স্তন্যপায়ী প্ৰাণী
৬৫ প্ৰবন্ধ
-
ভেম্পায়াৰ বাদুলী
ভেম্পায়াৰ (ইংৰাজী: Vampire) এক শ্ৰেণী বাদুলিৰ প্ৰজাতি। স্তন্যপায়ী এইবিধ প্ৰাণী মধ্য আৰু দক্ষিণ আমেৰিকাত পোৱা যায়। ইহঁতৰ প্ৰধান খাদ্য চৰাই আৰু অন্য স্তন্যপায়ী প্ৰাণীৰ দেহৰ তেজ। ভেম্পায়াৰে সৰু সৰু অথচ অত্যন্ত চোকা দাঁত বহুৱাই অন্য প্ৰাণীৰ দেহৰ পৰা তেজ উলিয়াই আৰু সেই তেজ চুহি চুহি খায়।
-
মালয়েছিয়াৰ বাঘ
মালয়েছিয়াৰ বাঘ (Malayan tiger), (বৈজ্ঞানিক নাম: Panthera tigris jacksoni) মালয় উপদ্বীপ অঞ্চলত পোৱা বাঘৰ এটা উপপ্ৰজাতি। ২০০৩ চনৰ হিচাপ অনুসৰি বৰ্তমান ৪৯৩ৰ পৰা ১,৪৮০টা প্ৰাপ্তবয়স্ক বাঘ জীয়াই থকাৰ বাবে ২০০৮ চনত ইয়াক আই ইউ চি এন দ্বাৰা সংকটজনকভাৱে বিপন্ন বুলি ঘোষণা কৰা হয়।
-
মুগা জহামাল
মুগা জহামাল (Brown palm civet; বৈজ্ঞানিক নামঃ Paradoxurus jerdoni) হ'ল ভাৰতৰ পশ্চিম ঘাটত পোৱা মাংসভোজী স্তন্যপায়ী পৰিয়ালৰ (Viveridae) এবিধ স্থানীয় প্ৰাণী, ইয়াক জেৰ্ডনৰ জহামাল (Jerdon's palm civet) বুলিও কোৱা হয়৷
-
সহ্যাদ্ৰিছ বন এন্দুৰ
সহ্যাদ্ৰিছ বন এন্দুৰ (Sahyadris forest rat; বৈজ্ঞানিক নামঃ Rattus satarae) মুৰিদাই পৰিয়ালৰ অন্তৰ্গত এক এন্দুৰ প্ৰজাতি। ই ভাৰতৰ উত্তৰ পশ্চিম ঘাটৰ স্থানীয় প্ৰাণী য'ত ই তিনিটা অঞ্চলত বিভক্ত, মহাৰাষ্ট্ৰৰ সতৰা, তামিলনাডুৰ নীলগিৰি পৰ্বত আৰু কৰ্ণাটকৰ কোদাগু জিলা।
-
সামুদ্ৰিক স্তন্যপায়ী প্ৰাণী
সামুদ্ৰিক স্তন্যপায়ীসমূহ হৈছে জলজ স্তন্যপায়ী যি সমুদ্ৰত বাস কৰে আৰু সমুদ্ৰৰ উপৰত নিৰ্ভৰ কৰে জীয়াই থাকে। ইহঁতৰ ভিতৰত আছে ছীল, তিমি, বগা ভালুক বা ধ্ৰুৱীয় ভালুক, মানাতি (সামুদ্ৰিক গৰু), সমুদ্ৰৰ উট ইত্যাদি।