আদি পেৰুক্কু হৈছে এক হিন্দু উৎসৱ, যিটো তামিল মাহ ‘আদি’ৰ ১৮তম দিনা তামিল ভাষা লোকসকলে উদযাপন কৰে। এই উৎসৱত সাধাৰণতে মৌচুমী ঋতুত নদীৰ জলস্তৰ বৃদ্ধিক চিহ্নিত কৰিবলৈ আৰু পানীৰ জীৱনদায়ী গুণৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ নদীৰ পাৰত প্ৰাৰ্থনা কৰা হয়। এই দিনটোত হিন্দু দেৱী আম্মানৰ বিভিন্ন ৰীতি-নীতিৰে পূজা কৰা হয়।
তাৎপৰ্য
আদি পেৰুক্কু হৈছে এক হিন্দু উৎসৱ যিটো তামিল কেলেণ্ডাৰৰ পঞ্চম মাহ ‘আদি’ৰ ১৮তম দিনা উদযাপন কৰা হয়।১২ ইয়াক পাঠিনেট্টম পেৰুক্কু বুলিও কোৱা হয় আৰু ই হৈছে একমাত্ৰ তামিল উৎসৱ যিটো নক্ষত্ৰ বা বাৰৰ পৰিৱৰ্তে কেৱল তাৰিখৰ ওপৰত ভিত্তি কৰি পালন কৰা হয়।১ পশ্চিম তামিলনাডুৰ কঙ্গু নাডু অঞ্চলত ইয়াক স্থানীয়ভাৱে ‘আদি নোম্বি’ বুলি জনা যায়, য’ত ‘নোম্বি’ মানে উৎসৱ।৩ চিলপ্পাথিকৰম আৰু অন্যান্য সঙ্গম সাহিত্যত এই উৎসৱৰ উল্লেখ পোৱা যায়।১ এই উৎসৱে বৰষুণৰ আগমন আৰু মৌচুমী ঋতুত নদী তথা জলাশয়বোৰত জলস্তৰ বৃদ্ধিক সূচায়। পানীৰ স্তৰ বৃদ্ধি পোৱাটোৱে সমৃদ্ধি আৰু কৃষিৰ প্ৰচুৰতাক বুজায়, যাৰ বাবে খেতিয়কসকলে এই দিনটোতে বীজ সিঁচিবলৈ আৰম্ভ কৰে।১২
উপাসনা আৰু ৰীতি-নীতি
এই দিনটোত মানুহে নদী আৰু জলাশয়ত, বিশেষকৈ কাৱেৰী নদীত পবিত্ৰ স্নান কৰে আৰু আম্মানৰ পূজা কৰে।১২ হিন্দু পৌৰাণিক কাহিনী অনুসৰি, এই দিনটোত সপ্ত কন্যাক পূজা কৰিলে মনৰ কামনা পূৰণ হয়।১ অবিবাহিত যুৱতীসকলে উপযুক্ত জীৱনসংগী লাভৰ বাবে দেৱীৰ আশীৰ্বাদ বিচাৰে।২ বিবাহিত মহিলাসকলে এই দিনটোত প্ৰায়ে তেওঁলোকৰ থালী (পবিত্ৰ সূতা) সলনি কৰে, কিয়নো তেওঁলোকে বিশ্বাস কৰে যে আম্মানে মহিলাসকলক দাম্পত্য সুখ আৰু স্বামীৰ দীৰ্ঘায়ুৰ আশীৰ্বাদ দিয়ে।১২ বিবাহিত মহিলাসকলে দেৱীৰ বাবে এক প্ৰতীকী সাধ ভক্ষণ (baby shower) অনুষ্ঠান পাতে আৰু সন্তান লাভৰ বাবে আশীৰ্বাদ বিচাৰে।২ মানুহে নদীক জীৱনদায়ী দেৱতা হিচাপে ধন্যবাদ আৰু সন্মান জনাবলৈ মিঠাই বিনিময় কৰে আৰু নদীৰ বুকুত চাউল, হালধি আৰু ফুল অৰ্পণ কৰাৰ লগতে মাটিৰ চাকি জ্বলায়।৪ গছৰ ডালত বা ঘৰৰ চিলিংত ৰচী বা শাড়ী ব্যৱহাৰ কৰি ‘থুৰি’ নামৰ অস্থায়ী দোলনা বান্ধি আনন্দ কৰা হয়।৩
তথ্যসূত্ৰ
- ↑ ஆடி பெருக்கு 2022 (ஆடி 18) எப்போது?- வழிபாடு, விரத முக்கியத்துவம் என்ன தெரியுமா?. Samayam Tamil
- ↑ C, Jeyalakshmi. (1 August 2022). ஆடிப்பெருக்கு 2022: கோடி கோடியாய் செல்வம் பெருக ஆடிப்பெருக்கு காவிரித்தாயை இப்படி வழிபடுங்கள்!!. One India
- ↑ (4 August 2019). ஆடின்னா தூரி நோம்பிதான். Dinamalar
- ↑ Thanking Kaveri river on Aadi Perukku. Asianet News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদি পেৰুক্কু” প্ৰবন্ধৰ সংশোধন ৫৮৮৫৮৮ (১৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।