সমৰেশ মজুমদাৰ (Samaresh Majumdar; ১০ মাৰ্চ ১৯৪২ – ৮ মে' ২০২৩) ১ এজন ভাৰতীয় বাঙালী কথাসাহিত্যিক আৰু ঔপন্যাসিক। উত্তৰাধিকাৰ, কালবেলা, কালপুৰুষকে ধৰি বহু জনপ্ৰিয় উপন্যাসৰ লেখক। তেওঁ কেইবাখনো টেলিভিছন ধাৰাবাহিকৰ কাহিনীৰ স্ৰষ্টা। নগৰীয়া জীৱন-কাহিনীৰ বৰ্ণনা তেওঁৰ ৰচনাত বাৰেপতি আবিৰ্ভাৱ হৈছে। যাৰ বাবে বহু সময়ত তেওঁক আপাদমস্তক ‘আৰবান’ লেখক বুলি অভিহিত কৰা হয়। ২ ১৯৮২ চনত আনন্দ পুৰস্কাৰ, সাহিত্য অকাডেমী বঁটা আৰু পশ্চিমবঙ্গ চৰকাৰে প্ৰদান কৰা বঙ্গবিভূষণ সহ বহু সন্মানেৰে তেওঁ সন্মানিত হৈছে। ৩
প্ৰাথমিক জীৱন আৰু শিক্ষা
পশ্চিমবঙ্গৰ গয়েৰকাটাত ১৯৪২ চনৰ ১০ মাৰ্চত (২৬ ফাগুন ১৩৪৮ বঙ্গাব্দ) সমৰেশ মজুমদাৰৰ জন্ম হৈছিল। ২ তেওঁৰ পিতৃৰ নাম কৃষ্ণদাস মজুমদাৰ আৰু মাতৃৰ নাম শ্যামালী দেৱী। শৈশৱ অতিবাহিত হৈছিল ডুৱাৰ্চৰ গয়েৰকাটা চাহ বাগিচাত। ভৱানী মাষ্টৰৰ পাঠশালাত তেওঁৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল। ১ তাৰ পিছত জলপাইগুৰি জিলা বিদ্যালয়ত বিদ্যালয়ৰ শিক্ষা। ১৯৬০ চনত তেওঁ কলকাতালৈ যায়। কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা বাংলা ভাষাত স্নাতক ডিগ্ৰী আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বাংলা ভাষা আৰু সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন আৰু সাহিত্য-চৰ্চা
কৰ্মজীৱনৰ সময়ছোৱাত তেওঁ আনন্দবজাৰ পত্ৰিকা গোষ্ঠীৰ সৈতে জড়িত আছিল। গ্ৰুপ থিয়েটাৰৰ প্ৰতিও তেওঁৰ আকৰ্ষণ আছিল প্ৰবল। তেওঁৰ প্ৰথম গল্প “অন্যমাত্ৰ” মঞ্চ নাটক হিচাপে লিখা হৈছিল, আৰু তাৰ পৰাই তেওঁৰ লেখক কেৰিয়াৰ আৰম্ভ হৈছিল। তেওঁৰ অন্যমাত্ৰ ১৯৬৭ চনত দেশ পত্ৰিকাত প্ৰকাশ পাইছিল। সমৰেশ মজুমদাৰৰ প্ৰথমখন উপন্যাস “দৌড়” ১৯৭৫ চনত দেশত প্ৰকাশ পাইছিল। তেওঁ নিজৰ লেখা-মেলা গল্প বা উপন্যাসতে সীমাৱদ্ধ নাৰাখিছিল; চুটিগল্প, ভ্ৰমণ কাহিনীৰ পৰা আৰম্ভ কৰি গোয়েন্দা কাহিনীলৈকে বিস্তৃত আছিল; তেওঁ প্ৰচুৰ কিশোৰ উপন্যাসও লিখিছিল। তেওঁৰ প্ৰতিখন উপন্যাসৰ বিষয়বস্তু, লেখাৰ গতি আৰু গল্প কোৱাৰ শৈলী ভিন্ন, যিয়ে পাঠকক আকৰ্ষিত কৰে। চাহ বাগিচাৰ মাদেচিয়া সমাজৰ পৰা কলিকতাৰ নিম্নবৰ্গৰ মানুহবোৰ তেজ-মঙহৰ মানুহ হিচাপে তেওঁৰ কলমত সজীৱ হৈছিল। সমৰেশ মজুমদাৰৰ উল্লেখযোগ্য উপন্যাসসমূহৰ ভিতৰত সাতকাহান, তেৰো পাৰ্বণ, স্বপ্নেৰ বাজাৰ, উজান, গংগা, ভিক্টোৰিয়াৰ বাগান, আট কুঠুৰি নয় দৰজা, অনুৰাগ ইত্যাদি। তেওঁৰ ত্ৰিলজী ‘উত্তৰাাধিকাৰ, কলবেলা, কলপুৰুষ’-এ তেওঁক বাংলা সাহিত্য জগতত বিশেষ খ্যাতি দিছে। তেওঁ সৃষ্টি কৰা ডিটেক্টিভ অৰ্জুন পাঠকৰ মাজত জনপ্ৰিয়।৪
বহু অসাধাৰণ লেখাৰ এইগৰাকী সৃষ্টিকৰ্তাই বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ১৯৮২ চনত আনন্দ পুৰস্কাৰ, ১৯৮৪ চনত সাহিত্য অকাডেমী বঁটা, বংকিম পুৰস্কাৰ আৰু আইএএমআইএছ বঁটা লাভ কৰে। চিত্ৰনাট্যকাৰ হিচাপে বিএফজেএ, দিশাৰি আৰু ফিল্ম প্ৰমোচন ছ'চাইটিৰ বঁটা লাভ কৰে। সমৰেশে কলিকতা আৰু বাংলাদেশৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ লেখক হিচাপে পাঠকৰ হৃদয় জয় কৰিছে।
মৃত্যু
শেষ জীৱনত লেখকজন চিঅ’পিডি ৰোগত আক্ৰান্ত হৈছিল। লগতে স্লিপ এপনিয়া (টোপনিৰ সময়ত উশাহ-নিশাহৰ সমস্যা) আছিল। ২০২৩ চনৰ ২৫ এপ্ৰিলত মগজুৰ ৰক্তক্ষৰণৰ সমস্যাৰ বাবে তেওঁক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৮ মে’ত তাতেই তেওঁৰ মৃত্যু হয়। ৫
গ্ৰন্থতালিকা
| * সত্যমেব জয়তে * আকাশ না পাতাল * তেৰো পাৰ্বণ * সওয়াৰ * টাকাপয়সা * তীৰ্থযাত্ৰী * ভালবাসা থেকে যায় * নিকট কথা * ডানায় ৰোদেৰ গন্ধ * জলছবিৰ সিংহ * মেয়েৰা যেমন হয় * একশো পঞ্চাশ (গল্প সংকলন) * উত্তৰাধিকাৰ * কালবেলা * কালপুৰুষ * গৰ্ভধাৰিণী * হৃদয় আছে যাৰ * সৰ্বনাশেৰ নেশায় * ছায়া পূৰ্বগামিনী * এখনও সময় আছে * স্বনামধন্য * কলিকাল * স্বপ্নেৰ বাজাৰ * কলকাতা * অনুৰাগ * তিনসঙ্গী * ভিক্টোৰিয়াৰ বাগান * সহজপুৰ কতদূৰ * অনি * সিনেমাওয়ালা | * সূৰ্য ঢলে গেলে * আশ্চৰ্যকথা হয়ে গেছে * অগ্নিৰথ * অনেকই একা * আট কুঠুৰি নয় দৰজা * আত্মীয়স্বজন * আবাস * আমাকে চাই * উজান গঙ্গা * কষ্ট কষ্ট সুখ * কুলকুণ্ডলিনী * কেউ কেউ একা * জনযাজক * জলেৰ নিচে প্ৰথম প্ৰেম * জ্যোৎস্নায় বৰ্ষাৰ মেঘ * দায়বন্ধন * দিন যায় ৰাত যায় * দৌড় * বড় পাপ হে (গল্প) * বিনিসুতোয় * মনেৰ মতো মন * মেঘ ছিল বৃষ্টিও * শৰণাগত * শ্ৰদ্ধাঞ্জলি * সাতকাহন * সুধাৰানী ও নবীন সন্ন্যাসী * হৰিণবাড়ি * কইতে কথা বাধে * মধ্যৰাতেৰ ৰাখাল * আকাশে হেলান দিয়ে | * কালোচিতাৰ ফটোগ্ৰাফ * আকাশকুসুম * স্বৰভঙ্গ * ঐশ্বৰ্য * আকাশেৰ আড়ালে আকাশ * কালাপাহাড় * অহংকাৰ * শয়তানেৰ চোখ * হৃদয়বতী * সন্ধেবেলাৰ মানুষ * বুনোহাঁসেৰ পালক * জালবন্দী * মোহিনী * সিংহবাহিনী * বন্দীনিবাস * শেষেৰ খুব কাছে * জীবন যৌবন * আহৰণ * বাসভূমি * এত ৰক্ত কেন * এই আমি ৰেণু * উনিশ বিশ * মৌষলকাল * মানুষেৰ মা * গঙ্গা * বাসভূমি * লক্ষ্মীৰ পাঁচালি |
বঁটা আৰু সন্মান
- আনন্দ পুৰস্কাৰ -১৯৮২
- বাংলা চলচ্চিত্ৰ সাংবাদিক সমিতি বঁটা, দিশাৰি আৰু চলচ্চিত্ৰ প্ৰচাৰ সমিতি - শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ - ১৯৮২
- সাহিত্য অকাডেমী বঁটা, ১৯৮৪
- বংকিম পুৰস্কাৰ - ২০০৯
- বঙ্গবিভূষণ - ২০১৮, পশ্চিম বংগ চৰকাৰৰ দ্বাৰা প্ৰদান কৰা।
তথ্যসূত্ৰ
- ↑ দীৰ্ঘ দিন ৰোগভোগেৰ পৰ সমৰেশ মজুমদাৰ প্ৰয়াত! ‘কালবেলা’ৰ স্ৰষ্টা বিলীন কালপুৰুষেৰ জগতে
- ↑ সংবাদদাতা. সমৰেশ মজুমদাৰ আৰ নেই. দৈনিক প্ৰথম আলো
- ↑ (2023-05-08). ‘কালবেলা’ৰ স্ৰষ্টা সাহিত্যিক সমৰেশ মজুমদাৰেৰ প্ৰয়াণ. বিবিসি বাংলা
- ↑ Bharat, E. T. V. (2023-05-08). Samaresh Majumdar Passes Away: প্ৰয়াত সমৰেশ মজুমদাৰ, সোমেৰ 'কালবেলা'য় বাঙালি হাৰাল তাৰ প্ৰিয় সাহিত্যিককে. ETV Bharat News
- ↑ সংবাদদাতা, আনন্দবাজাৰ অনলাইন. দীৰ্ঘ দিন ৰোগভোগেৰ পৰ সমৰেশ মজুমদাৰ প্ৰয়াত! ‘কালবেলা’ৰ স্ৰষ্টা বিলীন কালপুৰুষেৰ জগতে. www.anandabazar.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমৰেশ মজুমদাৰ” প্ৰবন্ধৰ সংশোধন ৪৫৬৫২৮ (২০ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।