কুণ্ডলিনী (সংস্কৃত ভাষা: कुण्डलिनी, ৰোমানীকৃত: kuṇḍalinī; আক্ষৰিক অৰ্থ: 'কুণ্ডলীবদ্ধ সৰ্প') হিন্দু ধৰ্মত বৰ্ণনা কৰা অনুসৰি মেৰুদণ্ডৰ গুৰিৰ অংশ মূলাধাৰত অৱস্থিত শক্তিৰ নাৰী স্বৰূপ (বা শক্তি) বুলি বিশ্বাস কৰা হয়। শৈৱ তন্ত্ৰৰ এয়া এক গুৰুত্বপূৰ্ণ ধাৰণা৷ এই ধাৰণাত কুণ্ডলিনীক দেৱীৰ ঐশ্বৰিক নাৰী শক্তি বা নিৰাকাৰ দিশৰ সৈতে জড়িত শক্তি বুলি বিশ্বাস কৰা হয়। শৰীৰত থকা এই শক্তিক তান্ত্ৰিক অনুশীলনৰ দ্বাৰা কৰ্ষণ কৰি জাগ্ৰত কৰিলে আধ্যাত্মিক মুক্তিৰ সূচনা হয় বুলি বিশ্বাস কৰা হয়। কুণ্ডলিনী শক্তিবাদৰ পৰম সত্তা পাৰ্বতী বা আদি পৰাশক্তি, আৰু ভৈৰৱী তথা কুব্জিকা দেৱীৰ সৈতে জড়িত।১ ইয়াৰ লগত জড়িত পদ্ধতিসমূহৰ লগতে এই শব্দটো নৱম শতিকাত হঠযোগত গ্ৰহণ কৰা হয়।২ তেতিয়াৰ পৰাই ইয়াক হিন্দু ধৰ্মৰ অন্যান্য ৰূপৰ লগতে আধুনিক আধ্যাত্মিকতা আৰু নতুন যুগৰ চিন্তাধাৰাত গ্ৰহণ কৰা হৈছে।
বিভিন্ন পদ্ধতিৰ দ্বাৰা কুণ্ডলিনী জাগৰণ হয় বুলি কোৱা হয়। ধ্যান, প্ৰাণায়াম, আসনৰ অভ্যাস আৰু মন্ত্ৰ জপ আদি যোগৰ বহুতো ব্যৱস্থাই কুণ্ডলিনীক জগাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।৩ কুণ্ডলিনী যোগ হিন্দু ধৰ্মৰ শক্তি আৰু তন্ত্ৰ বিদ্যাৰ দ্বাৰা প্ৰভাৱিত। মন্ত্ৰ, তন্ত্ৰ, যন্ত্ৰ, আসন বা ধ্যানৰ নিয়মীয়া অনুশীলনৰ জৰিয়তে কুণ্ডলিনী শক্তিৰ জাগৰণৰ ওপৰত গুৰুত্ব দিয়াৰ পৰাই ইয়াৰ নাম লোৱা হৈছে।৩৪ যেতিয়া কুণ্ডলিনী স্বতঃস্ফূৰ্তভাৱে বা নিৰ্দেশনা অবিহনে জাগ্ৰত হয় তেতিয়া ই কুণ্ডলিনী লক্ষণৰ সৃষ্টি কৰিব পাৰে যিটো কেতিয়াবা মনোৰোগ হিচাপেও দেখা দিয়ে।৫
ব্যুৎপত্তি
কুণ্ডলিনীৰ ধাৰণা উপনিষদত (খ্ৰীষ্টপূৰ্ব নৱম – সপ্তম শতিকা) উল্লেখ কৰা হৈছে। সংস্কৃত বিশেষণ কুণ্ডলিনৰ অৰ্থ হৈছে "বৃত্তাকাৰ, বাৰ্ষিক"। দ্বাদশ শতিকাৰ ৰাজতৰংগিনী বুৰঞ্জীত ইয়াক "সাপ" ("কুণ্ডলী") অৰ্থত বিশেষ্য হিচাপে উল্লেখ কৰা হৈছে। মহাভাৰতত কুণ্ড ("বাটি, জল-পাত্ৰ") নামৰ এটা নাগৰ উল্লেখ পোৱা যায়। অষ্টম শতিকাৰ তন্ত্ৰসদ্ভৱ তন্ত্ৰত কুণ্ডলী শব্দটো ব্যৱহাৰ কৰা হৈছে, যাক ডেভিদ গৰ্ডন হোৱাইটে "যাৰ আকৃতি আঙঠিৰ দৰে" বুলি উল্লেখ কৰিছিল।
তান্ত্ৰিক আৰু শক্তি ধৰ্মত একাদশ শতিকাৰ পৰাই শাৰদাতিলকত কুণ্ডলী শব্দটো প্ৰায়ে দুৰ্গা দেৱীৰ নাম হিচাপে ব্যৱহাৰ কৰা দেখা যায়। পঞ্চদশ শতিকাৰ সময়ছোৱাত হঠযোগত ইয়াক কাৰিকৰী শব্দ হিচাপে গ্ৰহণ কৰা হয়, আৰু ষোড়শ শতিকাৰ ভিতৰত যোগ উপনিষদত ইয়াৰ বহুল ব্যৱহাৰ হয়। একনাথ ইশ্বৰনে এই শব্দটোক "কুণ্ডলীযুক্ত শক্তি" বুলি উল্লেশ কৰিছে, এই শক্তি সাধাৰণতে মেৰুদণ্ডৰ গুৰিতে থাকে, যাক "তাত সাপৰ দৰে কুণ্ডলীবদ্ধ" বুলি বৰ্ণনা কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ Frawley, David. (February 2009). Inner Tantric Yoga: Working with the Universal Shakti: Secrets of Mantras, Deities and Meditation. Lotus Press. পৃ. 163–164. ISBN 978-0-940676-50-3
- ↑ Mallinson, James. "Śāktism and Haṭhayoga." In: Goddess Traditions in Tantric Hinduism: History, Practice and Doctrine, edited by Bjarne Wernicke-Olesen London: Routledge, 2016. pp. 109–140
- ↑ Spotlight on Kundalini Yoga. Yoga Journal
- ↑ Swami Sivananda Radha, 2004, pp. 13, 15
- ↑ Sharma, M.; Dhankar, M.; Kumar, D. (2022). Awakening of Kundalini Chakras Presenting as Psychosis—A Case Report. Indian Journal of Psychological Medicine. পৃ. 526–528
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুণ্ডলিনী” প্ৰবন্ধৰ সংশোধন ৪৮৭৪৯১ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।