পাৰ্থেনন মন্দিৰ গ্ৰীচৰ এথেন্সৰ দুৰ্গ-নগৰীত অৱস্থিত৷ এসময়ত এই মন্দিৰত দেৱী এথেনাৰ পূজা কৰা হৈছিল৷ এথেন্স নগৰখনৰ নামো দেৱী এথেনাৰ নামেৰেই নামাকৰণ কৰা হৈছে৷ আগতে গ্ৰীচৰ একো একোখন নগৰ একো একোগৰাকী দেৱ-দেৱীৰ নামেৰে নামকৰণ কৰাৰ ৰীতি আছিল৷ ভাৰতৰ দেৱী সৰস্বতীৰ দৰে এথেনা গ্ৰীকসকলৰ বাবে জ্ঞান আৰু বিদ্যাৰ দেৱী৷ কুমাৰী দেৱী এথেনা পাৰ্থেনছৰ নামৰপৰাই মন্দিৰটোৰ নাম পাৰ্থেনন হ'ল বুলি বিশ্বাস প্ৰচলিত৷ ১৯৮৭ চনত ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৱে ইয়াক বিশ্ব ঐতিহ্যবাহী স্থান ক্ষেত্ৰৰূপে ঘোষনা কৰে৷ <ref name="গ্ৰন্থ ১" ১
নিৰ্মাণ শৈলী
পাহাৰ কাটি বিস্তীৰ্ণ শিলাময় সমতলৰ ওপৰত মাৰ্বল শিলেৰে নিৰ্মিত পাৰ্থেনন মন্দিৰৰ নিৰ্মাণ আৰম্ভ হয় খ্ৰিষ্টপূৰ্ব ৪৪৭ ত আৰু খ্ৰিষ্টপূৰ্ব ৪৩২ ত ই সম্পূৰ্ণ হৈ উঠে৷ প্ৰসিদ্ধ স্থপতি ইকটিনাছ (Ictinus) আৰু কেলিক্ৰাটেছৰ(Callicrates) তত্ত্বাৱধানত আৰু সমসাময়িক ৰাজনীতিবিদ কিমন (Cimon) আৰু পেৰিক্লেছৰ (Pericles) উদ্যোগত মন্দিৰটো নিৰ্মাণ হয়৷ তৎকালীন গ্ৰীচৰ প্ৰসিদ্ধ স্থপতি ফিডিয়াছে (Phidias)এই মন্দিৰৰ স্থাপত্যশৈলীৰ আৰ্হি প্ৰস্ত্তত কৰিছিল বুলি জনা যায়৷ অপূৰ্ব অলংকৰণেৰে সমৃদ্ধ এই মন্দিৰত এসময়ত দেৱী এথেনাৰ সোণ আৰু হাতী দাঁতৰ দুটা মূৰ্তি আছিল বুলি জানিব পৰা গৈছে৷ পাৰ্থেনন গ্ৰীছৰ ডৰিক(Doric) স্থাপত্যশৈলীৰ অনন্য নিদৰ্শন৷
ভাস্কৰ্যশৈলী
৭৬.২ মিটাৰ দীঘল,৩০.৪৮ মিটাৰ বহল এটা শিলাময় সমতলৰ ওপৰত এই মন্দিৰ অৱস্থিত৷ আয়তাকাৰ প্ৰসাদোপম মন্দিৰটোৰ ভেটিৰ উচ্চতা ৯.১৪ মিটাৰ,মন্দিৰটোৰ ভিতৰে-বাহিৰে আছে শাৰী-শাৰী দৃষ্টিনন্দন স্তম্ভ৷ মন্দিৰটোৰ চতুৰ্দিশ স্তম্ভৰে আৱৰা ৷ ইয়াত সন্মুখৰ ফালে আৰু পিছত ৮টাকৈ আৰু দুয়োকাষত ১৭টাকৈ স্তম্ভ আছে৷ প্ৰতিটো স্তম্ভৰ মাজৰ ব্যৱধান সমান৷ এই স্তম্ভশাৰীয়ে পাৰ্থেনন মন্দিৰক এটা সুকীয়া বিশেষত্ব প্ৰদান কৰিছে৷ পাৰ্থেনন মন্দিৰটো দুভাগত ভাগ কৰিব পাৰি,মন্দিৰটোৰ এটা ভাগ ওপৰত আৰু আনটো ভাগ দহ ফুট তলত অৱস্থিত৷ পাৰ্থেনন মন্দিৰৰ কেইটামান স্তম্ভ অতি বিখ্যাত৷ এইকেইটা দৰাচলতে দেৱীমূৰ্তি৷ ভাস্কৰ্য হিচাপেও এইবোৰ মনোমুগ্ধকৰ৷ সময়ৰ লগে লগে পাৰ্থেনন মন্দিৰৰ বহু স্থাপত্য-ভাস্কৰ্য ধ্বংস হৈ গৈছে যদিও মূল মন্দিৰটো প্ৰায় অক্ষত অৱস্থাত আছে৷
বাহ্যিক সংযোগ
- The Acropolis of Athens: The Parthenon (official site with a schedule of its opening hours, tickets and contact information)
- (Hellenic Ministry of Culture) The Acropolis Restoration Project
- (Hellenic Ministry of Culture) The Parthenon Frieze
- UNESCO World Heritage Centre – Acropolis, Athens
- Metropolitan Government of Nashville and Davidson County – The Parthenon
- Google Sketchup 3D Model of Parthenon (simplistic)
- Parthenon virtual tour Interactive 360° panoramas in high resolution.
- The Athenian Acropolis by Livio C. Stecchini (Takes the heterodox view of the date of the proto-Parthenon, but a useful summary of the scholarship.) (Internet Archive)
- The Friends of the Acropolis
- Illustrated Parthenon Marbles – Dr. Janice Siegel, Department of Classics, Hampden-Sydney College, Virginia
- Parthenon:description, photo album
দৃশ্যশ্ৰাৱ্য
- A Wikimedia video of the main sights of the Athenian Acropolis
- Secrets of the Parthenon video by Public Broadcasting Service, on YouTube
- Parthenon by Costas Gavras
- The history of Acropolis and Parthenon from the Greek tv show "Η Μηχανή του Χρόνου" (Time machine)
তথ্যসূত্ৰ
- ↑ (২০১২). জ্ঞানাঞ্জন. প্ৰান্তিক. পৃ. ২৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ্থেনন মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৫৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।