অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰুহোল্লাহ খোমেইনী

ৰুহোল্লাহ খোমেইনী (Ruhollah Khomeini) ১৯৭৯ চনৰপৰা ১৯৮৯ চন অৰ্থাৎ মৃত্যুৰ আগলৈকে ইৰাণৰ এগৰাকী ছিয়া মুছলমান ধৰ্মগুৰু, বিপ্লৱী আৰু ৰাজনীতিবিদ আছিল। খোমেইনী ইৰাণী বিপ্লৱৰ নেতা আছিল, যিয়ে মহম্মদ ৰেজা পাহলৱীক ওফৰাই পেহলৱী যুগৰ অন্ত পেলাই দেশখনক ইছলামিক গণৰাজ্যলৈ ৰূপান্তৰিত কৰিছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১,৩৯৪ শব্দ · ৮ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৰুহোল্লাহ খোমেইনী (Ruhollah Khomeini) ১৯৭৯ চনৰপৰা ১৯৮৯ চন অৰ্থাৎ মৃত্যুৰ আগলৈকে ইৰাণৰ এগৰাকী ছিয়া মুছলমান ধৰ্মগুৰু, বিপ্লৱী আৰু ৰাজনীতিবিদ আছিল। খোমেইনী ইৰাণী বিপ্লৱৰ নেতা আছিল, যিয়ে মহম্মদ ৰেজা পাহলৱীক ওফৰাই পেহলৱী যুগৰ অন্ত পেলাই দেশখনক ইছলামিক গণৰাজ্যলৈ ৰূপান্তৰিত কৰিছিল। ইৰানৰ সৰ্বোচ্চ নেতা হিচাপে তেওঁ এনে নীতি ৰূপায়ণ কৰিছিল যিবোৰ খোমেইনবাদ নামেৰে পৰিচিত হ’ল।

বৰ্তমান ইৰাণৰ মাৰ্কাজী প্ৰদেশৰ খোমেইন চহৰত জন্মগ্ৰহণ কৰা খোমেইনীৰ পিতৃক দুবছৰ বয়সতে হত্যা কৰা হৈছিল। তেওঁ সৰুৰেপৰা আত্মীয়ৰ সহায়ত কোৰান আৰু আৰবী ভাষা ভাষা অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। খোমেইনী দ্বাদশ শ্বিয়া ধৰ্মৰ উচ্চ পদবীৰ মৌলবী, আয়াতুল্লাহ, মাৰ্জা', মুজতাহিদ, ফকিহা আৰু হাফিজ (ফিকহৰ বিশেষজ্ঞ) আৰু ৪০খনতকৈও অধিক কিতাপ লিখিছিল। শ্বেত বিপ্লৱৰ বিৰোধিতাৰ ফলত ১৯৬৪ চনত তেওঁক ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত বুৰ্ছালৈ বহিষ্কাৰ কৰা হয়। প্ৰায় এবছৰৰ পাছত তেওঁ নাজাফলৈ গুচি যায়, আৰু তাতেই তেওঁৰ ধৰ্মীয় ৰাজনৈতিক তত্ত্বৰ গাৰ্ডিয়ানশ্বিপ অৱ দ্য জুৰিষ্টৰ ৰূপৰেখা দাঙি ধৰা ভাষণসমূহ ইছলামিক গভৰ্ণমেণ্ট নামৰ কিতাপখনত সংকলিত কৰা হয়।

খোমেইনীৰ উত্তৰাধিকাৰ বিতৰ্কিত। ইৰাণত তেওঁক আইনগতভাৱে "পৱিত্ৰ" বুলি গণ্য কৰা হয়। তেওঁক অপমান কৰিলে কাৰাদণ্ডৰ শাস্তি; তেহৰাণৰ বেহেষ্ট-ই জাহৰা কবৰস্থানত থকা তেওঁৰ সোণৰ গম্বুজযুক্ত সমাধিক্ষেত্ৰ তেওঁৰ অনুগামীসকলৰ বাবে তীৰ্থস্থানত পৰিণত হৈছে। কিছুমানে তেওঁক ইৰাণত ইছলামিক পুনৰুজ্জীৱন, স্বাধীনতা, সাম্ৰাজ্যবাদ বিৰোধী আৰু বিদেশী প্ৰভাৱৰ প্ৰতিৰোধৰ নায়ক বুলি গণ্য কৰিলেও খোমেইনীক তেওঁৰ পশ্চিমীয়া আৰু ইহুদী বিৰোধী বক্তব্য, অগণতান্ত্ৰিক কাৰ্য্য আৰু অসংখ্য মানৱ অধিকাৰ উলংঘাৰ বাবে সমালোচনা কৰা হয়। ১৯৮১–১৯৮২ চনৰ ইৰাণী হত্যাকাণ্ড, গণহত্যা, ১৯৮৮ চনত ইৰানৰ ৰাজনৈতিক বন্দীসকলক মৃত্যুদণ্ড দিয়া, আৰু ইৰাণ-ইৰাক যুদ্ধৰ সময়ত "মানৱ ঢৌৰ আক্ৰমণ"ৰ বাবে শিশু সৈনিকৰ ব্যাপক ব্যৱহাৰ আদি উল্লেশযোগ্য।১২৩৪

প্ৰাৰম্ভিক জীৱন

পৰিয়ালৰ পটভূমি

খোমেইনত খোমেইনীৰ জন্মস্থান
খোমেইনত খোমেইনীৰ জন্মস্থানছবি: Amir Ghaderi · CC BY 4.0

ৰুহোল্লাহ খোমেইনীৰ পূৰ্বপুৰুষ ক্ষুদ্ৰ মাটিৰ মালিক, ধৰ্মগুৰু আৰু ব্যৱসায়ী পৰিয়ালৰ লোক আছিল।৫ তেওঁৰ পূৰ্বপুৰুষসকলে ১৮ শতিকাৰ শেষৰফালে উত্তৰ-পূব ইৰাণৰ (তেতিয়াৰ নিশাপুৰৰ অংশ) খোৰাছান প্ৰদেশৰ নিজৰ মূল ঘৰ এৰি কিছুসময়ৰ বাবে অৱধ ৰাজ্যত বসতি স্থাপন কৰিছিল। বৰ্তমান ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ এটা অঞ্চল অৱধৰ ৰাজধানীত পাৰ্চী মূলৰ বাৰজন ছিয়া মুছলমানে শাসন কৰিছিল।৬৭৮ তেওঁলোকৰ ৰাজত্বকালত তেওঁলোকে পাৰ্চী পণ্ডিত, কবি, আইনবিদ, স্থপতি আৰু চিত্ৰশিল্পীসকলক ব্যাপকভাৱে আমন্ত্ৰণ জনাইছিল আৰু সঘনাই আতিথ্য দিছিল। ৯ অৱশেষত পৰিয়ালটোৱে আৱধৰ ৰাজধানী লক্ষ্ণৌৰ ওচৰৰ সৰু চহৰ কিন্তুৰত বসতি স্থাপন কৰে। ১০১১১২১৩

খোমেইনীৰ ককাদেউতাক আহমদ হিন্দীৰ জন্ম কিন্তুৰত হৈছিল। ১১১৩ ১০১৩ ১৮৩০ চনত তেওঁ লক্ষ্ণৌ এৰি অট্টোমান ইৰাকৰ নাজাফৰ আলীৰ মন্দিৰলৈ তীৰ্থযাত্ৰা কৰে আৰু কেতিয়াও ঘূৰি নাহিল।১০১৩ ১৪ জীৱনীকাৰ বাকৰ মইনৰ মতে এই প্ৰব্ৰজন ভাৰতত ব্ৰিটিছ ক্ষমতাৰ সম্প্ৰসাৰণৰপৰা হাত সাৰিবলৈ কৰা হৈছিল। ১৪ ১৮৩৪ চনত চৈয়দ আহমদ মুছাভি হিন্দী ইৰানলৈ যায় আৰু ১৮৩৯ চনত তেওঁ খোমেইনীত বসতি স্থাপন কৰে। ১১ যদিও তেওঁ ইৰাণত থাকি বসতি স্থাপন কৰিলে, তথাপি তেওঁক ‘হিন্দী’ নামেৰে জনাজাত হৈ থাকিল, যিয়ে তেওঁৰ ভাৰতত থকাৰ ইংগিত দিয়ে; আৰু ৰুহোল্লাহ খোমেইনীয়ে আনকি তেওঁৰ কিছুমান গজলত 'হিন্দী'ক কলমৰ নাম হিচাপে ব্যৱহাৰ কৰিছিল।১০ ধঁপাতৰ প্ৰতিবাদৰ সময়ত ধঁপাত সেৱন নিষিদ্ধ কৰি ফতোৱা জাৰি কৰা ধৰ্মগুৰুজনেই আছিল খোমেইনীৰ ককাদেউতাক মিৰ্জা আহমদ মুজতাহিদ-ই খোনছাৰী। ১৫১৬

নিৰ্বাসিত জীৱন

তুৰস্কৰ বুৰ্ছাত নিৰ্বাসিত খোমেইনী
তুৰস্কৰ বুৰ্ছাত নিৰ্বাসিত খোমেইনীছবি: Unknown author · Public domain
ইৰাকৰ নাজাফত খোমেইনীৰ ঘৰৰ প্ৰৱেশদ্বাৰ
ইৰাকৰ নাজাফত খোমেইনীৰ ঘৰৰ প্ৰৱেশদ্বাৰছবি: Sayyed Javad Mirkhalili · CC BY 4.0

খোমেইনীয়ে ১৪ বছৰতকৈ অধিক সময় নিৰ্বাসনত কটাইছিল, বেছিভাগেই ইৰাকৰ পৱিত্ৰ চহৰ নাজাফত। প্ৰথম অৱস্থাত ১৯৬৪ চনৰ ৪ নৱেম্বৰত তেওঁক তুৰস্কলৈ পঠিওৱা হয় আৰু তাৰপৰাই তেওঁ বুৰ্ছাত তুৰ্কী সামৰিক চোৰাংচোৱাৰ কৰ্ণেল আলী চেটিনাৰৰ ঘৰত থাকে। ১৭ ১৯৬৫ চনৰ অক্টোবৰ মাহত এবছৰ নৌহওঁতেই তেওঁক ইৰাকৰ নাজাফলৈ যাবলৈ অনুমতি দিয়ে আৰু ১৯৭৮ চনলৈকে তাতেই থাকে আৰু তেতিয়াৰ উপ-ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনে তেওঁক বহিষ্কাৰ কৰে।১৮ এই সময়লৈকে শ্বাহৰ প্ৰতি অসন্তুষ্টি তীব্ৰতৰ হৈ পৰিছিল আৰু খোমেইনীয়ে ১৯৭৮ চনৰ ৬ অক্টোবৰত পৰ্যটন ভিছাত ফ্ৰান্সৰ পেৰিছৰ উপকণ্ঠ অঞ্চল নেউফ্লে-লে-চাট’লৈ গৈছিল।১৯২০

১৯৬০ চনৰ শেষৰফালে খোমেইনী "লাখ লাখ" শ্বিয়াসকলৰ বাবে "মাৰ্জা-ই তাকলিদ" বা অনুকৰণৰ আৰ্হি হৈ পৰিছিল; সেই সময়ত শ্বিয়া জগতত এনে প্ৰায় ছয়জন আদৰ্শ আছিল।২১ ১৯৪০ চনত খোমেইনীয়ে ১৯০৬ চনৰ পাৰ্চী সংবিধানৰ অধীনত সীমিত ৰাজতন্ত্ৰৰ ধাৰণাটো গ্ৰহণ কৰিছিল যদিও ইয়াৰ প্ৰমাণ তেওঁৰ "কাছফ আল-আছৰাৰ" গ্ৰন্থখনে – ১৯৭০ চনৰ ভিতৰত তেওঁ এই ধাৰণাটো সম্পূৰ্ণৰূপে নাকচ কৰিছিল। ১৯৭০ চনৰ আৰম্ভণিতে খোমেইনীয়ে নাজাফত "ইছলামিক চৰকাৰ" বিষয়ক ধাৰাবাহিক বক্তৃতা প্ৰদান কৰে, যিটো পিছলৈ কিতাপ হিচাপে প্ৰকাশ পায়; কিতাপখনৰ বিভিন্ন শিৰোনাম আছিল "ইছলামিক চৰকাৰ" বা "ইছলামিক চৰকাৰ: ন্যায়িকৰ শাসন" (হুকুমাত-ই ইছলামী: উইলাত-ই ফকিহ)। যদিও এই নীতি বিপ্লৱৰ পূৰ্বে সাধাৰণ জনতাৰ মাজত বহুলভাৱে জনপ্ৰিয় নাছিল,২২২৩ বিপ্লৱৰ পিছত ইয়াক ইৰাণৰ নতুন সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। ২৪২৫

ইৰাণৰ সৰ্বোচ্চ নেতা (১৯৭৯–১৯৮৯)

ইৰানলৈ প্ৰত্যাৱৰ্তন

১৯৭৯ চনৰ ১ ফেব্ৰুৱাৰীত এয়াৰ ফ্ৰান্সৰ এজন পাইলটৰ সৈতে খোমেইনী আহি উপস্থিত হয়। নিৰ্বাসনৰপৰা উভতি আহি কেনে অনুভৱ হৈছে বুলি সোধাত তেওঁ উত্তৰ দিলে, "হিচি" (একো নাই)।
১৯৭৯ চনৰ ১ ফেব্ৰুৱাৰীত এয়াৰ ফ্ৰান্সৰ এজন পাইলটৰ সৈতে খোমেইনী আহি উপস্থিত হয়। নিৰ্বাসনৰপৰা উভতি আহি কেনে অনুভৱ হৈছে বুলি সোধাত তেওঁ উত্তৰ দিলে, "হিচি" (একো নাই)।ছবি: Also uploaded by en:User:Sa.vakilian in en.wiki and by fa:User:Mrostam in fa.Wik · GFDL

১৯৭৯ চনৰ ১৬ জানুৱাৰীত শ্বাহে চিকিৎসাৰ বাবে দেশ এৰি থৈ যায় (কথিতভাৱে "ছুটীত"), আৰু কেতিয়াও ঘূৰি নাহিল। দুসপ্তাহৰ পাছত ১৯৭৯ চনৰ ১ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে খোমেইনীয়ে গ্ৰেণ্ড ষ্টাইলত ইৰাণলৈ উভতি আহে; তেওঁক পাঁচ নিযুত লোকৰ উল্লসিত জনতাই আদৰণি জনাইছিল।২৬ তেহৰাণলৈ উভতি অহাৰ সময়ত তেওঁৰ চাৰ্টাৰ্ড এয়াৰ ফ্ৰান্স বিমানখনত তেওঁৰ লগত ১২০ জন সাংবাদিক আছিল,২৭ তিনিগৰাকী মহিলাও আছিল।২৮ ইয়াৰে এজন সাংবাদিক পিটাৰ জেনিংছে সুধিলে: “আয়াতুল্লাহ, আপুনি অনুগ্ৰহ কৰি আমাক ক’বনে যে ইৰাণলৈ ঘূৰি আহি আপোনাৰ কেনে অনুভৱ হৈছে?” তেওঁ উত্তৰ দিছিল "একো নাই।" আন্তঃৰাষ্ট্ৰীয় প্ৰভাৱৰ বাবে ১৯৭৯ চনত টাইম আলোচনীৰ বছৰৰ পুৰুষ হিচাপে নিৰ্বাচিত হয়।

বিপ্লৱৰ নেতা

খোমেইনীয়ে শ্বাপৌৰ বখতিয়াৰৰ অস্থায়ী চৰকাৰক দৃঢ়ভাৱে বিৰোধিতা কৰিছিল আৰু নিজে চৰকাৰ গঠন কৰাৰ কথা ঘোষণা কৰিছিল। ১১ ফেব্ৰুৱাৰীত (বাহমান ২২), খোমেইনীয়ে নিজৰ প্ৰতিদ্বন্দ্বী অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে মেহদী বজাৰগান নিযুক্ত কৰে আৰু এইবুলি দাবী কৰে যে “যিহেতু মই তেওঁক নিযুক্ত কৰিছোঁ, সেয়ে তেওঁৰ কথা মানিবই লাগিব।” তেওঁ এই চৰকাৰক “ঈশ্বৰৰ চৰকাৰ” বুলি অভিহিত কৰিছিল আৰু কৈছিল যে তেওঁৰ বা বাজাৰগানৰ আদেশ অমান্য কৰা মানে “ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ”, আৰু “ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা নিন্দা (Blasphemy)”ৰ সমান।

খোমেইনীৰ আন্দোলনে গতি লাভ কৰাৰ লগে লগে বহু সৈনিক তেওঁৰ পক্ষলৈ আহিবলৈ আৰম্ভ কৰে।২৯ আত্মসমৰ্পণ নকৰা সৈনিকসকলৰ ওপৰত খোমেইনীয়ে অমঙ্গলৰ ঘোষণা কৰিছিল। ১১ ফেব্ৰুৱাৰীত বিদ্ৰোহ বিস্তাৰিত হোৱাৰ লগতে অস্ত্ৰাগাৰসমূহ বিদ্ৰোহীসকলৰ নিয়ন্ত্ৰণলৈ যায়। তাৰ পিছত সেনাবাহিনীয়ে নিৰপেক্ষতা ঘোষণা কৰে আৰু বাখতিয়াৰ চৰকাৰ পতন হয়।

১৯৭৯ চনৰ ৩০ আৰু ৩১ মাৰ্চত ৰাজতন্ত্ৰৰ সলনি এখন ইছলামিক গণৰাজ্য স্থাপনৰ বাবে এখন গণভোট অনুষ্ঠিত হয়। প্ৰশ্ন আছিল— “ইছলামিক চৰকাৰ প্ৰতিষ্ঠাৰ স্বাৰ্থত ৰাজতন্ত্ৰ বিলোপ কৰা উচিত নেকি?” এই গণভোটত ৯৮% ভোটাৰে ইছলামিক গণৰাজ্যৰ পক্ষত ভোট দিয়ে। ৩০ ফলত ইৰানত ইছলামিক ৰাষ্ট্ৰৰ শাসন আৰম্ভ হয়।

মৃত্যু

মৃত্যুৰ কেইবাবছৰ পূৰ্বে খোমেইনীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। জামাৰান চিকিৎসালয়ত এঘাৰ দিন কটোৱাৰ পিছত ১৯৮৯ চনৰ ৩ জুনত দহ দিনত পাঁচবাৰকৈ হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। তেওঁৰ কন্যায় নিশ্চিত কৰিছিল যে সেই সময়ত তেওঁ পেটৰ কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল।৩১৩২

খোমেইনীৰ মৃত্যুৰ দিনটো ইৰানত চৰকাৰী বন্ধৰ দিন। ৩৩৩৪৩৫ খোমেইনীৰ স্মৃতিত মানুহে তেওঁৰ মৃত্যুৰ দিনটোত ধৰ্মধ্বনি শুনিবলৈ আৰু প্ৰাৰ্থনা কৰিবলৈ বেহেষ্ট-ই-জাহৰাত স্থাপন কৰা তেওঁৰ সমাধিস্থললৈ যায়।

গ্ৰন্থতালিকা

ৰাজনীতিবিদৰ উপৰি খোমেইনী আছিল এজন লেখক আৰু বক্তা (তেওঁৰ ২০০খন কিতাপ অনলাইনত উপলব্ধ)।৩৬ তেওঁ কোৰানৰ ওপৰত, ইছলামিক ন্যায়বিজ্ঞান, ইছলামিক আইনৰ বিষয়ে আৰু ইছলামিক পৰম্পৰাৰ ওপৰত টীকা লিখিছিল। তেওঁ দৰ্শন, জ্ঞানবাদ, কবিতা, সাহিত্য, চৰকাৰ আৰু ৰাজনীতিৰ বিষয়েও গ্ৰন্থ প্ৰকাশ কৰে।৩৭ তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত আছে:

  • হোকুমাত-ই ইছলামী: ভেলায়াত-ই ফকিহ (ইছলামিক চৰকাৰ: আইনবিদৰ শাসন )
  • ফৰটি হাদিছ৩৮ (চল্লিছটা পৰম্পৰা )
  • আদাব এচ চালাত৩৯ (প্ৰাৰ্থনাৰ অনুশাসন )
  • জেহাদে আকবৰ ৪০ (দ্য গ্ৰেটেষ্ট ষ্ট্ৰাগল)
  • তাহৰিৰ আল-ৱাচিলাহ ('এক্সেজেছিছ অৱ দ্য মিন্স অৱ চেলভেচন বা কমেণ্টৰীজ অন দ্য লিবাৰেচন অৱ দ্য ইণ্টাৰচেচন)
  • কাছফ আল-আছৰাৰ

গ্ৰন্থপঞ্জী

বাহ্যিক সংযোগ

নিৰ্বাচিত গ্ৰন্থতালিকা

তথ্যসূত্ৰ

  1. ↑ Overton, Iain. (13 April 2019). How a 13-year-old boy became the first modern suicide bomber. gq-magazine.co.uk
  2. ↑ Fard, Erfan. (16 April 2021). Antisemitism Is Inseparable from Khomeinism. besacenter.org
  3. ↑ (17 February 2024). Iran and the "Great Satan". theweek.com
  4. ↑ (26 October 2024). Iranian Revolution · Summary, Causes, Effects, & Facts. britannica.com
  5. ↑ Abrahamian, Ervand. (1989). Radical Islam: The Iranian Mojahedin. I.B. Tauris. পৃ. 20. ISBN 1-85043-077-2
  6. ↑ Algar, Hamid. (2010). Imam Khomeini: Life, Thought and Legacy. Islamic Book Trust. পৃ. 19. ISBN 978-9675062254
  7. ↑ Sacred space and holy war: the politics, culture and history of Shi'ite Islam by Juan Ricardo Cole
  8. ↑ Art and culture: endeavours in interpretation by Ahsan Jan Qaisar, Som Prakash Verma, Mohammad Habib
  9. ↑ Encyclopædia Iranica, "Avadh", E. Yarshater
  10. ↑ Ruhollah Khomeini's brief biography by Hamid Algar
  11. ↑ From Khomein, A biography of the Ayatollah, 14 June 1999, The Iranian
  12. ↑ The Columbia world dictionary of Islamism by Olivier Roy, Antoine Sfeir
  13. ↑ Khomeini: life of the Ayatollah, Volume 1999 by Baqer Moin
  14. ↑ Moin 2000, পৃ. 18
  15. ↑ (21 February 2015). Imam Khomeini's Biography
  16. ↑ Moin, Baqer. (2009). Khomeini: Life of the Ayatollah. I.B. Tauris. ISBN 978-1-84511-790-0
  17. ↑ Sciolino, Elaine. (27 August 2000). The People's Shah. The New York Times
  18. ↑ Fisk, Robert. (2005). The great war for civilisation: the conquest of the Middle East. Vintage Books. পৃ. 162. ISBN 1-4000-7517-3
  19. ↑ According to Alexandre de Marenches, chief of External Documentation and Counter-Espionage Service (now known as the DGSE), the Shah did not ask France to expel Khomeini for fear that the cleric should move to Syria or Libya. (source: Christine Ockrent et Alexandre de Marenches, Dans le secret des princes, Stock, 1986,, p. 254)( Donate book to Archive.org)
  20. ↑ Some sources report that president Valéry Giscard d'Estaing sent Michel Poniatowski to Tehran to propose to the Shah the elimination of Khomeini. (source: Christine Ockrent et Alexandre de Marenches, Dans le secret des princes, Stock, 1986,, p. 156, Ms Ockrent to Mr de Marenches: "[...] for instance, the mission of Mr Poniatowski to Tehran to propose to the Shah to eliminate Khomeini, then a refugee in France".)( Donate book to Archive.org)
  21. ↑ Mottahedeh, Roy; The Mantle of the Prophet: Religion and Politics in Iran, One World, Oxford, 1985, 2000, p. 246
  22. ↑ Abrahamian, Iran, (1982), pp. 478–479
  23. ↑ Hamid Algar, "Development of the Concept of velayat-i faqih since the Islamic Revolution in Iran", paper presented at London Conference on vilayat al-faqih, in June 1988, quoted in "The Rule of the Religious Jurist in Iran" by Abdulaziz Sachedina, p. 133 in Iran at the Crossroads, edited by John Esposito and R. K. Ramazani
  24. ↑ NYU Law: A Guide to the Legal System of the Islamic Republic of Iran. nyulawglobal.org
  25. ↑ Moin, Khomeini, (2000), p. 218
  26. ↑ On This Day, 1 February 1979: Exiled Ayatollah Khomeini returns to Iran. BBC News
  27. ↑ My century BBC
  28. ↑ Jerome, Carole. (1 September 1980). Back to the Veil. New Internationalist
  29. ↑ Moin, Khomeini, (2000), pp. 205–206
  30. ↑ Encyclopædia Britannica
  31. ↑ www.latimes.com/archives/la-xpm-1989-06-12-mn-14
  32. ↑ www.washingtonpost.com/archive/politics/1989/06/
  33. ↑ Calendar center of Geophysics institute of Tehran University, 1395 Calendar (in Persian). calendar.ut.ac.ir
  34. ↑ (30 September 2018). Chase's Calendar of Events 2019: The Ultimate Go-to Guide for Special Days ... Bernan Press. পৃ. 307. ISBN 978-1-64143-263-4
  35. ↑ Trawicky, Bernard. (30 April 2009). Anniversaries and Holidays. American Library Association. পৃ. 95. ISBN 978-0-8389-1004-7
  36. ↑ (1 June 1998). World: Middle East Ayatollah Khomeini on the Web. BBC News
  37. ↑ The Works and Declarations of Imam Khomeini. imamreza.net
  38. ↑ (25 February 2016). Forty Hadith, An Exposition, Second Revised Edition. al-islam.org
  39. ↑ (12 October 2013). Adab as-Salat: The Disciplines of the Prayer Second Revised Edition. al-islam.org
  40. ↑ Journal Articles. al-islam.org

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদইৰানৰ ব্যক্তিবিপ্লৱীসাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুহোল্লাহ খোমেইনী” প্ৰবন্ধৰ সংশোধন ৬৩১৫৫৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।