স্থাপত্য
৬৮ প্ৰবন্ধ
-
মাটিয়াবগ হাৱাখানা
মাটিয়াবগ হাৱাখানা (Matiabag Palace বা Matiabag Hawakhana) অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ ওচৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত। এই ঐতিহ্যপূৰ্ণ প্ৰসাদটো গদাধৰ নদীৰ পাৰত মাটিয়াবগ টিলাৰ ওপৰত গৌৰীপুৰৰ জমিদাৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাই নিৰ্মাণ কৰাইছিল।
-
মেন্দুট
ইণ্ডোনেছিয়াৰ মধ্য জাভাৰ মাগেলাং ৰিজেন্সিৰ মুংকিড মহকুমাৰ মেন্দুট গাঁৱত অৱস্থিত মেন্দুট মন্দিৰ হৈছে নৱম শতিকাৰ বৌদ্ধ মন্দিৰ। বৰোবুদুৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ পূবে অৱস্থিত এই মন্দিৰ। মেন্দুট, বৰোবুদুৰ, পাৱন মন্দিৰ, এই তিনিওটা বৌদ্ধ মন্দিৰ একেটা সৰলৰেখাত অৱস্থিত।
-
লালকিল্লাৰ লাহোৰী গেট
লাহোৰী গেট পুৰণি দিল্লীৰ লালকিল্লাৰ মূল প্ৰৱেশদ্বাৰ। ছত্তা চ’ক নামৰ ধেনুভিৰীয়া এপাৰ্টমেণ্টৰ কাষে কাষে থকা এটা আবৃত ৰাস্তাৰে কিল্লাটোৰ কাষ চাপিব পাৰি। দুৰ্গৰ পশ্চিম দেৱালত অৱস্থিত এই গেটখনে ইয়াৰ নাম লাভ কৰিছিল কাৰণ ইয়াৰপৰা লাহোৰ চহৰ, (বৰ্তমানৰ পাকিস্তান)লৈ গৈছিল। গৌণ প্ৰৱেশদ্বাৰ হ’ল দিল্লী গেট।
-
লুম্বিনী ডেভেলপমেণ্ট ট্ৰাষ্ট
নেপাল চৰকাৰৰ মাষ্টাৰ প্লেনৰ অধীনত লুম্বিনী বন পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে লুম্বিনী ডেভেলপমেণ্ট ট্ৰাষ্ট (১৯৮৫) (लुम्बिनी बिकाश कोष) প্ৰতিষ্ঠা কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব সপ্তম বা ষষ্ঠ শতিকাত জন্মগ্ৰহণ কৰা বৌদ্ধ ধৰ্মৰ প্ৰতিষ্থাপক গৌতম বুদ্ধৰ জন্মস্থান লুম্বিনী।
-
শ্ৰীকুৰ্মম্
শ্ৰীকুৰ্মম্ ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকুলামৰ ওচৰৰ এখন গাঁও, ঠাইখনক শ্ৰীকুৰ্মু বা শ্ৰীকুৰ্মাই বুলিও জনা যায়। ই শ্ৰীকুলম চহৰৰ দক্ষিণ-পূব দিশত ১৪.৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ঠাইখন শ্ৰীকাকুলাম জিলাৰ গৰা মণ্ডলত অৱস্থিত।
-
সিংহ দৰবাৰ
সিংহ দৰবাৰ (বা, সিংহ কাৰেং) (নেপালী: सिंहदरवार, ইংৰাজী: Singha Durbar) হ’ল নেপালৰ ৰাজধানী কাঠমাণ্ডুত থকা ৰাণা বংশৰ এটা কাৰেং। কাঠমাণ্ডুৰ মধ্যভাগত তথা বাবৰ মহল আৰু থাপাথালি দৰবাৰৰ উত্তৰদিশে আৰু ভদ্ৰকালিৰ পূৱদিশে সিংহ কাৰেং অৱস্থিত। ১৯০৮ চনৰ জুন মাহত চন্দ্ৰ ছামছেৰ জে.বি.আৰে. এই কাৰেংটো নিৰ্মাণ কৰিছিল।
-
ৰত্ন শিল্পৰীতি
ৰত্ন শৈলী বা ৰত্ন শিল্পৰীতি বংগৰ মন্দিৰ স্থাপত্যৰ এটা শৈলী, যি ১৫ শতিকাৰপৰা ১৬ শতিকালৈকে বংগত মল্লভুম ৰাজ্যৰ অধীনত (মল্ল বংশ বুলিও কোৱা হয়) উৎপত্তি হৈছিল। ইয়াক হিন্দু মন্দিৰ স্থাপত্যত আঞ্চলিক শৈলী হিচাপে উৎপত্তি হোৱা বুলি কয়। ই চালা মন্দিৰৰ এক বিস্তৃত শৈলী।
-
অ'কাজাকি দুৰ্গ
অ'কাজাকি দুৰ্গ জাপানৰ আইচি অঞ্চলৰ অ'কাজাকি চহৰত অৱস্থিত এক জাপানী দুৰ্গ। এডো যুগৰ শেষত, ই অ'কাজাকি অঞ্চলৰ হোণ্ডা ক্লান পৰিয়ালৰ বাসস্থান আছিল, সেয়ে দুৰ্গটো তকুগাউৱা ইয়েৱাছু আৰু তকুগাউৱা ক্লানৰ পৰিয়ালৰ সংশ্লিষ্টতাৰ বাবে বেছি পৰিচিত। দুৰ্গটোক টাৎছোজো "Tatsu-jō " নামেৰেও জনা যায়।
-
অসমৰ লোকস্থপতি
অসমৰ লোকস্থপতি বা লোকস্থাপত্য বুলিলে সাধাৰণতে বাঁহ, বেত, ইকৰা, খেৰ আৰু কাঠেৰে সজা ঘৰ-দুৱাৰবোৰকে বুজায়। এইসমূহ ব্যক্তিগত আৰু ৰাজহুৱা দুয়ো প্ৰকাৰৰ হ'ব পাৰে। লোকজীৱন সাধাৰণতে কৃষিৰ সৈতে জড়িত হোৱা হেতুকে থকা ঘৰৰ উপৰি ভঁৰালঘৰ, গোহালিঘৰ, ঢেঁকীশাল আদি ভালেমান ঘৰ জনসাধাৰণে নিৰ্মাণ কৰি লয়।
-
আহচান মঞ্জিল
আহচান মঞ্জিল ( Ahsan Manzil) বাংলাদেশৰ ঢাকাৰ বুৰিগংগা নদীৰ কাষৰ কুমাৰতোলি অঞ্চলত অৱস্থিত এটা ঐতিহাসিক ৰাজপ্ৰাসাদ। পূৰ্বতে ই ঢাকাৰ নবাবৰ বাসস্থান আৰু আসন আছিল আৰু ইয়াক পুৰণি ঢাকাৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। এতিয়া ই সংগ্ৰহালয় হিচাপে কাম কৰে।
-
উজ্জয়ন্ত প্ৰসাদ
উজ্জয়ন্ত প্ৰসাদ হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ৰাজ্যিক সংগ্ৰহালয় আৰু ত্ৰিপুৰা ৰাজ্যৰ পূৰ্বৰ ৰাজকীয় প্ৰসাদ। এই ৰাজপ্ৰসাদটো ১৯০১ চনত মহাৰাজ ৰাধা কিশোৰ মণিক্যই নিৰ্মাণ কৰিছিল। ১৯৭৩ চনৰ পৰা ২০১১ চনলৈ ইয়াক ৰাজ্যিক আইনসভা অনুষ্ঠিত কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।
-
এম্পায়াৰ ষ্টেট বিল্ডিং
এম্পায়াৰ ষ্টেট বিল্ডিং হৈছে আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ মানহাটানৰ মিডটাউন চাউথ চুবুৰীত অৱস্থিত ১০২ মহলীয়া আৰ্ট ডেকো শৈলীৰ ছুপাৰটাল আকাশচুম্বী ঘৰ। ১৯৩০ চনৰ পৰা ১৯৩১ চনলৈকে নিৰ্মাণ কৰা এই ভৱনটোৰ ডিজাইন নিউয়ৰ্ক ৰাজ্যৰ ডাকনাম " এম্পায়াৰ ষ্টেট " ৰ পৰা লোৱা হৈছে।
-
কাৰ্ণালৰ মোগল সেতু
ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ কৰ্ণালত থকা মোগল সেতুখন শ্বাহজাহানৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল আৰু জাহাংগীৰৰ তুজক-ই-জাহাংগীৰীৰ স্মৃতিগ্ৰন্থত ইয়াৰ উল্লেখ আছে।
-
গান্ধী ভৱন
গান্ধী ভৱন (Gandhi Bhawan)হৈছে ভাৰতৰ চণ্ডীগড় চহৰৰ এক মুখ্য আকৰ্ষণ তথা মহাত্মা গান্ধীৰ বাণী আৰু কৰ্ম বিষয়ক অধ্যয়নৰ বাবে উচৰ্গিত এক কেন্দ্ৰ। লী ক'ৰবাজিয়েৰ সম্বন্ধীয় ভাতৃ, আৰ্কিটেক্ট পিয়েৰে জিনেৰেটে ইয়াক ডিজাইন কৰিছিল।
-
গুৰু কা তাল
গুৰু কা তাল নৱম গুৰু শ্ৰীগুৰু টেগ বাহাদুৰদেৱৰ স্মৃতিত উছৰ্গিত এক ঐতিহাসিক শিখ তীৰ্থস্থান। গুৰু কা তাল আগ্ৰাৰ ছিকন্দ্ৰাৰ ওচৰত। গুৰু টেগ বাহাদুৰে মোগল সম্ৰাট ঔৰংগজেৱৰ ওচৰত আত্মসমৰ্পনৰ প্ৰস্তাৱ দিয়া ঠাইত গুৰুদ্বাৰা নিৰ্মাণ কৰা হৈছিল।
-
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে’
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে’ই গুৱাহাটী মহানগৰীৰ কাছাৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰেৰে উত্তৰ গুৱাহাটীক সংযোগ কৰিছে। ইয়াৰ দৈৰ্ঘ্য হৈছে ২ কিলোমিটাৰ। গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ পাৰাপাৰ হ’বলৈ প্ৰয়োজন হ’ব ৭ মিনিট। এইটো ভাৰতৰ আটাইতকৈ দীঘল নদী ৰোপৱে’ বুলি স্বীকৃত হৈছে।
-
চীনদেশীয় ইছলামী স্থাপত্য
চীনদেশীয় ইছলামী স্থাপত্য বা চীন-ইছলামী স্থাপত্য, বা চীনদেশৰ ইছলামী স্থাপত্য চীনদেশৰ মূল ভূ-খণ্ড আৰু বহিৰ্ভূত অঞ্চলত বসবাস কৰা মুছলমান জনসাধাৰণৰ স্থাপত্য পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ। এই পৰম্পৰা খ্ৰীষ্টীয় অষ্টম শতিকাৰপৰা বৰ্তমানলৈকে চলি আহিছে।
-
জলমহল
জলমহল, যাক নৰ্নৌলৰ জলমহল বা জলপ্ৰাসাদ বুলিও কোৱা হয়, ভাৰতৰ হাৰিয়ানাৰ নৰ্নৌলত অৱস্থিত ১৬ শতিকাৰ শেষৰফালে নিৰ্মিত এটা ৰাজপ্ৰাসাদ, দুৰ্গ আৰু কৃত্ৰিম হ্ৰদ। নৰ্নৌলৰ এজন মোগল গৱৰ্ণৰে নিৰ্মাণ কৰা এই গাঁথনিটোৱে বৰ্তমান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে কাম কৰি আছে।
-
জামে মছজিদ, দিল্লী
মছজিদ-ই-জেহান-নুমা দিল্লীৰ পুৰণি দিল্লীৰ মছজিদ যাক জামে মছজিদ নামেৰেও ভাৰতৰ অন্যতম বৃহৎ মছজিদ হিচাপে জনাজাত। ইয়াৰ নিৰ্মাতা আছিল ১৬৪৪ চনৰ পৰা ১৬৫৬ চনৰ ভিতৰত মোগল সম্ৰাট শ্বাহজাহান আৰু ইয়াৰ প্ৰথম ইমাম চৈয়দ আব্দুল গাফুৰ শ্বাহ বুখাৰীয়ে উদ্বোধন কৰিছিল।
-
থিৰুভাঞ্চেৰী কাভু
থিৰুভাঞ্চেৰী কাভু কেৰেলাৰ কান্নুৰ জিলাৰ কুথুপাৰম্বাৰ ওচৰত অৱস্থিত৷ প্ৰাচীন পূজাৰ স্থান য'ত শাকতেয় ৰীতি-নীতি কৰা হয়। শাক্ত আৰু শৈৱ পৰম্পৰাৰ সমন্বয়ৰ বাবে এই মন্দিৰটো উল্লেখযোগ্য।
-
দৰবাৰ হাউছ শিলালিপি
দৰবাৰ হাউছ শিলালিপি ১৬৬০ শক (১৭৩৮ খ্ৰীষ্টাব্দত) খোদিত হৈছিল, য’ত বৰফুকনৰ দৰবৰ (কাৰ্যালয়)-ৰ দক্ষিণ জয়াদুৱাৰ নিৰ্মাণৰ ঘটনা তৰুণ দুৱৰা বৰফুকনৰ পৰ্যবেক্ষণত আৰু শিৱ সিংহৰ আদেশত কৰা হৈছিল বুলি লিখিত আছে।
-
নাছৰিন চেৰাজী
নাছৰিন চেৰাজী-বজৰ্গজাদ Nasrine Seraji-Bozorgzad) এ এ দেপল ফ্ৰিবা, ইৰাণী বংশৰ এজন ফৰাচী-ব্ৰিটিছ স্থপতি। ২০১১ চনত লিজিয়ন অৱ অনাৰৰ নাইট, অৰ্ডে নেচনেল ডু মেৰিটৰ বিষয়া আৰু অৰ্ডে ডেছ আৰ্টছ এট ডেছ লেট্ৰেছৰ বিষয়া।
-
নামজানী বৰফুকনৰ বিজয় শিলালিপি স্তম্ভ
নামজানী বৰফুকনৰ বিজয় শিলালিপি স্তম্ভ বা বৰফুকনৰ জয়স্তম্ভ, এটা শিলালিপি-স্তম্ভ, য’ত আহোম সেনাৰ ১৬৬৭ খ্ৰীষ্টাব্দত গুৱাহাটী জয়ৰ ঘটনা খোদিত কৰা হৈছে। এই লিপিত নামজানী বৰফুকন বা লাচিত বৰফুকনৰ গুণৰ বৰ্ণনা কৰা হৈছে, যি বৰবৰুৱাৰ পুত্ৰ আছিল।
-
নীৰমহল
নীৰমহল যাক টুইজিলিকমা নুয়ুং অৰ্থাৎ'জল প্ৰাসাদ' বুলিও জনা যায়। নীৰমহল হৈছে ত্ৰিপুৰা ৰাজ্যৰ এটা প্ৰাক্তন ৰাজকীয় প্ৰাসাদ। এই নীৰমহলটো ১৯৩০ চনত মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে নিৰ্মাণ কৰিছিল।এই মহলটো ভাৰতৰ আটাইতকৈ ডাঙৰ পানীৰ প্ৰাসাদ।
-
নেপালৰ স্থাপত্য
নেপালৰ স্থাপত্য বা নেপালী স্থাপত্য কলাত্মক আৰু ব্যাৱহাৰিক শৈলীৰ এক অনন্য মিশ্ৰণ। ভাৰত, তিব্বত আৰু চীনৰ বাণিজ্যিক পথৰ মাজত অৱস্থিত নেপালী স্থাপত্যই এই সাংস্কৃতিক দুৰ্গসমূহৰ প্ৰভাৱ প্ৰতিফলিত কৰে। দেশৰ হিন্দু মন্দিৰসমূহক পেগোডাৰ স্থাপত্য পৰম্পৰাই বিশেষভাৱে প্ৰভাবিত কৰিছে।
-
পাৰ্থেনন মন্দিৰ
পাৰ্থেনন মন্দিৰ গ্ৰীচৰ এথেন্সৰ দুৰ্গ-নগৰীত অৱস্থিত৷ এসময়ত এই মন্দিৰত দেৱী এথেনাৰ পূজা কৰা হৈছিল৷ এথেন্স নগৰখনৰ নামো দেৱী এথেনাৰ নামেৰেই নামাকৰণ কৰা হৈছে৷ আগতে গ্ৰীচৰ একো একোখন নগৰ একো একোগৰাকী দেৱ-দেৱীৰ নামেৰে নামকৰণ কৰাৰ ৰীতি আছিল৷ ভাৰতৰ দেৱী সৰস্বতীৰ দৰে এথেনা গ্ৰীকসকলৰ বাবে জ্ঞান আৰু বিদ্যাৰ…
-
প্যাটথাট্
প্যাটথাট (Pyatthat) শব্দটো সংস্কৃত শব্দ 'প্ৰসাদ'ৰ পৰা উদ্ভৱ হোৱা। ইয়াৰ দ্বাৰা ঘৰৰ বহুস্তৰীয় চালক বুজোৱা হয়। এই স্তৰৰ সংখ্যা অযুগ্ম সংখ্যক (তিনিৰ পৰা সাতলৈ)।
-
বাংলাদেশৰ স্থাপত্য
বাংলাদেশৰ স্থাপত্য বংগ অঞ্চল আৰু বিশাল ভাৰত উপমহাদেশৰ স্থাপত্যৰ সৈতে জড়িত। বাংলাদেশৰ স্থাপত্যৰ ইতিহাস বহু পুৰণি আৰু ই বাংলাদেশৰ সংস্কৃতি, ধৰ্ম আৰু ইতিহাসত শিপাই আছে। শতিকাজুৰি ইয়াৰ বিকাশ ঘটিছে আৰু সামাজিক, ধৰ্মীয় আৰু বিদেশী সম্প্ৰদায়ৰপৰা প্ৰভাৱ সামৰি থিয় হৈ আছে।
-
বাৱড়ী
বাৱড়ী বা বাওলী বা ষ্টেপৱেল(Stepwell) মানে হৈছে চিৰিযুক্ত কুঁৱা, পুখুৰী বা জলাশয় যʼৰ পৰা পানী তুলিবলৈ চিৰিৰে নামি প্ৰৱেশ কৰিব পাৰি। এইবোৰ পশ্চিম ভাৰতত সচৰাচৰ দেখা যায়। ভাৰতীয় উপমহাদেশৰ আন অধিক শুকান অঞ্চলতো পোৱা যায়, যি পাকিস্তানলৈ বিস্তৃত।
-
বিশ্বাস স্বৰূপম
শিৱৰ মূৰ্তি, যাক বিশ্বাসৰ মূৰ্তি বা বিশ্বাস স্বৰূপম বুলি জনা যায়, ভাৰতৰ ৰাজস্থানৰ নাথদ্বাৰাত নিৰ্মিত হিন্দু দেৱতা শিৱৰ এটা প্ৰতিমূৰ্তি। মূৰ্তি-নিৰ্মাতা নৰেশ কুমাৱাটে এই ভাস্কৰ্য নিৰ্মাণ কৰি ২০২২ চনৰ ২৯ অক্টোবৰত মুকলি কৰা এই প্ৰতিমূৰ্তিটো বিশ্বৰ আটাইতকৈ ওখ শিৱৰ মূৰ্তি।