) লোকে হিন্দুধৰ্ম অনুসৰণ কৰে।১ চেক গণৰাজ্যত মুঠ তিনিটা সম্প্ৰদায়ে হিন্দুধৰ্মৰ প্ৰতিনিধিত্ব কৰে। সেইবোৰ হʼল: চেক হিন্দু ধৰ্মীয় সমাজ, হৰে কৃষ্ণ আন্দোলন আৰু বিশ্ব নিৰ্মল ধৰ্ম।২
সম্প্ৰদায়সমূহ
চেক হিন্দু ধৰ্মীয় সমাজ
ৰ জ্যুত অৱস্থিত, ভগৱান গণেশক উৎসৰ্গিত এটি হিন্দু মন্দিৰ]]
Česká Hinduistická Náboženská Společnost (চেক হিন্দু ধৰ্মীয় সমাজ) ২০০২ চনত দেশখনৰ এটি ধৰ্মীয় সম্প্ৰদায় হিচাপে পঞ্জীয়নভুক্ত হৈছিল।২
আন্তঃৰাষ্ট্ৰীয় কৃষ্ণভাৱনামৃত সংঘ

আন্তঃৰাষ্ট্ৰীয় কৃষ্ণভাৱনামৃত সংঘ বা হৰে কৃষ্ণ হৈছে হিন্দু ধৰ্ম বা সনাতন ধৰ্মৰ এটি অংশ।৩ দেশখনত এই সংঘৰ চাৰিটা মন্দিৰ আছে। ইয়াত হৰে কৃষ্ণৰ ২০০ গৰাকী ভক্ত বা অনুগামী আছে।৪ কাল্টৰ দৰে আচৰণৰ বাবে হৰে কৃষ্ণ আন্দোলনৰ সদস্যসকল প্ৰায়েই অভিযুক্ত হয়।৫ ইস্কন কোন ভিন্ন ধৰ্ম নহয়। বৰঞ্চ এই সংগঠনটোৱে হিন্দুধৰ্ম বা সনাতন ধৰ্মক অনুসৰণ কৰে যি এক সম্পূৰ্ণ জীৱনশৈলী।
বিশ্ব নিৰ্মল ধৰ্ম
২০০৭ চনত, বিশ্ব নিৰ্মল ধৰ্ম দেশৰ এক পঞ্জীয়নভুক্ত ধৰ্মীয় সম্প্ৰদায়লৈ পৰিণত হয়।২
জনসংখ্যা
চেক গণৰাজ্যত হিন্দু ধৰ্ম অনুসৰণকাৰীসকলৰ জনসংখ্যা:১
| বছৰ | শতাংশ | বৃদ্ধিৰ হাৰ |
|---|---|---|
| ২০০১ | ০.০১% | - |
| ২০১১ | ০.০২% | +০.০১% |
| ২০২১ | ০.০২% | - |
| হিন্দু সম্প্ৰদায় | ২০০১ চনৰ লোকপিয়ল | ২০১১ চনৰ লোকপিয়ল |
|---|---|---|
| হৰে কৃষ্ণ আন্দোলন | ২৯৪ | ৬৭৩ |
| বিশ্ব নিৰ্মল ধৰ্ম | অন্তৰ্ভুক্ত নহয় | ১০৯৮ |
| চেক হিন্দু ধৰ্মীয় সমাজ | অন্তৰ্ভুক্ত নহয় | ৪২৭ |
| অন্যান্য ধাৰা | ৭৬৭ | ২১০ |
| মুঠ | ১০৬১ | ২৪০৮ |
লগতে চাওক
- শ্লʼভাকিয়াত হিন্দু ধৰ্ম
- গুৱাডেলুপত হিন্দু ধৰ্ম
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ 1–18 Obyvatelstvo podle náboženské víry a pohlaví podle výsledků sčítání lidu v letech 1921, 1930, 1950, 1991, 2001 a 2011. www.czso.cz
- ↑ Tretera, Jiří Rajmund; Horák, Záboj. (27 November 2019). Registered religious communities in the Czech Republic
- ↑ (17 July 2017). Ratha Yarta Hindu festival starts in Prague. Prague Monitor
- ↑ (21 August 2013). Dining with the Krishna
- ↑ Shim, Jessica. (30 October 2008). Driven by Faith, but Facing Adversity. Prague TV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেক গণৰাজ্যত হিন্দু ধৰ্ম” প্ৰবন্ধৰ সংশোধন ৪৭৪২৩৩ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।