অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জুল ভাৰ্ন

জুল গেব্ৰিয়েল ভাৰ্ন (Jules Gabriel Verne, ʒyl gabʁijɛl vʁn; ৮ ফেব্ৰুৱাৰী ১৮২৮ – ২৪ মাৰ্চ ১৯০৫) আছিল এগৰাকী ফৰাচী ঔপন্যাসিক, কবি আৰু নাট্যকাৰ। প্ৰকাশক পিয়েৰ-জুল হেটজেলৰ সৈতে সহযোগিতা কৰি তেওঁ ভয়েজেছ এক্সট্ৰাঅৰ্ডিনেয়াৰ নামৰ এক অভিযানভিত্তিক উপন্যাস শৃংখলা লিখি উলিয়াইছিল।

হালনাগাদ: ৪ মে’ ২০২৩ ২৮১ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

জুল গেব্ৰিয়েল ভাৰ্ন (Jules Gabriel Verne, ʒyl gabʁijɛl vʁn; ৮ ফেব্ৰুৱাৰী ১৮২৮ – ২৪ মাৰ্চ ১৯০৫১) আছিল এগৰাকী ফৰাচী ঔপন্যাসিক, কবি আৰু নাট্যকাৰ। প্ৰকাশক পিয়েৰ-জুল হেটজেলৰ সৈতে সহযোগিতা কৰি তেওঁ ভয়েজেছ এক্সট্ৰাঅৰ্ডিনেয়াৰ১ নামৰ এক অভিযানভিত্তিক উপন্যাস শৃংখলা লিখি উলিয়াইছিল। ইয়াৰ ভিতৰত আছে জাৰ্নি টু দ্য চেণ্টাৰ অৱ দ্য আৰ্থ (১৮৬৪), টুৱেণ্টি থাউজেণ্ড লীগছ আণ্ডাৰ দ্য ছীজ (১৮৭০), আৰু এৰাউণ্ড দ্য ৱৰ্ল্ড ইন এইটি ডেইজ (১৮৭২)। তেওঁৰ উপন্যাসসমূহৰ পটভূমি সাধাৰণতে ১৯ শতিকাৰ দ্বিতীয়াৰ্ধ আৰু সেই সময়ৰ প্ৰযুক্তিগত অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি এইসমূহ ৰচনা কৰা হৈছে।

উপন্যাসৰ উপৰিও তেওঁ অসংখ্য নাটক, চুটিগল্প, আত্মজীৱনীমূলক ধাৰাবিৱৰণী, কবিতা আৰু গীতৰ লগতে বৈজ্ঞানিক তথা কলাত্মক সাহিত্যও ৰচনাও কৰিছিল। চলচ্চিত্ৰৰ সূচনা হোৱাৰে পৰা চলচ্চিত্ৰ আৰু টেলিভিছনৰ লগতে তেওঁৰ কৰ্মৰাজি কমিক বুক, থিয়েটাৰ, অপেৰা, সংগীত আৰু ভিডিঅ’ গেমৰ বাবেও অভিযোজিত হৈছে।

ভাৰ্নক ফ্ৰান্স আৰু ইউৰোপৰ অধিকাংশ অঞ্চলতে এজন গুৰুত্বপূৰ্ণ লেখক হিচাপে গণ্য কৰা হয়। তেওঁ পৰীক্ষামূলক সাহিত্য আৰু অতিবাস্তৱবাদৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছে।২ ইয়াৰ বিপৰীতে ইংৰাজী বলয়ত (ইংৰাজী ভাষী লোকৰ দেশসমূহৰ সমষ্টি) তেওঁৰ উপন্যাসসমূহ সততে অতি সংক্ষিপ্ত আৰু পৰিৱৰ্তিত ৰূপত হোৱা অনুবাদৰ বাবে তেওঁক প্ৰায়ে কল্পকাহিনী বা শিশুৰ সাহিত্যৰ লেখক বুলি অভিহিত কৰা হৈছিল। ১৯৮০ চনৰ পৰা তেওঁৰ প্ৰতি এই ভাৱধাৰাৰ পৰিৱৰ্তন ঘটে।৩

১৯৭৯ চনৰ পৰা জুলছ ভাৰ্নে বিশ্বৰ দ্বিতীয়-সৰ্বাধিক অনূদিত হোৱা লেখকৰ স্থান অধিকাৰ কৰি আহিছে। এই তালিকাত তেওঁ আগাথা ক্ৰীষ্টি আৰু উইলিয়াম শ্বেইকছপীয়েৰৰ মাজত স্থান লাভ কৰিছে।৪ তেওঁক কেতিয়াবা "কল্পবিজ্ঞানৰ পিতৃ" বুলিও আখ্যা দিয়া হয়। এই উপাধি এইচ.জি. ৱেলছ আৰু হিউগো গেৰ্নছবেককো দিয়া হৈছে।৫

কৰ্মৰাজি

ভাৰ্নৰ সবাতোকৈ উল্লেখনীয় কৰ্ম হৈছে ভয়েজেছ এক্সট্ৰাঅৰ্ডিনেয়াৰছ শৃংখলা। ইয়াত তেওঁৰ মাত্ৰ দুখন পাণ্ডুলিপি পেৰিছ ইন দ্য টুৱেণ্টিথ চেঞ্চুৰী আৰু বেকৱাৰ্ডছ টু ব্ৰিটেইনৰ (ক্ৰমে ১৯৯৪ আৰু ১৯৮৯ চনত মৰণোত্তৰভাৱে প্ৰকাশিত) বাদে সকলো উপন্যাস অন্তৰ্ভুক্ত কৰা হৈছে।৬ ভাৰ্নে বহুতো নাটক, কবিতা, গীতৰ গ্ৰন্থ আৰু চুটিগল্পৰ লগতে বিভিন্ন ধৰণৰ ৰচনা আৰু বিবিধ অকল্পকাহিনীও লিখিছিল। তেওঁৰ উপন্যাসসমূহৰ ভিতৰত এৰাউণ্ড দ্য ৱৰ্ল্ড ইন এইটি ডেইজ, জাৰ্নি টু দ্য চেণ্টাৰ অফ দ্য আৰ্থ, টুৱেণ্টি থাউজেণ্ড লীগছ আণ্ডাৰ দ্য ছীজ, দ্য মিষ্টেৰিয়াছ আইলেণ্ড, ফ্ৰম দ্য আৰ্থ টু দ্য মুন, ফাইভ ৱিকছ ইন এ বেলুন আদি প্ৰধান। ফাইভ ৱিকছ ইন এ বেলুন সন্দৰ্ভত তেওঁৰ নিজৰ ভাষাত:

মই ফাইভ উইকছ ইন এ বেলুন লিখিছিলোঁ‌, বেলুনিঙৰ কাহিনী হিচাপে নহয়, আফ্ৰিকাৰ কাহিনী হিচাপেহে। ভূগোল, ইতিহাস আৰু ভ্ৰমণৰ প্ৰতি মোৰ সদায় অতি আগ্ৰহ আছিল, আৰু আফ্ৰিকাৰ ৰোমাণ্টিক বৰ্ণনা দিব বিচাৰিছিলো। এতিয়া, মোৰ ভ্ৰমণকাৰীসকলক আফ্ৰিকাৰ মাজেৰে লৈ যোৱাৰ বাহিৰে আন কোনো উপায় নাছিল, আৰু সেইবাবেই এটা বেলুনৰ প্ৰৱৰ্তন কৰা হয়.... মই হয়তো ক’ব পাৰো যে মই উপন্যাসখন লিখাৰ সময়ত, এতিয়াৰ দৰেই, বেলুন চালনাৰ সম্ভাৱনাৰ ওপৰত মোৰ কোনো বিশ্বাস নাছিল...৭

তথ্যসূত্ৰ

  1. ↑ Evans, Arthur B. (23 April 2020). Encyclopædia Britannica
  2. ↑ Angenot 1973, পৃ. 34
  3. ↑ Evans 2000, পৃ. 33
  4. ↑ UNESCO 2013
  5. ↑ Roberts, Adam. (2000). Science Fiction. Routledge. পৃ. 48
  6. ↑ Dehs Margot Har'El
  7. ↑ Sherard 1894

সম্পৰ্কিত শ্ৰেণী

ফ্ৰান্সৰ ব্যক্তিসাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুল ভাৰ্ন” প্ৰবন্ধৰ সংশোধন ৩৬৪০৯৪ (৪ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।