অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ভালুক

ভালুক (ইংৰাজী: Bear) হ'ল আৰ্ছিডি পৰিয়ালৰ অন্তৰ্গত এবিধ স্তন্যপায়ী প্ৰাণী। ভালুকবোৰ মাংসভোজী প্ৰাণী। বৰ্তমান পৃথিৱীত মাত্ৰ আঠটা প্ৰজাতিৰ ভালুক উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰোপ, আৰু এচিয়া মহাদেশত দেখা পোৱা যায়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৬ ৫২৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ভালুক (ইংৰাজী ভাষা: Bear) হ'ল আৰ্ছিডি পৰিয়ালৰ অন্তৰ্গত এবিধ স্তন্যপায়ী প্ৰাণী। ভালুকবোৰ মাংসভোজী প্ৰাণী। বৰ্তমান পৃথিৱীত মাত্ৰ আঠটা প্ৰজাতিৰ ভালুক উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰোপ, আৰু এছিয়া মহাদেশত দেখা পোৱা যায়।

নামকৰণ

ভালুকৰ 'বিয়ৰ' নামটো পুৰণি ইংৰাজী 'বেৰা'ৰ পৰা আৰু পৰিয়ালৰ নামটো ভালুকৰ জাৰ্মান নামৰ পৰা আহিছে।১ ইংৰাজী শব্দ "bear" পুৰণি ইংৰাজী শব্দ bera ৰ পৰা আহিছে আৰু ই জাৰ্মাণিক ভাষাবোৰৰ মাজত ভালুকৰ বিভিন্ন নামৰ এটা পৰিয়ালৰ অংশ, যেনে ছুইডিছ ভাষাত björn, যিটো ব্যক্তিৰ নাম হিচাপেও ব্যৱহাৰ কৰা হয়। গতানুগতিকভাৱে এই শব্দটো প্ৰটো-ইণ্ডো-ইউৰোপীয় শব্দৰ সৈতে সম্পৰ্কিত বুলি ভবা হয়, যাৰ অৰ্থ "বাদামী।" অৰ্থাৎ "ভালুক" শব্দটোৰ অৰ্থ হ'ব "বাদামী প্ৰাণী।" ২৩ কিন্তু ড'নাল্ড ৰিঞ্জে আঙুলিয়াই দিয়ে যে, এই ব্যাখ্যাৰ যুক্তিযুক্ততা থাকিলেও প্ৰটো-ইণ্ডো-ইউৰোপীয় ভাষাত "বাদামী" অৰ্থৰ কোনো শব্দতে এনে কোনো গঠন পোৱা নাযায়। তেওঁ প্ৰস্তাৱ দিয়ে যে "ভালুক" শব্দটো প্ৰটো-ইণ্ডো-ইউৰোপীয় শব্দ *ǵʰwḗr- ~ *ǵʰwér পৰা আহিছে, যাৰ অৰ্থ "বন্য জন্তু।" ৪ এই শব্দৰ ব্যৱহাৰ বা নিষেধাজ্ঞা এৰাই চলাৰ কৌশল হিচাপে প্ৰাক-জাৰ্মাণিক গোটসমূহে নিজৰ প্ৰাচীন "bear" শব্দ "arkto" পৰিত্যাগ কৰিছিল আৰু ভয়তে এনে ৰূপ ব্যৱহাৰ কৰিবলৈ ধৰিলে। কাৰণ, তেওঁলোকে বিশ্বাস কৰিছিল যে জন্তুটোৰ প্ৰকৃত নাম উচ্চাৰণ কৰিলেই উপস্থিত হ'বহি।৫৬ লেখক ৰালফ কিজৰ মতে এইটোৱেই হৈছে গোপন শব্দৰ আটাইতকৈ পুৰণি ব্যৱহাৰৰ উদাহৰণ।৭

ভালুকৰ সৈতে জড়িত বৰ্গৰ নাম যেনে আৰ্কট'ইডিয়া আৰু হেলাৰ্কটছ প্ৰাচীন গ্ৰীক শব্দ ἄρκτος (arktos)ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে "ভালুক।" ৮ লগতে, "আৰ্কটিক" আৰু "এণ্টাৰ্কটিক" শব্দটো একেটা গ্ৰীক শব্দৰ পৰা আহিছে, যিটো উৰ্ছা মেজৰ বা "গ্ৰেট বিয়াৰ" নামেৰে জনাজাত এটা তৰাৰ থুপৰ নামৰ সৈতে জড়িত। উত্তৰ আকাশত এই তৰা-থুপটো অতি পৰিচিত।৯

লেটিন শব্দ Ursus/Ursa ৰ পৰা Ursidae আৰু Ursus নাম উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে "মতা ভালুক/মাইকী ভালুক।" ৯ মূলতঃ খ্ৰীষ্টান সন্ত উৰ্চুলাৰ পৰা উদ্ভৱ হোৱা "উৰ্চুলা" নামটোৰ অৰ্থ হৈছে "সৰু মাইকী ভালুক" (লেটিন ভাষাৰ উৰ্ছাৰ এটা ক্ষুদ্ৰ ৰূপ)। চুইজাৰলেণ্ডৰ পুৰুষৰ মাজত "উৰ্ছ" নামটো যথেষ্ট জনপ্ৰিয় আৰু কিংবদন্তি অনুসৰি বাৰ্ন চহৰ আৰু অঞ্চলৰ নামটোও বাৰ্ (জাৰ্মান ভাষাত "ভালুক")ৰ পৰা আহিছে। জাৰ্মাণিক নাম বাৰ্নাৰ্ড (বাৰ্নহাৰ্ড আৰু অনুৰূপ ভিন্নতাকে ধৰি)ৰ অৰ্থ হৈছে "ভালুকৰ নিচিনা সাহসী", "ভালুকৰ দৰে শক্তিশালী", বা "বীৰ ভালুক।" ১০১১

পুৰণি ইংৰাজী নাম 'বিউলফ' এটি চিত্ৰকল্পৰ মাধ্যমত শব্দ ব্যৱহাৰৰ কৌশল, যাৰ অৰ্থ হৈছে "মৌমাখি-শিয়াল" বা "ভালুক", অৰ্থাৎ এজন সাহসী যোদ্ধা।১২

বিৱৰ্তন

উৰ্চিডে পৰিয়ালৰ আটাইতকৈ পুৰণি সদস্যবোৰ বিলুপ্ত উপপৰিয়াল এম্ফিচিনোডণ্টিনেৰ অন্তৰ্গত আছিল। ইয়াৰ ভিতৰত আছে পেৰিক্টিছ (ইয়চিনৰ আৰম্ভণিৰ পৰা মধ্য মাইঅ’চিনলৈকে, ৩৮–১৮ নিযুত বছৰৰ আগতে) আৰু অলপ কম বয়সীয়া এল’চিয়ন (অলিগোচিনৰ আৰম্ভণি, ৩৪–৩ কোটি বছৰৰ আগতে), যি উত্তৰ আমেৰিকাত বাস কৰিছিল। এই জীৱ-জন্তুবোৰ আজিৰ ভালুকৰ দৰে দেখাত নাছিল। বৰঞ্চ সিহঁতক সৰু সৰু যেন লাগিছিল। হয়তো তেওঁলোকৰ খাদ্যাভ্যাস বেজাৰৰ দৰেই আছিল। মাইয়চিন যুগলৈকে ইউৰেছিয়া আৰু আফ্ৰিকাত পেৰিকটিছৰ আবিৰ্ভাৱ হোৱা নাছিল।১৩

ইউৰেছিয়াতো ইয়চিনৰ পিছৰ উৰ্চিড আছিল নে নাই সেয়া স্পষ্ট নহয়। কিন্তু বেৰিং স্থল দলঙৰ জৰিয়তে প্ৰাণীজগতৰ বিনিময় সম্ভৱ হ’ব পাৰে, বিশেষকৈ উত্তৰ ইঅ’চিনৰ যুগৰ (প্ৰায় ৩.৭ কোটি বছৰৰ আগতে) বিশাল সমুদ্ৰপৃষ্ঠৰ নিম্ন অৱস্থানৰ পিছৰ পৰা প্ৰাথমিক অলিগোচিন যুগলৈকে‍।১৪

ইউৰোপীয় প্ৰজাতিটো, যিটো শৰীৰবিজ্ঞানৰ ফালৰ পৰা এল'চিয়নৰ সৈতে আৰু লগতে তুলনামূলকভাৱে কম বয়সীয়া আমেৰিকান কলপ'ন'মোছৰ সৈতেও (প্ৰায় ১.৮ কোটি বছৰৰ আগতে) মিল আছে,১৫ অলিগোচিন যুগৰ পৰাই ইহঁতক জনা যায়, যাৰ ভিতৰত এম্ফিক্টিচেপছ আৰু এম্ফিচিন’ডন উল্লেখযোগ্য।১৪

ৰং

সকলো ভালুকৰ গাৰ ৰং একে নহয়। যেনে আমেৰিকাৰ ক’লা ভালুকৰ ৰং ক’লা, বাদামী, নীলাভ ক’লা ইত্যাদি। সূৰ্য্য ভালুক (Sun Bear) ৰ বুকুৰ ৰং ধূসৰ আৰু মুখত বিভিন্ন ধৰণৰ দাগ থাকে। আনহাতে মেৰু ভালুকৰ ৰং বগা যদিও ইহঁতৰ বগা নোমৰ তলত ক’লা নোম থাকে।

আচৰণ

মাক আৰু তাইৰ পোৱালিবোৰৰ বাহিৰে সকলো ভালুক অকলে থাকে। কিন্তু কেতিয়াবা দলৱদ্ধভাৱেও খাদ্যৰ সন্ধান কৰে৷ খাদ্যৰ সন্ধানত বৃহৎ অঞ্চলত ঘূৰি ফুৰে। ভালুকে নিজৰ খাদ্য সংগ্ৰহৰ ধৰণটো ভালদৰে মনত ৰাখে। বেছিভাগ ভালুকেই গছত উঠিব পাৰে। ইহঁতৰ শক্তিশালী হাতৰ তলুৱা আৰু চোকা নখবোৰে এই কামত সহায় কৰে। যুদ্ধৰ সময়ত ভালুকে দুই ভৰিৰে থিয় হৈ প্ৰতিপক্ষক ভয় খুৱাই৷

ভালুকৰ প্ৰজাতি‍

  1. সূৰ্য্য ভালুক৷
  2. এছিয়াটিক ক'লা ভালুক৷
  3. বাদামী ভালুক৷
  4. মেৰু ভালুক৷
  5. আমেৰিকান ক’লা ভালুক৷
  6. পাণ্ডা৷
  7. চশমাযুক্ত ভালুক৷

তথ্যসূত্ৰ

  1. ↑ Pokorny (1959) indo-european.nl
  2. ↑ Mallory, J. P.; Adams, Douglas Q. (2006). The Oxford Introduction to Proto Indo European and the Proto Indo European World. Oxford University Press. পৃ. 333. ISBN 978-1-4294-7104-6
  3. ↑ Fortson, Benjamin W. (2011). Indo-European Language and Culture: An Introduction.. John Wiley & Sons. পৃ. 31. ISBN 978-1-4443-5968-8
  4. ↑ Ringe, Don. (2017). From Proto-Indo-European to Proto-Germanic. A Linguistic History of English. Oxford University Press. পৃ. 128. ISBN 978-0-19-251118-8
  5. ↑ bear (n.)
  6. ↑ Postma, Laura. The word for "bear". University of Pittsburgh Slovak Studies Program
  7. ↑ Silver, Alexandra. (10 January 2011). Hooking Up and Using the John: Why Do We Use So Many Euphemisms?. Time
  8. ↑ Liddell, Henry George; Scott, Robert. Arktos. A Greek-English Lexicon. Perseus Digital Library
  9. ↑ The Great Bear Constellation Ursa Major
  10. ↑ Ursa Major – the Greater Bear. constellationsofwords.com
  11. ↑ Bernhard Family History. ancestry.com
  12. ↑ Sweet, Henry (1884) Anglo-Saxon Reader in Prose and Verse. The Clarendon Press, p. 202
  13. ↑ Kemp, T.S. (2005). The Origin and Evolution of Mammals. Oxford University Press. পৃ. 260. ISBN 978-0-19-850760-4
  14. ↑ Banyue, Wang; Zhanxiang, Qiu. (2005). Notes on Early Oligocene Ursids (Carnivora, Mammalia) from Saint Jacques, Nei Mongol, China. Bulletin of the American Museum of Natural History. পৃ. 116–124
  15. ↑ Tedford, R.H.; Barnes, L.G.; Ray, C.E. (1994). archive-url=https://web.archive.org/web/20120922142556/http://www.biodiversitylibrary.org/pdf1/000389400021705.pdf The early Miocene littoral ursoid carnivoran Kolponomos: Systematics and mode of life. Proceedings of the San Diego Society of Natural History. পৃ. 11–32

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভালুক” প্ৰবন্ধৰ সংশোধন ৬৩৯৩৯৮ (২৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।