শ্বাহাবুদ্দিন ইয়াকুব কুৰেশ্বি ( Shahabuddin Yaqoob Quraishi; জন্ম: ১১ জুন ১৯৪৭) এজন ভাৰতীয় চৰকাৰী কৰ্মচাৰী যিয়ে ভাৰতৰ ১৭ নং মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১২ ২০১০ চনৰ ৩০ জুলাইত নবীন চাওলাৰ উত্তৰাধিকাৰী হিচাপে তেওঁক চি ই চি হিচাপে নিযুক্তি দিয়া হয়।
তেওঁ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।৩
কৰ্মজীৱন
১৯৭১ চনৰ বেট্চৰ হাৰিয়ানা কেডাৰৰ পৰা আই এ এছ বিষয়া হৈছিল। তেওঁ যোগাযোগ আৰু সামাজিক বিপণনত পি এইচ ডি ডিগ্ৰী লাভ কৰে।৪
কুৰেশ্বি ভাৰতৰ চি ই চি হোৱা প্ৰথম মুছলমান হিচাপে পৰিগণিত হয়। ২০১২ চনৰ ১০ জুনত তেওঁ কাৰ্যভাৰ ত্যাগ কৰে।৫
তেওঁ 'এন আনডকুমেণ্টেড ৱণ্ডাৰ – দ্য মেকিং অৱ দ্য গ্ৰেট ইণ্ডিয়ান ইলেকচন',৬ নামৰ গ্ৰন্থত ভাৰতীয় নিৰ্বাচনৰ বিশালতা আৰু জটিলতাৰ বৰ্ণনা কৰিছে৭৮ আৰু ওল্ড দিল্লী-লিভিং ট্ৰেডিছন(Old Delhi- Living Traditions) শীৰ্ষক এখন গ্ৰন্থত ঐতিহ্যমণ্ডিত চহৰখন আৰু ইয়াৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ ওপৰত আলোকপাত কৰিছে।৯১০ তেওঁৰ শেহতীয়া গ্ৰন্থ দ্য পপুলেচন মিথত প্ৰকাশ কৰিছে যে জনসংখ্যাৰ তথ্যৰ প্ৰতি সোঁপন্থী চক্ৰই কেনেকৈ 'মুছলমান বৃদ্ধিৰ হাৰ'ৰ বিষয়ে মিথৰ জন্ম দিছে, যিটো প্ৰায়ে জনগাঁথনিগত তিৰ্যকতাৰ সংখ্যাগৰিষ্ঠতাৰ আশংকা জগাই তুলিবলৈ ব্যৱহাৰ কৰা হয়।১১ কিতাপখনে ইছলাম আৰু পৰিয়াল পৰিকল্পনাৰ বিষয়ে থকা মিথ ভাঙি পেলায়।১২
২০১১ চনৰ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ ১০০ জন আটাইতকৈ শক্তিশালী ভাৰতীয়ৰ তালিকাত১৩ আৰু পুনৰ ২০১২ চনত তেওঁ স্থান লাভ কৰে।১৪
এতিয়া তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ক্লাষ্টাৰ ইনোভেচন চেণ্টাৰত কেন্দ্ৰটোৰ সন্মানীয় অধ্যাপক হিচাপে অধ্যাপনা আৰু মেণ্টৰিং কৰি শৈক্ষিক দিশৰ প্ৰতি আগ্ৰহ প্ৰদৰ্শন কৰে।১৫ তেওঁ বৰ্তমান আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচন উপদেষ্টা পৰিষদৰ সদস্যও।
টেলিভিছন চেনেল চিএনএন-আইবিএনৰ ডেভিলছ এডভোকেট অনুষ্ঠানত কৰণ থাপাৰক উত্তৰ দিওঁতে তেওঁ আন্না হাজাৰে পোষকতা কৰা ৰাইট টু ৰিকল আৰু ৰাইট টু ৰিজেক্টৰ ধাৰণাক ভাৰতত সম্ভৱ নহয় বুলি বিৰোধিতা কৰিছিল।১৬ কিন্তু কিছু সময়ৰ পিছত টিভিৰ এটা সাক্ষাৎকাৰত তেওঁ কয় যে, প্ৰত্যাখ্যানৰ অধিকাৰৰ বিষয়ে বিবেচনা কৰিব পাৰি।১৭
২০১৬ চনৰ মে’ মাহত ড০ এছ ৱাই কুৰেশ্বিক নেশ্যনেল ইণ্ডিয়ান ষ্টুডেণ্টছ ইউনিয়ন ইউ কেৰ সন্মানীয় ফেল’শ্বিপ প্ৰদান কৰা হয়। তেওঁ শাবানা আজমী আৰু জাভেদ আখতাৰৰ সৈতে যোগদান কৰে যিসকলে প্ৰথম ফেল'শ্বিপ লাভ কৰে।১৮
তেওঁ ২০১৯ চনত প্ৰকাশিত “গণতন্ত্ৰৰ মহান মাৰ্চ: ভাৰতৰ নিৰ্বাচনৰ সাতটা দশক’’ নামৰ গ্ৰন্থখনৰ সম্পাদনা কৰে।১৯
লগতে চাওক
তথ্যসূত্ৰ
- ↑ India is secular because most Hindus are secular: Former CEC SY Quraishi
- ↑ Election Commission of India
- ↑ Government of India appointed Youth Affairs and Sports Secretary S Y Quraishi as Election Commissioner for a five-year term from IndiaDaily.Com
- ↑ Dr. S. Y. Quraishi has also attended the prestigious Jamia Millia Islamia, a Central University in New Delhi for his later education.S.Y. Quraishi appointed as election commissioner of India from YaHind.Com
- ↑ (6 June 2012). V S Sampath is new Chief Election Commissioner. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Quraishi, S. y. (25 May 2019). It's time to take stock of the electoral process. The Hindu
- ↑ An Undocumented Wonder
- ↑ Book review: An Undocumented Wonder, the making of the Great Indian Election
- ↑ (December 2011). Existing and forgotten traditions of Purani Dilli. The Hindu
- ↑ Quraishi, Shahabuddin Yaqoob. (2011). Old Delhi: Living Traditions. Shubhi Publications. ISBN 978-8182902312
- ↑ The Population Myth
- ↑ (12 February 2021). Former CEC S.Y. Quraishi busts myths about Islam and family planning in his new book
- ↑ The most powerful Indians in 2011: No. 41-50 – Indian Express
- ↑ The most powerful Indians in 2012: No. 31-40 – Indian Express
- ↑ CIC gets a galaxy of honorary professors that include famous scientists, academicians, bureaucrats
- ↑ CEC not for Right to Reject, Recall, suspects will destabilise country. Indiavision news
- ↑ (29 January 2012). Right to reject can be considered: SY Quraishi
- ↑ Former Chief Election Commissioner S Y Quraishi awarded honorary fellowship in UK. The Times of India
- ↑ Review: The Great March of Democracy edited by SY Quraishi. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছ. ওৱাই. কুৰেশ্বি” প্ৰবন্ধৰ সংশোধন ৪৫৩১১৯ (১০ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।