হিন্দু ধৰ্ম
১৩৪ প্ৰবন্ধ
-
প্ৰাচীন ভাৰতৰ ঋষি-মুনি
ঋষি (সংস্কৃত: ऋषि, ইংৰাজী: Rishi) শব্দটো সংস্কৃত 'ঋষ্' ধাতুৰ পৰা উৎপন্ন হৈছে, যাৰ অৰ্থ হৈছে 'দেখা' বা 'জ্ঞান লাভ কৰা'। প্ৰাচীন ভাৰতীয় সভ্যতাত ঋষিসকল আছিল তপস্বী, দাৰ্শনিক, আৰু আধ্যাত্মিক গুৰু যিসকলে বেদ আৰু অন্যান্য পবিত্ৰ গ্ৰন্থসমূহৰ ৰচনা আৰু সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
বাম্বৰ বৈনী
বাম্বৰ বৈনী হৈছে অম্বাৰ সৈতে ঘনিষ্ঠভাৱে চিনাক্ত কৰা মাতৃ দেৱীৰ স্থানীয় অৱতাৰ। তাইৰ নামৰ অৰ্থ হৈছে সিংহত উঠি থকা শক্তি দেৱী, আৰু তাই লাউণ্ডি চহৰত অৱস্থিত এটা পাহাৰত বাস কৰে। শ্ৰী দেৱী বাম্বৰ বৈনী জীৰ হিন্দু মন্দিৰ লাউণ্ডি চহৰৰ বুকুৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত্বত পাহাৰৰ ওপৰত অৱস্থিত।
-
বীৰমগুণ্টা পলেৰাম্মা মন্দিৰ
বীৰমগুণ্টা পলেৰাম্মা মন্দিৰ অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলাৰ ২০০ বছৰ পুৰণি পুনৰ প্ৰতিষ্ঠিত মন্দিৰ, যিটো দেৱী পোলেৰাম্মাৰ বাবে পবিত্ৰ। পোলেৰম্মা হৈছে প্ৰাক- বৈদিক দেৱতা, যাক প্ৰধানকৈ অন্ধ্ৰ প্ৰদেশত পূজা কৰা হয়, আৰু শক্তিৰ স্থানীয় ৰূপ। তাইক গ্ৰাম দেৱতা (গাঁও ৰক্ষা কৰা দেৱী) হিচাপে পূজা কৰা হয়।
-
বৈদিক পৰিষদ
বৈদিক পৰিষদ বা পৰিষদ (সংস্কৃত: परिषद) প্ৰাচীন ভাৰতৰ বিদ্বান ব্ৰাহ্মণ আৰু পণ্ডিতসকলৰ এখন পৰিষদ আছিল। ইয়াক ব্ৰহ্মাসভা বুলিও জনা যায়। বৈদিক পৰিষদৰ নেতৃত্বত আছিল এজন মুখ্য ন্যায়াধীশ, যাক ধৰ্মাধিকাৰিণ বুলি কোৱা হৈছিল। বৈদিক আৰু ব্ৰাহ্মণ্য যুগত ই প্ৰায়ে এক ধৰ্মীয় দৰবাৰ ৰূপে কাৰ্য্য কৰিছিল।
-
ভূটানৰ ধৰ্মবিশ্বাস
ভূটানৰ চৰকাৰী ধৰ্ম হৈছে বৌদ্ধ ধৰ্ম, যিটো ভূটানৰ মুঠ জনসংখ্যাৰ ৭৪.৭% লোকে পালন কৰে। ভূটানৰ সংবিধানত উল্লেখ আছে যে, বৌদ্ধ ধৰ্ম হৈছে ৰাজ্যখনৰ “আধ্যাত্মিক ঐতিহ্য”; ভূটানত ধৰ্মৰ স্বাধীনতা ৰজাৰ দ্বাৰা নিশ্চিত কৰিছে। ভূটানৰ দ্বিতীয় ধৰ্ম হৈছে হিন্দু ধৰ্ম।
-
মাণবসা গুৰুবাৰ
মাণবসা গুৰুবাৰ হ'ল পূব ভাৰতৰ ওড়িশা ৰাজ্যৰ ওড়িয়া হিন্দুসকলৰ দ্বাৰা পালন কৰা এটা ধৰ্মীয় উৎসৱ। অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, দক্ষিণ ঝাৰখণ্ড আৰু দক্ষিণ পশ্চিম বংগত বসবাস কৰা ওডিয়াসকলেও বছৰৰ নিৰ্দিষ্ট দিনত এই উৎসৱ পালন কৰে আৰু উদ্যাপন কৰে। এই উৎসৱত মহালক্ষ্মী দেৱীক অধিষ্ঠাত্ৰী দেৱী হিচাপে পূজা কৰা হয়।
-
মুক্তাবাই
মুক্তবাই বা মুক্তা বা মুক্তাই বিঠালপন্ত কুলকাৰ্ণী আছিল ৱৰকাৰী আন্দোলনৰ এজন সাধু। দেশস্থ ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা তেখেত প্ৰথম বাৰকাৰী সাধু জ্ঞানেশ্বৰৰ কনিষ্ঠ ভগ্নী আছিল। saint. জীৱনকালত একচল্লিছটা অভংগ ৰচনা কৰিছিল।
-
লক্ষ্মী তন্ত্ৰ
লক্ষ্মী তন্ত্ৰ হিন্দু ধৰ্মত লক্ষ্মী আৰু নাৰায়ণ(বিষ্ণু) প্ৰতি উৎসৰ্গিত পঞ্চৰাত্ৰ গ্ৰন্থসমূহৰ ভিতৰত অন্যতম এখন গ্ৰন্থ। ই আগমশাস্ত্ৰৰ এটা গোট গঠন কৰে। লক্ষ্মী তন্ত্ৰ লক্ষ্মী দেৱীৰ পূজা (বিষ্ণু-নাৰায়ণৰ শক্তি)ৰ বাবে নিবেদিত যদিও ইয়াত সাধাৰণতে সকলো নাৰীক মহিমামণ্ডিত কৰা হয়।
-
লাংগলবন্দ
লাংগলবন্দ বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ চোনাৰগাঁ উপাজিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষত অৱস্থিত এটা পৱিত্ৰ হিন্দু তীৰ্থস্থান। চ'ত মাহৰ শুক্লাপক্ষৰ অষ্টমী তিথিত ইয়াত পুণ্যস্নান অনুষ্ঠিত হয়। এই সময়ত লাখ লাখ ভক্ত পুণ্যস্নানৰ উদ্দেশ্যে ইয়াত আহে।
-
শান্তা থাম্পুৰান
ৰাম বৰ্মা কুঞ্জী পিল্লাই তাম্বুৰণ(১৭৫১–১৮০৫) বা নৱম ৰাম বৰ্মা, যাক জনপ্ৰিয়ভাৱে শান্তা থাম্পুৰান (শান্তা অৰ্থ শক্তিশালী) বুলি জনা যায়, কোচিন ৰাজ্যৰ শাসক আছিল। বৰ্তমানৰ দক্ষিণ ভাৰতৰ কোচি চহৰখন পূৰ্বৰ ৰাজকীয় ৰাজ্য কোচিৰ অংশ আছিল। তেওঁ থ্ৰিছুৰৰ ভাডাক্কেচিৰা পেলেচত বাস কৰিছিল।
-
হিন্দু ধৰ্ম আৰু গৰ্ভপাত
হিন্দু ধৰ্মত গৰ্ভপাত সাধাৰণতে পৰম্পৰাগত হিন্দু শাস্ত্ৰৰ দ্বাৰা পাপ হ'লেও হিন্দু বিশ্বাস আৰু গ্ৰন্থৰ বিশাল বৰ্ণালীৰ ভিতৰত ইয়াক দ্বিধামূলকভাৱে ব্যাখ্যা কৰিব পাৰি। মহানাৰায়ণ উপনিষদত গৰ্ভপাতক সতীত্বৰ ব্ৰত ভংগ কৰা আদি কাৰ্য্যৰ সৈতে তালিকাভুক্ত কৰা হৈছে।
-
হিন্দু ধৰ্মত প্ৰাৰ্থনা
প্ৰাৰ্থনা হিন্দু ধৰ্মৰ এক অবিচ্ছেদ্য অংগ। হিন্দু ধৰ্মত পূজাৰ সময়ত প্ৰাৰ্থনা কৰা হয় আৰু ই হৈছে ভক্তিৰ প্ৰকাশ। হিন্দু ধৰ্মত মন্ত্ৰৰ জপ সৰ্বাধিক প্ৰচলিত পূজাৰ ধৰণ। বেদ হৈছে হিন্দু ধৰ্মৰ মূল গ্ৰন্থ (মন্ত্ৰ আৰু গীতৰ সমষ্টি)।
-
হিন্দুৰ ওপৰত অত্যাচাৰ
হিন্দুৰ ওপৰত অত্যাচাৰ বা হিন্দু নিধন বুলিলে বিভিন্ন সময়ত অন্য ধৰ্মৰ সদস্যৰ দ্বাৰা হিন্দু ধৰ্মৰ লোকৰ ওপৰত অত্যাচাৰ চলোৱা বা হিন্দুক হত্যা কৰা ঘটনাক বুজোৱা হয়। যুগ যুগ ধৰি হিন্দুসকল এই অত্যাচাৰৰ বলি হৈ আহিছে।
-
ৰুদ্ৰাভিষেক
ৰুদ্ৰাভিষেক (সংস্কৃত: रुद्राभिषेक) হৈছে ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত বৈদিক অনুষ্ঠান। ৰুদ্ৰাভিষেক অনুষ্ঠানৰ সময়ত গংগাজল (অছিঞ্জল), মৌ, গাখীৰ, পানী, পঞ্চমৃত আৰু দৈ ভগৱান শিৱক অৰ্পণ কৰা হয়। সাধাৰণতে ভাৰত উপমহাদেশৰ এটা শিৱ মন্দিৰত সোমবাৰে শিৱলিংগক আগবঢ়োৱা হয়।