অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নাগা সাধু

নগা সাধু হৈছে হিন্দু সন্ন্যাসী যি দিগম্বৰ হৈ থকা আৰু যুদ্ধ কলা বিশেষজ্ঞ হিচাপে বিখ্যাত। আদিগুৰু শংকৰাচাৰ্যই আৰম্ভ কৰা এই পৰম্পৰা অনুসৰি তেওঁলোকে বিভিন্ন আখৰা বা আশ্ৰমত বাস কৰে।

হালনাগাদ: ২৯ জুলাই ২০২৫ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

নগা সাধু হৈছে হিন্দু সন্ন্যাসী যি দিগম্বৰ হৈ থকা আৰু যুদ্ধ কলা বিশেষজ্ঞ হিচাপে বিখ্যাত। আদিগুৰু শংকৰাচাৰ্যই আৰম্ভ কৰা এই পৰম্পৰা অনুসৰি তেওঁলোকে বিভিন্ন আখৰা বা আশ্ৰমত বাস কৰে।

জীৱনশৈলী

সাধাৰণ জীৱনৰ পৰা আঁতৰত তেওঁলোক বিভিন্ন দুৰ্গম স্থানত থকা আশ্ৰমত কঠোৰ অনুশাসনৰ মাজত তেওঁলোকৰ জীৱন যাপন কৰে।

নগা সাধুসকলে তিনি ধৰণৰ যোগাসন কৰে যি তেওঁলোকৰ বাবে ঠাণ্ডাৰ সৈতে মোকাবিলা কৰাত সহায়ক বুলি প্ৰমাণিত। তেওঁলোকে চিন্তা আৰু খাদ্যাভ্যাস দুয়োটাতে সংযম বজাই ৰাখে। নাগা সাধুসকল সামৰিক পন্থা আৰু সামৰিক ৰেজিমেণ্টৰ দৰে বিভক্ত। ত্ৰিশূল, তৰোৱাল, শংখ আৰু পাইপৰ সহায়ত তেওঁলোকে সামৰিক মৰ্যাদা দেখুৱায়।

এই সাধুসকলক প্ৰায়ে কুম্ভমেলাত দেখা যায়। বিশেষকৈ বহিঃৰাজ্যৰ পৰ্যটকৰ মাজত কুম্ভমেলাত নাগা সাধুসকলৰ বিষয়ে অতি কৌতূহলৰ সৃষ্টি হয়। কোনো বস্ত্ৰ পৰিধান নকৰাৰ বাবে শিৱভক্তসকলক নগা সাধু দিগম্বৰা বুলিও কোৱা হয়, অৰ্থাৎ যিসকলৰ কাপোৰ কেৱল আকাশ। কাপোৰৰ নামত গোটেই শৰীৰত যজ্ঞ ছাই লেপ দিয়া এই সাধুসকলে কুম্ভমেলাত ৰাজস্নানৰ সময়তহে মুকলিকৈ ভক্তৰ সন্মুখত আহে। সাধাৰণতে তেওঁলোকে লোকচক্ষুৰ পৰা দূৰত্ব বজাই ৰাখে।১

কুম্ভ মেলাৰ সময়ত নাগা সাধুৰ এটা দল
কুম্ভ মেলাৰ সময়ত নাগা সাধুৰ এটা দলছবি: Muslic - Stefania Zamparelli · Attribution

তথ্যসূত্ৰ

  1. ↑ aajtak.intoday.in/story/different-life-of-women-

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাগা সাধু” প্ৰবন্ধৰ সংশোধন ৫২৮৫৫১ (২৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।