অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

উজ্জয়ন্ত প্ৰসাদ

উজ্জয়ন্ত প্ৰসাদ হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ৰাজ্যিক সংগ্ৰহালয় আৰু ত্ৰিপুৰা ৰাজ্যৰ পূৰ্বৰ ৰাজকীয় প্ৰসাদ। এই ৰাজপ্ৰসাদটো ১৯০১ চনত মহাৰাজ ৰাধা কিশোৰ মণিক্যই নিৰ্মাণ কৰিছিল। ১৯৭৩ চনৰ পৰা ২০১১ চনলৈ ইয়াক ৰাজ্যিক আইনসভা অনুষ্ঠিত কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।

হালনাগাদ: ৫ ছেপ্তেম্বৰ ২০২৫ ৪৭৬ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

উজ্জয়ন্ত প্ৰসাদ হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ৰাজ্যিক সংগ্ৰহালয় আৰু ত্ৰিপুৰা ৰাজ্যৰ পূৰ্বৰ ৰাজকীয় প্ৰসাদ। এই ৰাজপ্ৰসাদটো ১৯০১ চনত মহাৰাজ ৰাধা কিশোৰ মণিক্যই নিৰ্মাণ কৰিছিল।১ ১৯৭৩ চনৰ পৰা ২০১১ চনলৈ ইয়াক ৰাজ্যিক আইনসভা অনুষ্ঠিত কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। প্ৰসাদটোৱে মুখ্যতঃ উত্তৰ-পূব ভাৰতত বাস কৰা সম্প্ৰদায়বোৰৰ জীৱনশৈলী, কলা, সংস্কৃতি, পৰম্পৰা আৰু শিল্পকলা আদিৰ বিষয়ে এটা ধাৰণা দিয়ে। প্ৰসাদটো মাণিক্য ৰাজবংশৰ ভাস্কৰ্য। ২

ৰাজপ্ৰসাদ হিচাপে

মূল উজ্জয়ন্ত প্ৰাসাদটো ১৮৬২ চনত ৰজা ঈশান চন্দ্ৰ মণিক্যৰ (১৮৪৯-১৮৬২) দ্বাৰা আগৰতলাৰ পৰা ১০ কিলোমিটাৰ (৬ মাইল) দূৰত্বত নিৰ্মাণ কৰা হৈছিল। ১৮৯৭ চনৰ অসমত হোৱা বৰ ভূমিকম্পত প্ৰসাদটো বিধ্বস্ত হৈছিল। ৩ আগৰতলা চহৰৰ মাজভাগত থকা বৰ্তমানৰ প্ৰাসাদটো ১৮৯৯ চনৰ পৰা ১৯০১ চনৰ ভিতৰত মহাৰাজ ৰাধা কিশোৰ মণিক্যই নিৰ্মাণ কৰিছিল সেই সময়ত ₹ ১০ লাখ (১ নিযুত) ব্যয়েৰ ৪মাৰ্টিন আৰু বাৰ্ণ কোম্পানীয়ে৫ দ্বাৰা নিৰ্মাণ কৰাইছিল। 'উজ্জ্বয়ন্ত' নামটো কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে দিছিল।৬ ১৯৪৯ চনৰ অক্টোবৰত ত্ৰিপুৰাক ভাৰতৰ অংগৰাজ্যৰ সৈতে একত্ৰিত কৰাৰ আগলৈকে প্ৰসাদটো মাণিক্যসকলৰ মুখ্য বাসস্থান আছিল।

বিধানসভাৰ ভৱন হিচাপে

১৯৭২-৭৩ চনত ত্ৰিপুৰা চৰকাৰে ৰাজপৰিয়ালৰ পৰা এই প্ৰাসাদটো ২.৫ নিযুত টকাত ক্ৰয় কৰিছিল। ২০১১ চনৰ জুলাই মাহলৈকে এই প্ৰসাদটোত ত্ৰিপুৰা বিধান সভাৰ অধিৱেশন পতা হৈছিল। ২০১১ চনত ৰাজ্যৰ বিধান সভা ভৱন আগৰতলাৰ পৰা ৬ কিলোমিটাৰ (৩.৭ মাইল) উত্তৰে এটা নতুন স্থানত নিৰ্মাণ হৈছিল।৭

ৰাজ্যিক সংগ্ৰহালয় হিচাপে

সম্ভাব্য ভূমিকম্পৰ ক্ষতি প্ৰতিহত কৰিবলৈ প্ৰসাদটোক ভূমিকম্পৰ পুনৰাৱৰ্তী কৰোঁতে ভূমিকম্পৰ প্ৰতিৰোধক ব্যৱস্থা কৰা হৈছিল ৮আৰু উপ ৰাষ্ট্ৰপতি মহম্মদ হামিদ আনছাৰীয়ে ২০১৩ চনৰ ২৫ ছেপ্টেম্বৰত ৰাজ্যিক সংগ্ৰহালয় হিচাপে উদ্বোধন কৰিছিল। ৯

ত্ৰিপুৰা চৰকাৰে প্ৰথমতে প্ৰাসাদটোৰ নাম "ত্ৰিপুৰা ৰাজ্যিক সংগ্ৰহালয়" হিচাপে নামকৰণ কৰাৰ পৰিকল্পনা কৰিছিল। টুইপ্ৰাৰ ইণ্ডিজেনাছ নেচনেলিষ্ট পাৰ্টিয়ে (আইএনপিটি) এই সন্দৰ্ভত উপ ৰাষ্ট্ৰপতি আনছাৰীক প্ৰতিবাদ কৰিছিল।১০১১ত্ৰিপুৰাৰ সিংহাসনৰ উত্তৰাধিকাৰী প্ৰদ্যুত বিক্ৰম মণিক্য দেব বৰ্মাইও পৰিকল্পিত পুনৰ নামকৰণৰ বিৰুদ্ধে মাত মাতিছিল। ১২ইয়াৰ ফলস্বৰূপে ত্ৰিপুৰা চৰকাৰে মূল নামটো ৰাখি সংগ্ৰহালয় চৌহদত মহাৰাজ ৰাধা কিশোৰ মণিক্যৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়। ১৩ ২০২৩ চনত প্ৰসাদটো অধিক নতুনত্ব অনা হয়।১৪

স্থাপত্য

প্ৰসাদটো ডিজাইন কৰিছিল মাৰ্টিন এণ্ড বাৰ্ণ কোম্পানীৰ ছাৰ আলেকজেণ্ডাৰ মাৰ্টিনে ইণ্ডো-চাৰাচেনিক শৈলীত আৰু ইয়াৰ স্থাপত্যশৈলীত মোগল, ৰোমান আৰু ব্ৰিটিছ প্ৰভাৱৰ মিশ্ৰণ পৰিলক্ষিত হয়। দুমহলীয়া প্ৰসাদটোত তিনিটা ডাঙৰ গম্বুজ আছে। যাৰ ভিতৰত আটাইতকৈ ডাঙৰটো ৮৬ ফুট (২৬ মিটাৰ) ওখ আৰু যিটো চাৰিমহলীয়া কেন্দ্ৰীয় টাৱাৰৰ ওপৰত আছে। উজ্জয়ন্ত প্ৰসাদ চৌহদটোৱে প্ৰায় ১ কিমি2 (২৫০ একৰ) ঠাই আৱৰি আছে আৰু ইয়াত ৰাজহুৱা কোঠা যেনে সিংহাসন কোঠা, দৰবাৰ হল, পুথিভঁৰাল আৰু অভ্যৰ্থনা গৃহ আদি অন্তৰ্ভুক্ত আছে। বাগিচাখনৰ দুয়োফালে দুটা ডাঙৰ কৃত্ৰিম জলাশয় আছে যিবোৰ পুখুৰী আৰু ঝৰ্ণাৰে সজোৱা হৈছে। খেলপথাৰখনে আগৰতলাৰ মাজভাগত ৮০০ একৰ (৩.২ কিমি2) আৱৰি আছে।১৫ উজ্জয়ন্ত প্ৰসাদৰ ওচৰত কেইবাটাও হিন্দু মন্দিৰে ভূমি দখল কৰিছে। সেইবোৰ হ'ল লক্ষ্মী নাৰায়ণ, উমা-মহেশ্বৰী, কালী আৰু জগন্নাথক আদি দেৱ-দেৱীৰ নামত উৎসৰ্গিত।১৬

সংগ্ৰহ

উজ্জয়ন্ত প্ৰসাদ হৈছে ত্ৰিপুৰা ৰাজ্যৰ কলা আৰু কাৰুশিল্পৰ ওপৰত গুৰুত্ব দিয়া এক বহুসাংস্কৃতিক সংগ্ৰহালয়।১৭সংগ্ৰহালয়টো ১৯৭০ চনৰ ২২ জুনত প্ৰতিষ্ঠা কৰা হৈছিল১৮১৯ আৰু ২৫ ছেপ্টেম্বৰ ২০১৩ তাৰিখে বৰ্তমানৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল। ই হৈছে উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ সংগ্ৰহালয় যাৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগী আছে আৰু ত্ৰিপুৰা আৰু উত্তৰ-পূব ভাৰতৰ ওপৰত গুৰুত্ব দিয়া হৈছে।১৯ ২০সংগ্ৰহালয়টোত বাইশটা দৰ্শনীয় গেলেৰী আছে। ১৯২১সংগ্ৰহালয়ৰ প্ৰদৰ্শনীসমূহ হৈছে ভাস্কৰ্য, টেৰাকোটা, ব্ৰঞ্জৰ ছবি, ত্ৰিপুৰী ৰাজ্যৰ মুদ্ৰা, ত্ৰিপুৰাৰ ঐতিহাসিক স্থানৰ পৰা খনন কৰা চিত্ৰ আৰু অন্যান্য ঐতিহাসিক সামগ্ৰী, পুৰাতাত্ত্বিক, ঐতিহাসিক ভাৰতীয় ভাস্কৰ্য, চিত্ৰ আৰু জনজাতীয় সংস্কৃতি।

তথ্যসূত্ৰ

  1. ↑ Incredible India · Ujjayanta Palace. www.incredibleindia.org
  2. ↑ Historical sites to explore in northeast India · Times of India Travel. timesofindia.indiatimes.com
  3. ↑ Historic Earthquakes. Earthquake.usgs.gov
  4. ↑ Sajnani, Manohar. (2001). Encyclopaedia of Tourism Resources in India Vol. I. Kalpaz. পৃ. 339. ISBN 9788178350172
  5. ↑ Sujit Chakraborty. (24 September 2013). Tripura's royal mansion to house northeast's biggest museum. Newindianexpress.com
  6. ↑ Tripura Tourism. tripuratourism.gov.in
  7. ↑ (23 July 2011). Tripura Assembly building inaugurated. Telegraphindia.com
  8. ↑ Supratim Bhowmik. Retrofitting of heritage building "Ujjayanta Palace" in Agartala – a case study. Academia.edu
  9. ↑ (27 August 2013). Northeast India's biggest museum to open on Sep 25. Firstpost.com
  10. ↑ Sekhar Datta. (20 September 2013). History finds royal quarters. Telegraphindia.com
  11. ↑ Press Trust of India. (17 September 2013). Tribals protest renaming of Tripura palace. business-standard.com
  12. ↑ K Anurag. (23 September 2013). Tripura govt relents to mass protests against renaming of palace. Rediff.com
  13. ↑ (24 September 2013). Tripura museum to retain name of Ujjayanta Palace. The Times of India
  14. ↑ Nath, Abhijit. (November 23, 2022). Tripura: Ujjayanta Palace To Get Major Facelift In Next Year Under Agartala Smart City Project. Northeast Today
  15. ↑ Guide, Tourist. (2024-04-03). Ujjayanta Palace - Famous Places In India
  16. ↑ Saran, Renu. (August 19, 2014). Monuments of India. Diamond Pocket Books Pvt Ltd. ISBN 9789351652984
  17. ↑ A Brief Description of Tripura Government Museum, Agartala, India. National Informatics Center
  18. ↑ (24 September 2013). Tripura museum to retain name of Ujjayanta Palace. Times of India
  19. ↑ (26 September 2013). Museums are valuable source of history, heritage: Vice president. Zee News
  20. ↑ Today, North East. (2022-11-23). Tripura: Ujjayanta Palace To Get Major Facelift In Next Year Under Agartala Smart City Project. Northeast Today
  21. ↑ Agartala. First Post

সম্পৰ্কিত শ্ৰেণী

স্থাপত্যউত্তৰ পূব ভাৰতত্ৰিপুৰা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উজ্জয়ন্ত প্ৰসাদ” প্ৰবন্ধৰ সংশোধন ৫৩৭২৪৬ (৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।