অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কীৰ্তি মেনন

কীৰ্তি মেনন (Kirti Menon; জন্ম: ২ আগষ্ট, ১৯৫৯) হৈছে দক্ষিণ আফ্ৰিকা জোহান্সবাৰ্গৰ এগৰাকী লেখিকা, কৰ্মী আৰু শিক্ষাবিদ। তেওঁ জোহান্সবাৰ্গ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ নিৰ্দেশক আৰু দক্ষিণ আফ্ৰিকাৰ গান্ধী চেনটেনেৰি সমিতি (Gandhi Centenary Committee)-ৰ চেয়াৰমেন।

হালনাগাদ: ২১ জুন ২০২৬ ৪২০ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কীৰ্তি মেনন (Kirti Menon; জন্ম: ২ আগষ্ট, ১৯৫৯) হৈছে দক্ষিণ আফ্ৰিকা জোহান্সবাৰ্গৰ এগৰাকী লেখিকা, কৰ্মী আৰু শিক্ষাবিদ।১ তেওঁ জোহান্সবাৰ্গ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ নিৰ্দেশক আৰু দক্ষিণ আফ্ৰিকাৰ গান্ধী চেনটেনেৰি সমিতি (Gandhi Centenary Committee)-ৰ চেয়াৰমেন।২৩ দক্ষিণ আফ্ৰিকাৰ উচ্চ মাধ্যমিক শিক্ষাখণ্ডত কৰা শিক্ষা আইনৰ সংশোধনৰ বাবে মেনন জনাজাত।৪ তেওঁ মণিলাল গান্ধীৰ নাতিনীয়েক আৰু মোহনদাস কৰমচান্দ গান্ধীৰ আজো-নাতিনী।৫৬

জন্ম পৰিচয়

১৯৫৯ চনত দক্ষিণ আফ্ৰিকাৰ ডাৰবানত মেননৰ জন্ম হৈছিল। তেওঁৰ মাতৃ সীতা ধোপেলিয়া আৰু পিতৃৰ নাম শশীকান্ত ধোপেলিয়া। তেওঁৰ মাতৃ মোহনদাস কৰমচান্দ গান্ধীৰ নাতিনী আৰু মণিলাল গান্ধীৰ জ্যেষ্ঠ কন্যা আছিল। মেনন ডাৰবানত ডাঙৰ-দীঘল হৈছিল য'ত তেওঁ প্ৰাৰম্ভিক শিক্ষজীৱন অতিবাহিত হৈছিল।৭

শিক্ষা জীৱন

তেওঁ ডাৰবান-ৱেষ্টভিল বিশ্ববিদ্যালয় আৰু কেপ টাউন বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা সাং কৰে। তেওঁ সাহিত্যত আৰু প্ৰায়োগিক ভাষা-বিজ্ঞানত স্নাতক ডিগ্ৰী লাভৰ লগতে সাংবাদিকতাত ডিপ্লমা কৰে। লাইচেষ্টাৰৰ দ্য মণ্টফৰ্ট বিশ্ববিদ্যালয়ৰ পৰা তেওঁ এম বি এ ডিগ্ৰী গ্ৰহণ কৰে। ২০১৪ চনত জোহান্সবাৰ্গৰ উইটৱাটাৰচেণ্ড বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পি এইচ ডি ডিগ্ৰী সম্পূৰ্ণ কৰে।৮

গৱেষণা আৰু কৰ্মজীৱন

১৯৮০ চনৰ প্ৰথমাৰ্ধত ভিষ্টা মহাবিদ্যালয়,ইষ্ট ৰেণ্ড, আৰু ইউ ডি ডব্লিউত ইংৰাজী শিক্ষণৰ জৰিয়তে মেননে শৈক্ষিক কৰ্মজীৱন আৰম্ভ কৰে। ১৯৮৫ চনত তেওঁ ভাৰতলৈ আহে আৰু সাংবাদিক হিচাপে সাতবছৰ কটায় আৰু বহুতো প্ৰকাশনত লিখা-মেলাও কৰে। ১৯৯২ চনত তেওঁ দক্ষিণ আফ্ৰিকালৈ ঘূৰি যায় আৰু Soweto Education Crisis Committeeত যোগ দিয়ে। তাত তেওঁ শিক্ষাৰ্থীৰ সৈতে অভিভাৱকক বৰ্ণবৈষম্য নীতিৰ বিৰুদ্ধে এক কৰোৱাৰ কামত নিয়োজিত হয়।৮

তেওঁ ২০০৬ চনত দক্ষিণ আফ্ৰিকাৰ উচ্চ শিক্ষা সমিতিৰ উচ্চ শিক্ষা মানদণ্ড সমিতিত ৰাষ্ট্ৰীয় সমীক্ষাৰ নিৰ্দেশক হিচাপে নিৰ্ধাৰিত হৈছিল। মেননে ২০০৭ চনৰ পৰা ২০০৮ চনলৈ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বিত্তীয় সাহায্য আঁচনিৰ ডাইৰেক্টৰেট পদবীত আছিল আৰু বোৰ্ড সদস্য হিচাপে নিযুক্ত হৈছিল আৰু মিনিষ্টেৰিয়েল সমিতিত সেৱা আগবঢ়াইছিল। ২০১১ আৰু ২০১৩ চনৰ ভিতৰত মেননে উইটৱাটাৰচেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে অধিষ্ঠিত হয়।৯

2015 চনত, মেননে জোহান্সবাৰ্গ বিশ্ববিদ্যালয়ত শৈক্ষিক পৰিকল্পনা, গুণগত প্ৰসাৰ আৰু শৈক্ষিক কৰ্মচাৰী বিকাশৰ জ্যেষ্ঠ নিৰ্দেশক হিচাপে যোগদান কৰিছিল। তেওঁ জোহান্সবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ জ্ঞান আৰু পাঠক্ৰম সংস্কাৰৰ ডিকোলনাইজৰ দলৰো সদস্য।১০তেওঁ 2010 চনৰ পৰা 2011 চনলৈ তেওঁ বিশ্ববিদ্যালয়সমূহৰ, উচ্চ শিক্ষা আৰু প্ৰশিক্ষণ বিভাগত কাৰ্যকৰী উপ মহানিৰ্দেশক পদত আছিল। পূৰ্বতে,2008 চনৰ পৰা 2010 চনলৈকে তেওঁ ৰাষ্ট্ৰীয় শিক্ষা বিভাগৰ উচ্চ শিক্ষা পৰিকল্পনা আৰু বিকাশৰ মুখ্য নিৰ্দেশক হিচাপে নিযুক্ত হৈছিল।১১ মেননে দক্ষিণ আফ্ৰিকাৰ উচ্চ শিক্ষা প্ৰণালীক স্বাধীনতা দিয়াক লৈ কৰা গৱেষণা আৰু লিখা-মেলা কৰিছে। তেওঁৰ এই বিষয়ত দুখন পত্ৰ প্ৰকাশ পাইছে। তেওঁৰ কামবোৰে দেশৰ উচ্চ শিক্ষা প্ৰণালীৰ আইনত পৰিশোধন আনে।১২১৩

বৈবাহিক জীৱন

মেনন সুনীল মেননৰ সৈতে বিবাহ পাশত আবদ্ধ হয় আৰু বৰ্তমান তেওঁলোক দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত বাস কৰে।১৪তেওঁলোকৰ কন্যা সুনীতা মেননে দক্ষিণ আফ্ৰিকাৰ এখন দৈনিক কাকত বিজিনেছ ডেত সাংবাদিক হিচাপে কাম কৰে।১৫

প্ৰকাশিত ৰচনা

  • Value for money and quality in higher education (2006) with Theo Bhengu and Nhlanhla Cele১৬
  • Higher Education in the BRICS Countries (2015)১৭
  • Engaging Higher Education curricula: a critical citizenship perspective (2017)১৬

টোকা

তথ্যসূত্ৰ

  1. ↑ Kirti Menon and Gandhi's legacy – The Heritage Portal. theheritageportal.co.za
  2. ↑ Senior Directors. uj.ac.za
  3. ↑ Gandhian heritage site in South Africa vandalised. India Today
  4. ↑ আৰ্কাইভ কপি
  5. ↑ News, Ayman Sharaf, Special to Gulf. (7 May 2013). Mahatma Gandhi tribute in Tahrir Square, Egypt
  6. ↑ Keeping history alive at Tolstoy Farm
  7. ↑ A Rare Glimpse into Four Generations of Mahatma Gandhi Family – MERE PIX. merepix.com
  8. ↑ Kirti Menon and Gandhi's legacy – Lucille Davie – Educator, writer and Joburg specialist. Lucille Davie – Educator, writer and Joburg specialist
  9. ↑ Bhatnagar, Gaurav Vivek. (3 May 2012). India indebted to South Africa for shaping Gandhi: President. The Hindu
  10. ↑ Global Engineering Education – IEOM South Africa 2018. ieomsociety.org
  11. ↑ Maties residence uses new technology – Cape Argus
  12. ↑ (6 March 2013). South Africa: Why can't graduates find work? – The Foreign Report
  13. ↑ Kirti Menon, the great-granddaughter of Mahatma Gandhi, who has made a mark in the policy environment in higher education sector in South Africa and Ajit Balakrishnan, the founder and CEO of rediff.com, an internet company will also deliver their lectures on Ferbuary ( sic) 6 and 7, 2013. – Times of India
  14. ↑ Tripathi, Salil. (14 July 2016). Gandhi around the world
  15. ↑ The Mahatma gandhi family tree – – The Sunday Indian. thesundayindian.com
  16. ↑ Sabinet – Search Results. journals.co.za
  17. ↑ Menon, Kirti. (2015). Springer Link. Higher Education Dynamics. পৃ. 171–190. ISBN 978-94-017-9569-2

সম্পৰ্কিত শ্ৰেণী

দক্ষিণ আফ্ৰিকাৰ ব্যক্তিসাহিত্যিকশিক্ষাবিদমহাত্মা গান্ধী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কীৰ্তি মেনন” প্ৰবন্ধৰ সংশোধন ৬১৩৩৫৭ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।