হিন্দু ধৰ্ম
১৩৪ প্ৰবন্ধ
-
সৌৰ পঞ্জিকা
সৌৰ এনে এটা শব্দ, যিয়ে বৈদিক যুগ আৰু মধ্যযুগীয় ভাৰতীয় কেলেণ্ডাৰত চন্দ্ৰ ব্যৱস্থাৰ পৰা পৃথক কৰা সৌৰ দিন আৰু মাহক বুজায়।
-
ৰেণুকা
ৰেণুকা মহাৰ (Reṇukā Mahar) হৈছে কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু দক্ষিণ ভাৰতৰ ৰাজ্য, তামিলনাডু, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত পূজা কৰা এগৰাকী হিন্দু দেৱী৷ তেওঁক ৰেণুগা মহাৰ আৰু ৰেণুমাতা মহাৰ নামেৰেও জনা যায়৷ প্ৰাচীন ৰেণুকা মহাৰ/য়েল্লাম্মা দেৱীৰ মন্দিৰ হৈছে কৰ্ণাটকৰ শক্তিপীঠসমূহৰ ভিতৰত অন্যতম, মহাৰ ৰেণুকাৰ…
-
নৱবিধা ভক্তি
নৱবিধা ভক্তি হৈছে শ্ৰীমদ্ভাগৱত পুৰাণ আৰু আন আন ভক্তি শাস্ত্ৰত উল্লেখ থকা ন বিধ ভক্তি। শংকৰদেৱৰ এটি শ্লোকত এই ন বিধ ভক্তিৰ উল্লেখ আছে-
-
পাতাল
পাতাল (সংস্কৃত: पाताल; আক্ষৰিক অৰ্থ: ভৰিৰ তলত থকা) ভাৰতীয় ধৰ্ম অনুসৰি বিশ্বব্ৰহ্মাণ্ডৰ ভূগৰ্ভস্থ ৰাজ্যসমূহক বুজায়৷ পাতাল পাৰ্থিৱ মাত্ৰাৰ তলত অৱস্থিত। পাতালক প্ৰায়ে ইংৰাজীত আন্দাৰৱৰ্ল্ড (underworld) বা নেডাৰৱৰ্ল্ড (netherworld) বুলি অনুবাদ কৰা হয়।
-
ব্ৰহ্ম
হিন্দু ধৰ্মত, ব্ৰহ্ম (ब्रह्मन्; IAST: Brahman) হৈছে সৰ্বোচ্চ সৰ্বজনীন নীতি, বিশ্বৰ পৰম সত্য। বৈদিক উপনিষদসমূহত, ব্ৰহ্ম হৈছে অস্তিত্ব আৰু অনস্তিত্বৰ দ্বৈততা অতিক্ৰম কৰা মৌলিক সত্য। ই সময়, স্থান, আৰু প্ৰাকৃতিক নিয়মৰ উৎস হিচাপে কাম কৰে।
-
হিন্দুত্ব
হিন্দুত্ব (ইংৰাজী: Hindutva) হৈছে এক হিন্দু জাতীয়তাবাদী ৰাজনৈতিক আদৰ্শ। ১৯২৩ চনত বিনায়ক দামোদৰ সাভাৰকাৰৰ দ্বাৰা প্ৰণয়ন কৰা এই আদৰ্শক মূলতঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS), বিশ্ব হিন্দু পৰিষদ (VHP), শাসকীয় ভাৰতীয় জনতা পাৰ্টী (BJP) আৰু অন্যান্য সংগঠনসমূহৰ দ্বাৰা সমৰ্থন কৰা হয়, যিবোৰক…
-
অশ্বমেধ
অশ্বমেধ (अश्वमेध) বা অশ্বমেধ যজ্ঞ হৈছে অশ্ব বা ঘোঁৰা উছৰ্গা কৰা বা বলিদান দিয়া বৈদিক ধৰ্মৰ এক পৌৰাণিক ৰীতি বা অনুষ্ঠান। পৌৰাণিক ভাৰতবৰ্ষৰ ৰজাসকলে তেওঁলোকৰ সাম্ৰাজ্যৰ স্বতন্ত্ৰতা প্ৰমাণ কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰিছিল।
-
চাৰ্বাক দৰ্শন
চাৰ্বাক দৰ্শন (चार्वाक) হৈছে ভাৰতীয় দৰ্শনৰ এক উল্লেখযোগ্য ধাৰা। ই ভাৰতীয় নাস্তিক দৰ্শনৰ অন্তৰ্গত। ই একমাত্ৰ ভাৰতীয় বস্তুবাদী দৰ্শন। ইয়াৰ অন্য নাম হৈছে লোকায়ত দৰ্শন। কিয়নো ই সেইসময়ৰ ভাৰতীয় জনসাধাৰণৰ মাজত ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰিছিল আৰু ইয়াত সাধাৰণ মানুহৰ চিন্তাধাৰা প্ৰতিফলিত হৈছিল।
-
প্ৰসাদ
প্ৰসাদ (Sanskrit: प्रसाद,) হৈছে দেৱতাৰ নামত উৎসৰ্গিত খাদ্য বস্তু। প্ৰসাদ মূলতঃ নিৰামিষ বৈশিষ্ট্যৰ হ'লেও শাক্ত ধৰ্মত আমিষ প্ৰসাদো দেৱতাৰ বাবে আগবঢ়োৱা হয়। প্ৰসাদ বিশেষভাৱে ভক্তসকলে কোনো দেৱতাক আৰাধনা কৰি বা ধন্যবাদৰ সূচকভাৱে আগবঢ়াই।
-
ব্ৰত
ব্ৰত হৈছে এক সংস্কৃত শব্দ যাৰ অৰ্থ হৈছে "সংকল্প, সমাধান, ভক্তি", আৰু জৈন আৰু হিন্দু ধৰ্মৰ দৰে ভাৰতীয় ধৰ্মত পালন কৰা উপবাস আৰু তীৰ্থপালনক নিৰ্দেশ কৰে। সাধাৰণতে প্ৰিয়জনৰ স্বাস্থ্য আৰু সুখ অৰ্থে কৰা প্ৰাৰ্থনাৰ সৈতে ইয়াক পালন কৰা হয়।
-
মণ্ডল
মণ্ডল (मण्डल, Mandala) হৈছে হিন্দু আৰু বৌদ্ধধৰ্মীয় ৰেখা গণিতেৰে অঙ্কিত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতীক। বিভিন্ন পৰম্পৰাগত আধ্যাত্মিক কাৰ্যত মণ্ডলটো এটা পূজা-আৰাধনা বা ধ্যানৰ পবিত্ৰ স্থান হিচাবে গণ্য কৰা হয়।
-
আৰুণি
আৰুণি (আৰুণি উদ্দালক বা উদ্দালক বাৰুণী বুলিও কোৱা হয়), হিন্দু ধৰ্মৰ বৈদিক যুগৰ এজন পূজনীয় বৈদিক ঋষি আছিল। বৈদিক যুগৰ বহুতো সংস্কৃত গ্ৰন্থত তেওঁৰ উল্লেখ আছে আৰু উপনিষদ শাস্ত্ৰৰ ভিতৰত দুখন পুৰণি গ্ৰন্থ বৃহদাৰণ্যক উপনিষদ আৰু চান্দোগ্য উপনিষদত তেওঁৰ দাৰ্শনিক শিক্ষাই অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে।
-
ঐতৰেয় ব্ৰাহ্মণ
ঐতৰেয় ব্ৰাহ্মণ ( ऐतरेय ब्राह्मण) প্ৰাচীন ভাৰতীয় পৱিত্ৰ গীতৰ সংকলন ঋগবেদৰ শ্বাকাল শাখাৰ ব্ৰাহ্মণ। এই গ্ৰন্থখন পৰম্পৰা অনুসৰি মহীদাস ঐতৰেয়ৰ বুলি কোৱা হয়।
-
গায়ত্ৰী মন্ত্ৰ
বৈদিক হিন্দু ধৰ্মত গায়ত্ৰী মন্ত্ৰ এটি অতি গুৰুত্বপূৰ্ণ মন্ত্ৰ। প্ৰচলিত বিশ্বাস অনুসৰি, গায়ত্ৰী মন্ত্ৰ বেদৰ আন আন মন্ত্ৰৰ দৰেই "অপৌৰষেয়" (অৰ্থাৎ কোনো মানুহৰ দ্বাৰা ৰচিত নহয়) আৰু বৈদিক হিন্দুসকলে ব্ৰহ্মৰ্ষিৰ ওচৰত প্ৰকাশ কৰা বুলি বিশ্বাস কৰে (গায়ত্ৰী মন্ত্ৰৰ ক্ষেত্ৰত ব্ৰহ্মৰ্ষি হ'ল বিশ্বমিত্ৰ)।
-
বৈকুণ্ঠ
বৈকুণ্ঠ (সংস্কৃত: वैकुण्ठ, ৰোমানীকৃত: Vaikuṇṭha) হিন্দু ধৰ্মৰ বৈষ্ণৱ পৰম্পৰাৰ পৰম দেৱতা বিষ্ণু আৰু তেওঁৰ পত্নী লক্ষ্মীৰ নিবাস৷ বৈকুণ্ঠ বিষ্ণুলোক (বিষ্ণুলোক) বুলিও কোৱা হয়, আৰু তামিল ভাষাত তিৰুণাতু (Tirunāṭu) বুলি কোৱা হয়৷ ভাৰতীয় দাৰ্শনিক, ঈশ্বৰবিদ তথা সমাজ সংস্কাৰক ৰামানুজৰ মতে বৈকুণ্ঠ হৈছে পৰম…
-
মৎস্যেন্দ্ৰনাথ
মৎস্যেন্দ্ৰ বা মৎস্যেন্দ্ৰনাথ, (পূৰ্ব দহ শতিকা) হিন্দু আৰু বৌদ্ধ ধৰ্মৰ এগৰাকী সাধু আৰু যোগী আছিল। ঐতিহাসিকভাৱে তেওঁক হঠ যোগ আৰু বহু সংখ্যক পুৰণি গ্ৰন্থৰ লেখক হিচাপেও জনা যায়। তেওঁক নাথ সম্প্ৰদায়ৰ প্ৰতিষ্ঠাতা সকলৰ মাজৰে এজন বুলিও কোৱা হয়৷ তেওঁ বিশেষকৈ কৌল শৈৱ ধৰ্মৰ সৈতে সংযুক্ত।
-
ৰেণুকা হ্ৰদ
ৰেণুকা হ্ৰদভাৰতৰ হিমাচল প্ৰদেশৰ ছিৰমৌৰ জিলাত অৱস্থিত আৰু ই সমুদ্ৰপৃষ্ঠৰ পৰা ৬৭২ মিটাৰ উচ্চতাত অৱস্থিত। ই হিমাচল প্ৰদেশৰ আটাইতকৈ ডাঙৰ হ্ৰদ, ইয়াৰ পৰিধি প্ৰায় ৩২১৪ মিটাৰ। এই হ্ৰদটোৰ নাম ৰেণুকা দেৱীৰ নামেৰে ৰখা হৈছিল আৰু ২০০৫ চনৰ নৱেম্বৰৰ পৰা ৰামছাৰ স্থান হিচাপে নিৰ্ধাৰণ কৰা হৈছে।
-
একনাথ
একনাথ (১৫৩৩–১৫৯৯), এজন ভাৰতীয় হিন্দু বৈষ্ণৱ সাধু, দাৰ্শনিক আৰু কবি। হিন্দু দেৱতা বিথোবাৰ ভক্ত আৰু ৱাৰকাৰী আন্দোলনৰ প্ৰধান ব্যক্তিত্ব। একনাথক প্ৰায়ে বিশিষ্ট মাৰাঠী সন্ত জ্ঞানেশ্বৰ আৰু নামদেৱৰ আধ্যাত্মিক উত্তৰাধিকাৰী হিচাপে দেখা যায়।
-
কুলদেৱতা
কুলদেৱী (সংস্কৃত: कुलदेवी) বা কুলদেৱতা (সংস্কৃত: कुलदेवता, আক্ষৰিক অৰ্থ: 'গোত্ৰৰ দেৱতা') যাক কুলদৈৱম (তামিল: குலதெய்வம்) বুলিও জনা যায়, হিন্দু আৰু জৈন ধৰ্ম অনুসৰি পূৰ্ৱপুৰুষৰ তত্ত্বাৱধায়ক দেৱতা।
-
কৌমোদকী
কৌমোদকী (कौमोदकी) হিন্দুসকলৰ অন্যতম প্ৰধান দেৱতা বিষ্ণুৰ গদা। বিষ্ণুক প্ৰায়ে চাৰিখন হাতৰ এখনত কৌমোদকী ধাৰণ কৰি থকা অৱস্থাত চিত্ৰিত কৰা হয়। লগতে তেওঁৰ আনকেইখন হাতত চক্ৰ, শংখ আৰু পদ্ম ধাৰণ কৰে। বিষ্ণুৰ কিছুসংখ্যক অৱতাৰৰ চিত্ৰণতো গদা দেখা পোৱা যায়। 'কৌমোদক' নামটো প্ৰথমে মহাভাৰতত পোৱা যায়।
-
গজেন্দ্ৰ মোক্ষ
গজেন্দ্ৰ মোক্ষ (गजेन्द्रमोक्षः) অথবা গজেন্দ্ৰৰ মুক্তি হিন্দু ধৰ্মৰ পৱিত্ৰ ধৰ্মশাস্ত্ৰ ভাগৱত পুৰাণৰ অষ্টম স্কন্ধত বৰ্ণিত এক আখ্যান। ভগৱান বিষ্ণুৰ সৈতে জড়িত প্ৰখ্যাত আখ্যানসমূহৰ ভিতৰত গজেন্দ্ৰ মোক্ষও অন্যতম।
-
গাধী
গাধী, গাধিন বুলিও জনা যায়, হিন্দু ধৰ্মৰ এজন ঋষি; তেওঁ বিশ্বমিত্ৰৰ পিতৃ হিচাপে বেছিকৈ পৰিচিত। তেওঁৰ পিতৃ কৌশিক (পৰৱৰ্তী পৌৰাণিক কাহিনীত কুশনাভ নামেৰে পৰিচিত) আছিল এজন ঋগ্বেদ যুগৰ ঋষি আৰু ঋগবেদৰ ৩ নং মণ্ডলত দুটা গীতৰ লেখক।
-
চন্দ্ৰগুট্টি ৰেণুকাম্ব মন্দিৰ
চন্দ্ৰগুট্টি ৰেণুকাম্ব মন্দিৰ হৈছে দেৱী ৰেণুকাক উৎসৰ্গিত হিন্দু মন্দিৰ৷ এইটো এটা প্ৰাচীন গুহা মন্দিৰ। ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ উত্তৰ কানাড়া জিলাৰ সোৰাবা চহৰৰ পৰা ১৯ কিলোমিটাৰ আৰু ছিৰচি আৰু সিদ্দাপুৰা চহৰৰ পৰা ১৯ কিলোমিটাৰ (১২ মাইল) দূৰত্বত শিৱমোগ্গা জিলাত এই মন্দিৰটো অৱস্থিত।
-
চিৰঞ্জীৱী
চিৰঞ্জীৱী ( 'দীৰ্ঘজীৱী, অমৰ') হিন্দু ধৰ্মশাস্ত্ৰত উল্লেখ থকা আৰু বৰ্তমানৰ যুগ কলিযুগৰ শেষলৈকে পৃথিৱীত জীয়াই থাকিব বুলি বৰদান পোৱা এক অমৰ পুৰুষৰ এটা গোট।
-
জপ
জপ (जप) হৈছে ধ্যানৰত অৱস্থাত কৰা মন্ত্ৰ বা ঐশ্বৰিক নামৰ পুনৰাবৃত্তি। হিন্দু ধৰ্মৰ উপৰিও জৈন ধৰ্ম, শিখ ধৰ্ম, আৰু বৌদ্ধ ধৰ্মত জপক এক প্ৰথা হিচাপে গণ্য কৰা হয়। ধ্যানৰ ভঙ্গীত বহি থাকোঁতে, আন কাম-কাজ কৰোঁতে, বা বহুলোকৰ সমাৱেশত আনুষ্ঠানিক উপাসনাৰ অংশ হিচাপে জপ সম্পন্ন কৰিব পাৰি।
-
য়েলাম্মা মন্দিৰ, সৌন্দাট্টি
য়েল্লামা মন্দিৰ (কানাড়া: ರೇಣುಕಾ ಯಲ್ಲಮ್ಮ ದೇವಿ ದೇವಸ್ಥಾನ್ಥಾನ ) ৰেনুকা মন্দিৰ নামেৰেও জনাজাত। ৰেণুকা দেৱীৰ মন্দিৰ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ সৌন্দটি চহৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ (৩.১ মাইল) দূৰৈত অৱস্থিত৷ ই পূৰ্বতে সিদ্ধাচল পাৰ্বত নামেৰে জনাজাত আৰু বৰ্তমান "য়েল্লামম্ন্না গুড্ডা" নামেৰে জনাজাত এটা পাহাৰৰ…
-
হিন্দু সৃষ্টিতত্ত্ব
হিন্দু সৃষ্টিতত্ত্ব (Hindu cosmology) হৈছে হিন্দু ধৰ্ম অনুসৰি ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আৰু ধ্বংসৰ চক্ৰৰ ধাৰণা প্ৰদান কৰে। হিন্দু সৃষ্টিতত্ত্ব অনুসৰি ব্ৰহ্মাণ্ডক বাৰে বাৰে সৃষ্টি তথা ধ্বংস কৰা হয়, প্ৰায় ৮৬৪ কোটি বছৰৰ পাছে পাছে।
-
ৰেণুকা অভয়াৰণ্য
ৰেণুকা অভয়াৰণ্য এখন প্ৰকৃতি অভয়াৰণ্য। ই হিমাচল প্ৰদেশৰ ছিৰমৌৰ জিলাত অৱস্থিত আৰু পথৰ নেটৱৰ্কৰ সৈতে সংযুক্ত। ইয়াৰ আয়তন প্ৰায় ৪.০২৮ বৰ্গ কিলোমিটাৰ। ইয়াক ৰেণুকা সংৰক্ষিত বনাঞ্চল নামেৰেও জনা যায়, ইয়াক আনুষ্ঠানিকভাৱে অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছে।
-
ৰোহিনী
ৰোহিনী এগৰাকী হিন্দু ধৰ্মৰ তৰাৰ দেৱী আৰু চন্দ্ৰ দেৱতাৰ প্ৰিয় পত্নী। তেওঁ প্ৰজাপতি দক্ষ আৰু তেওঁৰ পত্নী আসিকনীৰ ২৭ গৰাকী কন্যাৰ ভিতৰত এগৰাকী। ৰোহিনী এক ৰঙা ৰঙৰ বৃষমণ্ডলৰ উজ্জ্বল নক্ষত্ৰ, ইয়াক হিন্দু শাস্ত্ৰত দেৱীৰ মৰ্য্যাদা দিয়া হৈছে।
-
ৱাৰকাৰী
ৱাৰকাৰী ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ সৈতে ভৌগোলিকভাৱে জড়িত হিন্দু ধৰ্মৰ ভক্তি আধ্যাত্মিক পৰম্পৰাৰ ভিতৰৰ এটি অদ্বৈত বৈষ্ণৱসম্প্ৰদায়। ৱাৰকাৰীসকলে বিষ্ণুৰ ৰূপ হিচাপে গণ্য কৰা পান্ধৰপুৰৰ মুখ্য দেৱতা বিত্থল (বা বিথোবা বুলিও জনা যায়) আৰু লক্ষ্মীৰ ৰূপ হিচাপে গণ্য কৰা তেওঁৰ পত্নী ৰাখুমাইক পূজা কৰে।