অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেহৰা ফিজী

জেহৰা ফিজি জন্ম: ১৮৬৬ চন–মৃত্যু: ১৯৪০ চন; বিংশ শতিকাৰ আৰম্ভণিতে ভাৰতত কাম কৰা উৰ্দু ভাষাৰ এগৰাকী লেখিকা, নাট্যকাৰ আৰু সম্পাদক। সেই সময়ৰ উৰ্দু মহিলা আলোচনীসমূহৰ বাবে তেওঁ এগৰাকী আগশাৰীৰ অৱদানকাৰী আছিল।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৬ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

জেহৰা ফিজি জন্ম: ১৮৬৬ চন–মৃত্যু: ১৯৪০ চন; বিংশ শতিকাৰ আৰম্ভণিতে ভাৰতত কাম কৰা উৰ্দু ভাষাৰ এগৰাকী লেখিকা, নাট্যকাৰ আৰু সম্পাদক।১ সেই সময়ৰ উৰ্দু মহিলা আলোচনীসমূহৰ বাবে তেওঁ এগৰাকী আগশাৰীৰ অৱদানকাৰী আছিল।২

পিতৃ হাছানালি ফেইঝাইডাৰ আৰু মাতৃ আমিৰুনিছা ফিজীৰ তিনিগৰাকী সন্তানৰ ভিতৰত জেহৰা ফিজী আছিল জ্যেষ্ঠ কন্যা।৩ তেওঁৰ ভগ্নী আতিয়া ফিজী (১৮৭৭-১৯৬৭) আৰু নাজলী বেগম (১৮৭৪-১৯৬৮)ও লেখিকা আছিল। আটাইকেইজনী ভগ্নীয়েই মুম্বাইৰ মাজাগাঁৱত থকা বৰদেউতাক বদৰুদ্দিন ত্যবজীৰ প্ৰভাৱত থাকি ডাঙৰ-দীঘল হৈছিল। তেওঁ নাৰী শিক্ষাৰ এগৰাকী সমৰ্থক আৰু ভ্ৰমনপ্ৰিয় আছিল। ইউৰোপ, চীন জাপান আমেৰিকা আদি দেশ তেওঁ ভ্ৰমন কৰিছিল।১

১৯০৫ চনত ফিজীয়ে মুহাম্মাদী শৈক্ষিক সন্মিলনৰ সৈতে জড়িত মহিলা সমাৱেশৰ সভাপতিত্ব কৰে। ১৯১৪ চনত তেওঁ সৰ্বভাৰতীয় মুছলিম মহিলা সন্মিলনৰ কাৰ্যকৰী সমিতিলৈ নিৰ্বাচিত হয়।

লেখা আৰু সম্পাদনাৰ কেৰিয়াৰ

ফিজীয়ে তেহজীব-ই-নিছান, খাটন আৰু ইছমাতকে ধৰি উৰ্দু মহিলা আলোচনীসমূহত নিয়মীয়া অৱদান আগবঢ়াইছিল।৪২ ১৯২১ চনত জেহৰা ফিজীৰ প্ৰবন্ধসমূহ একত্ৰিত কৰি এখন কিতাপ প্ৰস্তুত কৰা হয়, যিখন কিতাপ মাজামিন (Significations) নামেৰে প্ৰকাশ কৰা হয়। তেওঁৰ নাটক মাল-ই-খাতুন (মহিলাৰ ধন) সেই বছৰতে প্ৰকাশ পাইছিল। ফিজীয়ে ১৯৩৪ চনত তন্দৰুস্তি হাজাৰ নাইমাত (Health is Wealth) নামেৰে মহিলাৰ স্বাস্থ্যৰ ওপৰত এখন গ্ৰন্থ লিখিছিল।২ তেহজীব-ই-নিছানত প্ৰকাশৰ বাবে মুহাম্মাদী বেগমলৈ প্ৰেৰণ কৰাৰ আগতে ফিজীয়ে ভগ্নী আতিয়া ফিজীৰ চিঠি আৰু ডায়েৰী সম্পাদনা কৰিছিল। নাজলীৰ ভ্ৰমণ-কাহিনী ছাইৰ-ই-ইউৰোপ (ইউৰোপ ভ্ৰমণ) আৰু মাকৰ কবিতা পুথি: যাদগাৰী-আমিৰা আৰু আমিন আদিও সম্পাদনা কৰিছিল।

১৯৪০ চনৰ ২৩ ডিচেম্বৰত জেহৰা ফিজিৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ Hasan, MD Mahmudul. Atiya: The most iconoclastic of the Fyzee sisters. Literature at Portsmouth
  2. ↑ Lambert-Hurley, Siobhan; Sharma, Sunil. (2010). Atiya's journeys: a Muslim woman from colonial Bombay to Edwardian Britain. Oxford University Press. পৃ. 263. ISBN 9780198068334
  3. ↑ Lambert-Hurley, Siobhan; Majchrowicz, Daniel; Sharma, Sunil. (2022). Three centuries of travel writing by Muslim women. Indiana University Press. ISBN 9780253062390
  4. ↑ Lambert-Hurley, Siobhan. (2007). Muslim Women, Reform and Princely Patronage. Routledge. পৃ. 115. ISBN 9781134143474

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকসাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেহৰা ফিজী” প্ৰবন্ধৰ সংশোধন ৫৭৯১৪৫ (১৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।