অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চীনদেশীয় ইছলামী স্থাপত্য

চীনদেশীয় ইছলামী স্থাপত্য বা চীন-ইছলামী স্থাপত্য, বা চীনদেশৰ ইছলামী স্থাপত্য চীনদেশৰ মূল ভূ-খণ্ড আৰু বহিৰ্ভূত অঞ্চলত বসবাস কৰা মুছলমান জনসাধাৰণৰ স্থাপত্য পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ। এই পৰম্পৰা খ্ৰীষ্টীয় অষ্টম শতিকাৰপৰা বৰ্তমানলৈকে চলি আহিছে।

হালনাগাদ: ৭ ছেপ্তেম্বৰ ২০২৬ ৬৮৮ শব্দ · ৪ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

চীনদেশীয় ইছলামী স্থাপত্য বা চীন-ইছলামী স্থাপত্য, বা চীনদেশৰ ইছলামী স্থাপত্য চীনদেশৰ মূল ভূ-খণ্ড আৰু বহিৰ্ভূত অঞ্চলত বসবাস কৰা মুছলমান জনসাধাৰণৰ স্থাপত্য পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ। এই পৰম্পৰা খ্ৰীষ্টীয় অষ্টম শতিকাৰপৰা বৰ্তমানলৈকে চলি আহিছে।১ প্ৰধান হান-চীনা সংস্কৃতিৰ সৈতে ইছলামৰ আত্মীকৰণৰ ফলত চীনদেশীয় মুছলমানসকলৰ মাজত এক স্বকীয় স্থাপত্যশৈলীৰ উদ্ভৱ হয়।১ মছজিদ,নামাজৰ হল, সমাধিক্ষেত্ৰ আৰু অন্যান্য ভৱনত পৰম্পৰাগত চীনা আৰু ইছলামী স্থাপত্যৰ উপাদান একেলগে ব্যৱহাৰ কৰাটো তেওঁলোকৰ মাজত এক সাধাৰণ প্ৰথা হৈ পৰে।১২

চীনদেশীয় সমাজত ইছলাম ধৰ্মৰ প্ৰচলন ১,৩০০ বছৰ ধৰি আছে।১৩ বৰ্তমান চীনদেশীয় মুছলমানসকল চীনদেশৰ সংখ্যালঘু জনসমষ্টি আৰু শেহতীয়া অনুমান অনুসৰি মুঠ জনসংখ্যাৰ ০.৪৫%ৰপৰা ১.৮%লৈকে তেওঁলোকৰ সংখ্যা।৪ যদিও হুই মুছলমানসকল আটাইতকৈ বৃহৎ গোট,৫ চীনদেশীয় মুছলমানসকলৰ সৰ্বাধিক ঘনত্ব উত্তৰ-পশ্চিম চীনদেশত, বিশেষকৈস্বায়ত্তশাসিত অঞ্চল ছিনচিয়াংত দেখা যায। ছিনচিয়াংত বৃহৎসংখ্যক উইঘুৰ মুছলমান লোক বাস কৰে।১ ইয়াৰ উপৰি নিংছিয়া, গানছু আৰু ছিংহাই অঞ্চলতো কমসংখ্যক কিন্তু উল্লেখযোগ্য সংখ্যাৰ চীনদেশীয় মুছলমান বসবাস কৰে।৬ চীনদেশৰ চৰকাৰীভাৱে স্বীকৃত ৫৫টাসংখ্যালঘু জনগোষ্ঠীৰ ভিতৰত দহটা গোট মূলতঃ ছুন্নী মুছলমান।৬

পটভূমি

deadurl=yes }} p. 13, reporting the results of the CGSS 2006, 2008, 2010 and 2011, and their average (fifth column of the first table).</ref><sup class=৭" loading="lazy" data-zoom="deadurl=yes }} p. 13, reporting the results of the CGSS 2006, 2008, 2010 and 2011, and their average (fifth column of the first table).</ref>৭">
deadurl=yes }} p. 13, reporting the results of the CGSS 2006, 2008, 2010 and 2011, and their average (fifth column of the first table).</ref>৭ছবি: Aethelwolf Emsworth · Public domain

চীনদেশত ইছলামৰ ইতিহাসৰ আৰম্ভণি ইছলাম ধৰ্মৰ প্ৰথম যুগলৈকে পিছলৈ যায়।১ চীনদেশীয় মুছলমানসকলৰ পৰম্পৰাগত কিংবদন্তি অনুসৰি ৬৫১ খ্ৰীষ্টাব্দত উছমান ইবন আফফানে (৬৪৪–৬৫৬), তৃতীয় ৰাশিদুন খলিফাই, মুহাম্মাদৰ মৃত্যুৰ (৬৩২ খ্ৰীষ্টাব্দ) বিছ বছৰৰো কম সময়ৰ পাছত প্ৰেৰণ কৰা এক দূতাবাসৰ জৰিয়তে মুছলমান ধৰ্মপ্ৰচাৰকসকল চীনদেশত উপস্থিত হৈছিল। ছাদ ইবন আবি ৱাক্কাছ, যি মুহাম্মদৰ মাতৃফালৰ মামা আৰু দ্বিতীয় খুৰাকৰ পুত্ৰ আছিল, তেওঁ সম্ৰাট গাওজঙক সাক্ষাৎ কৰিবলৈ এটা প্ৰতিনিধিদলৰ সৈতে প্ৰেৰণ কৰা হৈছিল। দেশখনৰ প্ৰথম মছজিদ হুৱাইছেং মছজিদ নিৰ্মাণৰ কৃতিত্ব তেওঁক দিয়া হয়।৮

চীনদেশীয় মুছলমানসকলৰ পৰম্পৰাগত কিংবদন্তি অনুসৰি ৬১৬–৬১৮ খ্ৰীষ্টাব্দত মুহাম্মদৰ ঘনিষ্ঠ সাহাবাসকলৰ কেইজনমানে প্ৰথমবাৰৰ বাবে চীনদেশত ইছলাম ধৰ্ম প্ৰৱৰ্তন কৰিছিল। তেওঁলোক আছিল ছাদ ইবন আবি ৱাক্কাছ, ছাইয়িদ, ৱা হ’ব আবু কাবছা আৰু আন এজন।৯ ৱা হ’ব আবু কাবছা আল-হাৰ্থ ইবন আব্দুল আল-উজ্জাৰ পুত্ৰ হ'ব পাৰে, যাক আবু কাবছা বুলিও জনা যায়।৯ আন কিছুমান বিৱৰণ অনুসৰি ৱা হ’ব আবু কাবছাই ৬২৯ খ্ৰীষ্টাব্দত সাগৰপথে গুৱাংজৌত উপস্থিত হৈছিল।৯

আধুনিক ইতিহাসবিদসকলে কৈছে যে ৱাক্কাছ নিজে কেতিয়াও চীনদেশলৈ আহিছিল বুলি প্ৰমাণ নাই,৮ কিন্তু তেওঁলোকে বিশ্বাস কৰে যে মুছলমান কূটনীতিবিদ আৰু বণিকসকল তাং সাম্ৰাজ্যৰ আৰম্ভণিৰ কেইটামান দশকৰ ভিতৰতে চীনলৈ আহিছিল।৮ তাং সাম্ৰাজ্যৰ বিশ্বনাগৰিক সংস্কৃতিত মধ্য এছিয়াৰ সৈতে বিস্তৃত যোগাযোগ আছিল আৰু চীনদেশীয় নগৰসমূহত বাস কৰা (মূলতঃ কাফিৰ বা অমুছলমান) মধ্য আৰু পশ্চিম এছিয়াৰ বণিকসকলৰ উল্লেখযোগ্য সম্প্ৰদায় আছিল। ই ইছলামৰ প্ৰৱৰ্তনত সহায় কৰিছিল।৮ চীনদেশত প্ৰথম বৃহৎ মুছলমান বসতিসমূহ আৰব আৰু পাৰস্যৰ বণিকসকলৰদ্বাৰা গঢ় লৈ উঠিছিল।১০

মুছলমান আৰবসকলে মাৱাৰাউননহৰ আক্ৰমণ কৰাৰ সময়ত উমাইয়া খিলাফতে ইখশিদ, ফাৰ্গানা উপত্যকাৰ ৰজাক ৭১৫ খ্ৰীষ্টাব্দত সিংহাসনৰপৰা অপসাৰণ কৰি নতুন ৰজা আলুতাৰক সিংহাসনত বহুৱায়। অপসাৰিত ৰজাজনে কুচালৈ পলাই যায় আৰু আনছি সুৰক্ষা অঞ্চলৰ কেন্দ্ৰত আশ্ৰয় লৈ চীনদেশৰ সহায় বিচাৰে। চীনদেশে ঝাং শ্বিয়াওছঙৰ নেতৃত্বত ১০,০০০ সৈন্য ফাৰ্গানালৈ প্ৰেৰণ কৰে। তেওঁ আলুতাৰ আৰু আৰব মুছলমান দখলদাৰী বাহিনীক নামানগানত পৰাস্ত কৰি ইখশিদক পুনৰ সিংহাসনত বহুৱায়।১১ আৰবীয় উৎসসমূহতো উল্লেখ আছে যে কুতাইবা ইবন মুছলিমে প্ৰায় ৭১৪ খ্ৰীষ্টাব্দত চীনদেশৰপৰা কাশগৰ কিছুসময়ৰ বাবে দখল কৰিছিল আৰু এক চুক্তিৰ পাছত আঁতৰি গৈছিল,১২ কিন্তু আধুনিক ইতিহাসবিদসকলে এই দাবী সম্পূৰ্ণৰূপে নাকচ কৰে।১৩১৪

তাং সাম্ৰাজ্য

চীনদেশীয় ইছলামী স্থাপত্যৰ বৈশিষ্ট্য প্ৰদৰ্শন কৰা আটাইতকৈ পুৰণি অৱশিষ্ট ধৰ্মীয় স্থাপত্যসমূহৰ ভিতৰত ছিয়ানৰ মহামছজিদ অন্যতম। ইয়াক ৭৪২ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল বুলি ভৱনটোৰ ভিতৰত সংৰক্ষিত এখন শিলালিপিত উল্লেখ আছে। আনটো হৈছে ছিয়ানৰ দাশুৱেশি গলিৰ মছজিদ। ইয়াৰ এটা শিলালিপি অনুসৰি ইয়াক ৭০৫ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল আৰু সেই শিলালিপিখন মিং সাম্ৰাজ্যৰ সম্ৰাট জিয়াজিঙৰ নামৰ সৈতে জড়িত।১৫১৬

তাং সাম্ৰাজ্যৰ সময়ত আৰু তাৰ পাছত আন বহুতো মছজিদ স্থাপন কৰা হৈছিল। ইয়াৰ ভিতৰত কুৱানঝৌৰ ছেংইউ মছজিদ, হাংঝৌৰ ফিনিক্স মছজিদ, টাইয়ুয়ান পুৰণি মছজিদ শানছিত আদি উল্লেখযোগ্য।১৭ তাং সাম্ৰাজ্যৰ শেষৰফালে প্ৰায় ১৩টা মছজিদ থকাৰ তথ্য পোৱা যায়।১৮

লিয়াও আৰু ছং সাম্ৰাজ্য

ছং আৰু লিয়াও সাম্ৰাজ্যৰ সময়ত নিৰ্মাণ কৰা চীনদেশীয় ইছলামী স্থাপত্যৰ বহুতো উদাহৰণ আছে। ইয়াৰ ভিতৰত নিউজিয়ে মছজিদ (সৰলীকৃত চীনা: 牛街礼拜寺; পৰম্পৰাগত চীনা: 牛街禮拜寺; পিনইন: Niújiē lǐbàisì; ৱেড–জাইলছ: Niu-chieh Li-pai-ssu "গৰুৰ পথৰ উপাসনাগৃহ" বা চীনা: 牛街清真寺; পিনইন: Niújiē Qīngzhēnsì; ৱেড–জাইলছ: Niu-chieh Ch'ing-chen-ssu "গৰুৰ পথৰ মছজিদ") উল্লেখযোগ্য। ই বেইজিংৰ আটাইতকৈ পুৰণি মছজিদ। ইয়াক প্ৰথমে ৯৯৬ চনত লিয়াও সাম্ৰাজ্যৰ সময়ত নিৰ্মাণ কৰা হৈছিল আৰু পাছত মিং সাম্ৰাজ্যৰ সম্ৰাট ছেংহুৱাৰ সময়ত পুনৰ নিৰ্মাণ আৰু সম্প্ৰসাৰণ কৰা হয়। সম্ৰাটে ১৪৭৪ চনত মছজিদটোক আৰ্থিক সহায় আগবঢ়াইছিল।১৬ ইয়াৰ পাছত ছিং সাম্ৰাজ্যৰ সম্ৰাট কাংছি (১৬৬১–১৭২২)ৰ সময়তো ইয়াৰ উন্নয়ন কৰা হৈছিল।১৯ আন এটা উল্লেখযোগ্য চীনদেশীয় ইছলামী ভৱন হৈছে গুৱাংজৌৰ হুৱাইছেং মছজিদ।১৫ ছং সাম্ৰাজ্যৰ শেষৰফালে চীনদেশত ২৮টা মছজিদ থকাৰ তথ্য পোৱা যায় আৰু ইয়াৰে ১৫টা ছং সাম্ৰাজ্যৰ সময়ত নিৰ্মাণ কৰা হৈছিল।১৮

য়ুয়ান সাম্ৰাজ্য

য়ুয়ান যুগক চীনদেশত ইছলামী স্থাপত্যৰ সোণালী যুগ হিচাপে গণ্য কৰা হয়, কাৰণ এই সময়ত বহুতো মছজিদ স্থাপন কৰা হৈছিল।১৭১৮ মছজিদসমূহ উত্তৰ চীনৰ সমভূমি, উত্তৰ-পশ্চিমাঞ্চল আৰু য়ুন্নান অঞ্চলক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল।১৮ য়ুয়ান সাম্ৰাজ্যৰ সময়ত চীনদেশীয় মুছলমানসকলে তেওঁলোকৰ মছজিদক ছিংঝেনছি ("পৱিত্ৰতা আৰু সত্যৰ মন্দিৰ") বুলি ক'বলৈ আৰম্ভ কৰিছিল।২০ য়ুয়ান যুগত নিৰ্মাণ কৰা চীনদেশীয় ইছলামী স্থাপত্যৰ বহু উদাহৰণ আছে। ইয়াৰ ভিতৰত মিং সাম্ৰাজ্যৰ সময়ত সম্প্ৰসাৰিত কৰা বেইজিংৰ দুংছি মছজিদ (北京东四清真寺); ১৬ বেইজিংৰ টুংঝৌ মছজিদ (北京通州清真寺); শিলৰ প্ৰৱেশদ্বাৰ থকা একমাত্ৰ গঠন কুৱানঝৌৰ ছিংজিং মছজিদ (泉州清净寺); আৰু হাংঝৌৰ ফেংহুয়াং মছজিদ (杭州风凰寺) উল্লেখযোগ্য।১৫ এই সময়ছোৱাত ইছলামী স্থাপত্যৰ উপাদানৰ ব্যৱহাৰ অধিক আৰু ব্যাপক হৈ পৰিছিল। ইয়াৰ ভিতৰত ওখ প্ৰৱেশদ্বাৰ, গম্বুজ, সংযোগী অঞ্চল আৰু ইটা আৰু শিলৰ ব্যৱহাৰ উল্লেখযোগ্য।২১১৫

মিং আৰু ছিং সাম্ৰাজ্য

মিং সাম্ৰাজ্যৰ আৰম্ভণিতে ক্ৰমাৎ অধিকসংখ্যক মছজিদ আৰু অন্যান্য ইছলামী প্ৰতিষ্ঠানে দৃঢ়ভাৱে চীনা স্থাপত্যশৈলী গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। মছজিদসমূহত পোগোডা সংযোজন আৰু সাধাৰণ ঘৰৰ মাজত সেইবোৰৰ অৱস্থানৰ ফলত মছজিদসমূহ চীনা পৰিৱেশৰ সৈতে ভালদৰে মিলি গৈছিল। এই সময়ছোৱাত মছজিদত চীনা ভাষাত লিখা ফলক আৰু অন্যান্য স্মাৰকৰ ব্যৱহাৰো সাধাৰণ হৈ পৰিছিল।২২

পাছত মিং সাম্ৰাজ্যৰ সময়ত মছজিদৰ ভিতৰত বক্তৃতাগৃহ নিৰ্মাণৰ আৰম্ভণি শানছিত হয় আৰু তাৰ পাছত এই প্ৰথা সমগ্ৰ চীনদেশলৈ বিয়পি পৰে।২ মিং সাম্ৰাজ্যৰ শেষভাগ আৰু ছিং সাম্ৰাজ্যৰ আৰম্ভণিৰ সময়ত মছজিদ নিৰ্মাণৰ দ্ৰুত বৃদ্ধি ঘটিছিল।২৩

আধুনিক যুগ

১৯৪৫ চনৰ পাছৰপৰা ১৯৮০ৰ দশকলৈকে ইছলাম ধৰ্ম কঠোৰভাৱে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত আছিল। সাংস্কৃতিক বিপ্লৱৰ সময়ত বহুতো মছজিদ আৰু ধৰ্মীয় স্থাপত্য ধ্বংস বা ক্ষতিগ্ৰস্ত হৈছিল। ১৯৭৫ চনত শাদিয়ান ঘটনাৰ দৰে গুৰুতৰ সংঘাত সংঘটিত হৈছিল। দেং ছিয়াওপিংৰ সময়ত আৰম্ভ কৰা মুকলিকৰণ নীতিয়ে নিয়ন্ত্ৰণ কিছু শিথিল কৰিছিল। পৰম্পৰাগত ইছলামী স্থাপত্যৰ প্ৰভাৱ পুনৰ অধিক শক্তিশালী হ'বলৈ আৰম্ভ কৰে আৰু বহুতো পুনৰ নিৰ্মিত আৰু সংস্কাৰ কৰা মছজিদত ইছলামী শৈলীৰ গম্বুজ আৰু মিনাৰ সংযোজন কৰা হয়।২৪ শাদিয়ানৰ বৃহৎ মছজিদ মধ্যপ্ৰাচ্যৰপৰা অনুপ্ৰাণিত নক্সাৰে নিৰ্মাণ কৰা হৈছিল।২৫

২০১৮ চনৰপৰা চৰকাৰে "ইছলামক সমাজবাদৰ সৈতে সামঞ্জস্যপূৰ্ণ কৰি তুলিবলৈ আৰু ইছলাম ধৰ্মক চীনা ৰূপ দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ" এক চীনীকৰণ নীতি প্ৰৱৰ্তন কৰে।২৬ এই অভিযানক তিনিটা সানহুৱা (三化), অৰ্থাৎ "তিনিটা চীনীকৰণ" বুলিও কোৱা হয়। ইয়াৰ উদ্দেশ্য হৈছে "আৰবীকৰণমুক্তকৰণ", "ছৌদীকৰণমুক্তকৰণ" আৰু "হালালমুক্তকৰণ" কাৰ্যকৰী কৰা।২৭২৮২৯৩০ ইয়াৰ ভিতৰত গম্বুজ আৰু মিনাৰ আঁতৰোৱাও অন্তৰ্ভুক্ত আছিল।৩১৩২ এই নীতি অনুসৰি জনসাধাৰণৰ মাজত অশান্তিৰ সৃষ্টি হৈছে। ইয়াৰ উদাহৰণ হৈছে ২০১৮ চনৰ আগষ্ট মাহত নিংছিয়াৰ ৱেইঝৌ বৃহৎ মছজিদত আৰু ২০২৩ চনৰ জুন মাহত য়ুনানৰ নাজিয়াইঙত সংঘটিত ঘটনা।৩৩৩৪ শাদিয়ানৰ বৃহৎ মছজিদতো গম্বুজ আঁতৰাই আৰু মিনাৰটো পৰম্পৰাগত চীনা স্থাপত্য অনুসৰি পুনৰ গঢ়ি সংস্কাৰ কৰা হৈছিল।৩৫

গ্ৰন্থৰাজি

তথ্যসূত্ৰ

  1. ↑ Steinhardt. (2015). Islamic architecture in China. Encyclopaedia of Islam, THREE. Brill Publishers. ISBN 9789004282131
  2. ↑ Yanxin, Cai. (2011). Chinese Architecture. Cambridge University Press. পৃ. 94–96. ISBN 978-0-521-18644-5
  3. ↑ Gladney, Dru C. (2003). The China Quarterly - Islam in China: Accommodation or Separatism? - Cambridge Journals Online. The China Quarterly. পৃ. 451–467
  4. ↑ For China Family Panel Studies 2017 survey results see release #1 and release #2 . The tables also contain the results of CFPS 2012 (sample 20,035) and Chinese General Social Survey (CGSS) results for 2006, 2008 and 2010 (samples ≈10.000/11,000). Also see, for comparison CFPS 2012 data in Lu 卢, Yunfeng 云峰. (2014). 卢云峰:当代中国宗教状况报告——基于CFPS(2012)调查数据. World Religious Cultures p. 13, reporting the results of the CGSS 2006, 2008, 2010 and 2011, and their average (fifth column of the first table)
  5. ↑ China halts mosque demolition due to protest. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ Armijo 2006
  7. ↑ Data from: Yang Zongde, Study on Current Muslim Population in China, Jinan Muslim, 2, 2010
  8. ↑ Lipman 1997, পৃ. 25
  9. ↑ Gladney. (August 1987). Muslim Tombs and Ethnic Folklore: Charters for Hui Identity. The Journal of Asian Studies. Cambridge University Press on behalf of the Association for Asian Studies. পৃ. 495–532
  10. ↑ Israeli, Raphael (2002). Islam in China. United States of America: Lexington Books, page 291
  11. ↑ Bai, Shouyi et al. (2003). A History of Chinese Muslim (Vol.2). Beijing: Zhonghua Book Company. ., pp. 235-236
  12. ↑ Muhamad S. Olimat. (2015). China and Central Asia in the Post-Soviet Era: A Bilateral Approach. Lexington Books. পৃ. 9–. ISBN 978-1-4985-1805-5
  13. ↑ Litvinsky, B. A.; Jalilov, A. H.; Kolesnikov, A. I. (1996). History of civilizations of Central Asia, Volume III: The crossroads of civilizations: A.D. 250 to 750. UNESCO Publishing. পৃ. 449–472. ISBN 978-92-3-103211-0
  14. ↑ Gibb, H. A. R. (1923). The Arab Conquests in Central Asia. The Royal Asiatic Society. পৃ. 48–51
  15. ↑ Hagras, Hamada. (2019). Xi'an Daxuexi Alley Mosque: Historical and Architectural Study. Egyptian Journal of Archaeological and Restoration Studies "EJARS". পৃ. 97–113
  16. ↑ Hagras, Hamada. (2019-12-20). The Ming Court as Patron of the Chinese Islamic Architecture: The Case Study of the Daxuexi Mosque in Xi'an. SHEDET. পৃ. 134–158
  17. ↑ Steinhardt, Nancy. (2017). A Companion to Islamic Art and Architecture. পৃ. 616–635
  18. ↑ Ryavec, Karl E.; Henderson, Mark. (2015). A Core-Periphery GIS Model of the Historical Growth and Spread of Islam in China. Historical Methods: A Journal of Quantitative and Interdisciplinary History. পৃ. 103–111
  19. ↑ Restorations: Olympic Torch Or Rural Touch?. China Heritage Quarterly
  20. ↑ Maria, Jaschok; Jingjun, Shui. (2005). Encyclopedia of Contemporary Chinese Culture. Taylor & Francis. পৃ. 288. ISBN 978-0-415-77716-2
  21. ↑ Hagras, Hamada Muhammed. (2017-06-20). An Ancient Mosque In Ningbo, China "Historical And Architectural Study". Journal of Islamic Architecture. পৃ. 102
  22. ↑ Israeli, Raphael. (1978). Established Islam and Marginal Islam in China From Eclecticism To Syncretism. Journal of the Economic and Social History of the Orient. পৃ. 99–109
  23. ↑ Zhang, Shaodan. (2022). Islam in the Chinese Religious Landscape: Secularization of Mosque Leadership in Late Imperial China, 1600–1900. International Journal of Islam in Asia. পৃ. 44–69
  24. ↑ 星島日報. 中國觀察|清真寺拆圓頂 高調秀整改. std.stheadline.com
  25. ↑ Yusupov, Ruslan. (2023-05-30). Chinese Muslims and police clash over partial demolition of historic mosque. The China Project
  26. ↑ (2019-01-09). China passes five-year plan to sinicise Islam, as Beijing tightens grip on major faiths in China. The Straits Times
  27. ↑ (2020-11-20). China's new campaign to make Muslims devoted to the state rather than Islam. Los Angeles Times
  28. ↑ (2022-12-13). Planting the Flag in Mosques and Monasteries. ChinaFile
  29. ↑ Hui Muslims and police clash in China's Yunnan over mosque dome demolition. Radio Free Asia
  30. ↑ (2022-10-14). China: Situation of Hui Muslims and their treatment by society and authorities; state protection (2020–September 2022) (CHN201172.E)
  31. ↑ Stroup, david R. (2021-10-01). Sinicization erasing 'Arab-style' mosques in China. Asia Times
  32. ↑ The de-Islamification of Public Space and Sinicization of Ethnic Politics in Xi's China. Middle East Institute
  33. ↑ (2018-08-10). China mosque demolition sparks standoff in Ningxia. BBC News
  34. ↑ Chang, Nectar Gan, Wayne. (2023-05-30). Thousands of ethnic minority Muslims defy Chinese authorities in defense of mosque. CNN
  35. ↑ Yusupov, Ruslan. (2023-05-30). Chinese Muslims and police clash over partial demolition of historic mosque. The China Project

সম্পৰ্কিত শ্ৰেণী

চীনা সাংস্কৃতিক ঐতিহ্যইছলাম ধৰ্মস্থাপত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চীনদেশীয় ইছলামী স্থাপত্য” প্ৰবন্ধৰ সংশোধন ৬৩৪৫৬৮ (৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।