অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

শিৱ তাণ্ডৱ স্তোত্ৰ

শিৱ তাণ্ডৱ স্তোত্ৰ (शिवताण्डवस्तोत्र) হৈছে হিন্দু দেৱতা শিৱৰ গুণ-গৰিমা বৰ্ণনা কৰা এক সংস্কৃত স্তোত্ৰ। পৰম্পৰাগতভাৱে পৰম শিৱভক্ত লংকেশ্বৰ ৰাৱণক এই স্তোত্ৰ ৰচনাৰ কৃতিত্ব দিয়া হয়। জনবিশ্বাস অনুসৰি ৰাৱণে মোক্ষপ্ৰাপ্তিৰ বাবে শিৱক বন্দনা কৰি এই শ্লোক ৰচনা কৰিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৪০ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

শিৱ তাণ্ডৱ স্তোত্ৰ (शिवताण्डवस्तोत्र) হৈছে হিন্দু দেৱতা শিৱৰ গুণ-গৰিমা বৰ্ণনা কৰা এক সংস্কৃত স্তোত্ৰ। পৰম্পৰাগতভাৱে পৰম শিৱভক্ত লংকেশ্বৰ ৰাৱণক এই স্তোত্ৰ ৰচনাৰ কৃতিত্ব দিয়া হয়।১ জনবিশ্বাস অনুসৰি ৰাৱণে মোক্ষপ্ৰাপ্তিৰ বাবে শিৱক বন্দনা কৰি এই শ্লোক ৰচনা কৰিছিল।২

গঠন

স্তোত্ৰটোৰ চাৰিটা শাৰীৰ একোটা স্তম্ভত প্ৰতিটো শাৰীত ১৬টা স্বৰ বা আখৰ থাকে। এইসমূহ পৰ্যায়ক্ৰমে লঘু (হ্ৰস্ব স্বৰ) আৰু গুৰু (দীৰ্ঘ স্বৰ)। ইয়াত মুঠ ১৬টা চতুৰ্থী বা চাৰিশৰীয়া স্তৱক আছে।৩

এই স্তোত্ৰৰ নৱম আৰু দশম চতুৰ্থী দুটাৰ শেষত শিৱৰ উপনামসমূহক ধ্বংসকাৰী, আনকি মৃত্যুৰো নাশক হিচাপে তালিকাভুক্ত কৰা হৈছে।৪

শেষৰ চতুৰ্থীত ভাগৰি পৰাৰ পিছত ৰাৱণে সুধিছে, "মই কেতিয়া সুখী হ'ম?" প্ৰাৰ্থনা আৰু ঘোৰ তপস্যাৰ বাবে ৰাৱণে শিৱৰ পৰা শক্তি আৰু চন্দ্ৰহাস নামৰ এখন অলৌকিক তৰোৱাল লাভ কৰিছিল।৫৬৭

আখ্যান

মূল প্ৰবন্ধ: ৰাৱণানুগ্ৰহ

হিন্দু মহাকাব্য ৰামায়ণৰ উত্তৰা কাণ্ডৰ বৰ্ণনা অনুসৰি দশানন, বিংশ অস্ত্ৰধাৰী শক্তিশালী ৰজা ৰাৱণে কৈলাস পৰ্বতৰ ওচৰত অৱস্থিত তেওঁৰ সতীয়া ভাতৃ আৰু ধনৰ দেৱতা কুবেৰৰ নগৰ অলকাক জয় কৰি লুট কৰিছিল। বিজয়ৰ পিছত ৰাৱণে পুষ্পক বিমানত (কুবেৰৰ পৰা চুৰি কৰা আকাশী ৰথ) লৈ লংকালৈ উভতি আহিছিল। বাটতে তেওঁ এখন ধুনীয়া ঠাই দেখা পালে। কিন্তু তাৰ ওপৰেৰে ৰথখন উৰিব পৰা নাছিল। ৰাৱণে সেই ঠাইতে শিৱৰ ম’হমুখী বামন পৰিচাৰক নন্দীক (নন্দীশ, নন্দীকেশ্বৰ) লগ কৰি তেওঁৰ ৰথখনে সেই ঠাইৰ ওপৰেৰে পাৰ হ’ব নোৱাৰাৰ আঁৰৰ কাৰণ সুধিলে। নন্দীয়ে ৰাৱণক জনালে যে ভগৱান শিৱ আৰু পাৰ্বতীয়ে পাহাৰত প্ৰমোদ-বিহাৰ কৰি আছে আৰু সেয়ে ইয়াৰ ওপৰেদি কাকো পাৰ হ’বলৈ দিয়া হোৱা নাই। ৰাৱণে শিৱ আৰু নন্দীক ঠাট্টা কৰে। নিজ প্ৰভুক কৰা অপমানত ক্ষুব্ধ হৈ নন্দীয়ে ৰাৱণক অভিশাপ দিয়ে যে বান্দৰেই তেওঁৰ সৰ্বনাশ কৰিব। পাছলৈ ৰাৱণে নন্দীৰ অভিশাপ পাই আৰু আগুৱাই যাব নোৱাৰাত ক্ষুব্ধ হৈ কৈলাসক উভালি পেলোৱাৰ সিদ্ধান্ত লয়। তেওঁ কৈলাসৰ তলত বিশখন হাত থৈ পৰ্বতটো ওপৰলৈ তুলিবলৈ ধৰিলে। কৈলাস কঁপিবলৈ ধৰাৰ লগে লগে আতংকিত হৈ পাৰ্বতীয়ে শিৱক সাৱটি ধৰিলে। কিন্তু সৰ্বজ্ঞানী শিৱই এই কাৰ্যৰ আঁৰত ৰাৱণ বুলি উপলব্ধি কৰি ভৰিৰ বুঢ়া আঙুলিৰে কৈলাসক হেঁচা মাৰি ধৰি ৰাৱণক তাৰ তলত আৱদ্ধ কৰি পেলালে। যন্ত্ৰণাত ৰাৱনে এটা জোৰেৰে চিৎকাৰ কৰিবলৈ লাগিল। মন্ত্ৰীসকলৰ পৰামৰ্শত ৰাৱণে হাজাৰ বছৰ ধৰি শিৱৰ গুণানুকীৰ্তন কৰিছিল। অৱশেষত শিৱই ৰাৱণক ক্ষমা কৰাৰ লগতে চন্দ্ৰহাস নামৰ এখন অজেয় তৰোৱালো প্ৰদান কৰে। ৰাৱণে গোৱা পদ্যসমূহৰ সংগ্ৰহ শিৱ তাণ্ডৱ স্তোত্ৰ নামেৰে জনাজাত হৈ পৰে।৮

তথ্যসূত্ৰ

  1. ↑ Vālmīki; Menon, Ramesh. (2004-05-26). The Ramayana: A Modern Retelling of the Great Indian Epic. Macmillan. ISBN 978-0-86547-695-0
  2. ↑ Ayres, Elizabeth. (2005). Know the Way: A Journey in Poetry and Prose. Infinity Publishing. পৃ. 18. ISBN 9780741428257
  3. ↑ Shivatandavastotra. Full text at Wikisource
  4. ↑ Ramachander, P. R. Shiva Thandava Stotram. saivism.net
  5. ↑ Bennett, James. (7 June 2017). Beneath the Winds: Masterpieces of Southeast Asian Art from the Art Gallery of South Australia. Art Gallery of South Australia. পৃ. 251. ISBN 978-1921668074
  6. ↑ Cakrabartī, Bishṇupada. (24 July 2008). The Penguin Companion to the Ramayana. Penguin. পৃ. 91. ISBN 978-0143100461
  7. ↑ Social, Daily. 12 Of The Most Powerful Divine Weapons From Hindu Mythology. Daily Social
  8. ↑ (15 October 2018). Shiv Tandav Stotra. newstrend.news

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱ তাণ্ডৱ স্তোত্ৰ” প্ৰবন্ধৰ সংশোধন ৩৮২৯৪৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।